খাতুনে কাৰবালাৰ শত্ৰুৰ প্ৰতি ভিতিপ্ৰদ বক্তব্য



'’কাৰবালা’ কেৱল এখন এঠাইৰ নামেই নহয় এটি ইতিহাস৷ এইখন ঠাইতে নবী বংশৰ প্ৰদীপ হুছেইন (ৰা) আৰু পৰিয়ালৰ অন্যান্য সদস্য সকল শত্ৰুৰ হাতত স্বহাদত বৰণ কৰে৷ ইয়াৰে কেই জনমান শিশুও আছিল, যিসকলে যুদ্ধ কি তাকো নাজানিছিল৷ ঘটনাটো ইমানেই হ্ৰদয় বিদাৰক আছিল যে আজি প্ৰায় চৈধ্যশ বছৰ হৈ যোৱাৰ পিছতো মূছলমানসকলৰ অন্তৰত এই আঘাত সজীৱ হৈ আছে৷ আজিও মুছলমান সকলে মহৰমৰ ১০ তাৰিখ এই দিনটোৰ স্মৃতি ৰোমন্থন কৰি উচুপি উঠে৷ 

৬১ হিজৰীত নবী কৰীম (চ) ৰ প্ৰিয় নাতি হজৰত হুচাইন (ৰা) সমন্বিতে নবী বংশৰ অন্যান্য সদস্য সকল কুফা অভিমুখ যাত্ৰা কৰিছিল৷ জয়নব বিনতে আলী (ৰা) ও তেওঁলোকৰ সৈতে গৈছিল৷ তেওঁৰ সন্মুখতে কাৰবালাৰ ৰক্তাক্ত ঘটনাটো সংগঠিত হৈছিল৷ তেঁৱেই পৰৱতী সময়ত কাৰবালাৰ বিৱৰণ জনসমাজত প্ৰচাৰ কৰিছিল৷ তেওঁকেই ‘খাতুনে কাৰবালা’ বা ‘কাৰবালাৰ মহিলা’ বুলি কোৱা হয়৷ 

যিয়েই নহওক তেওঁলোকৰ যাত্ৰা পথত ওবায়দুল্লাহৰ সেনা বাহিনীয়ে আহি তেওঁলোকৰ গতিৰোধ কৰাৰ চেষ্টা কৰে আৰু তেওঁলোকক নি কাৰবালা ময়দানত অবস্থান কৰাৰ বাবে বাধ্য কৰে৷ ইয়াতেই সংগঠিত হয় ‘শ্বহীদে কাৰবালা’ - সেই ইতিহাস বিখ্যাত ঘটনাটি৷ একে একে শ্বাহাদত বৰণ কৰে নবী বংশৰ শিশুকে ধৰি আবাল বৃদ্বকে লৈ ৭২জন জীৱন উৎসৰ্গকাৰী ব্যক্তিয়ে৷ চনটো আছিল ৬১ হিজৰীৰ মহৰমৰ মাহৰ ১০ তাৰিখ৷ প্ৰত্যক্ষদৰ্শী জয়নব (ৰা) ই লক্ষ্য কৰিছিল শ্বহীদসকলৰ তেজেৰে লুতুৰি-পুতুৰি দেহ আৰু ভাই হুচাইন (ৰা) ৰ তেজেৰ গুণগুণ (কুলিকুলি) কৰা দৃশ্য৷ তেওঁৰ অন্তৰে এইবোৰ সহ্য কৰাৰ সামৰ্থ নাছিল৷ তেওঁ দুখত ভাগি পৰিছিল বেয়া ধৰণে৷ তথাপি কিন্তু শত্ৰুৰ ওচৰত মূৰ নত কৰা নাছিল শত্ৰুৰ সৈতে বাকযুদ্ধত অবতীৰ্ণ হৈছিল স্বাভাৱিকভাবেই৷ পিতৃ প্ৰদত্ত অসাধাৰণ বাগ্মিতাৰ ওচৰত তৰোৱাল মলিন হৈ পৰিছিল যুদ্ধৰ অন্তত নবী বংশৰ অবশিষ্ট শিশু মহিলাকে ধৰি জয়নব বিনিত আলী (ৰা) ক ওবায়দূল্লাহৰ ৰাজসভাত উপস্থিত কৰাৰ বাবে লৈ যোৱা হয়৷ ৰাস্তাৰ দাৰে কাষে হাজাৰ হাজাৰ কুফাবাসীয়ে তেওঁলোকক চোৱাৰ বাবে উপস্থিত হৈছিল৷ কুফাবাসীয়ে নবী বংশৰ এই কৰুণ অবস্থা দেখি অশ্ৰু সংবৰণ কৰিব নোৱাৰিছিল৷ কিন্তু কবি ফাৰাজদাকে সত্য কথাই কৈছিল যে তেওঁলোকৰ অন্তৰ হুছেইন (ৰা) ৰ প্ৰতি কিন্তু তৰোৱাল বণী উমাইৰ সৈতে৷ তেওঁলোকৰ চকূপানী আহিছিল ঘৰিয়ালৰ চকুপানী টুকাৰ দৰেই৷ জয়নব (ৰা) ৰ কুফাবাসীৰ এই বিশ্বাসঘাতকতা আৰু ভণ্ডামি সহ্য নহ’ল৷ কুফাবাসী লোকসকলেই তেওঁলোকক কুফালৈ মাতি নি নিৰব দৰ্শক হিচাপে এইবোৰ ঘটনা প্ৰত্যক্ষ কৰিছিল৷ সেয়ে জয়নব (ৰা) ই তেওঁলোকক সম্বোধন কৰি ভাষণ দি ক’বলৈ ধৰিলে- 

হে লোকসকল! দৃষ্টি অবনত কৰা৷ এওঁলোক মোহাম্মদ (চ) ৰ লুণ্ঠিত সন্তান-সন্ততি৷  
হে কুফাবাসী ধোকাবাজ সকল! হে প্ৰতিশ্ৰুতি ভংগকাৰীসকল! আল্লাহে তোমালোকৰ চকুক চিৰদিনৰ বাবে কন্দদদম ৰাখক৷ তোমালোকৰ উদাহৰণ সেই সকল মহিলাৰ সৈতে দিব পৰা যায় যিসকলে নিজে সূতা বাচে আৰু ছিন্নভিন্ন কৰি পেলায়৷ তোমালোকে নিজেই মোৰ ভাই সৈতে বায়াতৰ সম্পৰ্ক স্থাপন কৰিছিলা আৰু তোমালোকেই সেয়া ছিন্ন ভিন্ন কৰিছা৷ তোমালোকৰ প্ৰকৃতিতে আছে মিথ্যা দগাবাজি, তোষামোদী আৰু বিশ্বাসঘাতকতা তোমালোকৰ স্বভাবজাত বিষয়৷ তোমালোকে খায়ৰুল বাছাৰ (চ) ৰ নাতিক হত্যা কৰিছা, তেখেতে জান্নাতৰ যুৱকসকলৰ চৰ্দাৰ৷ আল্লাহৰ গজব তোমালেকেৰ বাবে অপেক্ষা কৰি আছে৷ 
হে কুফাবাসী! তোমালোকে এটা ডাঙৰ পাপ কৰিছা যিয়ে তোমালোকৰ মুখমণ্ডল বিকৃত কৰিব পাৰে আৰু বিপদ নিক্ষেপ কৰিবপাৰে৷ মনত ৰাখিবা, তোমালোকৰ ৰব সত্যাদ্ৰোহীসকলৰ খোজত আছে৷ 

জয়নব (ৰা) ই এনেদৰে কুফাবাসীসকলক তিৰস্কাৰ কৰি তেওঁলোকৰ কৃতকৰ্ম সোঁৱৰাই দি থাকিল৷ তেওঁলোকৰ নবী বংশৰ প্ৰতি বিশ্বাসঘাতকতা, ধোকাবাজি আচৰণৰ কথা উল্লেখ কৰি ভাষণসমূহ দি থাকিছিল৷ ভাষণসমূহে তেওঁলোকৰ অন্তৰত শূল বিন্ধা দি বান্ধিছিল ... সৈতে বীৰত্বৰে মুখামুখি হোৱাৰ পাছত তেওঁলোকক কূফাধিপতি ওবায়দূল্লাহৰ ৰাজসভাত উপস্থিত কৰা হয়৷ জয়নব (ৰা) ই ইয়াতেও সাহসেৰে ওবায়দুল্লাহৰ সন্মুখীন হয়৷ ওবায়দূল্লাহৰ নবী বংশৰ প্ৰতি কটাক্ষৰ উত্তৰ দি ক’লে-

‘আল্লাহৰ চুকৰ! তেওঁ নিজৰ ৰচুলৰ মাধ্যমে আমাক সন্মানিত কৰিছে৷ ইনছাআল্লাহ ফাছিক (পাপচাৰী) অসন্মানিত হ’ব আৰু মিথ্যা প্ৰতিপন্ন হ’ব৷ আল্লাহ চুবহানাহুতালাই তেওঁক (হুছেইন) শ্বাহাদতৰ মৰ্যাদাত অভিষিত কৰিছে৷ অতিশীঘ্ৰই তেওঁ আৰু তুমি হাছৰৰ ময়দানত একত্ৰিত হ’বা৷ সেই সময়ত গম পাবা কাৰ হাছৰ কি হয়? আল্লাহৰ শপত! তুমি আমাক ঘৰৰ বাহিৰত উলিয়াই আনিছা৷ আমাৰ সন্তান সকলক হত্যা কৰিছা, আমাৰ ডালি কাটিছা, আমাৰ শিকলি উফৰাই পেলাইছা, ইমানখিনি কৰাৰ পাছত যদি তোমাৰ দেহ শাত পৰে তেনেহ’লে সেয়া হৈছে৷ ’

ওবায়দূল্লাহে ভালদৰে জানিছিল যে বীৰৰ সন্তান বীৰৰ দৰেই হৈ থাকে৷ জয়নব (ৰা) হায়দাৰে কাৰৰাহৰ, তেওঁক উত্তেজিত কৰাৰ উত্তৰ ওবায়দুল্লাহে হাতে হাতে পালে৷ কিবা কিবিকৈ আৰু অলপ উত্তেজিত কৰাৰ সাহস তেওঁৰ নহ’ল৷ ওবায়দুল্লাহে জয়নব (ৰা) আৰু নবী বংশৰ লোকসকলৰ সৈতে কাৰবালাৰ সৈতে কাৰবালাৰ শ্বহীদসকলৰ কটা মূৰসমূহ দামেস্কত ইয়াজিদৰ ৰাজসভাত পঠিয়াই দিলে৷ তেওঁৰ ভায়েকৰ কটা মূৰ ইয়াজিদৰ ৰাজসভাত দেখা পাই জয়নব (ৰা) ৰ মুখৰ পৰা এইষাৰ কথা ওলাই পৰে- ‘হে হুছেইন! হে মোহাম্মদ মোস্তাফাৰ দিলবন্ধ! ৰছুল (চ) ৰ পিঠিত আৰোহণকাৰী! ফাতিমাতোজ জোহৰাৰ কলিজাৰ টূকূৰা! জান্নাতৰ যুৱকসকলৰ চৰ্দাৰ৷ ’


জয়নব (ৰা) ৰ মুখত হুছেইন (ৰা) ৰ সম্পৰ্কে এনে মন্তব্য শুনি ইয়াজিদ খঙত অগ্নি শৰ্মা হৈ পৰে আৰু হুছেইন (ৰা) সম্পৰ্কে, তেওঁৰ, শ্বাহাদত সম্পৰ্কে বেয়া ধৰণে মন্তব্য কৰে৷ জয়নব (ৰা) ৰ ইয়াজিদৰ এই কটূক্তি সহ্য নহ’ল৷ তেওঁ ইয়াজিদ আৰু ৰাজসভাৰ সদস্যসকলক সম্বোধন কৰি এটি হৃদয়স্পৰ্শী ভাষণ দিয়ে৷ হামদ আৰু ছানা পাঠ কৰি তেওঁ ক’বলৈ ধৰে-

‘হে ইয়াজিদ! পৃথিৱীৰ ঘূৰ্ণন আৰু বিপদৰ পাহাৰ (মোৰ ওপৰত ) পতিত হোৱাৰ বাবেই মই আজি তোমাক সম্বোধন কৰিবলৈ বাধ্য হৈছোঁ৷ মনত ৰাখিবা, ৰব্বুল ইজ্জতে আমাক এনে অবস্থাত বেছি দিন নাৰাখে৷ আমাৰ উদ্দেশ্যক ব্যৰ্থ নকৰে তুমি আমাৰ ক্ষতি কৰা নাই, নিজৰে ক্ষতি কৰিছা৷ 

হেৰা! তুমি যদি সেই সময়ত কাৰবালাৰ দেখিলাহেঁতেন! তেতিয়াহ’লে নিজৰ সন্মান সম্পদ আৰু মৰ্যাদাৰ পৰা তেওঁলোকৰ কাষত থিয় দিয়াকেই পছন্দ কৰিলাহেঁতেন৷ আমি অতি শীঘ্ৰেই নানা (চ) ৰ ওচৰত উপস্থিত হৈ তোমাৰ হাতৰ দূঃখৰ কথা বৰ্ণনা কৰিব আৰু এই অভিযোগ সেই স্থানতো কৰিম য’ত আওলাদে ৰচুল (চ) আৰু তেওঁৰ সঙ্গীসকল একত্ৰিত হ’ব৷ তেওঁলোকৰ মুখমণ্ডলৰ তেজ আৰু শৰীৰৰ পৰা মাটি পৰিষ্কাৰ কৰা হ’ব, তাত অত্যাচাৰীসকলৰ পৰা প্ৰতিশোধ লেৱা হ’ব৷ হুছেইন (ৰা) আৰু তেওঁৰ সঙ্গীসকলৰ মৃৃৃত্যু হোৱা নাই৷ আল্লাহৰ ওচৰত জীৱিত আছে আৰু সেয়াই তেওঁলোকৰ বাবে যথেষ্ট৷ তেৱেঁই (আল্লাহ) প্ৰকৃত আদিল বা ন্যায় পৰায়ণ, নবী (চ) ৰ আওলাদ আৰু তেওঁৰ সঙ্গীসকলক হত্যাকৰীসকলৰ পৰা অৱশ্যেই প্ৰতিশোধ ল’ব৷ তেৱেঁই আমাৰ আশাৰ স্থল আৰু তেওঁৰ ওচৰতে আমি প্ৰাৰ্থনা কৰিছো৷ ’ইয়াজিদ জয়নব (ৰা) ৰ ভাষণৰ দ্বাৰা ভীত হৈ পৰে তেওঁ ভাবিলে যে লোকসকলে জয়নবৰ (ৰা) ভাষণ শুনি আকৌ নবী বংশৰ হৈ নপৰেতাে? যাৰ ফলত ইয়াজিদৰ নিষ্কণ্টক ৰাজত্ব ক্ষতিগ্ৰস্ত হ’ব পাৰে সেয়ে ইয়াজিদে তেওঁলোকক যিমান পাৰে সোমকালে মদীনাত পঠোৱাৰ ব্যবস্থা কৰিলে৷ তেওঁলোকক মদীনাত লৈ যোৱাৰ বাবে নুমান বিন বছিৰ (ৰা) ক তত্ত্ববধায়ক হিচাপে পঠিয়াই দিলে৷ যাত্ৰাৰ সময়ত জয়নবে (ৰা) উট প্ৰস্তুতকাৰীক ক’লে যে উটৰ মাওদাজাৰ ওপৰত ক’লা চাদৰ দি দিয়া৷ যাতে যিসকলে আমাৰ কাফিলা দেখিব তেওঁলোকে বুজিব পাৰে যে, এইটো ছায়াদাতুন নিছা (ৰা) ৰ ক্ষত-বিক্ষত অন্তৰৰ সন্তান৷ 

নুমান বিন বছিৰ (ৰা) ৰ সৈতে কাফিলা গৈ থাকোঁতে পথিমধ্যে মদীনাৰ পৰা অহা চাহাবী জাবিৰ বিন আব আনচাৰী (ৰা) আৰু বনী হাচীমৰ কেইজনমান ব্যক্ তেওঁলোকক আগবঢ়াই নিয়াৰ বাবে আহি উপস্থিত হৈছিল৷ তেওঁলোকে আগৰে পৰাই নবী বংশৰ সকলেো বিপদৰ কথা গম পাইছিল৷ মদীনাৰ কাফিলাক দেখি জয়নব (ৰা) ই কৈ উঠিল, - ‘হে বনী হাচিম! তোমালোকৰ চন্দ্ৰ ডুবি গৈছে৷ হে মোৰ নানাৰ চাহাবী! তোমালোকে যি শিশুক কেতিয়াবা ৰচুল (চ) ৰ পৱিত্ৰ পিঠিৰ ওপৰত আৰোহণ কৰাইছিলা তেওঁৰ পৱিত্ৰ দেহ ঘোঁৰাৰ খূৰ দি দলিত মথিত কৰা হৈছে৷ ’

যি হওক, তেওঁলোক নিৰাপদ মদীনাত উপস্থিত হ’ল৷ প্ৰথম উপস্থিত হৈয়েই তেওঁ নবী কৰীম (চ) ৰ ৰওজা মোবাৰকৰ ওচৰত গৈ সকলো ঘটনা বিবৰি ক’বলৈ ধৰ৷ উপস্থিত লোকসকলে ঘটনা শুনি কান্দিবলৈ ধৰ৷ তাৰ পাছত মাক ফাতিমাতোজ জোহৰাৰ (ৰা) ৰওজা মোবাৰকৰ ওচৰত গৈ একেদৰে ক’বলৈ ধৰে, ইয়াতো লোকসকলে কান্দি কান্দি ব্যাকূল হৈ পৰে আৰু আবেগত মূৰ্ছা যোৱৰ উপক্ৰম হ’ল৷ জয়নব (ৰা) তাৰ পাছত বংশৰ অন্যান্য লোকসকলৰ ওচৰত গৈ সম্পূৰ্ণ ঘটনা বিবৰি ক’লে আৰু বিপদত ধৈৰ্য ধাৰণ কৰিবলৈ উপদেশ দিলে৷ 

কাৰবালাৰ ঘটনা জয়নব (ৰা) ই পাহৰিব পৰা নাছিল৷ পৰৱৰ্তী জীৱনত জয়নব (ৰা) ই কাৰবালাৰ ঘটনা বৰ্ণনা কৰি ভাষণ দি থাকিছিল৷ তেওঁৰ ভাষণ শুনি লোকসকলৰ মাজত নবী বংশৰ বাবে জীৱন উৎৰ্গা কৰাৰ অনুপ্ৰেৰণা সৃষ্টি হৈছিল৷ এই খবৰ যেতিয়া ইয়াজিদে পালে তেতিয়া তেওঁ জয়নব (ৰা) ক বেলেগ চহৰত পঠিয়াই দিয়াৰ বাবে মদীনাৰ গৱৰ্ণৰক আদেশ দিয়ে৷ গৱৰ্ণৰে জয়নব (ৰা) ক বেলেগ চহৰলৈ যাবলৈ কোৱাত প্ৰথম যাব বিচৰা নাছিল যদিও শুভাকাংখীৰ বুজনিত তেওঁ যাবলৈ মান্তি হয়৷ জয়নব (ৰা) ৰ দুই কন্যা ছাকিনা আৰু ফাতিমাৰ সতৈ কেইজনমান আত্মীয়ক লগত লৈ মিছৰলৈ গৱৰ্ণৰ মাছলামাহ বিন মাখাল্লাদ আনছাৰী (ৰা) এ তেওঁলোকক সন্মান আৰু শ্ৰদ্বাৰে নিজৰ আবাসস্থলত ৰাখে৷ জয়নব (ৰা) এ জীয়াই থকা বাকী দিন কেইটা ইয়াতে অতিবাহিত কৰে কাৰবালাৰ ৰক্তাক্ত ঘটনাৰ স্মৰণ কৰি৷ 
Share:

No comments:

Post a Comment