মুছলমানসকল ইলম আহৰণৰ প্ৰতি অনাগ্ৰহী কিয় ?

   
‘ইলম’ৰ অৰ্থ হৈছে জ্ঞান। জ্ঞানে মানূহক অন্ধকাৰৰ পৰা আলোকৰ পিনে লৈ যায়, কূ- সংস্কাৰ , অন্ধবিশ্বাসৰ পৰা প্ৰগতিৰ পিনে লৈ যায়। অজ্ঞতাৰ পৰাই সমাজত কূ- সংস্কাৰ আৰু অন্ধবিশ্বাসৰ সৃষ্টি হয়। জ্ঞানৰ অবিহনে ইয়াক আঁতৰ কৰা সম্ভৱ নহয়। সেয়ে জ্ঞানবিহীন সমাজক আলোক বিহীন প্ৰদীপৰ দৰেই গণ্য কৰা হয়।

ইছলামে জ্ঞান আহৰণ কৰাটো ফৰ্জ (বাধ্যতামূলক) কৰিছে। কোৰআনত প্ৰথম যি শব্দ অৱতীৰ্ণ হৈছে সেয়া হৈছে ইকৰা- যাৰ অৰ্থ পঢ়া, অধ্যয়ণ কৰা, গৱেষণা কৰা আদি। কোৰআন যি ভূ-খণ্ডত অবতীৰ্ণ হৈছিল সেই ভূ-খণ্ডৰ লক্ষ্যাধিক জনগণৰ মাজত মুষ্টিমেয় কেইজনমান লোকেহে লিখা-পঢ়া জানিছিল। সেইখন সমাজতো মহানবী (ছ) এ কোৰআনৰ জ্ঞান পুংখ্যানুুপুংখকৈ জনাই দিছিল। তেওঁলোকৰ মনত জ্ঞান আহৰণৰ প্ৰতি হাবিয়াস সৃষ্টি কৰিছিল। ঐতিহাসিক বদৰ যুদ্ধত, যিসকল বন্দীয়ে লিখা-পঢ়া জানিছিল তেওঁলোকক এই চৰ্তত মুক্তি দিয়া হৈছিল যে তেওঁলোকে ১ জন মুছলমান শিশুক লিখা-পঢ়া শিক্ষা দিব। গতিকে ইয়াৰ পৰাই বুজিব পাৰি যে মহানবী (ছ) এ জ্ঞান আহৰণৰ প্ৰতি কিমান গুৰুত্বাৰোপ কৰিছিল। বৰ্তমান মূছলমানসকল ইছলামী জ্ঞান আহৰণৰ প্ৰতি উদাসীন হৈ আছে। কেৱল কেইটামান মাছআলা-মাছায়িল জানিবলৈহে আগ্রহী, ইছলামক পূৰ্ণাংগ জীৱন ব্যবস্থা হিচাপে ইছলামৰ প্ৰতিটো অধ্যায় জানিবলৈ বা অধ্যয়ন কৰিবলৈ আগ্ৰহী নহয়। ইছলামী জ্ঞান আহৰণৰ প্ৰতি অনাগ্ৰহী হোৱাৰ মূলতে হ’ল সমাজত প্ৰচলিত কিছূমান ভুল ধাৰণা বা অমূলক শংকা বা ভয়। সেই বাবেই যুগ যুগ ধৰি মুছলমান বুলি দাবী কৰি আহিলেও জনগণে ইছলামী শিক্ষাৰ পৰা বহু দূৰত অবস্থান কৰি আহিছে।
   
১. জনাৰ নাম ইছলাম নহয়, মনাৰ নাম হে ইছলাম

কথাষাৰ শুনাত আৰু দেখাত ভুল যেন নালাগে। অধিক সংখ্যক বক্তাই তেওঁলোকৰ বক্তব্যত কথাষাৰ উল্লেখ কৰে কিন্তু বাক্যশাৰীয়ে শ্ৰোতাৰ মনত নেতিবাচক প্ৰভাব পেলায়। ফলত শ্ৰুতাসকলে ‘মানিব নোৱাৰিম যেতিয়া জানি কি লাভ, জনাৰ কাম মোৰ নহয়, মনাৰ কামহে মোৰ’ আদি ধাৰণাৰ বশৱৰ্তী হৈ ইছলামী জ্ঞান আহৰণৰ পৰা বিৰত থাকে। গতিকে ইছলাম সম্পর্কে ভাষণ ৰখাৰ সময়ত সতৰ্কতা অবলম্বন কৰা উচিত। তেওঁলোকৰ উদ্দেশ হৈছে জ্ঞান জনাই দিয়া, জ্ঞান আহৰণৰ প্ৰতি আগ্ৰহ বৃদ্ধি কৰা, জনগণক জ্ঞান আহৰণৰ পৰা দূৰত ৰখা নহয়। ভাষণত এনে কোনো শব্দ বা বাক্য ব্যৱহাৰ কৰা উচিত নহয় যাৰ ফলত জনগণৰ মনত ইছলামী জ্ঞান সম্পর্কে বিৰূপ ধাৰণাৰ সৃস্টি হয়কৰ্মকহে। উল্লেখিত বাক্যশাৰী এনে দৰেও প্ৰকাশ কৰিব পাৰি – ‘জনা আৰু মনাৰ নাম ইছলাম’ তেতিয়া হয়তো মূছলমানসকলে ইছলামক জানিবলৈ আৰু মানি চলিবলৈ চেষ্টা কৰিব। 

২. জনাতকৈ বেছি বেছিকৈ আমল কৰাৰ তৌফিক দিয়ক

এই চিন্তাধাৰাও সমাজত বহুলভাবে প্ৰচাৰিত। এই বাক্যশাৰীও কিছূমান বক্তাই উল্লেখ কৰা দেখা যায়। আচলতে তেওঁলোকেও বিভ্ৰান্ত হৈয়েই ভাষণৰ শেষত বাক্যশাৰী উল্লেখ কৰে। তেওঁলোক বিভ্ৰান্ত হোৱাৰ মূল শব্দ হৈছে ‘আমল’। নামাজৰ পাছত দোৱা- দৰূদ, তছবীহ-তিলাৱত্ আদি কৰ্মকহে আমল বূলি ভাবে। এই কৰ্মসমূহৰ বাদে ইছলামৰ অন্যান্য বিধি-বিধানৰ যিমানেই পালন নকৰক কিয়, তেওঁলোকক বে-আমল বুলি ভাবে। লাগিলে তেওঁ বিজ্ঞ আলীমেই হওঁক আৰু তেনেলোকক তেওঁলোকৰ ধাৰণা অনূযায়ী যিবোৰ কৰ্ম ‘আমল’ সেইবোৰ কৰোৱাৰ উদ্দেশ্যে উল্লেখিত বাক্যশাৰী প্ৰয়োগ কৰা দেখা যায়। যাৰ ফলত জনগণ দোৱা-দৰূদ, তছবীহ-তিলাৱাত্, জিকিৰ, জাঁৰ-ফূঁক আদিৰ প্ৰতি আগ্ৰহী হৈ এইবোৰৰ সম্পর্কে জানিবলৈ আৰু এইবোৰেই আমল কৰিব বিচাৰে। তেওঁলোকে ইছলামক পূৰ্ণাঙ্গ জীৱন ব্যবস্থা হিচাপে জানিবলৈ আৰু মানি চলিবলৈ চেষ্টা নকৰে তাৰোপৰি উল্লেখিত বাক্যশাৰী দ্বাৰা মূছলমানসকলৰ মানস পটত এই ধাৰণাও সৃষ্টি হয় যে বেছি বেছিকৈ আমল কৰিবলৈ হ’লে ইছলামক বেছি বেছি জনাটো প্ৰয়োজনীয় নহয়| ফলত জনগণে ইছলামী শিক্ষাৰ পৰা বহুত দূৰত অৱস্থান কৰি আহিছে। গতিকে উল্লেখিত বাক্যশাৰীৰ পৰিবৰ্তে যদি এনেদৰে প্ৰচাৰ কৰা হয়, ‘আমাক বেছি বেছিকৈ জানিবলৈ আৰু বেছি বেছিকৈ আমল কৰিবলৈ আল্লাহে তৌফিক দিয়ক’। তেতিয়া মূছলমানসকলে বেছি বেছিকৈ জানিবলৈ আৰু সেই অনূপাতে আমল কৰিবলৈ চেষ্টা কৰিব। 

৩. জানিলে নহ’ব, আমল কৰিব লাগিব

বাক্যশাৰী সঠিক, কিন্তু মানূহে বুজাত ভুল কৰে। ভুল কৰাৰ কাৰণো সেই আগৰ দৰে আমল শব্দটোকলৈয়ে। যিসকলে এই বাক্যশাৰী উল্লেখ কৰে তেওঁলোকৰ কিছুমানে আলীমৰ প্ৰতি এই ধাৰাণা- ‘জানে বহুত, কিন্তু আমল নকৰে পোষণ কৰে। ‘জানিলে আমল কৰিব লাগিব’ এই দৰ্শন সকলো শিক্ষাৰে সৈতে জড়িত। এজন কলেজীয়া ছাত্ৰই যদি তেওঁৰ শিক্ষাৰ বিপৰীতে কোনো কাম কৰে তেতিয়া আমি কওঁ যে ছাত্ৰজনে শিক্ষা অনুযায়ী কৰ্ম নকৰিলে। আমি তাক গৰিহণা দিওঁ। সেই বুলি কোনো ছাত্ৰই শিক্ষা গ্রহণ নকৰাকৈ থকা নাই। আনহাতে কোনো এজন আলীমে নামাজ, ৰোজা আদি কৰা সত্বেও নিৰ্দিষ্ট কেইটামান নফল ইবাদত নকৰাৰ বাবে ‘জানে বহুত কিন্তু আমল নকৰে ধাৰণাৰ বশৱৰ্তী হৈ বাক্যশাৰী প্ৰচাৰ কৰা হয়। ইয়াৰ ফলত জনগণে নামাজ পঢ়ে ঠিকেই কিন্তু ইছলাম সম্পর্কে জানিবলৈ চেষ্টা নকৰে। কিয়নো তেওঁলোকৰ ধাৰণাত আমল কৰাটো কঠিন। কিন্তু জ্ঞান আহৰণ কৰাটোৱেই এটি আমল। সেই বাবে ৰছুল (চ)
এ জ্ঞান আহৰণ কৰিবলৈ উৎসাহিত কৰি আহিছে, যদিও সেই অনূসৰি আমল (কৰ্ম) কৰা হওঁক বা নহওঁক। ৰছুল (চ) এ কৈছে, ‘হে আবু যৰ (এজন বিখ্যাত চাহাবী) তূমি যদি কোনো ঠাইত গৈ কোৰআনৰ এটি আয়াত শিক্ষা কৰা তেন্তে এক ৰাকাত (নফল নামাজ) অপেক্ষা এয়া তোমাৰ বাবে বেছি ভাল আৰু তূমি যদি কোনো ঠাইত গৈ দ্বীনী ইলমৰ এটি অধ্যায় শিক্ষা কৰা, তেন্তে সেয়া তোমাৰ বাবে এক হাজাৰ ৰাকাত অপেক্ষ অধিক উত্তম।’ (ইবনে মাজা) এই হাদিছ উল্লেখ কৰি মাওলানা আশৰাফ আলী থানবী (ৰ) এ হায়াতুল মুছলিমীনত লিখিছে , এই হদীছৰ দ্বাৰা ইলমে দ্বীন শিক্ষা কৰাৰ যে কিমান ডাঙৰ ফজিলত সেয়া প্ৰমাণিত হয়। এই হদীছৰ দ্বাৰা এয়াও প্ৰামাণিত হয়, যে কোনো কোনো ব্যক্তিয়ে কৈ থাকে- যেতিয়া আমলেই নহ’ব, তেতিয়া জিজ্ঞাসা কৰি কি লাভ ? এনে দৰে কোৱা সম্পূৰ্ণ ভুল। কিয়নো এই হদীছত ষ্পষ্টভাৱে কোৱা হৈছে যে আমল হওঁক বা নহওঁক উভয় অবস্থাত এই ফজিলত লাভ কৰিব পৰা যায়। কিয়নো প্ৰথমতে যেতিয়া দ্বীনৰ কথা জানিব পাৰিলে, তেতিয়া পথভ্ৰষ্টতা আৰু মূৰ্খতাৰ পৰা বাছি গ’ল। এয়াও কিন্তু কম সম্পদ নহয়। দ্বিতীয়তে, যেতিয়া দ্বীনৰ কথা জানিব পাৰিলে আশা কৰা যায় যে, কেতিয়াবা নহয় কেতিয়াবা আমলৰ তৌফিক হ’ব পাৰে আৰু হৈও থাকে। তৃতীয়তে, দ্বীনৰ কথা জানি লৈ আনক জনোৱা বা শিক্ষা দিয়া আৱশ্যক, তাতে পূণ্যও পোৱা যায়। গতিকে উল্লেখিত বাক্যশাৰী প্ৰচাৰ কৰাতকৈ এই হদীছটো প্ৰচাৰ কৰিলে মুছলমানসকলে ইছলামী শিক্ষা গ্রহণ কৰিবলৈ আগ্ৰহী হৈ পৰিব। 

৪ জানিলে প্ৰচাৰ কৰিব লাগিব

মূছলমানসকলৰ মনত এই ভয়টোৱে বাহ লোৱা বাবে বহুত ইছলামী সাহিত্য তথা কোৰআন আৰু হদীছৰ অধ্যয়ন কৰিব নিবিচাৰে কিয়নো জানিলে প্ৰচাৰ কৰ লাগিব, গতিকে নজনাই ভাল। অৱশ্যেই জানিলে প্ৰচাৰ কৰিব লাগিব। সেই বুলি প্ৰচাৰৰ ভয়ত নজনাকৈ থকাটো কিমানদূৰ যুক্তিসংগত ? তাৰোপৰি ইছলামে জ্ঞান আহৰণ কৰা ফৰজ কৰিছে। প্ৰতিজন মূছলমানে নিজৰ সাধ্য অনুযায়ী জ্ঞান আহৰণ কৰিব লাগিব আৰু সেয়া প্ৰচাৰ কৰিব লাগিব। জ্ঞান আহৰণ কৰা ফৰজ বূলি বুজাব পাৰিলে মুছলমানসকলে জ্ঞান অৰ্জন কৰিবলৈ আগবাঢ়ি আহিব বুলি আশা কৰিব পাৰি।

৫. অধ্যয়ণ কৰিলে কি হ’ব, মনত নাথাকে

অধিক সংখ্যক মূছলমানৰ অভিযোগ যে তেওঁলোকে ইছলামী শিক্ষা আহৰণ নকৰাৰ কাৰণ হ’ল যিখিনি তেওঁলোকে অধ্যয়ণ কৰে সেয়া মনত নাথাকে। কিন্তু এয়া সকলোৰে সমস্যা। সেই বূলি ইছলামী জ্ঞান অৰ্জনৰ পৰা বিৰত থকাৰ যুক্তিযুক্ততা ক’ত ? জ্ঞান আহৰণৰ পৰা অৱকাশ বিচৰাতকৈ তেওঁলোকে মনত ৰাখিব নোৱাৰাৰ সমস্যাটোৰহে সমাধান বিচৰা উচিত। এবাৰ এজন ব্যক্তিয়ে ইমাম বুখাৰীক (ৰ) সুধিছিল যে অধ্যয়ণৰ পাছত মনত ৰখাৰ উপায় কি ? তেওঁ কৈছিল-বাৰে বাৰে পঢ়ি থকাই ইয়াৰ সমাধান। তাৰোপৰি চাহাবী সকলে ইছলামী শিক্ষা (ইলমে দ্বীন) স্মৰণ ৰখাৰ বাবে অপ্ৰয়োজনীয় কথা-বতৰাৰ পৰা বিৰত থাকিছিল। এনেকি অপ্ৰয়োজনয় কতা-বতৰা কোনোবাই শুনোৱাৰ চেষ্টা কৰিলে কাণত আঙুল সুমূৱাই দি শুনাৰ পৰা বিৰত থাকিছিল। গতিকে মনত ৰখাৰ বাবে চেষ্টা কৰি অধ্যয়ন কৰি যোৱাই হৈছে মূছলিমৰ প্ৰধান কৰ্তব্য। 

মুছলিমসকল ইছলামী জ্ঞান আহৰণৰ পৰা আঁতৰি থকাৰ উল্লেখিত কাৰণ সমূহেই প্ৰধানকৈ হেঙাৰ হিচাপে দেখা দিছে যদিও আৰু বহুত কাৰণ আছে। যেনে- বেছি জানিলে বেছি আমল কৰিব লাগিব, জনাৰ শেষ নাই আদি ধাৰণাৰ ফলতো জনগণ ইছলামী জ্ঞান আহৰণৰ পৰা বিৰত আছে। গতিকে দ্বীন ইছলামৰ প্ৰচাৰকসকলে ইছলাম সম্পর্কে বক্তব্য ৰখাৰ সময়ত লক্ষ্য ৰখা উচিত যে তেওঁলোকৰ কোনো শব্দ বা বাক্যৰদ্বাৰা যাতে জনগণৰ মনত ভূল ধাৰণাৰ সৃষ্টি নহয়। ইছলামক এনেদৰে উপস্থাপন কৰা উচিত যাতে মুছলমানসকল ইছলামী জ্ঞান আহৰণৰ বাবে মানসিক ভাবে প্ৰস্তুত হ’ব পাৰে। তেওঁলোকৰ মাজত জ্ঞান আহৰণৰ বাবে হাবিয়াস সৃষ্টি হয়। এনে নহয় যেন প্ৰচাৰকৰ কোনো শব্দ বা বাক্যৰ দ্বাৰা মূছলমানসকলক ইছলামী শিক্ষা আৰু জ্ঞান আহৰণৰ পৰা আঁতৰি যাবলৈ পথ বিচাৰি থাকে।
Share:

No comments:

Post a Comment