হজৰত ওমৰ (ৰা) ৰ নীল নদীৰ প্ৰতি চিঠি


ওমৰ (ৰা) ৰ খিলাফত যুগৰ ঘটনা। আমৰ বিন আছ (ৰা) যেতিয়া মিশৰ বিজয় কৰিলে তেতিয়া তেওঁক মিশৰৰ গভৰ্ণৰ কৰা হ’ল। সময় আছিল জুন মাহ। মাহৰ আৰম্ভণিতে মিশৰৰ প্ৰাচীন কিবতি অধিবাসীসকলৰ এটা প্ৰতিনিধি দল হজৰত আমৰ (ৰা) ৰ সৈতে সাক্ষাৎ কৰি ক’লে, 'মহামান্য আমীৰ! আমাৰ নীল নদীৰ এটি নিয়ম আছে। সেয়া পালন কৰা নহলে পানী প্ৰবাহিত হোৱা বন্ধ হৈ যায়।' হজৰত আমৰ (ৰা) সুধিলে,  'সেয়া কি নিয়ম?' তেওঁলোকে ক’লে, 'সেয়া হ’ল জুন মাহৰ দ্বাদশ ৰাতি পাৰ হ’লে আমি এজনী যুবতীৰ মাক-দেউতাক সৈমান কৰাই তাইক সুন্দৰ কাপোৰ আৰু গহনা পৰিধান কৰাই সুসজ্জিত কৰি নদীত ৰাখি দিওঁ। তাৰ পিছত নদীৰ প্ৰবাহ বাঢ়ি যায়।'

হজৰত আমৰ (ৰা) ক’লে, 'এয়া ইছলামী নিয়ম নহয়। ইছলামে অতীতৰ সকলো কু-সংস্কাৰ বাতিল কৰি দিছে।' এই কথা শুনি প্ৰতিনিধি দল গুচি গ’ল। তাৰ পিছত জুন, জুলাই, আগষ্ট এই তিনি মাহ পাৰ হৈ গ’ল। নীল নদী শুকাই গ’ল। মানুহবোৰে এই অঞ্চল ত্যাগ কৰি যোৱাৰ বাবে দৃঢ়প্ৰতিজ্ঞ হ'ল। এই পৰিস্থিতি দেখা পাই হজৰত আমৰ (ৰা) এ ইয়াৰ সমাধান বিচাৰি হজৰত ওমৰ (ৰা) ক চিঠি লিখিলে। চিঠিৰ উত্তৰত হজৰত ওমৰ (ৰা) এ লিখিলে, 'তুমি ঠিকেই কৰিছা। বাস্তৱিকতেই ইছলামে অতীতৰ সকলো কুসংস্কাৰ বিলুপ্ত কৰি দিছে। মই তোমাৰ ওচৰত এটি চিঠি পঠাই আছো, সেয়া তুমি নীল নদীত পেলাই দিবা। হজৰত আমৰ (ৰা) চিঠিখন খুলি দেখিলে তাত লিখা আছিল-

 من عبد الله عمر أمير المؤمنين إلى نيل أهل مصر، أما بعد، فإن كنت إنما تجري من قبلك ومن أمرك فلا تجر فلا حاجة لنا فيك، وإن كنت إنما تجري بأمر الله الواحد القهار، وهو الذي يجريك فنسأل الله تعالى أن يجريك 

'আল্লাহৰ বান্দা, মুমিন সকলৰ আমীৰ ওমৰৰ তৰফৰ পৰা নীল নদীৰ প্ৰতি, হে নীল নদী! তুমি যদি নিজ ক্ষমতাৰ বলত আৰু নিজ ফালৰ পৰা প্ৰবাহিত হোৱা, তেন্তে তুমি আজিৰ পৰা প্ৰবাহিত হোৱাৰ প্ৰয়োজন নাই। আমাৰ ওচৰত তোমাৰ কোনো প্ৰয়োজন নাই আৰু যদি মহাপৰাক্ৰমশালী আল্লাহে তোমাক প্ৰবাহিত কৰিছে তেন্তে আমি আল্লাহৰ ওচৰতে প্ৰাৰ্থনা কৰিছো তেওঁ যেন তোমাক প্ৰবাহিত কৰে।'

হজৰত আমৰ (ৰা) এই চিঠিখন খ্ৰীষ্টান সকলৰ বৰদিনৰ আগদিনা নদীত দি দিলে। মিশৰৰ অধিবাসী সকলে সেই অঞ্চল এৰি দিয়াৰ বাবে প্ৰস্তুতি সম্পূৰ্ণ কৰি পেলাইছিল। কিয়নো সিহঁতৰ জীৱন ধাৰণ নীল নদীৰ ওপৰতে নিৰ্ভৰশীল। কিন্তু বৰদিনৰ ৰাতিপুৱা তেওঁলোকে দেখিলে নীল নদীত অথৈ পানীৰ স্ৰোত প্ৰবাহিত হৈছে। এক ৰাতিতেই নদীৰ পানী ষোল হাত উপৰলৈ উঠি গ’ল। (আল বিদায়া ওৱান নিহায়া, ইবনে কাছিৰ, খ. ৭, পৃ. ১১৪-১৫; আন নজুমু যযাহেৰা, ইবনে তগৰীৰ, পৃ. ৩৫-৩৬) 

Share:

No comments:

Post a Comment