হজৰত ওমৰ ইবনে আব্দুল আজিজ (ৰ) তকদীৰ সম্পৰ্কে লিখা এটি পত্ৰ
ইছলামৰ ইতিহাসত পঞ্চম খলিফা হিচাপে খ্যাত হজৰত ওমৰ ইবনে আব্দুল আজিজ৷ এইজন খলিফাই সৰ্বপ্ৰথম চৰকাৰী বাবে হাদীছ সংৰক্ষণৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ ৰাষ্ট্ৰীয় ফৰ্মান জাৰী কৰে৷ ইতিহাসত তেখেতৰ বহু কেইটা পত্ৰ, চৰকাৰী ফৰ্মান আৰু ভাষণ চৰ্চিত হৈছে, সেইবোৰ শিক্ষনীয় আৰু অধ্যয়ন কৰিবলগীয়া৷ হজৰত ওমৰ ইবনে আব্দুল আজিজক (ৰ) তেনে এটি পত্ৰ এজন ব্যক্তিৰ তাকদীৰ সম্পৰ্কে জানিবলৈ লিখা এটি পত্ৰৰ উত্তৰত লিখিছিল৷ সেই পত্ৰৰ বিষয় বস্তুৰ গুৰুত্বৰ প্ৰতি লক্ষ্য কৰি ইয়াত উল্লেখ কৰা হ’ল৷ চিঠিৰ উত্তৰত তেখেতে লিখিছে, (আল্লাহৰ প্ৰতি প্ৰশংসা আৰু নবী ছাল্লাল্লাহু আলাইহি ওয়া ছাল্লামৰ প্ৰতি দৰুদৰ পিছত)
মই তোমাক উপদেশ দিছো যে, আল্লাহক ভয় কৰা, ভাৰসাম্যপূৰ্ণভাৱে তেওঁৰ আদেশ পালন কৰা, নবী (ছ) ৰ আদৰ্শ আৰু ছুন্নতৰ অনুসৰণ কৰা, তেওঁৰ আদৰ্শ প্ৰতিষ্ঠা লাভৰ আৰু সংৰক্ষিত হোৱাৰ পিছত বিদয়াতী সকলৰ আচাৰ অনষ্ঠান ত্যাগ কৰা৷ ছুন্নতক আকোঁৱালি লোৱা তোমাৰ কৰ্তব্য৷ কিয়নো এই ছুন্নত তোমালোকৰ বাবে আল্লাহৰ অনুমতিক্ৰমে ৰক্ষা কৱজ৷ তাৰপিছত জানি ৰখা! মানুহে এনে কোনো বিদয়াত আৱিষ্কাৰ কৰা নাই যাৰ বিৰুদ্ধে আগতে কোনো দলীল প্ৰমাণ প্ৰতিষ্ঠিত হোৱা নাই বা তাৰ বিৰুদ্ধে এনে কোনো শিক্ষা নাই যি তাৰ ভ্ৰান্তি প্ৰমাণ কৰে৷ কিয়নো ছুন্নতক এনে এজন ব্যক্তি প্ৰতিষ্ঠা কৰিছে, যিজনে ছুন্নতৰ বিপৰীত সম্বন্ধে অৱগত৷ গতিকে তুমি নিজৰ বাবে সেই পথ বাছি লোৱা যি অৱলম্বন কৰিছে তোমাৰ পূৰ্ববৰ্তী মহাপুৰুষসকল তেওঁলোকৰ নিজৰ বাবে৷ কাৰণ তেওঁলোকে যি জানিব পাৰিছিল তাৰ পূৰ্ণ জ্ঞান অৰ্জন কৰিছিল আৰু তীক্ষ্ণ দূৰদৰ্শিতাৰ সৈতে বিৰত থাকিছিল৷ তেওঁলোক দীন সম্পৰ্কে পাৰদৰ্শী আছিল আৰু যি কৰিবলৈ তেওঁলোকে নিষেধ কৰিছিল সেয়া জানি-শুনিই নিষেধ কৰিছিল৷ তেওঁলোকে দীনৰ অৰ্থ উপলদ্ধিৰ ক্ষেত্ৰত আমাতকৈ বহুত জ্ঞানী আছিল৷ তোমালোকৰ মতাদৰ্শ যদি সঠিক পথত হয় তেনেহলে তোমালোকে তেওঁলোকক অতিক্ৰম কৰি গলা৷ যদি তোমালোকে কোৱা যে, তেওঁলোকে দীনৰ মাজত নতুন কথা উদ্ভাবন কৰিছিল তেনেহলে কব লাগিব, পূৰ্ববৰ্তী লোকসকলেই উত্তম আছিল আৰু তেওঁলোক এওঁলোকৰ তুলনাত অগ্ৰগামী আছিল৷ যিখিনি বৰ্ণনা কৰিবলগীয়া সেয়া তেওঁলোকে বৰ্ণনা কৰিছে আৰু যিখিনি কোৱা প্ৰয়োজনীয় সেয়া তেওঁলোকে কৈছে৷ ইয়াতকৈ বেছি কবলগীয়া নাই আৰু ইয়াতকৈ কম কব লগীয়া নাই৷ এটা গোত্ৰই তেওঁলোকক উপেক্ষা কৰি কিছু কম কৰিছে, তেওঁলোক সঠিক পথৰ পৰা আঁতৰি গৈছে আৰু যিসকলে বৃদ্ধি কৰিছে তেওঁলোকে সীমালঙ্ঘন কৰিছে৷ পূৰ্ববৰ্তী মহাপুৰুষসকল আছিল ইয়াৰ মধ্যবৰ্তী সঠিক পথৰ অনুসাৰী৷
চিঠিত তুমি তাকদীৰৰ বিশ্বাস সম্পৰ্কে জানিব বিচাৰি লিখিছা৷ আল্লাহৰ অনুগ্ৰহত তুমি এনে এজন ব্যক্তিৰ ওচৰত এই বিষয়ে জানিব বিচাৰিছা যিজন এই বিষয়ত অভিজ্ঞ৷ মোৰ জনা মতে, তাকদীৰ বিশ্বাসৰ ওপৰত বিদ‘আতীসকলৰ নবতৰ মতবাদ প্ৰভাব বিস্তাৰ কৰিব পৰা নাই৷ এইটো কোনো নতুন বিষয় নয়; জাহিলিয়াতেৰ সময়তো এই বিষয়ে আলোচনা হৈছে৷ অজ্ঞ লোকসকলে তেতিয়াও তেওঁলোকৰ আলোচনা আৰু কবিতাত এই বিষয়টো উল্লেখ কৰিছিল তথা তেওঁলোকৰ ব্যৰ্থতাৰ বাবে তাকদীৰক দায়ী কৰিছিল৷ ইছলাম আহি এই ধাৰণাক বদ্ধমূলহে কৰিছে আৰু এই বিষয়ে ৰাছুলুল্লাহ ছাল্লাল্লাহু আলাইহি ওয়াসাল্লাম বহুত হাদীছ উল্লেখ কৰিছে৷ মুসলিমসকলে তেওৰ ওচৰৰ পৰা পোনপটীয়াকৈ শুনিছে আৰু তেওঁৰ জীৱনকালত আৰু মৃত্যুৰ পিছত পৰস্পৰ মাজত আলোচনা কৰিছে৷
তেওঁলোকে অন্তৰেৰে বিশ্বাস ৰাখি, তেওঁলোক ৰব’ৰ অনুগত হৈ, নিজক অক্ষম বুলি ভাৱি এই বিশ্বাস স্থাপন কৰিছিল যে, এনে কোনো বস্তু নাই যি আল্লাহৰ জ্ঞান, কিতাপ আৰু তকদীৰ বহিৰ্ভূত৷ ইয়াৰোপৰি সেয়া আল্লাহৰ অকাট্য কিতাপত লিপিবদ্ধ আছে৷ যদি তোমালোকে কোৱা, কিয় আল্লাহে এই আয়াত নাজিল কৰিছে আৰু কিয় এই কথা কৈছে, তেন্তে জানি ৰখা! তেওঁলোকে কিতাপৰ সেইবোৰ বিষয় পঢ়িছে যি তোমালোকে পঢ়িছা; তদুপৰি তেওঁলোকৰ সেইবোৰ ব্যাখ্যা বিশ্লেষণ সম্পৰ্কে জনা আছিল যি তোমালোকে নাজানা৷ তদুপৰি তেওঁলোকে কৈছে, সকলোবোৰ আল্লাহৰ কিতাপ আৰু তকদীৰ অনুযায়ী সংঘটিত হৈ থাকে৷ আল্লাহে যি নিৰ্ধাৰণ কৰিছে সেয়া অবশ্যই ঘটিব, আল্লাহে যি বিচাৰে সেয়াই হয় আৰু যি নিবিচাৰে সেয়া নহয়৷ আমি লাভ বা ক্ষতি একোৱেই আমাৰ নিজৰ বাবে কৰিবলৈ সক্ষম নহয়৷ তাৰপিছত তেওঁলোকে ভাল কামৰ প্ৰতি উৎসাহিত আৰু বেয়া কামৰ বিষয়ে সাৱধান হৈছিল৷
[ছুনান আবু দাউদ, অধ্যায়/৪০ঃ কিতাবুছ ছুন্নাহ, অনুচ্ছেদ/৬ঃ যি ব্যক্তিয়ে ছুন্নত অনুসৰণৰ বাবে আহ্বান কৰে, হাদীছ-৪৬১২]
No comments:
Post a Comment