৯৯ জন ব্যক্তিৰ হত্যাকাৰীৰ তাওৱাৰ বোধোদয়


বহুত দিন আগৰ কথা৷ এজন ব্যক্তিয়ে বহু মানুহক হত্যা কৰিছিল৷ এনেকি হত্যাৰ সংখ্যা গৈ গৈ ৯৯ জন হৈ গৈছিল৷ তেতিয়া মানুহ জনৰ বোধোদয় হল৷ সি ভাৱিলে৷ মই দেখোন মানুহ হত্যা কৰি কৰি বহুত ডাঙৰ অপৰাধ কৰিছোঁ৷ তদুপৰি হত্যা এটি দুটি নহয় ৯৯ জন৷ গতিকে সৃষ্টি কৰ্তাই মোক কেতিয়াও ক্ষমা নকৰে৷ তথাপি তেওঁ ভাৱিলে যদি তওৱাৰ কোনো পদ্ধতি থাকেই সেই বাবে এজন আলিমৰ সন্ধান কৰিব ধৰিলে৷ মানুহবোৰে তাক এজন খ্ৰীষ্টান দৰবেশ অৰ্থাৎ আবিদৰ সন্ধান দিলে। তেতিয়া সি আবিদৰ ওচৰত গৈ সকলো কথা বিৱৰি ক’লে৷ আবিদে সকলো কথা শুনাৰ পিছত ক’লে, তোমাৰ অপৰাধ গুৰুতৰ৷ আল্লাহ তাআলাই হত্যাৰ অপৰাধ কেতিয়াও ক্ষমা নকৰে৷ তোমাৰ অপৰাধ ক্ষমা যোগ্য নহয়৷ আবিদৰ মুখৰ পৰা এই কথাখিনি শুনাৰ লগে লগে হত্যাকাৰীয়ে খঙতে আবিদ জনকো হত্যা কৰে৷ এনেদৰে হত্যাকাৰীৰ হত্যাৰ সংখ্যা ১০০ পূৰ্ণ হৈ যায়৷

ইয়াৰ পিছত আকৌ সি অস্থিৰ হৈ পৰে যে মোৰ তাওবা কেনেকৈ কবুল হব৷ তেতিয়া হত্যাকাৰী জনে এজন আলিমৰ ওচৰত গ’ল আৰু সকলো কথা বিৱৰি ক’লে৷ লগতে সেই আবিদৰ ঘটনাও ক’লে৷ আলিম জনে কথাখিনি শুনাৰ পিছত ক’লে, আল্লাহ তাআলা তোমাৰ অপৰাধ ক্ষমা কৰি দিব পাৰে৷ কিয়নো আল্লাহ তাআলা বহুত দয়ালু ৰহমানিৰ ৰাহিম৷ যদি শুদ্ধ মনেৰে তাওবা কৰা হয়, তেন্তে আল্লাহে অৱশ্যে ক্ষমা কৰি দিব৷ হত্যাকাৰী জনে ক’লে কেনেকৈ৷ আলিমজনে ক’লে, তুমি যি ঠাইত থাকা তাৰ পৰা অমুক ঠাইলৈ যাব লাগিব৷ সেই ঠাইত কিছু মানুহে আল্লাহৰ ইবাদত বন্দেগী কৰি আছে৷ তুমি তাতগৈ তেওঁলোকৰ লগত ইবাদত কৰা গৈ তাত তোমাৰ তাওবা কবুল হ’ব আৰু তোমাৰ অঞ্চললৈ ঘূৰি নাহিবা৷ কিয়নো তোমাৰ ঠাইখন বহুত বেয়া৷

আলিম জনৰ কথামতে মানুহজনে নিৰ্দেশিত ঠাইৰ পিনে যাবলৈ ধৰিলে৷ আধা ৰাস্তা যোৱাৰ পিছত মানুহজনৰ মৃত্যুৰ সময় নিকটবৰ্তী বুলি বুজি পালে৷ তেতিয়া মানুহজনে হামাগুড়ি দি সেই তাওবাৰ অঞ্চলৰ পিনে যাব ধৰিলে৷ তেতিয়া ৰহমতৰ ফিৰিস্তাৰ দল আৰু আজাবৰ ফিৰিস্তাৰ দল ৰূহ নিবলৈ আহিল৷ দুয়ো দলেই ৰূহ নিবলৈ বিচাৰিলে৷ ৰহমতৰ ফিৰিস্তাই ক’লে, মানুহজনে খালেছ তাওবা কৰি সেই ঠিকনালৈ গৈ আছিল য’ত গ’লে আল্লাহে তাৰ তাওবা কবুল হ'ব৷ সেয়ে তেওঁৰ ৰূহ আমি লৈ যোৱাৰ হকদাৰ৷ আনহাতে আজাবৰ ফিৰিস্তাই ক’লে আমি তাক লৈ যাম কিয়নো তেওঁ মানুহ হত্যা কৰি পাপ কৰিছে। গতিকে তাৰ ৰূহ আমিয়ে লৈ যাব লাগিব কিয়নো পাপী সকলৰ ৰূহ কৱজ কৰাৰ দায়িত্ব আমাৰ৷ তেতিয়া আল্লাহ তাআলা এজন ফিৰিস্তাক পঠাই দিলে মানুহৰ আকৃতিত৷ মানুহৰূপী ফিৰিস্তাক দেখা পাই দুয়ো দলেই এই মানুহজনক মিমাংসা কাৰী হিচাপে গ্ৰহণ কৰিলে৷ তেতিয়া মানুহজনে ক’লে, তোমালোকে ৰাস্তা জুখি চোৱা যদিহে তাওবা কাৰী মানুহজন গন্তব্য স্থলৰ নিকটবৰ্তী হয়, তেন্তে ৰহমতৰ ফিৰিস্তাই ৰূহ কৱজ কৰিব আৰু ইয়াৰ অন্যথায় আজাবৰ ফিৰিস্তাই ৰূহ কৱজ কৰিব৷ ইফালে আল্লাহ তাআলাই তাওবা কাৰী মানুহজনৰ গন্তব্য স্থানৰ মাটিৰ সংকোচন হবলৈ আদেশ দিছিল আৰু তাৰ আগৰ অঞ্চলৰ মাটিক বিস্তাৰ হবলৈ নিৰ্দেশ দিছিল৷ ফিৰিস্তাৰূপী মানুহজনৰ কথা মতে যেতিয়া ৰাস্তা জোখিলে তেতিয়া তাওবাৰ অঞ্চলৰ পিনে নিকটবৰ্তী পালে আৰু ৰহমতৰ ফিৰিস্তাই তাৰ ৰূহ কৱজ কৰি লৈ গ’ল৷

শিক্ষণীয় কথাঃ
১. আল্লাহ যে বহুত দয়ালু সেই শিক্ষা এই ঘটনাটোৰ জৰিয়তে দিয়া হৈছে৷
২. মানুহে কেতিয়াও আল্লাহৰ দয়াৰ পৰা নিৰাশ হ’ব নালাগে৷ বৰঞ্চ পাপৰ পৰা বাচি থাকিব লাগে আৰু যদি গুনাহ হৈ যায় খালিছ তাওবা কৰিব লাগে৷
৩. কাহিনীটোৰ আন এটা উদেশ্য হৈছে এই শিক্ষা দিয়া যে আবিদতকৈ আলিমৰ মৰ্যাদা বেছি৷ যদিও আল্লাহ তাআলাৰ ওচৰত আবিদৰ বহুত মৰ্যাদা আছে৷ কিন্তু আলিমৰ মৰ্যাদা তাতকৈ বেছি৷ 
Share:

No comments:

Post a Comment