আদর্শ শিক্ষানুষ্ঠান হিচাপে মসজিদ





‘ইকৰা’ শব্দেৰে কোৰআন অবতৰণৰ সূচনা হৈছিল। যাৰ অৰ্থ হৈছে পঢ়া। ইলমৰ অৰ্থ জ্ঞান, যি কোৰআনত ৭৫০ বাৰ উল্লেখ কৰা হৈছে। জ্ঞান আহৰণৰ প্ৰতি কোৰআনৰ এইবোৰ ইঙ্গিতে মুছলমান তথা কোৰআন অনুসৰণকাৰীসকলৰ মাজত জ্ঞান আহৰণৰ এক আন্দোলনৰ সৃষ্টি কৰিছিল।

হজৰত মোহম্মদ (ছ) ৰ মুছলমান সকললৈ স্পষ্ট নিৰ্দেশ, –
‘জ্ঞান আহৰণ কৰা প্ৰত্যেকজন মুছলমানৰ বাবে বাধ্যতামূলক।’
আন এক প্ৰসঙ্গত কৈছে, –
‘আল্লাহে যাক ভাল পায় তাক ধৰ্মীয় জ্ঞান প্ৰদান কৰে।‘এনেবোৰ মন্তব্যৰে এক অজ্ঞ জাতিক জ্ঞান আহৰণৰ মহান ব্ৰতত অভ্যস্ত কৰি তোলে।

হজৰত মোহম্মদ (ছ) এ শিশু সকলৰ শিক্ষাৰ প্রতি বিশেষ গুৰুত্ব প্ৰদান কৰিছিল। শিশু কালতে তেওলোকক উৎকৃষ্ট ভাষা, আল কোৰআন, নামাজৰ নিয়ম-নীতি আদি শিক্ষা দিয়াৰ বাবে অভিভাবকসকলক নিৰ্দেশ দিছিল। তেখেত (ছ) এ কৈছে যে সন্তানৰ যেতিয়া সাত বছৰ বয়স হয়, তেতিয়া নামাজ শিক্ষা দিয়া আৰু দহ বছৰ বয়স হ’লে নামাজ নপঢ়িলে শাৰীৰিক ভাৱে শাস্তি প্রদান কৰি হ’লেও নামাজ পঢ়োৱা। ইয়াৰোপৰি তেওলোকক, সাঁতোৰ, ঘোঁৰা দৌৰ আদিও শিক্ষা দিয়াৰ বাবে অভিভাৱকসকলক নিৰ্দেশ দিয়ে।

হজৰত মোহম্মদ (ছ) ৰ এইবোৰ নিৰ্দেশৰ বাবেই মুছলমানসকলে শিক্ষা গ্রহণৰ বাবে আগ্ৰহী হৈছিল। এনেকি এটা সময়ত জনগণৰ মাজত এনে মুছলমান পোৱা নগৈছিল যিয়ে লিখা-পঢ়া জনা নাছিল। এই সম্পর্কেই Wild এ কৈছে, – ‘It was this great liberality, which they (the Muslims) displayed in educating their people in the schools which was one of the most potent factors in the brilliant and rapid growth of their civilization. Education was so universally diffused that it was said to be difficult to find a muslim who could not read or write’

মুছলমানসকলক শিক্ষিত কৰি গঢ়ি তোলাত মছজিদেই প্ৰধান ভূমিকা পালন কৰিছিল।  Wardenbery ৰ মতে, – ‘From the start, the mosque was a place for prayer communitiy, meditation, religious instruction, political discussion and a school. ‘

ইছলামী বিশ্বৰ প্ৰথম বিদ্যালয় প্ৰতিষ্ঠিত হৈছিল মছজিদে নব্বীৰ সৈতে সংযুক্তভাৱে। যাক কোৱা হৈছিল ‘আছহাফে ছুফ্ফা’। এয়া এক আৱাসিক শিক্ষানুষ্ঠান আছিল। ইয়াৰ ছাত্র সংখ্যা উঠা-নমা কৰিলেও প্ৰায় চাৰিশজন ছাত্র ইয়াত অধ্যায়ন কৰিছিল। এই বিদ্যালয়ৰ পাঠ্যক্রমৰ ভিতৰত আছিল, কোৰআন, হাদীছ, তাছবিদ আৰু সেই সময়ৰ কাৰিকৰী বিদ্যা আদি। বিদ্যালয়ৰ পৰিচালনাকাৰীসকলক ‘আৰিফ’ বুলি কোৱা হৈছিল। হজৰত আবু বকর (ৰা), ওৱাছেলা বিন আছকা (ৰা), মুুুুৱাজ বিন জাবাল (ৰা) এই বিদ্যালয়ৰ বিভিন্ন সময়ত বিভাগত ‘আৰিফ’ৰ দায়িত্ব পালন কৰিছিল। এই বিদ্যালয়ৰ পৰা শিক্ষা শেষ কৰি ওলাই যোৱা সকলক ক্বাৰী (কোৰআনৰ অভিজ্ঞ ব্যক্তি), মুহাদ্দিছ, ফকীহ, মুফাছছিৰ হিচাপে জনা গৈছিল।

মছজিদৰ সৈতে সংযুক্ত এই শিক্ষানুষ্ঠানৰ শিক্ষা দান পদ্ধতি আছিল এয়ে যে ছাত্রসকলক বিভিন্ন গোটত বিভক্ত কৰা হৈছিল, যাক ‘হালাকাত আল-ইলম’ চমুকৈ ‘হালাকা’ বা ‘হালকা’। যাৰ পাৰিভাষিক অৰ্থ হৈছে, ‘ছাত্রই বৃত্তৰ আকাৰে শিক্ষকৰ চাৰিওফালে বহা।’

হালকাসমূহত শতাধিক ছাত্রই শিক্ষা গ্রহণ কৰিছিল আৰু মছজিদত একাধিক হালকা কাৰ্যৰত আছিল। ইবনু বটুতাৰ বৰ্ণনা মতে, পাঁচ শতাধিক ছাত্রই উম্যায়া মছজিদৰ হালাকা সমূহত অধ্যায়ন কৰিছিল। মছজিদে আমাৰত চল্লিশটা আৰু কাইৰোৰ প্ৰধান মছজিদত একশ বিশটা এনে হালকা আছিল। এই শ্ৰেণীসমূত প্ৰধানকৈ শিক্ষা দিয়া হৈছিল, ভ্ৰমণকাৰী, ভূ-বিজ্ঞানী, আল মাকদিছিৰ মতে, – ‘আইনৰ শিক্ষা, আল কোৰআন, সাহিত্য আৰু হিকমত তথা নৈতিক দৰ্শন। ‘ বাগদাদৰ মছজিদত আকৌ চিকিৎসা বিজ্ঞান, কাৰিকৰী বিদ্যা, জ্যোতিৰ্বিজ্ঞান আৰু অন্যান্য বিষয়। য’ত শিক্ষা গ্রহণৰ বাবে পাৰ্চিয়ান, ছিৰিয়া আৰু ভাৰতৰ পৰা ছাত্রই অধ্যয়ন কৰিবলৈ গৈছিল।

গতিকে নিসন্দেহে ক’ব পৰা যায় যে ৰচুল (ছ) ৰ শিক্ষা আন্দোলন, মছজিদে নব্বীৰ পৰাই যাৰ সূচনা হৈছিল, সেয়া পৰৱৰ্তী কেইবা শতিকালৈ গোটেই বিশ্বৰ জ্ঞানৰ জ্যোতি বিলোৱা প্ৰদীপ দৰেই কাম কৰিছিল। কিন্তু দূৰ্ভাগ্য বশতঃ মুছলিম জাতিৰ পতনৰ ফলত জ্ঞানৰ জ্যোতি বিলোৱা সেই মছজিদ আজি ইবাদতৰ কেইটামান অনুষ্ঠান বা শুকুৰবাৰে পায়েস খোৱাৰ বাবে ব্যৱহৃত এখন ঠাইৰ বাহিৰে তাৰ কোনো ভূমিকা নাই। নিশ্চয় এয়া প্ৰতিজন মুছলমানৰ বাবেই চিন্তাৰ বিষয়।
Share:

No comments:

Post a Comment