কাব্য সাহিত্যৰ পৃষ্ঠপোষকতাত হজৰত মোহাম্মদ (ছ)


জাহিলী আৰবীয়সকলে যুদ্ধ প্ৰিয় হোৱাৰ উপৰিও কাব্য প্ৰিয়ও আছিল। তেওঁলোকে বিভিন্ন উৎসৱ পাৰ্বণত কবিতা আবৃত্তি কৰিছিল আৰু সেই অনুসৰি কবিতা ৰচনাও কৰিছিল। কাব্য চৰ্চা তেওঁলোকৰ জীৱনৰ এক গুৰুত্ত্বপূৰ্ণ স্থান অধিকাৰ কৰি ৰাখিছিল। যুদ্ধত সৈন্য পৰিচালনা বা যুদ্ধ জয় কৰিবলৈ কবিতাক এক অস্ত্র হিচাপে ব্যৱহাৰ কৰিছিল। সেই ফালেদি তেওঁলোকৰ উৎকৃষ্ট কৰ্মৰাজি দেখিবলৈ পোৱা যায় তেওঁলোকৰ সাহিত্য সাধনাত। আকৌ জাহিলী আৰবী সাহিত্য বুলি ক’লে কবিতাকে উল্লেখ কৰা হয়। কাৰণ সেই সময়ত গদ্য সাহিত্য গঢ়ি উঠা নাছিল। গদ্য সাহিত্যৰ নামত ভাষণকে গণ্য কৰা হৈছিল যদিও সেয়াও প্ৰাৰম্ভিক অৱস্থাতে আছিল। উল্লেখ্য যে কাব্য চৰ্চা বিকশিত হলেও সেয়া মুখে মুখে প্ৰচলিত আছিল, লিখাৰ প্ৰচলন নাছিল বুলিও কব পাৰো। ইছলামীক যুগত ৰচুল (ছ) ৰ পৃষ্ঠপোষকতাত কাব্য সাহিত্যই এক নতুন মাত্ৰা লাভ কৰিছিল।

জাহিলী আৰবীয়সকলে কবিতা ৰচনাৰ বাবে কোনো সীমা-ৰেখা মানি চলা নাছিল। তেওঁলোকে যিকোনো বিষয়বস্তুক কেন্দ্ৰ কৰিয়েই কবিতা ৰচিছিল। শালীন আৰু অশ্লীল দুয়ো ধৰণৰ বিষয়বস্তুই কবিতাত প্ৰতিফলিত হৈছিল। প্ৰধানকৈ তেওঁলোকৰ কবিতাৰ বিষয়বস্তু আছিল এনেধৰণৰ- পুৰুষত্ব, আত্মসন্মানবোধ, স্বজনপ্ৰীতি, বাৎসল্যপ্ৰীতি, বন্ধু প্ৰীতি, প্ৰতিজ্ঞা পালন, প্ৰতিশোধ পৰায়ণতা, অতিথেয়তা, প্ৰতিৰোধ, শৌৰ্যবীৰ্য, দুখ-দৈন্য, ধৈৰ্য, নাৰীৰ অংগ বিশেষৰ অশ্লীল বৰ্ণনা আদিয়েই প্ৰধান। কিন্তু তেওঁলোকৰ বীৰত্বপূৰ্ণ কবিতাই মানুহক বেছি আকৃষ্ট কৰিছিল কবি সকল স্পষ্টবাদী হোৱা বাবে তেওঁলোকৰ কবিতাত মদ্যপাণ, উশৃংখলতা, জুৱা, চৌৰ্য বৃত্তি, লুটপাট, অহংকাৰ আদি বিষয়েই কবিতাত স্থান লাভ কৰিছিল। 

অন্ধকাৰৰ বুকু ফালি জাহিলী আৰৱ মৰুৰ বুকুত মহানবী (ছ) আল্লাহ চুবহানাহু তায়ালাৰ পৰা লাভ কৰা ইছলামৰ তৌহীদৰ বাণী যেতিয়া গোটেই বিশ্বত ছটিয়াই দিয়াৰ বাবে ইছলামী আন্দোলনৰ সূচনা কৰে তেতিয়া মক্কাৰ কায়েমী (সামাজিক, ৰাজনৈতিক, ধৰ্মীয়) স্বাৰ্থবাদী নেতৃস্থানীয় কিছুলোকে এই আলোকৰ যাত্ৰা স্তব্দ কৰি দিয়াৰ বাবে চেষ্টা কৰিব  ধৰিলে। ইছলামী আন্দোলনক প্ৰতিহত কৰিবৰ বাবে প্ৰথমতে কবি সকলক আন্দোলনৰ সমালোচনা কৰি তথা আন্দোলনৰ নেতা আৰু প্ৰচাৰক সকলৰ সমালোচনা কৰি কবিতা ৰচনা কৰিবলৈ নিযুক্ত কৰিছিল। আন্দোলনৰ বিৰোধিতাত কবিতা ৰচনা কৰা কবি সকল আছিল- আব্দুল্লাহ ইবনে জবয়ৰী, আবু ছুফয়ান ইবনে হাৰব, দৰবাৰ ইবনে খাত্তাব আৰু আমৰ ইবনে আল আছেৰ। তেওঁলোকে দলবদ্ধ ভাৱে ইছলামী আন্দোলন, ইয়াৰ নেতা তথা কৰ্মীৰ সমালোচনা আৰু বদনাম কৰি কবিতা ৰচনা কৰিবলৈ ধৰিলে। কিছু দিনৰ বাবে ইছলামী আন্দোলনৰ মাজত শিথিলতা আহি পৰে। সেই বাবে মহানবীয়ে (ছ) এই কবিতা সমূহৰ উত্তৰ দিয়াৰ প্ৰয়োজনীয়তা অনুভৱ কৰি চাহাবা সকলক সম্বোধন কৰি ক’লে, ‘যি সকলে অস্ৰৰ দ্বাৰা আল্লাহ আৰু ৰচুলৰ সাহায্য কৰিছিল, কথাৰ (অৰ্থাৎ কবিতাৰ) দ্বাৰা আল্লাহৰ সাহায্য কৰিবলৈ কোনে তেওঁলোকক বাধা দিছে।’ [1]  মহানবী (ছ) ৰ এই উত্তৰৰ তাৎপৰ্য্য অনুধাৱন কৰি কেইজনমান কবি চাহাবা কাফেৰ সকলৰ মন্দ কবিতাৰ উত্তৰ দিয়াৰ বাবে আগবাঢ়ি আহে। তেওঁলোক হৈছে- হাচ্ছান বিন ছাবিত (ৰা), কা’ব বিন মালিক (ৰা) আব্দুল্লাহ ইবনে ৰওয়াহা (ৰা) আদি। হাচ্ছান বিন ছাবিতক (ৰা)  মহানবী (ছ) এ কবিতাৰ উত্তৰ দিয়াৰ বাবে মছজিদে নববীত এখন মিম্বৰ স্থাপন কৰি দিয়ে। য’ত তেওঁ থিয় দি কাফেৰ সকলৰ নিন্দাসূচক কবিতাৰ উত্তৰ দিছিল।

মহানবী (ছ) ৰ উল্লিখিত উত্তৰৰ পৰাই ইছলামী আনন্দোলনৰ সহায়ক কবিতা ৰচনাৰ আৰম্ভণি। নতুনকৈ দীক্ষিত হোৱা কবি সকলকো ইছলামী আনন্দোলনৰ সহায়ক কবিতা ৰচনাৰ বাবে উৎসাহিত কৰা হ’ল। মহানবী (ছ) এ বিভিন্ন উপলক্ষে কবিতা ৰচনাৰ প্ৰতি উৎসাহিত কৰি বিভিন্ন মন্তব্য কৰে যাৰ ফলত বৃহত সংখ্যক মুছলিম কবিয়ে কবিতা ৰচনা কৰিছিল।

এবাৰ মহানবী (ছ) এ কবিতাৰ মূল্যায়ণ কৰি কয়, ‘কোনো কোনো কবিতাত আছে প্ৰকৃষ্ট জ্ঞানৰ কথা।’ [2] কেতিয়াবা কোনো কবিৰ কবিতা আবৃত্তি কৰি তাৰ প্ৰশংসাও কৰিছিল। কবি লবীদ ইবনে ৰবীয়াহ (ৰা) ৰ এটি কাব্যাংশ-
‘জানি ৰাখা,
আল্লাহৰ বাহিৰে সকলোবোৰ নশ্বৰ নিৰৰ্থক।’ - আবৃত্তি কৰি বাক্যশাৰী সৰ্ববাধিক সত্য বুলি প্ৰশংসাও কৰিছে।[3]
কেতিয়াবা কোনো কথা বা বক্তব্য বুজাই দিয়াৰ বাবেও কবিতা আবৃত্তি কৰিছিল বা উপমা হিচাপেও বক্তব্যত কবিতা আবৃত্তি কৰিছিল। কবি আব্দুল্লাহ ইবনে ৰওয়াহ আৰু কবি তুৰাফাৰ কবিতাও কেতিয়াবা কেতিয়াবা আবৃত্তি কৰিছিল। তুৰাফাৰ কবিতাৰ এই অংশ বিভিন্ন সময়ত আবৃত্তি কৰিছিল,
‘(কেতিয়াবা) এনে মানূহো তোমাৰ ওচৰত
প্ৰয়োজনীয় সংবাদ বহণ কৰি আনে
যাক তুমি পাথেয় হিচাপে একো দিব লগা নহয়।’ [4]
ঐতিহাসিক খন্দকৰ যূ্দ্বৰ সময়ত শত্ৰুক প্ৰতিহত কৰিবলৈ পৰিখা খনন কৰিবলৈ সিদ্ধান্ত কৰা হয়। এই খন্দকৰ যুদ্ধত পৰিখা খান্দোতে মহানবী (ছ) এ চাহাবা সকলৰ লগতে অংশগ্রহণ কৰিছিল। পৰিখা খান্দোতে ধূলি-মলিন আৰু ঘৰ্মাক্ত অৱস্তাত মহানবী (ছ) এ আবৃত্তি কৰে-‘

হে আল্লাহ! তোমাৰ কৰুণাৰ অবিহনে আমি হিদায়ৎ নাপালোহেঁতেন
কোনো ছদকা-যাকাতও নিদিলোহেঁতেন
ছালাতও কায়েম নকৰিলোহেঁতেন
গতিকে (হে আমাৰ প্ৰভূ), আমাৰ প্ৰতি শান্তি অবতীৰ্ণ কৰক
ৰনাঙ্গনত আমাক  শত্ৰুৰ বিপক্ষে দৃৃৃৃঢ়পদ ৰাখক
কাফিৰ সৈন্যবাহিনী আমাৰ প্ৰতি আক্ৰমনাত্মক,
সিঁহত আমাক নিশ্চিহ্ন দিব বিচাৰে
কিন্তু আমি সিঁহতক প্ৰতিহত কৰিব বিচাৰো।’ [5]

খন্দকৰ যুদ্ধৰ সময়তে এটা সময়ত পৰিখা খননৰত মোহাজিৰ আৰু আনছাৰ সমস্বৰে গাই উঠে -
‘মোহাম্মাদৰ হাতত আমি বাইয়াত কৰিছোঁ
যিমান দিন আমি জিয়াই থাকো।’
মহানবী (ছা) এ তেওঁলোকৰ এই কবিতা আবৃত্তিৰ উত্তৰ দিয়ে এনেদৰে-
‘হে আল্লাহ! আখিৰাতৰ কল্যাণ অবিহনে প্ৰকৃত কল্যাণ নাই
হে সাহায্যকাৰী! আনচাৰ আৰু মুহাজিৰসকলক কল্যাণ দান কৰা।’ [6]
মহানবী (ছ) এ অমুছলিম কবিৰ কবিতাৰো আবৃত্তি শুনিছিল, যদি সেই কবিতাত ইছলাম বিৰোধী বা শিৰ্কৰ কোনো কথা নাথাকিছিল। শৰীদ ছকফী (ৰা) নামৰ এজন চাহাবা মহানবী (ছ) ৰ সৈতে একেই জন্তুযানত আৰোহিত অবস্তাত গৈ থাকোতে ছকফী (ৰা) এ মহানবী (ছ) ক উমায়া ইবনে আবুছ ছালাতৰ কবিতাৰ এশমান পঁক্তি আবৃত্তি কৰি শুনায়। শেষত মন্তব্য কৰে, ‘তেওঁ (উমায়া) ইছলামৰ ওচৰা-ওচৰি আহি গৈছিল।’ [7]

জাহিলী যুগৰ কবি সকলে ইছলাম গ্ৰহণ কৰাৰ পাছত প্ৰথম অবস্থাত কাব্য ৰচনাৰ পৰা বিৰত থাকে। তাৰ কাৰণ আছিল এয়ে যে আল-ক্বোৰআনৰ ভাষা মাধূৰ্য্যই তেওঁলোকক আকৃৃষ্ট কৰি ৰাখিছিল, ক্বোৰআন পাঠৰ বাহিৰে অন্য সাহিত্যিক চৰ্চা কৰাৰ সময়ো পোৱা নাছিল তাৰোপৰি জাহিলী কিছুমান কবি আৰু কবিতাৰ ৰচুল (ছ) এ কঠোৰ সমালোচনা কৰিছিল, যাৰ বাবে চাহাবা সকল কাব্য চৰ্চাৰ পৰা বিৰত থাকে। কিন্তু যেতিয়া মহানবী (ছ) কবিতা ৰচনাৰ প্ৰতি উৎসাহিত কৰি মন্তব্য আগবঢ়ায় তেতিয়া চাহাবা সকলে ইছলামী আন্দোলনৰ সহায়ক কবিতা ৰচনা কৰিবলৈ লয়।

নবী কৰীম (ছ) কবি নাছিল আৰু কবিতা ৰচনা কৰা নবী সকলৰ কৰ্মও নহয়। ইছলামী আন্দোলনৰ প্ৰথম অবস্তত মক্কাৰ মুছৰিক সকলে যেতিয়া অভিযোগ আনিলে যে, মহানবী (ছ) এজন কবি তেতিয়া আল্লাহে নিজেই নবী কৰীম (ছ) কবি নহয় বুলি স্পষ্টটিকৰণ দি পবিত্ৰ ক্বোৰআনৰ এই আয়াত আবতীৰ্ণ কৰে, ‘আমি তেওঁক কবিতা শিক্ষা দিয়া নাই আৰু এনে কাম তেওঁৰ পক্ষে শোভনীয়ও নহয়।’ [8]

গতিকে তেওঁ কবি নাছিল আৰু কবিতা ৰচনাও কৰা নাছিল। অবশ্য নবী (ছ) মুখৰ পৰা কেতিয়াবা এনে কিছুমান বাক্য স্বতস্ফূৰ্তভাৱে ভাবে ওলাই পৰিছিল যিবোৰ কবিতাৰ দৰে ছন্দমিল যূক্ত বা কবিতাৰ দৰেই লাগিছিল।

আগতেই উল্ললেখ কৰিছোঁ যে আৰব জাতি হৈছে কাব্য প্ৰিয় জাতি, আৰবীয় সৰু ডাঙৰ সকলোৱে কবিতা ভাল পাইছিল, কবিতা সম্পর্কে ভাল জ্ঞান ৰাখিছিল আৰু কিছু পৰিমাণে ৰচনা কৰিবলৈ  হৈছিল। আনহাতে যি সকলে কবিতা ৰচনা কৰিব পৰা নাছিল তেওঁলোকেও বিখ্যাত কবিৰ কবিতা মুখস্থ কৰিছিল আৰু সময়ে সময়ে সেয়া আবৃত্তি কৰিছিল। গতিকে সেইখন সমাজে তুলি তালি ডাঙৰ দীঘল কৰা এজন অকবি ব্যক্তিৰ মুখৰ পৰা দুই এটা কবিতা যেন লগা বাক্য ওলালেই ব্যাক্তি জন কবি হৈ নাযায়। বৰ্তমানেও এনে বহুত মানুহ আছে যি সকলে কবি নহৈও কবিতাৰ দৰে ছন্দমিলযুক্ত দুই এটা বাক্য ৰচনা কৰিব পাৰে, কিন্তু সেই ব্যক্তি জনক কবি হিচাপে স্বীকৃতি দিয়া নহয়। কেতিয়াবা শিশু সকলৰ মূখৰ পৰাও ছন্দমিলযুক্ত কথামালা ওলাই পৰে তথাপি কিন্তু শিশুক কবি বুলি কোৱা নহয়।

এবাৰ মহানবী (ছ) ৰ মুখৰ পৰা তেনেকোৱা ছন্দমিলযুক্ত পঁক্তি ওলাই পৰিছিল আঙলি শিলৰ চেপাত পৰি ৰক্তাক্ত হোৱাৰ সময়ত। শিলৰ চেপাত আঙলি ফাটি যায় আৰু তেজ ববলৈ ধৰে মহানবী (ছ) এ তেজ বৈ থকা আঙলিৰ পিনে চাই কৈছিল-
(হাল আনতি ইল্লা ইছবাউন ধামিত
ওৱাফী ছাবিল্লল্লিাহি মা লাকিত )
তই এটি আঙলি মাত্ৰ, অলপ ৰাঙলি হৈছা,
সেয়াও আল্লাহৰ পথত, গতিকে ইয়াৰ প্ৰতিদান অৱশ্যম্ভাৱী।[9]
আন এবাৰ হাৱাযেন গোত্ৰৰ বিৰুদ্ধে যুদ্ধৰ সময়ত চাহাবা সকলে যুদ্ধৰ প্ৰাৰম্ভিক অবস্তাত পিছহুহঁকি আহে, তেতিয়া মহানবী (ছ) এ নিজৰ জন্তুযানৰ পৰা অবতৰণ কৰি শত্ৰুৰ পিনে আগবাঢ়ি যায় আৰু মুখেৰে এইষাৰ কথা আবৃত্তি কৰিছিল-
(আনান নাবিয়ু লা কাজিব
আনা ইবনু আবদিল মত্তালিব।)
‘মই সত্য নবী, মিছাৰ লেশমাত্ৰ নাই
মই (প্ৰসিদ্ধ গোত্ৰ) আব্দুল মুত্তালিব সন্তান (বংশধৰ)।’ [10]
ৰচুল (ছ) ৰ যুদ্ধৰ ময়দানত অকলে এনে উক্তি কৰি শত্ৰুৰ পিনে আগবাঢ়ি যোৱা আছিল বীৰত্বৰ পৰিচায়ক। ইয়াৰ পাছত চাহাবা সকলে ৰচুল (ছ) ৰ ওচৰত আহি সংঘবদ্ধ হৈ হাৱাযেন গোত্ৰৰ বিৰুদ্ধে বীৰ বিক্ৰমে অভিযান চলায় আৰু বিজয় অৰ্জন কৰিছিল। গতিকে ধন্য এই কবিতা যেন লগা বাক্যশাৰী, যিয়ে চাহাবা সকলক যুদ্ধৰ ময়দানত উভতাই আনিছিল।

যিয়েই নহওক, মহানবী (ছ) এ বিভিন্ন ধৰণে মুছলিম কবি সকলক কবিতা ৰচনাৰ প্ৰতি উৎসাহিত কৰাত তেওঁলোকে ইছলামী আন্দোলনৰ সহায়ক হিচাপে কবিতা ৰচনা কৰিবলৈ ধৰে। মুছলিম কবিয়ে ব্যাপক ভাৱে কবিতা ৰচনাত প্ৰবৃত্ত হোৱাত তেওঁলোকৰ কবিতাত জাহিলী যুগৰ ভাষাও ব্যৱহাৰ হ’বলৈ ধৰিলে। অহংকাৰ, দাম্ভিকতা আদি অৱগুণবোৰো কবিতাত প্ৰতিফলিত হৈছিল। যিহেতু সবেমাত্ৰ জাহিলী ধ্যান ধাৰণা এৰি দি কবি সকল ইছলামত দীক্ষিত হৈছিল, সেয়ে তেতিয়ালৈকে তেওঁলোকে সম্পূৰ্ণভাৱে জাহিলী প্ৰভাৱৰ পৰা মুক্ত হ’ব পৰা নাছিল, যি তেওঁলোকৰ কবিতাত পুনৰ প্ৰতিফলিত হৈছিল। সেইবাবে ইছলামী আন্দোলনৰ সহায়ক কবিতা ৰচনাৰ বাবে কিছূ সীমা-ৰেখা নিৰ্ধাৰণ কৰি দিয়া হ’ল। জাহিলী যুগৰ কবিসকলে কোনো সীমা-ৰেখা মানি চলাৰ প্ৰয়োজন নাছিল। কবিতাৰ মূলনীতি বা সীমা-ৰেখ নিৰ্দ্ধাৰণ কৰাত ইছলামেই প্ৰথম। ইছলামী আন্দোলনৰ সহায়ক কবিতা ৰচনাৰ বাবে প্ৰথম যি সীমা-ৰেখা নিৰ্দ্ধাৰণ কৰি দিয়া হৈছিল সেয়া হৈছে- ১. কবিতাৰ বিষয়বস্তু এনে হ’ব নোৱাৰিব যাৰ দ্বাৰা জনগণ বিপথে পৰিচালিত হয় বা বিভ্ৰান্ত হৈ পৰে। ২. অশ্লীল, অসংলগ্ন কথা মালা কবিতাত ব্যৱহাৰ কৰিব নোৱাৰিব। ৩. কবিতা সমাজ গঠনৰ সহায়ক, সৎকৰ্মৰ প্ৰেৰণাদায়ক হ’ব, অহংকাৰেৰে পৰিপূৰ্ণ বা নিন্দাসূচক হ’ব নোৱাৰিব। আল্লাহে পবিত্ৰ ক্বোৰআনত জাহিলী যুগৰ কবি সম্পর্কে কৈছে, ‘আৰু কবি সকলৰ কথা হ’ল- বিভ্ৰান্ত লোক সকলেই তেওঁলোকৰ অনুসৰণ কৰে। তুমি দেখিবলৈ পোৱা নাই তেওঁলোক উপত্যকায় উপত্যকায় উদভ্ৰান্তৰ দৰে ঘূৰি ফুৰে, তাৰোপৰি তেওঁলোকে মুখত যি কয় কামত সেয়া নকৰে।’ [11]

এই আয়াত নাজিল হোৱাৰ পিছত আব্জূল্লাহ ইবনে ৰাওহা, হাচ্ছান বিন ছাবিত, কা’ব বিন মালিক (ৰা) কান্ধি কান্ধি ৰচুল (ছ) ৰ ওচৰত আহি ক’লে, ‘হে ৰচুলুল্লাহ, আল্লাহ তায়ালাই (উপৰোক্ত) এই আয়াত নাজিল কৰিছে। আমিও কবিতা ৰচনা কৰো, এতিয়া আমাৰ কি উপায় হ’ব ?’ ৰচুলুল্লাহ (ছ) এ ক’লে, ‘এই আয়াতৰ শেষৰ অংশ পাঠ কৰা। উদ্দেশ আছিল এই যে, তোমালোকৰ কবিতা যেন অনৰ্থক আৰু ভ্ৰান্ত উদ্দেশ্যপ্রণোদিত নহয়। সেয়ে তোমালোক আয়াতৰ শেষ অংশত উল্লেখিত ব্যতিক্রমসকলৰ অন্তর্ভুক্ত। [12]

ছূৰা আছ শুআৰাৰ উক্ত আয়াতৰ শেষত উল্লেখিত হৈছে, ‘সেই মানুহ সকল ব্যতীত যি সকলে ঈমান আনিছে, সৎকৰ্ম কৰিছে আৰু আল্লাহক অধিক স্মৰণ কৰিছে।’ [13]

নবী কৰীম (ছ) যেয়েও বিভিন্ন উক্তিৰ দ্বাৰা কবিতাৰ ভাষা আৰু সীমা-ৰেখা নিদ্বাৰ্ৰণ কৰি দিছে। কবিতাৰ ভাষা সম্পৰ্কে ইছলামী দৃষ্টিভঙ্গী বৰ্ণনা কৰি ৰচুল (ছ) এ কৈছিল, ‘কবিতা আৰু সাধাৰণ কথা বতৰাৰ বিচাৰ একেই জোখ-মাখত হ’ব লাগিব। অনাবিল আৰু পৰিমল কথা বতৰাৰ যি ময্যাদা, শালীন কথা বতৰাৰো সেই মূল্য। অশ্লীল বক্তব্য যেনেদৰে অপ্ৰীতিকৰ, অশ্লীল কবিতাও তেনেকোৱা।’ [14]

মহানবী (ছ) এ কাব্য চৰ্চাক ইছলামী বিপ­ৱৰ সহায়ক হিচাপে ৰচনা কৰা কবিতাৰ পৃষ্ঠপোষকতা কৰিছিল যদিও অশ্লীল বা দ্বীনৰ পৰিপন্থী কবিতাৰ সমালোচনা কৰিছিল। যাৰ বাবে চাহাবা সকলে কাব্য চৰ্চাৰ সময়ত এই দিশত লক্ষ্য ৰাখিছিল। সেয়ে তেওঁলোকে দ্বীনৰ কৰ্মত উদ্দীপনা বৃদ্ধিত সহায়ক আৰু শত্ৰুৰ মনোবল ভাঙিবলৈ কবিতা ৰচনা কৰিছিল। এই ক্ষেত্ৰত তেওঁলোক সফলে সফলো হৈছিল।

তথ্য নির্দেশিকা

[1] (আৰবী সাহিত্যৰ ইতিহাস, ইফাবা, ঢাকা, ২০০৩, পৃ. ১৫৪)
[2] (জামে-আত তিৰমিজী, হদীছ-২৭৮২)
[3] (জামে-আত তিৰমিজী, হদীছ- ২৭৮৬)
[4] (জামে-আত তিৰমিজী, হদীছ-২৭৮৫)
[5] (ছহীহুল বুখাৰী, হদীছ-২৮৩৭)
[6] (ছহীহুল বুখাৰী, হদীছ-২৭৩৫)
[7] (ছহীহ মুুছলিম, কিতাবুছ ছিআৰ, হদীছ-২২৫৫ ছামাইলে তিৰমিজী, হদীছ-২৪৯)
[8] (আল ক্বোৰআন, ছূৰা ইয়াছিন - ৩৬/৬৯)
[9] (ছহীহুল বুখাৰী, হদীছ-৬১৪৬; ছহীহ মুছলিম, হদীছ-১৭৯৬)
[10] (ছহীহুল বুখাৰী, হদীছ-২৮৭৪)
[11] (আল ক্বোৰআন, ছূৰা শুআৰা: ২৬/২২৪-২২৬)
[12] (সংক্ষিপ্ত তফছিৰে মাৰেফুল কোৰআন, সৌদি সংস্কৰণ,১৪১৩ হি. পৃ.৯৮৬)
[13] (আল ক্বোৰআন, ছূৰা শুআৰা: ২৬/২২৭)
[14] (আদাবুল মুফৰাদ, হদীছ-৮৭৩১)
Share:

4 comments: