আজানঃ সূচনাৰ ইতিহাস



বিশ্বৰ চূকে-কোণে সিঁচৰিত হৈ থকা মূছলমানসকলে টোপৰি পৰা সাৰ পাই উঠে যি সূললিত কণ্ঠৰ ধ্বনিত আকৌ ৰাতি টোপনি যোৱাৰ আগলৈকে দিনটোত পাচঁ বাৰকৈ শুনি থাকে, সেয়াই সকলোৰে পৰিচিত ‘আজান’। আজানৰ পৱিত্ৰ ধ্বনি শুনাৰ লগে লগে নাৰীসকলে মূৰ কাপোৰ বা ওৰণাৰে ঢাকি লয়। এয়া তেওঁলোকে আল্লাহৰ প্ৰতি ভয় আৰু ইছলামৰ প্ৰতি ভালপোৱাৰ বাবে কৰি থাকে।

চিৰ পৰিচিত এই ‘আজান’ শব্দৰ আভিধানিক অৰ্থ হৈছে, ‘জনাই দিয়া’, ‘শুনাই দিয়া’| পাৰিভাষিক অৰ্থত, ‘নামাজৰ সময়ত মানুহবোৰক নামাজৰ বাবে প্ৰস্তত হোৱাৰ আৰু জামাতত উপস্থিত হোৱাৰ বাবে আহবান জনোৱাকেই আজান বুলি কোৱা হয়। কোৰআনত আজান সম্পর্কে কোৱা হৈছে, ‘তোমালোকক (মুছলমান) যেতিয়া নামাজৰ বাবে ঘোষণা দিয়া, তেতিয়া কাফিৰসকলে তাক ঠাট্টা বিদ্ৰুপ আৰু খেল-ধেমালিৰ বস্তু হিচাপে গ্ৰহণ কৰে। ইয়াৰ কাৰণ এই যে তেওঁলোক বিবেক-বুদ্ধিহীন মানুহ।’ (আল-মায়িদা:৫৮)

আজানৰ সূচনা বা প্ৰৱৰ্তন হয় মহানবী (ছ) মদিনালৈ হিজৰত কৰি অহাৰ পাছত। মদিনাত উপস্থিত হৈ মহানবী (ছ) এ প্ৰথমতে সমূহীয়া ইবাদত গৃহ মছজিদ নিৰ্মাণ কৰিবলৈ প্ৰচেষ্টা হাতত লয়। সেই উদ্দেশ্যে দুজন ইতিম কিশোৰৰ এডোখৰ মাটি ক্ৰয় কৰি তাত এটা মছদিত নিৰ্মাণ কৰে। মছজিদ নিৰ্মাণত ৰচুল (ছ) এ নিজেও অংশ গ্রহণ কৰছিল। ইয়াক মছজিদে নববী বুলি কোৱা হৈছিল আৰু এই মছজিদে একে নামেৰেই বৰ্তমান বিশ্বত পৰিচিত। সমূহীয়া নামাজৰ কাৰণে ইবাদত্ গৃহ মছজিদ প্ৰতিষ্ঠিত হ’ল, কিন্তু নামাজৰ কোনো আহ্বান কৰোতা নথকাত প্ৰথম অবস্থাত মুছলমানসকলে নামাজৰ বাবে এটা সময় নিৰ্দিষ্ট কৰি লৈছিল আৰু সেই অনূসৰি সকলোৱে একত্ৰিত হৈছিল। এই ব্যবস্থা সুফলদায়ক নাছিল, সেয়ে ৰচুল (ছ) নামাজৰ সময়ত সকলোকে একত্ৰিত কৰিবলৈ কি ব্যবস্থা ল’ব পৰা যায় সেই সম্পর্কে চাহাবাসকলৰ সৈতে আলোচনা কৰিছিল আৰু তেওঁলোকৰ পৰা পৰামৰ্শ বিচাৰিছিল। বিভিন্ন জনে বিভিন্ন প্ৰস্তাৱ দিয়ে। কিছুমানে ইহুদীসকলৰ দৰে শিঙা বজোৱাৰ পৰামৰ্শ দিয়ে। ৰচুল (ছ) এ অপছন্দ কৰা সত্বেও শিঙা ধবনি কৰিবলৈ সিদ্বান্ত লয়। কিন্তু সেই ৰাতি (আলোচনা হোৱাৰ ৰাতি) আব্দুল্লাহ ইবনে জায়েদ (ৰা) নামৰ এজন আনচাৰী চাহাবাই এঠি সপোন দেখে। আজানৰ সূচনাৰ মূলতে আছিল এই সপোন। আনচাৰী চাহাবা আব্দুল্লাহ ইবনে জায়েদ (ৰা) এ সপোনত দেখা ঘটনা বৰ্ণনা কৰি কৈছে, ‘মই এযোৰ সেউজীয়া ৰঙৰ কাপোৰ পৰিহিত এজন ব্যক্তিক এটি নাকূচ (বৃহদাকাৰ কাঠৰ ওপৰত ক্ষুদ্রাকাৰ কাঠেৰে কোবালে যি শব্দ হয় তাকে নাকূচ বোলে) বহন কৰা দেখিলো। মই তেওঁক ক’লো, ‘তুমি নাকূচ বিক্ৰী কৰিবা নে? তেওঁ ক’লে, সেয়ালৈ তুমি কি কৰিবা।’ মই ক’লো, ‘মই সেইটোৰে নামাজৰ বাবে মাতিম। তেওঁ ক’লে, ‘মই তোমাক ইয়াতকৈ উৎকৃষ্ট কোনো বিষয় সম্পর্কে অবিহিত কৰিম নে? ‘মই ক’লো, ‘সেয়া কি· তেওঁ ক’লে তুমি কোৱা:

আল্লাহু আকবাৰ (আল্লাহ মহান),
আল্লাহু আকবাৰ (আল্লাহ মহান),
আশ্বহাদু আল লা ইলাহা ইল্লাল্লাহ (মই সাক্ষ্য দিওঁ যে আল্লাহ ব্যতীত কোনো উপাস্য নাই)
আশ্বহাদু আল লা ইলাহা ইল্লাল্লাহ (মই সাক্ষ্য দিওঁ যে আল্লাহ ব্যতীত কোনো উপাস্য নাই)
আশ্বহাদু আন্না মুহাম্মাদাৰ ৰছূলূল্লাহ (মই সাক্ষ্য দিওঁ যে মুহাম্মাদ (ছ) আল্লাহৰ ৰচুল)
আশ্বহাদু আন্না মুহাম্মাদাৰ ৰছূলূল্লাহ (মই সাক্ষ্য দিওঁ যে  মুহাম্মাদ (ছ) আল্লাহৰ ৰচুল)
হাই আল্লাছ্ ছালাহ (নামাজৰ পিনে আহা)
হাই আল্লাছ্ ছালাহ (নামাজৰ পিনে আহা)
হাই আলাল ফালাহ (কল্যাণৰ পিনে আহা)
হাই আলাল ফালাহ (কল্যাণৰ পিনে আহা)
আল্লাহু আকবাৰ (আল্লাহ মহান),
আল্লাহু আকবাৰ (আল্লাহ মহান),
লা ইলাহা ইল্লাল্লাহ (আল্লাহ ব্যতীত কোনো উপাস্য নাই)

আব্দুল্লাহ ইবনে জায়েদ (ৰা) এ টোপনিৰ পৰা সাৰ পাই উঠি ৰছূল (ছ) ৰ ওচৰলৈ আহি তেওঁ দেখা সপোনৰ বিষয়ে অবহিত কৰে। ৰচুল (ছ) এ ক’লে, ‘তোমালোকৰ এই জন লগৰীয়াই এটি সপোন দেখিছে। (আব্দুল্লাহ ইবনে জায়েদ (ৰা) ক সম্বোধন কৰি ক’লে) তুমি বিলালৰ সৈতে যোৱা, তেওঁক এইবোৰ শিকাই দিয়া আৰু বিলালে (ৰা) যেন আজান দিয়ে। কিয়নো বিলাল (ৰা) তোমাতকৈ উচ্চ কণ্ঠৰ অধিকাৰী’। (ইয়াৰ পাছত) মই বিলাল (ৰা) সৈতে মছজিদলৈ গ’লো। মই বিলাল (ৰা) ক এইবোৰ বাক্য শিকাই দিলো আৰু তেওঁ সেয়া উচ্চস্বৰে ঘোষণা দিলে। বিলালৰ (ৰা) কণ্ঠত আজানৰ শব্দ শুনি হজৰত উমৰ (ৰা) নিজৰ ঘাৰ চাদৰ টানি টানি ঘৰৰ পৰা ওলাই আহি ৰচুল (ছ) ক’লে, ‘ময়ো অনুৰূপ সপোন দেখিছো।’ (ইবনে মাজা)।

মছজিদৰ মিনাৰাৰ পৰা তৌহিদ আৰু ৰিছালাতৰ বাণী ঘোষণা কৰা আজানৰ এদিন এনেদৰেই সূচনা আৰু কাৰ্যকৰী হৈছিল। এই ঘোষণা কেৱল মছজিদে নববীতে ঘোষিত হোৱা নাছিল। লাহে লাহে সমগ্ৰ আৰবৰ প্ৰতিটো অঞ্চলতে আজানৰ মধূৰ ধ্বনি শুনা গৈছিল। এনেকি আজান মুছলিম জনপদৰ পৰিচিতি হৈ পৰিছিল। ইয়াতে উল্লেখ কৰলগীয়া যে আব্দুল্লাহ ইবনে জায়েদ (ৰা) এ সপোনত দেখা আজানেই প্ৰতিটো মছজিদৰ পৰা ঘোষিত হোৱা শুনা যায়, কিন্তু সেয়া কেৱল জোহৰ ,আছৰ, মগৰিব আৰু ঈশা সময়তহে। ফজৰৰ আজানত অতিৰুক্ত এটি বাক্য – আচ্ছালাতু খাইৰুম মিনান নাওম (টোপনিত কৈ নামাজ উত্তম), উচ্চাৰণ কৰা হয়। এয়া কেতিয়া আৰু কেনেদৰে সংযোজিত হয় ? হদিছৰ পৰা জানিব পৰা যায় যে ৰছূল (ছ) ৰ নিৰ্দেশত ফজৰ নামাজৰ আজানত সংযোজিত কৰা হয়।

ইছলামৰ প্ৰথম মোৱাযজিন বিলাল (ৰা) ৰ পৰা বৰ্ণিত আছে যে তেওঁ ফজৰৰ নামাজা সম্পর্কে অবিহিত কৰিবলৈ নবী (ছ) ৰ ওচৰলৈ আহে। তেওঁক কোৱা হ’ল, তেওঁ (ছ) টোপনিত আছে। তেতিয়া বিলাল (ৰা) ক’লে, ‘আচ্ছালাতু খাইৰুম মিনান নাওম, আচ্ছালাতু খাইৰুম মিনান নাওম (টোপনিতক নামাজ উত্তম, টোপনিতকৈ নামাজ উত্তম)। ‘এই বাক্য ফজৰৰ আজানত সংযোজিত হ’ল আৰু তেনেদৰে আমল চলি আহিছে। (ইবনে মাজা) এই সম্পর্কে ৰচুল (ছ) এ মোক আজান শিক্ষা দিছে। তেওঁ কৈছে, ফজৰৰ আজানত ‘হাই আলল ফালাহ’ কোৱাৰ পাছত ‘আচ্ছালাতু খাইৰুম মিনান নাওম’ ক’বা। (আবূ দাউদ, ইবনে হাববান)

আজানৰ সূচনা বা প্ৰৱৰ্তন সম্পর্কে ওপৰোক্ত সংক্ষিপ্ত আলোচনাৰ পৰা এই কথা জনা যায় যে আজানৰ বিষয়বস্তু শৰীয়তৰ সৈতে সামাঞ্জস্যপূৰ্ণ আছিল। কিন্তু চাহাবাসকলে শৰীয়তৰ সৈতে সামঞ্জস্যপূৰ্ণ এটি সপোন কেনেকৈ দেখিব পালে? ইয়াৰ এটা উত্তৰ হ’ব পাৰে যে চাহাবা সকলৰ সপোন প্ৰত্যক্ষভাৱে আল্লাহৰ তৰফৰ পৰা আছিল। ৰচুল (ছ) এ যি দৰে চাহাবাসকলক শৰীয়তৰ বিধি-বিধান শিক্ষা দিছিল তাৰ বাবে কেৱল তেওঁলোকৰ বাহ্যিক কাৰ্যকলাপেই শৰীয়তৰ দ্বাৰা নিয়ন্ত্ৰিত হোৱা নাছিল তেওঁলোকৰ অৱচেতন মনো নিয়ন্ত্ৰিত হৈছিল শৰীয়তৰ দ্বাৰা। সেই বাবেই বিশ্বজনীন মুক্তিৰ বাণী তৌহিদ আৰু ৰিচালাতৰ ঘোষণা সম্বলিত আজান চাহাবাসকলে সপোনত পাইছিল৷
Share:

1 comment: