মানৱাধিকাৰৰ বিশ্বজনীন মুক্তি চনদ


            সূচীপত্র




  • মহানবী হজৰত মুহাম্মদ [ছ] এ দশম হিজৰী চনত মন স্থিৰ কৰিলে যে এইবাৰ হজৰ উদ্দেশ্যে মক্কালৈ যাত্ৰা কৰিব৷ সেই উদ্দেশ্যে সকলো মুছলমানলৈ এই ঘোষণা দিয়া হ’ল যে যি সকলে মহানবী [ছ] ৰ লগত হজ কৰিব বিচাৰে তেওঁলোকে মক্কা যাত্ৰাৰ বাবে সাঁজু হওক৷ যথা সময়ত ৰচুল [ছ] উম্মুল মুমিনীন সকলক লগত লৈ মক্কালৈ যাত্ৰা কৰিলে৷ লগত চাহাবা [ৰা] ৰ সকলৰ এক বৃহত দলেও যাত্ৰা কৰিলে৷ এয়া আছিল জিলকদ মাহৰ ২৫ তাৰিখ৷
  • নিদ্দিৰ্ষ্ট সময়ত কাবা গৃহত উপস্থিত হৈ সাত বাৰ তওয়াফ কৰিলে৷ হজৰ অন্যান্য কাৰ্য সমপন্ন কৰিলে৷ তাৰ পাছত আৰাফাৰ ময়দানৰ পিনে যাত্ৰা কৰিলে৷ ইয়াত আজি উপস্থিত এক লক্ষ্য চৈধ্য হাজাৰ চাহাবা৷ ৰচুল [ছ] এ ইছলামী আন্দোলনৰ সূচনা কৰিছিল এই মক্কাতেই আৰু তাৰ বিৰোধিতা কৰিছিল মক্কাবাসীৰ লগতে তেওঁলোকৰ নেতৃত্বত সমগ্ৰ আৰৱবাসীয়ে৷ এটা সময়ত ৰচুলক [ছ] মক্কাৰ পৰা খেদি দিয়া হৈছিল৷ কিন্ত আজি নাই কোনো বিৰোধিতা, বৰঞ্চ চাৰিওফালে আজি ইছলামৰ বিজয় ধ্বনি, চাৰিওফালে ঘোষিত হৈছে আল্লাহৰ সাৰ্বভৌমত্ব৷ এই বিশাল জনসমূদ্ৰক তেওঁ শেষ বাৰৰ বাবে পথনিৰ্দেশ দিব বিচাৰিলে৷ সেই সময়ত যি ভাষণ প্ৰদান কৰিছিল তাকেই বিদায় হজৰ ভাষণ হিচাপে জনা যায়৷
  • চুলৰ [ছ] সেই ঐতিহাসিক বিদায় হজৰ ভাষণত মানুহৰ আকিদা বিশ্বাস, মানৱাধিকাৰ, ব্যক্তি জীৱনৰ পৰা আৰম্ভ কৰি ৰাষ্ট্ৰ পৰিচালনাৰ নীতি আদৰ্শ বৰ্ণনা কৰা হৈছে৷ ব্যক্তি স্বাধীনতা, নাৰী অধিকাৰ আদি বিষয় আলোচনা কৰি ইছলামৰ পৰিবাৰিক জীৱনৰ নীতিৰ বিষয়ে কোৱা হৈছে৷ সেইদৰে সুত নিষিদ্ধ কৰি ইছলামী অৰ্থনীতিৰ কথা কোৱা হৈছে, নেতৃত্বৰ কথা কৈ ইছলামী ৰাজনীতিৰ কথা কোৱা হৈছে, উত্তৰাধিকাৰী আইন আৰু অন্যায় ৰক্তপাত নিষিদ্ধ কৰি ইছলামী আইনৰ কথা কোৱা হৈছে৷ তদুপৰি তেখেত [ছ] ৰ ভাষণত ভ্ৰাতৃত্ব, শ্ৰমিক অধিকাৰ, ইছলামৰ বুনিয়াদ, চয়তান সম্পৰ্কে সতৰ্কবাণীও আলোচিত হৈছে৷ সৰ্ব্বোপৰি ক্বোৰআন-হদীছক ইছলামৰ মূলনীতি হিচাপে ঘোষণা আৰু উম্মতে মুছলিমাক দাৱাতে দ্বীনৰ দায়িত্ব প্ৰদান কৰি ইছলামৰ গতিশীলতাৰ কথা ঘোষণা কৰা হৈছে৷ গতিকে এই ভাষণ, প্ৰতিজন মুছলমানে জনা অতি প্ৰয়োজন আৰু সেই অনুসৰি ব্যক্তি জীৱন, পাৰিবাৰিক জীৱন, সামাজিক জীৱন, ৰাষ্ট্ৰীয় জীৱন গঢ়ি তোলা উচিত৷ সেই উদ্দেশ্যে ৰচুল [ছ] এ বিদায় ৰ্হজত প্ৰদত্ত ভাষণৰ পূণ বিৱৰণ ইয়াত উল্লেখ কৰা হ’ল৷
  • দশম হিজৰী, ৯ জিলহজ্ব, বৃহস্পতিবাৰ আলহামদুলিল্লাহ
  • সকলো প্ৰশংসা আল্লাহৰ বাবে, আমি তেওঁৰ প্ৰশংসা কৰো, তেওঁৰ ওচৰত সাহায্য তথা ক্ষমা প্ৰাৰ্থনা কৰো আৰু উভতি যাওঁ আমি তেওঁৰ পিনে৷ আল্লাহৰ ওচৰত আশ্ৰয় গ্ৰহণ কৰো আমি আমাৰ নিজৰ কু-প্ৰবৃত্তিৰ পৰা আৰু আমাৰ কাৰ্যাৱলীৰ বেয়া পৰিণতিৰ পৰা৷ আল্লাহে যাক সৎপথত পৰিচালিত কৰে, কোনেও তাক বিপথে পৰিচালিত কৰিব নোৱাৰে আৰু তেওঁ সাহায্য নকৰিলে, সৎপথত পৰিচালিত কৰাৰো কোনো নাই৷ মই সাক্ষ দিওঁ যে, আল্লাহৰ কোনো অংশীদাৰ নাই তথা তেওঁৰ বাহিৰে আন কোনো উপাস্য নাই আৰু সাক্ষ্য দিওঁ যে মুহাম্মদ তেওঁৰ প্ৰেৰিত পুৰুষ৷ হে আল্লাহৰ বান্দাসকল, মই তোমালোকক স্মৰণ কৰাই দিছো আল্লাহৰ ইবাদত কৰিবলৈ লগতে আহ্বান কৰিছোঁ তেওঁৰ অনুগত থাকিবলৈ আৰু তেওঁৰ আশ্বাস বাণীৰ সৈতে মোৰ ভাষণ আৰম্ভ কৰিছোঁ৷

    চিৰ বিদায়ৰ ইংগিত

    হে জনগন! শুনা, মই তোমালোকৰ সন্মুখত এটি বাণী প্ৰদান কৰিম৷ কিয়নো এই বছৰৰ পিছত মই তোমালোকৰ সৈতে মিলিত হোৱাৰ সুযোগ পাম নে নাই নাজানো৷

    আল্লাহৰ একত্ব- বিশ্বজনীন মানৱতাবাদী মতবাদৰ ঘোষণা

    হে মানৱ মণ্ডলী! নিশ্চয় তোমালোকৰ আল্লাহ এক আৰু তোমালোকৰ পিতা এজন৷ তোমালোক সকলোৱেই আদমৰ সন্তান আৰু আদম মাটিৰ দ্বাৰা গঠিত৷ একমাত্ৰ ধৰ্মপৰায়ণতা ব্যতীত অনা-আৰৱবাসী সকলৰ ওপৰত আৰৱবাসী সকলৰ আৰু আৰৱবাসী সকলৰ ওপৰত অনা-আৰৱবাসী সকলৰ অথবা কলা ছালৰ অধিকাৰী মানুহৰ ওপৰত ৰঙা ছালৰ অধিকাৰী আৰn ৰঙা ছালৰ অধিকাৰী ওপৰত কলা ছালৰ অধিকাৰী মানুহৰ কোনো শ্ৰেষ্ঠত্ব নাই৷ নিশ্চয় তোমালোকৰ মাজত তেৱেই সৰ্বাধিক সম্ভান্ত যিজন সৰ্বাধিক সংযত৷

    মানৱ অধিকাৰ

    হে জনগন! যিদিনা তোমালোকে তোমালোকৰ প্ৰভুৰ ওচৰত উপস্থিত হ’বা, সেই দিনা লৈকে নি(য় তোমালোকৰ তেঁজ [জীৱন], সম্পত্তি তথা তোমালোকৰ সন্মান তোমালোকৰ ওচৰত পৱিত্ৰ তথা অমঙ্গলীয়, যেনে পৱিত্ৰ তোমালোকৰ এই নগৰিত তোমালোকৰ এই দিন৷ নিশ্চয় তোমালোক তোমালোকৰ প্ৰভুৰ সৈতে মিলিত হ’বা আৰু তেওঁ তোমালোকৰ কাৰ্য কলাপ সম্পৰ্কে তোমালোকক সুধিব৷ তোমালোকৰ ধাৰণা হয়নে, মই বাণী পৌছাই দিছো? ইয়া আল্লাহ, সাক্ষী হওক৷


  • গচ্চিত সম্পদ হকদাৰক প্ৰত্যৰ্পণ কৰা উচিত৷

    ব্যক্তিগত দায়িত্ব

    জানি ৰখা, কোনোবাই কোনো অপৰাধ কৰিলে তাৰ বাবে তেওঁৰ বাহিৰে আন কোনেও দায়ী নহয়৷ পিতাৰ অপৰাধৰ বাবে পুত্ৰ দায়ী নহয় অথবা পুত্ৰৰ অপৰাধৰ বাবে পিতা দায়ী নহয়৷

    ভ্ৰাতৃত্ব

    হে লোকসকল! মোৰ কথা শুনা আৰু সেয়া অনুধাৱন কৰা৷ তোমালোকে নিশ্চয় জানি ৰখা যে, এজন মুছলমান আন এজন মুছলমানৰ ভাই আৰু সকলো মুছলমান মিলি এটি ভ্ৰাতৃ-সমাজ৷ এজন মুছলমান নিজে যি অনুমোদন কৰে তাৰ বাহিৰে তেওঁৰ ভাইৰ আন একোৱেই তেওঁৰ বাবে আইন সন্মত নহয়৷ গতিকে তোমালোকে আপোন সকলক উৎপীড়ন কৰা উচিত নহয়৷ ইয়া আল্লাহ, মই বাণী পৌছাই দিছো নে ?

    ৰক্তপাতৰ মাধ্যমত প্ৰতিশোধ গ্রহণ নিষিদ্ধ

    লক্ষ্য কৰা, অন্ধকাৰ যুগৰ সকলোবোৰেই মোৰ দু-ভৰিৰ তলত৷ অন্ধকাৰ যুগৰ ৰক্তপাতৰ মাধ্যমত প্ৰতিশোধ গ্ৰহণৰ ব্যৱস্থা বিলোপ সাধন কৰা হৈছে৷ নিশ্চয়, মই প্ৰথমতে যি ৰক্তপাতৰ প্ৰতিশোধ গ্ৰহণ বাতিল কৰিছোঁ, সেয়া হ’ল ইবনে ৰবিয়া ইবনে হাৰিছৰ ৰক্তপাতৰ প্ৰতিশোধ, যিজন ছা’দ গ্ৰোত্ৰত লালিত পালিত হৈছে আৰু যাক হুদাইল গ্ৰোত্ৰই হত্যা কৰিছিল৷

    অৰ্থনৈতিক সংস্কাৰ-সূত নিষিদ্ধ

    জাহেলী যুগৰ সূত বাতিল কৰা হ’ল৷ কিন্ত তোমালোকে তোমালোকৰ প্ৰকৃত মূলধন ঘূৰাই পাবা৷ উৎপীড়ণ নকৰিবা আৰু উৎপীড়িত নহ’বা৷ আল্লাহ সূত গ্ৰহণৰ কোনো বিধান ৰখা নাই৷ মই প্ৰথমতে যি সূত গ্ৰহণ বাতিল কৰি দিছো সেয়া হ’ল আব্বাছ ইবনে আব্দুল মুত্তালিবৰ সুত৷ নিশ্চয় সেয়া সম্পূৰ্ণ ভাৱে বাতিল কৰা হৈছে৷

    নাৰীৰ অধিকাৰ

    হে জনগন! নাৰীৰ বিষয়ত আল্লাহক ভয় কৰা৷ তোমালোকে আল্লাহৰ নাম লৈ তেওঁলোকক গ্ৰহণ কৰিছাঁ আৰু তোমালোকে আল্লাহৰ কালাম দ্বাৰা তেওঁলোকক আইন সন্মত কৰি লৈছা৷ নিশ্চয় তোমালোকৰ নাৰী সকলৰ ওপৰত তোমালোকৰ কিছুমান অধিকাৰ আছে তোমালোকৰ ওপৰতো তোমালোকৰ নাৰী সকলৰ কিছুমান অধিকাৰ আছে৷ তেওঁলোকৰ ওপৰত তোমালোকৰ অধিকাৰ এই যে, এনে কোনো ব্যক্তিক তেওঁলোকৰ সঙ্গ দিয়া উচিত নহয় যাক তোমালোকে অপছন্দ কৰা এনে কোনো ব্যক্তিক তোমালোকৰ গৃহত প্ৰৱেশ কৰিবলৈ দিয়া উচিত নহয় যাক তোমালোকে অপছন্দ কৰা৷ যদি তেওঁলোকে অনুৰূপ কোনো গৰ্হিত কৰ্ম কৰে তেতিয়া হ’লে আল্লাহে তেওঁলোকক শাস্তি দিবলৈ তোমালোকক অনুমতি দিছে৷ তোমালোকৰ শয্যাত তেওঁলোকক পৃথক কৰি ৰখা আৰু তেওঁলোকক শাসন কৰা৷ কিন্ত কঠোৰ ভাৱে নহয়৷ যদি তেওঁলোকে এনে কমৰ্ৰ পৰা বিৰত থাকে তেন্তে তেওঁলোকে ন্যয় সন্মত ভাৱে তোমালোকৰ ওচৰত ভৰণ পোষণ তথা কাপোৰ-কানি পোৱাৰ দাবী ৰাখে৷
  • লক্ষ্য কৰা, নাৰী সকলৰ সম্পৰ্কে প্ৰদত্ত সুপাৰিশ সদয় ভাৱে গ্ৰহণ কৰা৷ কিয়নো তেওঁলোকৰ আপোন বুলিবলৈ একোৱেই নাই আৰু তোমালোকে তেওঁলোকৰ পৰা ইয়াতকৈ অধিক পাব নোৱাৰা৷ যদি তেওঁলোকে তোমালোকক মানি চ’লে, তেতিয়া হ’লে তেওঁলোকৰ সৈতে তোমালোকৰ অন্যায় আচৰণ কৰা উচিত নহয়৷ তোমালোকৰ ধাৰণা হয়নে, মই সংবাদ পৌছাই দিছো? ইয়া আল্লাহ, সাক্ষী হওক৷

    শ্ৰুমিক আৰু অধিনস্থ সকলৰ অধিকাৰ

    তোমালোকৰ দাস সকলৰ প্ৰতি যত্ন ল’বা, তোমালোকৰ দাসী সকলৰ প্ৰতিও যত্ন ল’বা৷ তোমালোকে যি খোৱা, তেওঁলোকক তাকে খাবলৈ দিয়া আৰু তোমালোকে যি পৰিধান কৰা, তেওঁলোকক তাকে পৰিধান কৰিবলৈ দিবা৷ যদি তেওঁলোকে এনে কোনো অপৰাধ কৰে যি তোমালোকে ক্ষমা কৰিব নিবিচৰা, তেনেহ’লে আল্লাহৰ এই বান্ধা সকলক মুক্ত কৰি দিবা আৰু তেওঁলোকক শাস্তি নিদিবা৷

    নেতৃত্ব আৰু নেতাৰ আনূগত্যৰ ভিত্তি

    হে প্ৰিয় মানৱমণ্ডলী! যদি এনে কোনো কুৎচিত আবিচিনিয় দাসও তোমালোকৰ আমীৰ [অধিনায়ক] হয়, যিজনে আল্লাহৰ কিতাপ তোমালোকৰ মাজত কায্যৰ্কৰী কৰে, তেনেহ’লে তেওঁৰ তেওঁৰ কথা শুনা আৰু তেওঁক মানি চ’লা৷

    উত্তৰাধিকাৰী আইন

    হে লোক সকল! নিশ্চয় আল্লাহতায়ালা প্ৰত্যেককে তাৰ প্ৰাপ্য অংশ যথাযথ ভাৱে দিছে৷ কোনো অছিয়ত নামা সম্পত্তিৰ এক তৃতীয়াংশৰ বেছি হ’লে আইন সন্মত নহ’ব আৰু উত্তৰাধিকাৰীৰ ওপৰত বৈধ বুলিও বিবেচিত নহ’ব৷ অবৈধ শিশু আইনগত ভাৱে স্বীকৃতি পাব, ব্যভিচাৰীক প্ৰস্তৰ নিক্ষেপেৰে বধ কৰা হ’ব৷ যিজন তাৰ পিতৃ ব্যতীত আনৰ সৈতে নিজকে [বংশানুক্ৰমে] সম্পৰ্কিত কৰে অথবা তাৰ মনিব ব্যতীত আনৰ আশ্ৰয়-সম্পৰ্ক দাবী কৰে তাৰ ওপৰত আল্লাহ, ফিৰিস্তাসকল তথা জনগনৰ অভিশাপ নিপতিত হয়৷ আল্লাহে তাৰ অনুতাপ বা ভাল কৰ্ম কোনোটোৱেই গ্ৰহণ নকৰিব৷

    ইছলামৰ বূনিয়াদ

    লক্ষ্য কৰা! মোৰ কথা শুনা, তোমালোকৰ প্ৰভুৰ ইবাদত কৰা, পাঁচ ওৱাক্ত নামাজ আদায় কৰা, ৰমজান মাহৰ ৰোজা ৰখা, কাবাৰ হজ আদায় কৰা, সম্পত্তিৰ নিধাৰ্ৰিত জাকাত স্বেচ্চায় প্ৰদান কৰা আৰু মোৰ নিদেৰ্শ পালন কৰা৷ তেতিয়া হ’লে তোমালোকে আল্লাহৰ জান্নাত লাভ কৰিবা৷

    চয়তান সম্পর্কে সাৱধান হোৱা

    হে জনগন! নিশ্চয় চয়তান এই পৃথিৱীত কোনোদিনেই তোমালোকৰ উপাস্য নহ’ব বুলি হতাশ হৈছে৷ কিন্ত সৰু-সূৰা বিষয়ৰ বাহিৰে অন্যান্য ক্ষেত্ৰত তোমালোক তাৰ অনুগত হৈ যাব পাৰা৷ গতিকে ধৰ্মৰ বিষয়ত তাৰ সম্পৰ্কে সাৱধানে থকিবা৷

    মানৱ জাতিৰ কৰ্মনীতি-ক্বোৰআন আৰু ছুন্নত

    নিশ্চয় মই তোমালোকৰ মাজত এনে এক বস্ত এৰি থৈ গৈ আছো যি ধৰি থাকিলে তোমালোক কেতিয়াও বিপথগামী নহ’বাচ সেয়া হৈছে এটি সুস্পষ্ট বস্ত অথাৰ্ৎ আল্লাহৰ কিতাপ [ক্বোৰআন] আৰু তেওঁৰ ৰচুলৰ ছুন্নত৷
    হে জনগন! জিব্ৰাইল [আ] মোৰ ওচৰত আহিছিল, তেখেতে মোৰ প্ৰভুৰ চালাম দি গৈছে আৰু কৈছেঃ নিশ্চয় সৰ্বশক্তিমান তথা সৰ্বমহান আল্লাহ পুণ্যস্থান আৰাফাতৰ জনগনক তেওঁলোকৰ দোষ-ত্ৰুটি পৰিত্যাগ কৰাৰ বাবে ক্ষমা কৰি দিছে৷

    দাৱাতে দ্বীনৰ দায়ীত্ব

    লক্ষ্য কৰা! যি সকল উপস্থিত আছে তেওঁলোকে অনুপস্থিত সকলৰ ওচৰত সংবাদ পৌছাই দিব৷ কিয়নো নিশ্চয় এনে বহুত ব্যক্তি আছে যি সকলৰ ওচৰত সংবাদ পৌছিলে তেওঁলোক উপস্থিত শ্ৰোতা সকলতকৈ অধিক মনোযোগী হ’ব পাৰে৷
  • এই সময়ত ওমৰ বিন খাত্তাব [ৰা] থিয় দি ক’লে, ‘হে আল্লাহৰ ৰচুল, এয়া কেৱল মাত্ৰ আমাৰ বাবেই নে? ’ আল্লাহৰ ৰচুলে উত্তৰ দিলে, ‘এয়া তোমালোকৰ বাবে আৰু তেওঁলোকৰ বাবে যি সকল তোমালোকৰ পাছত হাচৰৰ দিন লৈকে ধৰা লৈ আহি থাকিব৷ ’ তাৰ পিছত আকৌ পূৰ্ব বক্তব্যৰ প্ৰসংগ টানি ৰচুল [ছ] এ সকলোকে সুধিলে, ‘তোমালোকৰ ওচৰত কিয়ামতৰ দিনা যেতিয়া আল্লাহৰ বাণী প্ৰচাৰৰ বিষয়ত মোৰ সম্পৰ্কে সুধা হ’ব, তেতিয়া তোমালোকে কি উত্তৰ দিবা? ’ তেওঁলোকে উত্তৰ দিলে, ‘আমি সাক্ষ্য দিম যে আপুনি বাণী পৌছাই দিছে, আপোনাৰ কৰ্তব্য পালন কৰিছে আৰু নিৰ্দেশ দিছে৷ ’ তাৰ পাছত তেখেতে তেওঁৰ তৰ্জনী আঙলি আকাশৰ পিনে তুলি আৰু জনগনৰ পিনে লক্ষ্য কৰি ক’লে, ‘হে আল্লাহ সাক্ষী থাকক, হে আল্লাহ সাক্ষী থাকক, হে আল্লাহ সাক্ষী থাকক৷ ’ এই সময়ত অৱতীৰ্ণ হ’ল পৱিত্ৰ ক্বোৰআনৰ সেই স্মৰণীয় আয়াতঃ
  • ‘[হে মোহম্মদ] আজি মই তোমালোকৰ দ্বীনক সম্পূৰ্ণ কৰিলো আৰু তোমালোকৰ ওপৰত মোৰ নিয়ামত পূৰ্ণ কৰিলো আৰু ইছলামক তোমালোকৰ জীৱন ব্যৱস্থা হিচাপে মনোনীত কৰিলো৷ ’ [আল মায়িদা, আয়াতঃ ৩]
  • এয়াই হৈছে ৰচুল [ছ] ৰ বিদায় হজত প্ৰদত্ত ভাষণৰ বিস্তাৰিত বিৱৰণ৷ বিশ্বৰ ডাঙৰ ডাঙৰ চিন্তাবিদ সকলে মিলি বিশ্বজনীন মানৱাধিকাৰ আইন প্ৰস্তত কৰিবলৈ অহৰহ চিন্তা চৰ্চা কৰি আছে আৰু যি আইনৰ ঘোষণা কৰিছে তাৰ দ্বাৰাও মানৱাধিকাৰ ৰক্ষাৰ বিপৰীতে আজি বিশ্বৰ চুকে কোনে লক্ষ্য কৰিলে দেখা যায়, চাৰিওপিনে মানৱাধিকাৰৰ হনন হৈছে৷ কোনো ঠাইত বাক্তি স্বাধীনতাৰ হনন হৈছে যদি আন কোনো ঠাইত আকৌ ৰাষ্ট্ৰীয় আইন ধূলিসাৎ কৰি দিয়া হৈছে৷ কিন্ত মহানবী [ছ] এ আজিৰ পৰা ডেৰ হাজাৰ বছৰ আগতে বিদায় হজৰ ভাষণৰ মাধ্যমত বিশ্বজনীন মানৱাধিকাৰৰ ঘোষণা কৰিছিল৷ যাৰ জৰিয়তে এনে এক সমাজ ব্যৱস্থা গঢ়ি উঠিছিল য’ত শ্ৰমিক সকলে তেওঁলোকৰ ন্যায্য প্ৰাপ্য অনায়াসে লাভ কৰিছিল, যি সমাজত নাৰী সকল পুৰুষৰ দ্বাৰা পদে পদে লাঞ্চিত আৰু নিযাৰ্তিত হৈছিল সেই সমাজত পৰুষ সকল নাৰী সকলৰ পহৰাদাৰ হৈ গৈছিল৷ গতিকে মহানবী [ছ] ৰ বিদায় হজৰ ভাষণ ব্যক্তি জীৱনৰ পৰা আৰম্ভ কৰি সামাজিক জীৱনৰ প্ৰতিটো ক্ষেত্ৰত অনুসৰণ কৰিব পাৰিলেহে প্ৰকৃততে বিশ্বজনীন মানৱাধিকাৰ প্ৰতিষ্ঠা হ’ব৷
    [সাপ্তাহিক মুজাহিদ, ঈদুল আজহা সংখ্যাঃ ২০১২ ইং চনত প্ৰকাশিত]
Share:

No comments:

Post a Comment