তৌহিদ আৰু শিৰ্ক


তৌহিদ শব্দৰ অৰ্থ হৈছে একত্ববাদ বা অদ্বিতীয়বাদ৷ আল্লাহ অদ্বিতীয় আৰু একক৷ অৰ্থাৎ তৌহিদ মানে হৈছে আল্লাহৰ সত্ত্বা [যাত], গুণাৱলী [ছিফাত], অধিকাৰ [হুকুক] আৰু ক্ষমতা [ইখতিয়াৰাৎ] সম্পৰ্কে শুদ্ধ জ্ঞান অৰ্জন কৰি এই সকলো ক্ষেত্ৰত আল্লাহৰ সৈতে আন কোনো সত্ত্বাক কোনো দিশৰ পৰা অংশীদাৰ বুলি মানি নোলোৱা৷ তৌহিদ সম্পৰ্কে আল্লাহে পৱিত্ৰ কোৰআনৰ ছুৰা ইখলাছত বৰ্ণনা কৰিছে৷ আল্লাহে কৈছে, ‘‘কোৱা-তেওঁ আল্লাহ একক৷ আল্লাহ কাৰো মুখাপেক্ষী নহয় বৰং সকলোৱে তেওঁৰহে মুখাপেক্ষী৷ তেওঁ কোনো সন্তান জন্ম দিয়া নাই আৰু তেওঁ কাৰো সন্তান নহয়৷ আৰু তেওঁৰ সমতুল্য কোনো নাই৷ ” [ছুৰা আল ইখলাছঃ ১১২/১-৪] এই সৰু ছুৰাটোত আল্লাহে নিজৰ পৰিচয় সুন্দৰ বাবে উপস্থাপন কৰিছে৷

তৌহিদ আৰু শিৰ্ক এটা আনটোৰ সম্পূৰ্ণ বিপৰীত৷ যিকোনো এটাৰ বিষয়ে জনা হৈ গ’লে আনটোৰ বিষয়েও জনা হৈ যায়৷ যেনে - পোহৰ আৰু অন্ধকাৰ৷ পোহৰ মানে হৈছে অন্ধকাৰ নথকা আকৌ অন্ধকাৰ মানে হৈছে পোহৰ নথকা৷ ঠিক তেনেকৈ তৌহিদ মানে হৈছে শিৰ্ক নথকা আৰু শিৰ্ক মানে হ’ল তৌহিদ নথকা৷ সেয়ে তৌহিদ সম্পৰ্কে ধাৰণা লাভ কৰিবলৈ শিৰ্ক সম্পৰ্কে জানিলেই সহজে বুজিব পৰা যাব৷

শিৰ্ক হৈছে শ্বৰীক বা অংশীদাৰ কৰা৷ আল্লাহৰ লগত আন কোনো সত্ত্বাক অংশীদাৰ কৰাকেই শিৰ্ক বুলি কোৱা হয়৷  আল্লাহৰ সৈতে আন কোনো সত্ত্বাক শ্বৰীক বা অংশী কৰাতকৈ ডাঙৰ কোনো পাপ নাই৷ পৱিত্ৰ কোৰআনত কোৱা হৈছে- ‘নিশ্চয় শিৰ্ক বহুত ডাঙৰ অন্যায়৷’ [ছুৰা লোকমানঃ ৩১/১৩] পৱিত্ৰ কোৰআনৰ আন নিছাত শিৰ্ক সম্পৰ্কে কোৱা হৈছে, ‘নিশ্চয় আল্লাহ শিৰ্কক ক্ষমা নকৰে৷ ইয়াৰ বাহিৰে আন যিমান গুনাহ আছে, সেয়া যাকে ইচ্চা ক্ষমা কৰি দিয়ে৷’ [ছুৰা আন নিছাঃ ৪/৪৮]

গতিকে শিৰ্ক সম্পৰ্কে জনাটো অতি প্ৰয়োজন অন্যথাই আমি শিৰ্কত লিপ্ত হোৱাৰ সম্ভাৱনা আছে৷ যিয়ে আমাৰ আখেৰাত বিনষ্ট কৰিব৷ এই শিৰ্ক প্ৰধানত চাৰি প্ৰকাৰ৷ এই চাৰি ধৰণৰ শিৰ্কৰ বিষয়ে জনা হ’লেই শিৰ্কৰ পৰা দূৰত থকাটো সম্ভৱ৷ সেয়া হৈছে-
ক] শিৰ্ক ফিযযাত - আল্লাহৰ সত্ত্বা বা যাতৰ সৈতে শিৰ্ক কৰা৷ 
খ] শিৰ্ক ফিছ ছিফাত - আল্লাহৰ গুণাৱলীৰ লগত শ্বৰীক কৰা৷ 
গ] শিৰ্ক ফিল হুকুক - আল্লাহৰ অধিকাৰৰ সৈতে অংশী কৰা৷ 
ঘ] শিৰ্ক ফিল ইখতিয়াৰাৎ - আল্লাহৰ ক্ষমতাত অন্য কোনো সত্ত্বাক শ্বৰীক কৰা৷ 

ক] শিৰ্ক ফিযযাতঃ আল্লাহৰ সত্ত্বা বা যাতৰ সৈতে শিৰ্ক কৰা৷  হজৰত ঈছা [আ] ক খ্ৰীষ্টান সকলে আৰু ওযায়েৰ [আ] ক আল্লাহৰ পুত্ৰ হিচাপে বিশ্বাস কৰে বুলি পৱিত্ৰ কোৰআনত কোৱা হৈছে৷  তেনেকৈ হজৰত ঈছা [আ] ৰ মাকক আল্লাহৰ স্ত্ৰী বুলি বিশ্বাস কৰে৷  আৰবৰ মুশ্বৰিক সকলে ফেৰেস্তা সকলক আল্লাহৰ কণ্যা বুলি বিশ্বাস কৰিছিল৷  অন্যান্য মুশ্বিৰিক সকলে তেওঁলোকৰ দেব-দেবীসকলক ঈশ্বৰৰ বংশধৰ বুলি বিশ্বাস কৰে৷  জনগণৰ অন্ধভক্তিৰ ভিত্তিত ক্ষমতা স্থায়ী কৰিবলৈ কোনো কোনো ৰাজপৰিবাৰ আল্লাহৰ বংশধৰ বা দেবত্ব দাবী কৰি থাকে৷ এই কথা যি সকলে স্বীকাৰ কৰি লয় তেওঁলোকেও শিৰ্ক কৰে৷ এনেকৈ আল্লাহৰ সত্ত্বাৰ সৈতে আনক শ্বৰীক কৰা হয়৷

খ] শিৰ্ক ফিছ ছিফাতঃ আল্লাহৰ গুণাৱলীৰ লগত শ্বৰীক কৰা৷ আল্লাহ এনে কিছুমান গুণ আছে, যি কেৱল তেওঁৰ মাজতে আছে বুলি জনাই দিছে৷ সেই গুণৰ অধিকাৰী আন কোনোবাক ধাৰণা কৰিলে শিৰ্ক ফিছ ছিফাত বুলি গণ্য হ’ব৷ যেনে-
১] আলিমুল গাইব বা অদৃশ্য সম্পৰ্কে একমাত্ৰ আল্লহৰ জ্ঞান আছে৷ তেওঁ ৰচুল [ছ] ক যিমানখিনি জ্ঞান দান কৰিছে, তাৰ অতিৰিক্ত জ্ঞান ৰচুলৰো নাই৷ কেৱল আল্লহই ‘আলিমুন’ [সকল জ্ঞানৰ অধিকাৰী], ‘খাবিৰুন’ [সকলো খবৰ ৰাখে], ‘ছামিউন’ [সকলো শুনে], সকলো দেখে৷  সকলো জ্ঞান কেৱলমাত্ৰ আল্লহৰ ওচৰতে আছে৷ আল্লহে তেওঁৰ সৃষ্টি জীৱৰ মাজত যাক যিমানখিনি দান কৰে তাতকৈ অতিৰিক্ত জ্ঞান অইন কাৰো ওচৰত নাই৷ যেনে কিছমান আধ্যাত্মিক নেতা সকলে এই ধাৰণা দিবলৈ চেষ্টা কৰে যে তেওঁলোকে ইলহাম আৰু কাশফৰ মাধ্যমত ভৱিষ্যত সম্পৰ্কে জানিব পাৰে৷ এই ধৰণৰ মিছা ধাৰণা দি তেওঁলোকে শিৰ্কত লিপ্ত আৰু যিসকলে সিহঁতক বিশ্বাস কৰে তেওঁলোকেও শিৰ্কত লিপ্ত৷ কিছুমানে দাবী কৰে যে তেওঁলোকৰ নিয়ন্ত্ৰণত জ্বিন আছে আৰু এই জ্বিনে অজ্ঞাত খবৰ সিহঁতক যোগান দৰে৷ এওঁলোকক বিশ্বাস কৰাও শিৰ্ক৷ 
২] একমাত্ৰ আল্লাহ ছুবহান বা সকলো প্ৰকাৰ দোষ-ত্ৰুটিৰ পৰা পৱিত্ৰ৷ মানুহে¸ সকলো ধৰণৰ দোষ ত্ৰুটিৰ পৰা মুক্ত নহয়৷ সেয়ে মানুহক পৱিত্ৰ সত্ত্বা বুলি বিশ্বাস কৰা শিৰ্ক৷

গ] শিৰ্ক ফিল হুকুকঃ যি কেৱল আল্লাহৰ অধিকাৰ বা হক তাত আন কোনো সত্ত্বাক শ্বৰীক কৰা৷ বান্দা সকলৰ ওচৰত আল্লাহৰ কিছু বিশেষ অধিকাৰ আছে, সেইবোৰ অধিকাৰ কোনোটো আল্লাহৰ বাহিৰে আনৰ ওচৰত আছে বুলি ভাৱা কৰা শিৰ্ক৷ যেনে-
] কাৰোবাৰ সন্মুখত ৰুকু’-ছিজদা কৰা, বুকুত হাত বান্ধি বা হাতযোৰ কৰি ভক্তিসহ থিয় দি থকা একমাত্ৰ আল্লাহৰ অধিকাৰ৷ 
২] নিয়ামতৰ কৃতজ্ঞতা আৰু শ্ৰেষ্ঠত্যৰ স্বীকৃতি স্বৰূপ কাৰো উদ্দেশ্যে কোনো সম্পদ নযৰানা দিয়া, জন্তু কোৰবাণী দিয়া কেৱল আল্লাহৰ অধিকাৰ৷ 
৩] প্ৰয়োজন পূৰণ বা সংকট দূৰ কৰাৰ বাবে মান্নত কৰা, বিপদাপদে সাহায্যৰ বাবে আহ্বান কৰা আৰু সেই উদ্দেশ্যে পূজা অৰ্চনা দিয়া, সন্মান তথা ময্যাৰ্দা দিয়া একমাত্ৰ আল্লাহৰ বাবে নিদ্ধৰ্াৰিত অধিকাৰ 
৪] কাৰোবাক এনেকৈ ভালপোৱাৰ পাত্ৰ ভৱা, যাৰ বাবে অইন সকলো ভালপোৱাকে উৎসৰ্গ কৰি দিয়া আল্লাহৰ অধিকাৰ৷ 
৫] কাৰোবাক এনেকৈ ভয় কৰা, যি কেৱলমাত্ৰ আল্লাহকে কৰা উচিত৷ গোপনে আৰু প্ৰকাশ্যে সৰ্বাৱস্থায় তেওঁৰ অসন্তুষ্টিক ভয় কৰা কেৱল আল্লাহৰ অধিকাৰ৷ 
৬] কাৰোবাক শৰ্তহীন আনুগত্য কৰা, তাৰ হুকুমক ভুল আৰু নিৰ্ভুলৰ মাপকাঠি বা মানদণ্ড ভাৱা শিৰ্ক৷ কিয়নো এয়া কেৱল আল্লাহৰ অধিকাৰ৷

উল্লিখিত অধিকাৰ আৰু এই জাতীয় অনান্য অধিকাৰ কেৱল মাত্ৰ আল্লাহৰ বাবে নিদ্ধৰ্াৰিত৷ ইয়াৰ কোনোটো অইন কোনো সত্ত্বাৰ আছে বুলি বিশ্বাস কৰা শিৰ্ক৷

ঘ] শিৰ্ক ফিল ইখতিয়াৰাৎঃ আল্লাহৰ ক্ষমতাত অন্য কোনো সত্ত্বাক শ্বৰীক কৰা৷ যিবোৰ ক্ষমতা বা ইখতিয়াৰাৎ কেৱল আল্লাহৰ বাবে নিদ্ধৰ্াৰিত সেই সকলোবোৰ ক্ষেত্ৰত আন কাৰোবাৰ অধিকাৰ আছে বুলি বিশ্বাস কৰা শিৰ্ক৷ সাৰ্বভৌম ক্ষমতাৰ মালিক হিচাপে আল্লাহৰ যি ক্ষমতা আছে তাত কোনেও শ্বৰীক নহয়৷ কোনোবাই শ্বৰীক আছে বুলি বিশ্বাস কৰা শিৰ্ক৷ যেনে
] হালাল-হাৰাম, জায়েজ-নাজায়েজৰ সীমা নিধাৰ্ৰিত কৰাৰ ইখতিয়াৰ কেৱল মাত্ৰ আল্লাহৰ৷ 
২] বিশ্বৰ সকলো সৃষ্টিৰ ওপৰত কতৃত্ব কৰাৰ ক্ষমতা একমাত্ৰ আল্লাহৰ৷
৩] সন্তান দান কৰা একমাত্ৰ আল্লাহৰ ইখতিয়াৰ৷ কোনো মাজাৰত গৈ সন্তান বিচৰা সুস্পষ্ট ৰ্শিক৷ 
] বেমাৰ-আজাৰ দিয়া আৰু সেয়া ভাল কৰা একমাত্ৰ আল্লাহৰ ইখতিয়াৰ৷
] কাৰোবাৰ ভাগ্য গঢ়া বা ভাঙাৰ ক্ষমতা কেৱল মাত্ৰ আল্লাহৰ৷ 
৬] অভাৱ দূৰ কৰা, প্ৰয়োজন পূৰণ কৰা, সংকটমোচন কৰা একমাত্ৰ আল্লাহৰ ইখতিয়াৰ৷ সেয়ে এইবোৰৰ ক্ষেত্ৰত তেওঁৰ ওচৰতেই সাহায্য বিচাৰিব, তেওঁৰ ওপৰতে ভৰসা কৰিব, তেওঁৰ ওচৰতে আশা কৰিব লাগিব৷ 
৭] কোনোবাৰ দোআ শুণা-কবুল কৰা আৰু কাৰোবাৰ গুনাহ ক্ষমা কৰি দিয়াৰ ক্ষমতা কেৱল আল্লাহৰ৷ এইবোৰৰ কোনো এটাও অইন কাৰোবাৰ আছে বুলি ভৱা শিৰ্ক৷ 

আগতেই উল্লেখ কৰা হৈছে যে তৌহিদৰ বিপৰীত হৈছে শিৰ্ক৷ শিৰ্ক সম্পৰ্কে জানিলেই তৌহিদ সম্পৰ্কে জনা যায়৷ যিহেতু ওপৰৰ আলোচনাৰ পৰা শিৰ্ক সম্পৰ্কে জানিব পাৰিছো৷ গতিকে তৌহিদকো চাৰিটা ভাগত ভাগ কৰি এনেদৰে প্ৰকাশ কৰিব পাৰি-
ক] আল্লাহৰ যাতৰ লগত শিৰ্ক নহ’লে - তৌহিদ ফিযযাত- আল্লাহ তেওঁৰ সত্ত্বাৰ পিনৰ পৰা একক আৰু অদ্বিতীয়৷ 
খ] আল্লাহৰ ছিফাতৰ লগত শিৰ্ক নহ’লে - তৌহিদ ফিছ ছিফাত- আল্লাহ তেওঁৰ গুণাৱলীৰ পিনৰ পৰাও একক আৰু অদ্বিতীয়৷ 
গ] আল্লাহৰ হুকুকৰ লগত শিৰ্ক নহ’লে - তৌহিদ ফিল হুকুক- আল্লাহ তেওঁৰ অধিকাৰৰ পিনৰ পৰাও একক আৰু অদ্বিতীয়৷ 
ঘ] আল্লাহৰ ইখতিয়াৰৰ লগত শিৰ্ক নহ’লে - তৌহিদ ফিল ইখতিয়াৰাৎ- আল্লাহ তেওঁৰ ক্ষমতাৰ পিনৰ পৰাও একক আৰু অদ্বিতীয়৷ 

চাৰি প্ৰকাৰ শিৰ্কৰ ভিতৰত শিৰ্ক ফিছ যাত মুছলমানসকলৰ মাজত নাই৷  কিন্তু বাকী তিনি প্ৰকাৰ শিৰ্ক মুছলমানৰ মাজত সোমাই পৰিছে, বিশেষকৈ ভাৰতীয় উপমহাদেশত ব্যাপকভাৱে পৰিলক্ষিত হয়৷ ভাৰতবৰ্ষত মাজাৰক কেন্দ্ৰ কৰি বেছি শিৰ্ক হোৱা দেখা যায়৷ মাজাৰত মম দিলে বিপদ-আপদ দূৰ হয়, মাজাৰত শিন্নি কৰিলে পুণ্য হয় আদি৷ বহুতে আকৌ সন্তান লাভ, ৰোগ মুক্তি বাবে মাজাৰাতগৈ কবৰত থকা ব্যক্তিৰ ওচৰত বিচাৰে৷  অথচ তেওঁলোকৰ ওচৰত বিচাৰটো অৰ্থহীন৷ কিয়নো সকলো অভাৱ পূৰণ কৰিব পাৰে কেৱল মাত্ৰ আল্লাহে৷ সেয়ে মৃত ব্যাক্তিৰ ওচৰত অভাৱ পূৰণ কৰাৰ বাবে বিচৰাটো সুস্পষ্ট শিৰ্ক৷

মুছলমান সমাজ আজি শিৰ্কৰ মাজত লিপ্ত৷ যাৰ বাবেই হয়তো মুছলমান সকল চাৰিওফালে লাঞ্চিত আৰু বঞ্চিত হোৱা দেখা যায়৷ কিন্তু মুছলমান সকলৰ মাজত এই বোধ খিনিও নাই যে তেওঁলোক শিৰ্কত লিপ্ত৷ শিৰ্ক কৰি আল্লাহৰ সত্ত্বাত মিছা আৰোপ কৰি আল্লাহৰ প্ৰতি আটাইতকৈ ডাঙৰ জুলোম কৰা হয়৷ প্ৰখ্যাত উৰ্দু কবি আলতাফ হুছাইন হালী তেওঁৰ বিখ্যাত কাব্যগ্ৰন্থ ‘মুছাদ্দাছে’ সেই বাবেই আক্ষেপ কৰি লিখিছে-

‘কাৰে গায়েৰ গোৰবত কি পূজা তু কাফেৰ
জো ঠাহৰায়ে বেটা খোদা কা তু কাফেৰ
ঝোঁকে আগ পৰ ভৰ ছিজদা তু কাফেৰ
কাওকাবম মানে কাৰাশা মা তু কাফেৰ
মগৰ মুমেনো পৰ কোশাদা হ্যায় ৰাহেঁ
পৰশত শ কৰে শওক ছে জিছকি চাঁহে 
নবী কো জু চাঁহে খোদা কৰ দেখুৱায়ে
ঈমামো কা ৰুতবা নবী ছে বাড়হায়ে
মাজাৰো পে যা যা কে নজৰি চাড়হায়ে
শ্বহীদো ছে যা যা কে মাঙ্গে দোয়ায়ে
না তাওহীদ মে কুছ খলল উছ ছে আয়ে
না ইছলাম বিগড়ে না ঈমানে যায়ে’

অৰ্থাৎ
‘মূৰ্তি পূজা কৰিলে সি কাফেৰ
খোদাৰ সন্তান মানিলে সি কাফেৰ
জুইক ছিজদা কৰিলে সি কাফেৰ
তৰাৰ ক্ষমতা মানিলে সি কাফেৰ
কিন্তু মুমিনৰ বাবে এই সকলো পথ উন্মুক্ত
পূজা কৰিব পাৰে যাৰ বিচাৰে
যাৰ ইচ্চা নবীক খোদা বনাব পাৰে
ইমামৰ মৰ্য্যাদা নবীতকৈ বেছি দিব পাৰে
মাজাৰতগৈ নজৰ নিয়াজ দিব পাৰে
শ্বহীদৰ কবৰতগৈ প্ৰাৰ্থনা কৰিব পাৰে
তেতিয়াও নহব তৌহিদৰ কোনো ক্ষতি
নহয় ইছলাম বিকৃত হ’ব নহয় ঈমান যাব৷’

গতিকে শিৰ্কৰ পৰা বাচি থাকিবলৈ হ’লে আমি তৌহিদ আৰু শিৰ্ক সম্পৰ্কে বিস্তাৰিত জ্ঞান অৰ্জন কৰিব লাগিব৷ তদুপৰি সমাজত শিৰ্ক সম্পৰ্কে সজাগতা আনিব লাগিব৷ এনেকি নিজ পৰিয়াল, সন্তান-সন্ততিক শিৰ্কৰ পৰা আঁতৰাই ৰাখিবলৈ শিক্ষা দিব লাগিব৷ হজৰত লোকমানে নিজ সন্তানক প্ৰথম যি উপদেশ দিছে সেয়া হৈছে আল্লাহৰ সৈতে শিৰ্ক নকৰিবা৷ 

Share:

No comments:

Post a Comment