কবিতা


তোমাৰ শব্দৰ মায়াজালত
আৱদ্ধ মোৰ আত্মা
ৰুদ্ধ মোৰ নিশ্বাস

তোমাৰ জোট জোট শব্দই
তোমাৰ শংকু অবয়ৱে
অহৰহ মাতে মোক তোমাৰ পিনে

তোমাৰ মাজত সমাহিত
অপৈনত যুৱক যুৱতীৰ
প্ৰেম প্ৰণয়ৰ বেদনাসিক্ত স্মৃতি
পৌঢ়ৰ প্ৰেমৰ নিৰ্যাস

শব্দকলৈ খেলা কৰা সকলৰ
তূমি এক যুদ্ধাস্ত্র
আৱেগ বিহবলৰ তূমি এক অৱল্বন
শব্দহীনৰ তুমি বিষ্ময় যাদু
বধিৰৰ বাবে তুমি এক সাঁথৰ

তোমাৰ প্ৰতি দূৰ্বাৰ আকষণে
ধৰালৈ নমাই আনে বৰষুণ
মৰুভূমি ফুলনিত পৰিণত হয়
নদী সাগৰলৈ
পৰ্বত বৰফেৰে আৱৰি ধৰে।
Share:

No comments:

Post a Comment