ইছলামৰ দৃষ্টিত প্রতিৱেশী
মানুহে বিশ্বৰ খবৰা-খবৰ হাতৰ মুঠিতে তৎক্ষণাত লাভ কৰি আছে। কেৱল খবৰেই লাভ কৰা নাই তাত নিজৰ এক বলিষ্ট মতামত দাঙি ধৰিবলৈ সক্ষম হৈছে। কিন্তু সেই সময়ত দুখৰ কথা এয়ে যে মানুহে নিজৰ একেবাৰে কাষৰ ব্যক্তিজনৰ অৰ্থাৎ প্ৰতিৱেশী ব্যক্তি বা পৰিয়ালটোৰ খবৰ পাতি ল’বলৈ কোনো সময় নাই। প্ৰতিবেশীৰ অৱস্থা সম্পৰ্কে তেওঁ একো নাজানে। প্ৰতিৱেশী লঘুনে আছে নে দিনটোত সন্তান সন্তুতিৰ বাবে এমুঠি আহাৰ যোগাৰ কৰিব পাৰিলে নে নাই সেয়া এজন প্ৰতিৱেশী হিচাপে নৈতিক দায়িত্ব আছিল, কিন্তু সেয়া পাহৰি গৈছে।
ভাল বা বেয়া দিনেই হওক যাক কাষত পোৱা যাব সেয়া তো প্ৰতিৱেশীয়ে। কিন্তু আজি কালি প্ৰতিৱেশীক মানুহে গুৰুত্ব দিয়া নাই। প্ৰতিৱেশীক তুচ্ছজ্ঞান কৰি তেওঁলোকৰ সৈতে সম্পৰ্ক গঢ়ি তুলিব নিবিচাৰে। প্ৰতিৱেশীৰ সুখ দুখত সমভাগী হ’ব নিবিচাৰে। প্ৰতিৱেশীৰ বেয়া দিনত সহায়ৰ হাত আগবঢ়াব নিবিচাৰে। ইয়াক মানৱতাৰ নৈতিক স্খলন বুলি ক’ব লাগিব।
প্ৰতিৱেশী সম্পৰ্কে ইছলামে এই শিক্ষা দিছে যে এজন ভাল মুছলমান হ’বলৈ হ’লে তেওঁ প্ৰতিৱেশীৰ সৈতে ভাল সম্পৰ্ক গঢ়িব লাগিব। সেইজন ব্যক্তিক নিকৃষ্ট বুলি কৈছে যিয়ে তাৰ প্ৰতিৱেশীক কষ্ট দিয়ে। প্ৰতিৱেশীক যিজনে কষ্ট দিয়ে সি ইছলামত বিশ্বাসী নহয় বুলি কৈছে। নবী [ছ] এ কৈছেঃ ‘আল্লাহৰ শপথ! সেই ব্যক্তি ঈমানদাৰ নহয়, আল্লাহৰ শপথ! সেই ব্যক্তি ঈমানদাৰ নহয়। ’আল্লাহৰ শপথ! সেই ব্যক্তি ঈমানদাৰ নহয়, কোৱা হ’ল কোন সেই ব্যক্তি? নবী [ছ] এ ক’লেঃ ‘যাৰ প্ৰতিৱেশী তাৰ অনিষ্টৰ পৰা নিৰাপদবোধ নকৰে।’[1] ছহীহ মুছলিমত অতিৰিক্ত আছেঃ ‘যাৰ প্ৰতিৱেশী তাৰ অনিষ্টৰ পৰা নিৰাপদ নহয়, সি জান্নাতত প্ৰৱেশ কৰিব নোৱাৰে।'[2] আন এক হাদীছত নবী [ছ] এ কেছৈঃ ‘যিয়ে আল্লাহ আৰু শেষ দিনৰ ওপৰত বিশ্বাস পোষণ কৰে, তাৰ উচিত প্ৰতিৱেশীৰ সৈতে সজ আচৰণ কৰা (প্ৰতিৱশীক কষ্ট নিদিয়া) ; যিয়ে আল্লাহ আৰু শেষ দিনৰ ওপৰত বিশ্বাস পোষণ কৰে, তাৰ উচিত অতিথিসকলৰ প্ৰতি সন্মান প্ৰদৰ্শন কৰা আৰু যিয়ে আল্লাহ আৰু শেষ দিনৰ ওপৰত বিশ্বাস পোষণ কৰে, তাৰ উচিত সি যেন উত্তম কথা-বতৰা পাতে অথবা মনে মনে থাকে।’[3] ইয়াৰ পৰাই বুজিব পাৰি ইছলামে প্ৰতিবেশীৰ প্ৰতি কেনে গুৰুত্ব প্ৰদান কৰিছে।
আনহাতে যাক উৎকৃষ্ট প্ৰতিৱেশী প্ৰদান কৰা হৈছে তাক বহুত কল্যাণ দিয়া হৈছে। নবী (ছ) এ কৈছেঃ 'এজন মুছলমানৰ কাৰণে বিস্তীৰ্ণ গৃহ, প্ৰশস্ত বাসভৱন, সৎ প্ৰতিৱেশী আৰু ৰুচিসন্মত বাহন সৌভাগ্য স্বৰূপ।'[12]
এই সকলোবোৰ বিভাজন পৱিত্ৰ কোৰআনৰ নিম্নোক্ত আয়াতত প্ৰতিৱেশী সম্পৰ্কে যি উল্লিখিত হৈছে তাৰ অধীন৷ আল্লাহ তায়ালাই কৈছে- ‘তোমালোকে আল্লাহৰ ইবাদত কৰিবা আৰু কাকো তাৰ সৈতে অংশীদাৰ স্থাপন নকৰিবা আৰু পিতৃ-মাতৃ, আত্মীয় স্বজন, নিকটবৰ্তী প্ৰতিৱেশী, দূৰবৰ্তী প্ৰতিৱেশী, সংগী লগৰীয়া, মুছাফিৰ, তোমালোকৰ অধিকাৰভুক্ত দাস-দাসীসকলৰ প্ৰতি সদ্ব্যৱহাৰ কৰিবা৷ নিশ্চয় আল্লাহ পছন্দ নকৰে দাম্বিক আৰু অহংকাৰীক।’[13]
এই আয়াতত আল্লাহে প্ৰতিৱেশীক প্ৰধানকৈ দুটা স্তৰত বিভাজন কৰিছে। সেয়া হৈছে আত্মীয় প্ৰতিৱেশী আৰু দূৰবৰ্তী প্ৰতিৱেশী। তফছিৰকাৰ সকলে সংগী লগৰীয়া সকলকো তৃতীয় স্তৰৰ এক প্রকাৰ প্ৰতিৱেশীয়ে বুলি কৈছে। 'আছহাব বিল জানবি' দ্বাৰা সাময়িক ভাবে যিসকল ভ্ৰমণ সঙ্গী হয়, কোনো সভা-সমিতিত বা কৰ্মস্থানত একেলগ হয় তেওলোকেও সাময়িক ভাবে প্ৰতিৱেশীয়ে।
তফছিৰ তাদাব্বুৰে কোৰআনত এই আয়াতৰ পৰা প্ৰতিৱেশীক তিনিটা ভাগত ভাগ কৰিছে। সেয়া হৈছে-'
'১. 'জাৰ জিল কুৰ্বা'- প্ৰতিৱেশী হোৱাৰ লগে লগে আত্মীয়ৰ সম্পর্কও বিদ্যমান।
২. 'জাৰি জুনুব' -ইয়াত জুনুব শব্দৰ অৰ্থ অপৰিচিত। অৰ্থাৎ প্ৰতিৱেশী কিন্তু কোনো প্ৰকাৰ আত্মীয়তাৰ সম্পর্ক তাৰ লগত নাই।
৩. 'আছহাব বিল জানবি'-ইয়াত 'জানবি' শব্দৰ অৰ্থ পাশ্বৰ্দেশ, যি মানুহ সাময়িক বা কৃত্ৰিমভাৱে কোনো সভা বা বৈঠক, কোনো যানবাহন বা দোকান অথবা কোনো হোটেলত আপোনোৰ সহচৰ বা সহযাত্ৰী হৈ পৰে, তাকে কোৱা হয় 'আছহাব বিল জানবি'৷ ইছলামী সমাজত এই তিন প্ৰকাৰ লোকেই এজনে আন জনৰ পৰা প্ৰতিৱেশীৰ অধিকাৰ পোৱাৰ অধিকাৰী হৈ থাকে৷'[14]
মহানবী [ছ] এ অধিকাৰ আদায় কৰাৰ দৃষ্টিত প্ৰতিৱেশী সকলক তিনিটা স্তৰত বিভক্ত কৰিছে৷ ইবনে কাছীৰে মুছনাদে বাযযাৰৰ এটি হাদীছ উল্লেখ কৰিছে৷ হজৰত জাবিৰ ইবনে আব্দুল্লাহ [ৰা] এ বৰ্ণনা কৰিছে, ৰছুল [ছ] এ কৈছেঃ ‘প্ৰতিৱেশী তিন শ্ৰেণীৰ হৈ থাকে৷ প্ৰথম শ্ৰেণী হৈছে সেইসকল প্ৰতিৱেশী, যিসকলৰ এটা মাত্ৰ হক প্ৰাপ্য থাকে৷ এই শ্ৰেণী প্ৰতিৱেশী অধিকাৰৰ পিনৰ পৰা ক্ষুদ্ৰতম প্ৰতিৱেশী৷ দ্বিতীয় শ্ৰেণীৰ প্ৰতিৱেশী হৈছে সেই প্ৰতিৱেশী যাৰ দুটা মাত্ৰ অধিকাৰ প্ৰাপ্য হৈ থাকে৷ তৃতীয় শ্ৰেণীৰ প্ৰতিৱেশী হৈছে সেইসকল প্ৰতিৱেশী যি সকল তিনিটা অধিকাৰ লাভ কৰাৰ অধিকাৰী হৈ থাকে৷ এই শ্ৰেণীৰ প্ৰতিৱেশী অধিকাৰ লাভ কৰাৰ পিনৰ পৰা বৃহত্তম প্ৰতিৱেশী৷ যি প্ৰতিৱেশী এটি মাত্ৰ অধিকাৰ লাভৰ অধিকাৰী হৈ থাকে, সি হৈছে তেঁজ সম্পৰ্ক বিহীন মুছৰিক প্ৰতিৱেশী৷ যি প্ৰতিৱেশী দুটামাত্ৰ অধিকাৰ লাভৰ অধিকাৰী হৈ থাকে, তেওঁ হৈছে মুছলিম প্ৰতিৱেশী৷ মুছলিম হিচাপে হক আৰু প্ৰতিৱেশী হোৱাৰ হক-এই দুটা তাৰ প্ৰাপ্য থাকে৷ যি প্ৰতিৱেশীৰ তিনিটা হক প্ৰাপ্য থাকে, তেওঁ হৈছে মুছলিম প্ৰতিৱেশী৷ প্ৰতিৱেশীৰ অধিকাৰ, মুছলমান হিচাপে অধিকাৰ আৰু ৰক্তসম্পক¹য় অধিকাৰ- এই তিনি প্ৰকাৰ অধিকাৰ তাৰ পোৱাৰ অধিকাৰী হৈ থাকে৷’[15]
ইবনে মাছঊদ [ৰা] পৰা বৰ্ণিত৷ তেওঁ কৈছে, এজন ব্যক্তিয়ে আল্লাহৰ নবী [ছ]ক সুধিলে, হে আল্লাহৰ ৰছুল! মই কেনেকৈ জানিম যে, মই ভাল কাম কৰিলো নে বেয়া কাম কৰিলো? নবী [ছ] এ কলেঃ ‘যেতিয়া তুমি তোমাৰ প্ৰতিবেশীক কোৱা শুনিবা যে, তুমি ভাল কাম কৰিছা, তেন্তে তুমি ভাল কাজ কৰিছা আৰু যেতিয়া তুমি তোমাৰ প্ৰতিবেশীক কোৱা শুনিবা যে, তুমি বেয়া কাম কৰিছা, তেন্তে তুমি বেয়া কাম কৰিলা৷’[20]
তথ্যসুত্রঃ
[2] [ছহীহ মুছলিমঃ ৪৬]
[3] [ছহীহুল বুখাৰীঃ ৬০১৮; ছহীহ মুছলিমঃ ৪৭; আল আদাবুল মুফৰাদঃ ১০২]
[4] [আল আদাবুল মুফৰাদঃ ১০৯]
[5] [ছহীহুল বুখাৰী, ছুনান আদ-দাৰেমী, আল আদাবুল মুফৰাদঃ ১০৬, ১০৭]
[6] আল আদাবুল মুফৰাদঃ ১০৯]
[7] [ছুনান আবু দাউদ ৩৭৫৬, মিশকাত:৩২২৩]
[8] (ছুৰা মুমতাহিনাঃ ৮)
[9] [আল আদাবুল মুফৰাদঃ ১০৫, ১০৭, বুখাৰী, মুছলিম]
[10] [আল আদাবুল মুফৰাদঃ ১১৮]
[11] [আল আদাবুল মুফৰাদঃ ১১৭]
[12] [আল আদাবুল মুফৰাদঃ ১১৬]
[13] [আল কোৰআন, আন নিছাঃ ৪/৩৬]
[14] [মাওলানা আমীন আহছান ইছলাহী, তাদাব্বুৰে কোৰআন, ব্যাখ্যাকৃত আয়াত ৪/৩৬; মুফতি মোহাম্মাদ তাকি উচমানি, তফছিৰে তাওযিহুল কোৰআন, ব্যাখ্যাকৃত আয়াত ৪/৩৬, টী. ২৯, ৩০]
[15] [ইবনে কাছিৰ, তফছিৰে ইবনে কাছিৰ, ব্যাখ্যাকৃত আয়াতঃ ৪/৩৬, হাদীছ-৮; মুফতি মহঃ ছফী, তফছিৰ মাৰিফুল কোৰআন (সংক্ষিপ্ত), সৌদী সংস্কৰণ, ১৪১৩ হিজৰি, পৃ. ২৪৯-৫০]
[16] [ছহীহ বুখাৰী,ছহীহ মুছলিম]
[17] [ছহীহ বুখাৰী,ছহীহ মুছলিম]
[18] [ছহীহ মুছলিম]৷
[19] [জামে আত তিৰমিযীঃ ১৯৪৪, ছুনান আদ দাৰিমীঃ ২৪৩৭]
[20] [ছুনান ইবনে মাজাঃ ৪২২৩]
[21] [ছহীহ মুছলিম-২৬২৫, ছুনান ইবনে মাজা-৩৩৬২, ছুনান আদ-দাৰেমী-২০৭৯, ৰিয়াদুছ সালেহীন-৩০৯]
[22] [ছহীহুল বুখাৰীঃ ৬০১৭, ছহীহ মুছলিমঃ১০৩০]
[23] [জামে আত-তিৰমিজীঃ ২৩০৫]
No comments:
Post a Comment