আকিকাঃ পিতৃ-মাতৃৰ অন্যতম দায়িত্ব


শিশু ভূমিষ্ঠ হোৱাৰ সপ্তম দিনা সন্তানৰ তৰফৰ পৰা ছাগলী বা জন্তু জবাই কৰা হয়, যাক আকিকা বুলি কোৱা হয়৷ কিন্তু আকিকাৰ প্ৰকৃত অৰ্থ কিন্তু বেলেগ৷ আকিকা আৰবী শব্দ৷ আকিকা শব্দৰ অৰ্থ হৈছে, ‘সদ্য প্ৰসূত শিশুৰ মূৰৰ চুলি৷’ শিশুৰ জন্ম উপলক্ষে জবাইকৃত ছাগলীক আকিকা কোৱা হয় এই অৰ্থত যে, ছাগলী জবাই কৰাৰ সময়ত নৱজাতকৰ মূৰ মুণ্ডন কৰা হয়৷ কিয়নো আৰবী সকলে বহু সময়ত এটা বস্তুৰ সৈতে সম্পৰ্কিত বস্তুক একে নামেৰে নামকৰণ কৰি থাকে৷ এই ক্ষেত্ৰত তাকেই ঘটিছে৷ এনেকি এতিয়া ছাগলী জবাই কৰাকে আকিকা বুলি কোৱা হয়৷ ইয়াৰ পৰা বুজা যায় যে সন্তান ভূমিষ্ঠ হোৱাৰ পিছত সন্তানৰ মূৰৰ চুলি মুণ্ডণ কৰাৰ দিনা যি ছাগলী জবাই কৰা হয় তাকে আকিকা বুলি কোৱা হয়৷ 

আকিকাৰ গুৰুত্বঃ 

সন্তানৰ আকিকা কৰাটো পিতৃ-মাতৃৰ অন্যতম দায়িত্ব আৰু কৰ্তব্য৷ স্বাৱলম্বী হলে আকিকা কৰাটো বিধেয়৷ আচলতে আকিকাৰ জৰিয়তে আনন্দৰ বহিৰ্ৰ প্ৰকাশ কৰা হয়৷ কিয়নো সন্তান দান কৰি আল্লাহ তাআলাই বংশধাৰা বৰ্তাই ৰাখিলে সেই বাবে কৃতজ্ঞতা স্বৰূপে আৰু বন্ধু-বান্ধৱ, সমাজ, প্ৰতিৱেশীক জনোৱাৰ উদ্দেশ্যে আকিকা কৰি আনন্দ প্ৰকাশ কৰা হয়৷ শ্বাহ ওৱালিউল্লাহ দেহলবী আকিকাৰ উপকাৰিতা সম্পৰ্কে লিখিছে, ‘আকিকাৰ জৰিয়তে সহজতে অতি সন্দৰভাৱে সন্তান জন্ম আৰু বংশ-সম্পৰ্কৰ প্ৰচাৰ হ’ব পাৰে৷ কিয়নো বংশ পৰিচয়ৰ প্ৰচাৰ বহুত জৰুৰী, যাতে কোনেও কাৰো বংশ সম্পৰ্কে কোনো অবাঞ্চিত কথা ক'ব নোৱাৰে৷ তাৰোপৰি সন্তানৰ পিতৃৰ পক্ষে বাট-পথত ঘূৰি ঘূৰি তাৰ সন্তানৰ কথা কৈ ফুৰা কোনো ৰুচি সন্মত আৰু ভদ্ৰজনোচিত পদ্ধতি হ’ব নোৱাৰে৷ গতিকে আকিকাৰ মাধ্যমেই এই কাৰ্য কৰাটো সমিচিন বুলি প্ৰমাণিত হয়৷ ইয়াৰ বাহিৰেও আন এটি উপকাৰিতা হৈছে, ইয়াৰ জৰিয়তে সন্তানৰ পিতৃৰ মাজত বদান্যতা আৰু দানশীলতাৰ ভাৱধাৰা প্ৰবল হয় আৰু কৃপনতাৰ ভাৱধাৰা প্ৰশমিত হয়৷’ [1]

ৰছুল [ছ] কৈছে, ‘নৱজাতকৰ সৈতে আকিকা যুক্ত হৈ থাকে৷ গতিকে তোমালোকে তাৰ ফালৰ পৰা জবেহ কৰা আৰু তাৰ পৰা অশুচি দূৰ কৰা৷’ [2] হাছান বছৰী [ৰ] অশুচি দূৰ কৰাৰ দ্বাৰা মূৰ মুণ্ডনৰ কথা বুজাইছে বুলি কৈছে৷ [3]

ৰছুল [ছ] আন এক হাদীছত কৈছে, ‘প্ৰত্যেক শিশু তাৰ আকিকাৰ সৈতে বন্ধনত থাকে৷ সপ্তম দিনা তাৰ পক্ষৰ পৰা জন্তু জবেহ কৰা, তাৰ নাম ৰখা আৰু মূৰৰ চুলি মুণ্ডন কৰা বিধেয়৷’ [4]

আকিকা কৰাৰ পৰম্পৰা প্ৰাচীন আৰৱ সমাজত ব্যাপকভাৱে প্ৰচলিত আছিল৷ আকিকাৰ উপকাৰিতাৰ প্ৰতি লক্ষ্য ৰাখি ৰছুল [ছ] এ চাহাবা সকলক আকিকা কৰাৰ প্ৰতি উৎসাহিত কৰিছিল৷ কিন্তু এই ক্ষেত্ৰত ইমাম সকলৰ মাজত ইয়াৰ বিধান গত গুৰুত্বক লৈ বিভিন্ন মতামত পোৱা যায়৷ 

শাফেয়ী মজহাব আৰু হাম্বলী মজহাবৰ প্ৰসিদ্ধ মতে আকিকা কাৰাটো ছুন্নাতে মুৱাক্কাদা৷ হানাফী সকলৰ মতে, সন্তান ভূমিষ্ঠ হোৱাৰ সপ্তম দিনা তাৰ নাম ৰখা, মূৰ মুণ্ডন কৰা আৰু চুলিৰ পৰিমান স্বৰ্ণ দান কৰাৰ পিছত আকিকা কৰা মুবাহ৷ মালেকী মজহাবৰ মতে, আকিকা দিয়া মানদুব আৰু তেওঁলোকৰ দৃষ্টিত মানদুব ছুন্নততকৈ কিছু কম মৰ্যদাপূৰ্ণ’ [5]  

অৱশ্যে অধিকাংশ আলিমৰ বিপৰীতে কাৰো কাৰোবাৰ মতে আকিকা কৰা ওৱাজিব৷ ইমাম লায়ছ, দাউদ জাহিৰী, আবুজ জিনাদ এই মতৰ প্ৰৱক্তা৷ কিন্তু চাৰি মজহাবৰ ভিন্ন ভিন্ন আলোচনা দেখা গলেও সকলোৰে মতে আকিকা কৰা উত্তম, আকিকা কৰা নহ’লে গুণাহ নহয়৷ এই ক্ষেত্ৰত হাদীছত উল্লেখিত ‘প্ৰত্যেক শিশু তাৰ আকিকাৰ সৈতে বন্ধনত থাকে’ - ইয়াৰ ব্যাখ্যাত ইমাম আহমাদ [ৰ] এ কৈছে, বিভিন্ন হাদীছৰ দ্বাৰা প্ৰমাণিত হয় যে, সন্তান পিতৃ-মাতৃৰ বাবে ছুপাৰিশ কৰিব৷ কিন্তু যি পিতৃ-মাতৃ সামৰ্থ থকা স্বত্তেও আকিকা নকৰিব এনে অৱস্থাত সন্তানৰ মৃত্যু হ’লে পিতৃ-মাতৃৰ বাবে ছুপাৰিশ নকৰিব৷ যিদৰে বন্ধকত থকা বস্তু ঋণ পৰিশোধ নকৰিলে একো কামত নাহে, তেনেকৈ সন্তানৰ আকিকা আদায় কৰাৰ পূৰ্বে সন্তানৰ মৃত্যু হ’লে কোনো উপকাৰত নাহে৷ কোনো কোনোৰ মতে আকিকা কৰাৰ আগলৈকে ভূমিষ্ঠ হোৱা শিশু নিৰাপত্তাহীন থাকে অৰ্থাৎ বিপদ-আপদ আৰু নিৰাপত্তাৰ পৰা বঞ্চিত থাকে৷’ [6]

আকিকাৰ সময় আৰু আকিকাৰ জন্তু 

সন্তান ভূমিষ্ঠ হোৱাৰ দিনৰ পৰা সপ্তম দিন আকিকা কৰিব লাগে৷ সপ্তম দিন সম্ভৱ নহ’লে চতুৰ্দশ দিন আৰু সেয়াও সম্ভৱ নহ’লে একুইশতম দিন আকিকা কৰিব লাগে৷ কিন্তু সপ্তম দিন আকিকা কৰাটো উত্তম৷ ৰছুল [ছ] এ সপ্তম দিন আকিকা দিবলৈ নিদেৰ্শ দিছে৷ তাৰোপৰি হাছান-হুছাইনৰ [ৰা] ৰ আকিকা সপ্তম দিন দিছিল৷ 

আমৰ ইবনে শুয়াইব [ৰ] ৰ পৰা তাৰ পিতৃ আৰু ককাদেউতাৰ পৰা বৰ্ণিত৷ ৰছুল [ছ] এ নিৰ্দেশ প্ৰদান কৰিছে যে, সন্তান জন্মৰ সপ্তম দিৱসত তাৰ নাম ৰখা, কষ্টদায়ক বস্তু [চুল] পৰিস্কাৰ কৰা আৰু আকিকা কৰিবলৈ৷ [7]

চাহাবী আব্দুৰ ৰহমান ইবনে আবু বকৰ [ৰা] ৰ বংশৰ এজন মহিলাই মান্নত কৰিলে যে, আব্দুৰ ৰহমানৰ স্ত্ৰীৰ কোনো সন্তান হ’লে এটি উট জবাই কৰিব৷ হজৰত আয়েছা [ৰা] [এই কথা শুণি] ক’লে, ‘এয়া হ’ব নোৱাৰে, বৰঞ্চ ছুন্নত হ’ল ল’ৰা সন্তানৰ জন্ম হ’লে দুটা কম বয়স্ক ছাগলী আৰু কণ্যা সন্তানৰ বাবে এটি ছাগলী আকিকা কৰিবা৷ অৱশ্যে এই আকিকা জন্মৰ সপ্তম দিন হ’লে উত্তম৷ সপ্তম দিনত সম্ভৱ নহ’লে চতুৰ্দশ দিন আৰু সেয়াও সম্ভৱ নহ’লে একুইশতম দিন আকিকা কৰিবা৷ [8]

গতিকে আকিকা নিৰ্দিষ্ট সময়ত কৰাটোৱেই বাঞ্ছনীয়৷ সময় উকলি যোৱাৰ পিছত আকিকাৰ যি উপকাৰিতা সেয়া পোৱা নাযায় বা যি উদ্দেশ্যে আকিকাৰ অৱকাশ ৰখা হৈছে সেয়া নাথাকে৷ ঠিক তেনেকৈ আকিকাৰ বাবে যি জন্তুৰ হাদীছত ৰছুল [ছ] এ উল্লেখ কৰিছে আৰু বাস্তৱত নিজ নাতিৰ আকিকাত কৰিছে তাকে আকিকাৰ বাবে নিৰ্ধাৰণ কৰা উচিত আৰু উত্তম৷ কিন্তু মানুহে আকিকাৰ সময় উকলি যোৱাৰ পিছত আকিকাৰ কৰাৰ বাবে আগ্ৰহী হয়৷ তেতিয়া আকিকাৰ কাৰণে ৰছুল ছ এ কোৱা ছাগলীৰ পৰিৱৰ্তে আন জন্তুৰে দিব বিচাৰে৷ কিয়নো তেতিয়া লোক লজ্জাত পৰি যায়৷ কাৰণ আকিকা ছাগলীৰে দিলে তো শিশুৰ সপ্তম দিনে দিব পাৰিলে হয়৷ কিন্তু এতিয়া দেৰি হোৱাৰ পিছতো যদি ছাগলী দি আকিকা দিয়ে মানুহে কি কব? এই কথা ভাৱি বেলেগ জন্তুৰে দিয়ে৷ ইয়াৰ জৰিয়তে আকিকাৰ উপকাৰিতা লাভৰ পৰা বঞ্চিত হয়৷ এই ক্ষেত্ৰত চিন্তাৰ বিষয় হৈছে ৰছুল [ছ] ৰ আকিকাৰ ক্ষেত্ৰত দুটা পৰামৰ্শ আগবঢ়াইছিল৷ একঃ আকিকা শিশুৰ জন্মৰ সপ্তম দিনা কৰা, দুইঃ ল’ৰা সন্তানৰ বাবে দুটি ছাগলী আৰু কন্যা সন্তানৰ বাবে এটি ছাগলী আকিকা দিয়া৷ কিন্তু এই মতামত গ্ৰহণ কৰা হল নে? ৰছুল [ছ] তকৈ উত্তম পৰামৰ্শ দাতা আৰু কোনোবা আছে নে?

তথ্য সূত্ৰঃ

[1] [হুজ্জাতুল্লাহিল বালিগাহ, খ. ১, উদ্ধৃতঃ পৰিবাৰ ও পাৰিবাৰিক জীৱন, মাওলানা মোহম্মদ আব্দুৰ ৰহীম, খাইৰুন প্ৰকাশনী, ঢাকা, ২০১২, পৃ. ৩৩৫] 
[2] [ছহীহুল বুখাৰী, কিতাবুল আকিকা, হাদীছঃ ৫৪৭১]
[3] [ছুনান আবু দাউদ, কিতাবুল আদাহী, হাদীছঃ ২৮৪০] 
[4] [ছুনান আবু দাউদ, কিতাবুল আদাহীঃ ২৮৩৮]
[5] [ইছলামী ফিকহ বিশ্বকোষ (ইছলামেৰ পাৰিবাৰিক আইন), বাংলাদেশ ইছলামীক ল’ ৰিচাৰ্স এণ্ড লিগাল এইড চেন্টাৰ, খ. ১, পৃ. ৩০] 
[6] [ইছলামী বিশ্বকোষ, ইছলামীক ফাউণ্ডেশ্বন, দ্বিতীয় সংস্কৰণ, ২০০৪, ঢাকা, খ. ১, পৃ. ১৬৭; পৰিবাৰ ও পাৰিবাৰিক জীৱন, মাওলানা মোহম্মদ আব্দুৰ ৰহীম, খাইৰুন প্ৰকাশনী, ঢাকা, ২০১২, পৃ. ৩৩৪-৩৩৫]
[7] [তিৰমিজি-২৯৮৯] 
[8] [মুস্তাদৰাকে হাকিম, খ. ৪, পৃ. ২৩৯ ; এলাউছ ছুনান, খ. ১৭, পৃ. ১১৫; দৈনন্দিন জীৱনত ইছলাম, ২০১৩, ইফাবা, পৃ. ১৪১] 
Share:

No comments:

Post a Comment