সেউজীয়া গন্তব্যস্থল
দিন গৈ ৰাতি হ’ল
ৰাতি গৈ দিন হ’ল
বিচাৰি চলাথ কৰিলো
গঁচকিলো কিমান বালি পথাৰ
সাঁতুৰিলো সাগৰ মহাসাগৰ
সুধিছিলো গছ-বিৰিখাক
জীৱ-জন্তু চৰাই চিৰি-কতিক
নাপালো তথাপি
মোৰ জীৱনৰ সেই গন্তব্যস্থল
বয়সেও ঠগিলে দেহক
নহ’লে জীৱনৰ হেঁপাহ
আকৌ বিচাৰি যাওঁ নেকি
সেই গ-ন্ত-ব্য-স্থ-ল
জীৱন থাকে মানে আমনি কৰি থাকিব
নোপোৱাৰ বেদনা দেহে বহন কৰিব
হৃদয়েও বিনাই ক’ব
নোৱাৰিলা নোৱাৰিলা
বিচাৰি উলিয়াব
জীৱনৰ সেই গন্তব্যস্থল ||
[দ্বীনি হিদায়ৎঃ ফেব্রুৱাৰী সংখ্যা, ২০১১ চনত প্ৰকাশিত]
No comments:
Post a Comment