ৰোজাৰ শিক্ষা আৰু উপকাৰিতা

ৰোজাৰ শিক্ষা আৰু উপকাৰিতা

ঘৰ এখন নিৰ্মাণ কৰাৰ সময়ত প্ৰথমতে ভেটি নিৰ্মাণ কৰি উলিওৱা হয়। আকৌ ভেটিৰ ওপৰত ভিত্তি কৰিয়েই সম্পূৰ্ণ গৃহ নিৰ্মাণ কৰা হয়। যিমান শক্তিশালী ভেটি হ’ব সিমানেই গৃহ শক্তিশালী আৰু স্থায়ী হ’ব। ইছলামে পাঁচটা বিষয় যেনে- কলেমা, নামাজ, যাকাত, ৰোজা আৰু হজ্জক বূনিয়াদ বা ভেটি হিচাপে ঘোষণা কৰিছে। ইছলামে এনে এক সমাজ আৰু সাংস্কৃতিক সৌধ নিৰ্মাণ কৰিব বিচাৰে য’ত ধনী আৰু দূখিয়াৰ মাজত কোনো ভেদাভেদ নাথাকে, য’ত সকলোৱে ন্যায় লাভ কৰে আৰু ন্যায় সহজলভ্য হয়। এনে এক সমাজ প্ৰতিষ্ঠা কৰিব বিচাৰে য’ত সমাজৰ নিপীড়িত জনতাৰ অধিকাৰ ঘূৰাই দিয়া হ’ব, এতিম সকলৰ খা-খবৰ লোৱা হ’ব, তেওঁলোকৰ সকলো প্ৰকাৰৰ ব্যৱস্থা লোৱা হ’ব| সেইবাবেই ইছলামে এই পাঁচটা বিষয় ভেটি হিচাপে ঘোষণা কৰিছ। তাৰে ভিতৰত ৰোজাৰ ভূমিকা বিশেষ ভাৱে উল্লেখ কৰলগীয়া। আল্লাহ ছূবহানাহু তায়ালাই ৰমজানৰ ৰোজা ফৰজ কৰি কৈছে, ‘হে ঈমানদাৰসকল! তোমালোকৰ ওপৰত ৰমজানৰ ৰোজা ফৰজ কৰা হ’ল যেনেদৰে তোমালোকৰ পূৰ্বৱৰ্তী নবীসকলৰ উমমতৰ ওপৰত ৰোজা ফৰজ কৰা হৈছিল। যাতে তোমালোকে সংযমী আৰু ধৰ্মভীৰু হোৱা।’ (আল কোৰআন, ছূৰা আল-বাকাৰা : ২, আয়াত : ১৮৩) ৰমজানৰ ৰোজাৰ উপকাৰিতা আমি লাভ কৰিবলৈ ৰমজানৰ প্ৰতিটো বিধি-বিধান ন্যায়-নিষ্্ঠঠাৰে পালন কৰিিব লাগিব। ৰমজানৰ ৰোজাই আমাৰ মাজত কেনেকোৱা চৰত্ৰি আৰু গুণ গঢ়ি তুলিব বিচাৰে সেই সম্পর্কে আমি জানিব লাগিব। ৰমজানৰ শেষত সেই গুণ বা বৈশিষ্ট্য আমাৰ মাজত প্ৰতিফলিত হ’ব লাগিব তেতিয়াহে ৰমজানৰ ৰোজা ৰখাৰ স্বাৰ্থকতা পূৰ্ণ হ’ব। অন্যথাই আমি কেৱল এমাহ নোখোৱাকৈ থকাহে হ’ব। ৰমজানৰ ৰোজা ৰখাৰ ফলস্বৰূপে এই গুণ সমূহ আমাৰ মাজত প্ৰতিফলিত হ’ব লাগিব- 

১. আল্লাহৰ প্ৰতি ভয় : ‘খয়ফে খোদা’ বা আল্লাহৰ প্ৰতি ভয় মূমিনৰ এক বিশেষ গুণ। ৰোজাই আল্লাহৰ প্ৰতি ভয় সৃস্টি অৰিহণা যোগায়। এজন ৰোজাদাৰে আল্লাহৰ ঘোষিত নিৰ্দেশিত ৰোজা পালন আৰু তাৰ পূণ্য লাভ কৰিবলৈ কোনো প্ৰকাৰৰ ছল-চাতুৰিৰ আশ্ৰয় নলয়। কিয়নো তেওঁ বিশ্বাস কৰে যে আল্লাহে সকলো দেখি আছে। এই ভয় থকাৰ বাবেই ৰোজাদাৰে দৰ্জা বন্ধ কৰি কোঠাৰ ভিতৰত আহাৰ কৰিব নোৱাৰে বা পুখুৰীত ডুব মাৰি পানী খাব নোৱাৰে নাইবা হোটেলৰ পৰ্দা লগোৱা কেবিনত চাহ-জলপান কৰিব নোৱাৰে। এইয়া মানুহৰ প্ৰতি ভয় কৰি বিৰত নাথাকে, একমাত্ৰ সৰ্বশক্তমান আল্লাহৰ অসন্তুষ্টিৰ পৰা ৰেহাই পাবলৈ আল্লাহক ভয় কৰি ৰোজাদাৰে পানাহাৰৰ পৰা বিৰত থাকে। সেই বাবেই হদীছে কুদছীত ৰোজাৰ ফজিলত এনেদৰে বৰ্ণনা কৰা হৈছে- হজৰত আবূ হুৰাইৰা (ৰা) পৰা বৰ্ণিত। আল্লাহৰ ৰচূল (ছ) এ কৈছে, আল্লাহতায়ালাই কৈছে, ‘ছওম (ৰোজা) ব্যতীত আদম সন্তানৰ প্ৰতিটো কামেই তাৰ নিজৰ বাবে, কিন্তু ৰোজা মোৰ বাবেই। সেয়ে ময়েই ইয়াৰ প্ৰতিদান দিম।’ (ছহীহুল বূখাৰী, অধ্যায়/৭৭ : কিতাবুছ ছওম, অনুচ্ছেদ/৭৮ : মিছকৰ বৰ্ণনা, হদীছ-৫৯২৭) 

২. দৃঢ়তা অজৰ্ন আৰু নিয়মানুবৰ্তিতা: দৃঢ়তা অৰ্জন ৰোজাৰ আন এক অৱদান। মানুহে জীৱনত দৃঢ়তা বা কোনো মত বা সিদ্ধান্তত অটল হৈ থাকিব পাৰিলেহে জীৱনত সফলতা লাভ কৰিব পাৰে, এবাৰ এটা মত পিছ মূহৰ্ততে আন এক মত অবলম্বন কৰিলে সেই মানুহৰ কেতিয়াও উন্নতি নহয় তথা সেই মানুহে কেতিয়াও মহৎ কাম সাধন কৰিব নোৱাৰে। হদীছত মোমিন সকলক খেজূৰ গছৰ লগত সৈতে তূলনা কৰা হৈছে। তাৰ অৰ্থ খেজুৰ গছ যেনে পোন হৈ থাকে ঠিক তেনেকৈ মোমিন সকলো সৰ্বপ্ৰকাৰৰ বিপদৰ সময়ত ধৈৰ্য্যৰে সৈতে তাৰ সন্মুখীন হয়। ৰোজাৰ জৰিয়তে মূমিন সকলৰ এই গুণ সৃস্টি হয়। শেষ ৰাতি চেহেৰীৰ পৰা সন্ধিয়া বেলি ডূবালৈ প্ৰায় ১৪/১৫ ঘন্টা সময় নোখোৱাকৈ থাকি ৰোজা আদায় কৰা হয়। এই সময়ত ভোক-পিয়াহ লাগিলেও ৰোজাৰ পূণ্যৰ পৰা বঞ্চিত আৰু গুনাহৰ পৰা বাচি থকাৰ বাবে ৰোজা পূৰ্ণ কৰি নিৰ্দিষ্ট সময়ত ইফতাৰ কৰে। এনেদৰে ৰোজাই ব্যক্তিক নিয়মানুবর্তিতা আৰু দৃঢ়তা অৰ্জনত সহায় কৰে। ছাহল ইবনে ছাদ (ৰা) ৰ পৰা বৰ্ণিত। তেওঁ কয়, ৰচূল (ছ) এ কৈছে, ‘মানূহবোৰে যিমান দিনলৈ পলম নকৰাকৈ ইফতাৰ কৰিব সিমান দিনলৈ কল্যাণৰ মাজত থাকিব। (জামে আত-তিৰমিজী, অধ্যায়/৬ : আবওৱাবূছ ছওম, অনুচ্ছেদ/১৩ : পলম নকৰাকৈ ইফতাৰ কৰা, হদীছ-৬৫১) 

৩. ভ্ৰাতৃত্ববোধ সৃ : সামষ্টিক বা সন্মিলিত কাম ইছলামত পছন্দনীয়। ৰোজা যদিও ব্যক্তি কেন্দ্ৰিক ইবাদত তথাপি ৰোজাৰ আনুষঙ্গিক বহুত কাৰ্য সন্মিলিত ভাবে কৰিব লাগে। ৰমজানৰ ৰাতিত তাৰাৱীহ নামাজ জামাত সহকাৰে আদায় কৰা হয়। ছেহেৰী আৰু ইফতাৰ একেই মূৱাজ্জিনৰ আজানত সকলোৱে আদায় কৰে। তাৰোপৰি ৰচূল (ছ) এ কৈছে, ‘যিজন ব্যক্তিয়ে কোনো এজন ৰোজাদাৰক ইফতাৰ কৰায় তাৰ বাবেও ৰোজাদাৰৰ সম পৰিমাণ ছ’ৱাব আছে। কিন্তু ইয়াত ৰোজাদাৰৰ পূণ্যৰ কোনো কম নহয়।’ (জামে আত- তিৰমিজী, অধ্যায়/৬ : আবওৱাবূছ ছওম, অনুচ্ছেদ/৮১ :পলম নকৰাকৈ ইফতাৰ কৰা, হদীছ-৭৫৪)। সেইবাবেই দেখা যায় যে প্ৰত্যেকেই ৰোজাদাৰক ইফতাৰ কৰোৱাৰ চেষ্টা কৰে। ৰোজাদাৰে ইফতাৰ কৰাৰ সময়ত দূই এজন ৰোজাদাৰক লগতলৈ ইফতাৰ কৰে কিছূমানে মছজিদত সন্মিলিত ভাৱে ইফতাৰ কৰাৰ বাবে ইফতাৰৰ সামগ্রী ক্ৰয় কৰিও দিয়ে। কিছূমানে ৰোজাদাৰ সকলক ইফতাৰ কৰোৱাৰ উদ্দেশ্যে নিমন্ত্ৰণ কৰাও দেখা যায়। এনে তৎপৰতাৰ বাবে মুছলমান সকলৰ মাজত ভ্ৰাতৃত্ববোধ আৰু দলবদ্ধ কৰ্ম স্পৃহা সৃস্টি হয়। হিংসা, শত্ৰুতা পাহৰি সকলোৱে মিলা প্ৰীতি আৰু ভ্ৰাতৃত্ববোধেৰে জীৱন নিৰ্বাহ কৰাৰ বাবে ৰোজাই অন্যতম ভূমিকা পালন কৰে এই ক্ষেত্ৰত দ্বিতীয় খলিফা হজৰত ওমৰ (ৰা) ৰ এটা বৰ তাৎপৰ্যপূৰ্ণ কথা কৈছে- ‘জামাত বিহীন ইছলাম নহয়, আমীৰ নোহোৱাকৈ জামাত নহয় আৰু আনুগত্য নোহোৱাকৈ আমীৰ নহয়।’ (চূনান আদ-দাৰিমী, মুকাদ্দিমা, অনুচ্ছেদ/২৬: ইলমৰ প্ৰস্থান, নম্বৰ-২৫৭ ; জামি বয়ানূল ইলম, নম্বৰ- ৩২৬) ৪. পাপ আৰু অপৰাধৰ পৰা বাচি থকাৰ প্ৰশিক্ষণ: মানুহে পাপ আৰু অপৰাধত জডিত হৈ পৰাৰ অন্যতম উপাদান হৈছে দুই উৰুৰ মধ্যবর্তীস্থল আৰু জিভা। ৰোজায় এই দুয়োটা বিষয় নিয়ন্ত্ৰনত ৰাখে। কিয়নো ৰোজা ৰাখি অহেতুক কথা বতৰা, গালি-গলোচ, কুৎসা, পৰনিন্দা আদি পৰিত্যাগ কৰিব নোৱাৰিলে তেওঁৰ ৰোজা ৰখাৰ কোনো মূল্য নাই। এই বিষয়েই নিম্নোক্ত হদীছটোত কোৱা হৈছে- আবূ হুৰাইৰা (ৰা) ৰ পৰা বৰ্ণিত। তেওঁ কৈছে, ৰচূল (ছা) এ কৈছিল, ‘যি ব্যক্তিয়ে মিছা কথা কোৱা আৰু সেই অনূযায়ী কৰ্ম পৰিত্যাগ নকৰে তেওঁৰ এই পানাহাৰ পৰিত্যাগ কৰাটোত আল্লাহৰ কোনো প্ৰয়োজন নাই।’ (ছহীহুল বূখাৰী, অধ্যায়/৩০ : কিতাবুছ ছওম, অনুচ্ছেদ/৮ : যি ব্যক্তি ৰোজা পালন কৰাৰ সময়ত মিছা কথা কোৱা আৰু সেই অনূযায়ী কৰ্ম পৰিত্যাগ নকৰে, হদীছ-১৯০৩) ৰোজাই যৌন স্পৃহাও দমন কৰি ৰাখে। যিয়ে যুৱক সকলক পাপাচাৰ আৰু ব্যভিচাৰৰ পৰা দূৰত ৰাখে। সেইবাবে ৰোজা যুৱক সকলৰ বাবে উপকাৰী। আব্দুল্লাহ ইবনে মাছউদ (ৰা) এ বৰ্ণনা কৰিছে, ‘হে যুৱ সমাজ! তোমালোকৰ মাজত যি সকলৰ বিবাহ কৰাৰ সামৰ্থ আছে তেওঁলোকে যেন বিবাহ কৰে। কিয়নো বিবাহ দৃস্টি শক্তিক সংযত ৰাখে তথা লজ্জাস্থানৰ সংৰক্ষণ কৰে আৰু যাৰ বিবাহ কৰাৰ সামৰ্থ নাই তেওঁ যেন ৰোজা ৰাখে। কিয়নো ৰোজা তেওঁৰ যৌন স্পৃহাক দমন কৰি ৰাখিব। (ছহীহুল বূখাৰী, অধ্যায়/৬৭ : কিতাবুন নিকাহ, অনুচ্ছেদ/৩ : বিবাহ কৰাৰ যাৰ সামৰ্থ নাই তেওঁ ৰোজা পালন কৰিব, হদীছ-৫৫৬৬) গতিকে ৰোজাই পাপাচাৰ আৰু অপৰাধ প্ৰতিৰোধৰ আমোঘ অস্ত্র। ইয়াৰ অনুশীলনে সমাজক শান্তিৰ আলয়লৈ পৰিবৰ্তীত কৰি দিয়ে। ৫. দূখিয়াৰ প্ৰতি সহানূভূতিশীল : সমাজৰ অভাৱী আৰু দূখিয়াৰ প্ৰতি সহায়-সহযোগিতা আগবঢ়োৱাৰ মনোভাৱ সৃষ্টিত ৰোজাৰ অৰিহণা বহুত। দূখিয়াসকলৰ প্রতি যাতে সমাজৰ প্ৰতিজন স্বাৱলম্বী মানুহে খবৰ পাতি লয়, তেওঁলোকৰ খোৱা-বোৱাৰ ব্যবস্থা কৰে সেইবাবে ইছলামে ৰমজানত জনপ্ৰতি ফিতৰা আদায় দিবলৈ নিৰ্দেশ দিছে৷ ইয়াৰ এটা উদ্দেশ হৈছে ৰমজানৰ শেষত ঈদূল ফিতৰৰ দিনা দূখিয়াসকলেও যাতে ঈদৰ আনন্দত অংশগ্রহণ কৰিব পাৰে। ইবনে ওমৰ (ৰা) এ কৈছে, ‘ৰচুলুল্লাহ (ছ) ঈদৰ দিনা ৰাতিপুৱা ঈদৰ নামাজৰ বাবে ওলাই যোৱাৰ পূৰ্বেই ছাদাকা আদায় কৰাৰ নিৰ্দেশ দিছিল।’ (ছহীহুল বূখাৰী, অধ্যায়/২৪ : কিতাবুল জাকাত অনুচ্ছেদ/৭৬ : ঈদৰ নামাজৰ পূর্বেই ছাদাকাতুল ফিতৰ আদায় কৰিব লাগিব, হদীছ-১৫০৯) ইবনে আববাছ (ৰা) এ কৈছে, ‘ৰচল (ছা) অশ্লীল তথা গৰ্হিত কাৰ্যকলাপৰ পৰা ৰোজাক পবিত্ৰ কৰিবলৈ আৰু দূখীয়া সকলৰ খাদ্যৰ ব্যৱস্থাৰ উদ্দেশ্যে ৰোজাৰ যাকাত প্ৰদান কৰাটো আবশ্যকীয় কৰিছ। যি ব্যক্তি নামাজৰ আগত সেয়া আদায় কৰিলে সেইটো গৃহীত দানত পৰিনত হয় আৰু যি ব্যক্তিয়ে নামাজৰ পিছত প্ৰদান কৰে সেয়া অন্যান্য দান সমূহৰ মাজৰ এটা দানেই মাত্ৰ।’ (ছুনান আবু দাউদ, অধ্যায়/৩ : যাকাত, অনুচ্ছেদ/১৮ : যাকাতুল ফিতৰ, হদীছ-১৬০৯) অৱশে্য ধনী সকলে ইয়াত অহংকাৰ কৰিবলগীয়া একো নাই এই ফিতৰা তেওঁলোকৰ ৰোজাৰ সময়ত অনিচ্ছাকৃত ভূলৰ ক্ষতিপূৰণ স্বৰূপ। অফুুৰন্ত কল্যাণ আৰু উপকাৰিতা লৈ ৰমজানৰ এই ৰোজা প্ৰতি বছৰ আমাৰ মাজত আহি উপস্থিত হয়। এই মাহত আল্লাহে ৰোজাৰ জৰিয়তে যি গুণ সমূহ সৃষ্টি কৰিব বিচাৰে সেয়া যাতে পৰৱৰ্তী এঘাৰ মাহ অনূশীলন কৰিব পাৰে তাৰে প্ৰশিিক্ষণ দিয়ে। আকৌ বছৰৰ শেষত যেতিয়া ৰোজাৰ শিক্ষা আমি পাহৰি পেলাও ঠিক সেই সময়ত ৰমাজানৰ কাঁচি জোন আহি আমাৰ চোতালত পোহৰ মেলে। আল্লাহে এনেদৰে আমাৰ জীৱন কালত প্ৰতিবছৰে এমাহ ৰোজাৰ মাধ্যমত প্ৰশিক্ষণ দি পৃথিৱীত শান্তি আৰু আখেৰাতত জান্নাাত পোৱাৰ উপযোগীকৈ গঢ়ি তোলে।                                        

সূচীপত্র

৪. পাপ আৰু অপৰাধৰ পৰা বাচি থকাৰ প্ৰশিক্ষণ:
Share:

No comments:

Post a Comment