অহংকাৰ: ব্যক্তিৰ ৰূহানী বেমাৰ


    'অহংকাৰ' আৰবীত যাক কোৱা হয় তাকাব্বৰ। যাৰ অর্থ- দাম্বিকতা, গৌৰব, অহমিকা আদি। ইছলামী পৰিভাষাত ধন-সম্পদ, শিক্ষা-দীক্ষা, ৰূপ-সৌন্দর্য, ক্ষমতা-প্রতিপত্তিসহ যিকোনো বিষয়ত নিজক ডাঙৰ বা উচ্চ বুলি ভাৱা আৰু আনক তুচ্ছ বা সৰু বুলি ভৱাকে অহংকাৰ বুলি কোৱা হয়।
    অহংকাৰ ব্যক্তিৰ ৰূহানী বেমাৰ। এই বেমাৰে ব্যক্তিৰ নৈতিক উন্নতিত বাধা গ্রস্থ কৰিব পাৰে । সমজত প্রচলিত আছে যে, 'অহংকাৰেই পতনৰ মূল'। অহংকাৰী ব্যক্তিজন অহংকাৰৰ ফলতে সমাজৰ পৰা বিচ্ছিন্ন হৈ পৰে। মানুহৰ ঘৃণাৰ পাত্রত পৰিণত হয়। এটা সময়ত অহংকারী ব্যক্তিজন স্বাভাবিক জীবন ধাৰনৰ পৰা বঞ্চিত হয়। এয়া তাৰ আনক সৰু বুলি ভৱাৰ পৰিণতিতে হয়। ইয়াক তাৰ নৈতিক পতন বুলি কব পাৰি।
    ইছলামে ব্যক্তিৰ মাজত অহংকাৰৰ দৰে বেয়া গুন বা কাৰক সৃষ্টি হওঁক সেয়া নিবিচাৰে। তাৰ সলনি ব্যক্তিৰ মাজত উন্নততৰ নৈতিক গুণাবলীৰ বিকাশ হওক তাৰে শিক্ষা দিয়ে। সেই উদ্দেশ্যে ইছলামে অহংকাৰৰ দৰে অৱগুনক ভাঙৰ পাপ বুলি ঘোষণা কৰিছে। আল্লাহে কৈছে, 'নিশ্চয় আল্লাহ অহংকাৰী সকলক ভাল নাপায়।' (আন-নহলঃ ২৩)
    অহংকাৰ কৰিব পাৰে সেই জনেই যিজন সকলোতকৈ ডাঙৰ আৰু ক্ষমতাবান। এই ক্ষেত্ৰত মানুহৰ কেনেকৈ সেই যোগ্যতা থাকিব পাৰে। যিয়ে জুইৰ প্ৰকাণ্ড লেলিহান শিখা দেখা পালে, বিষাক্ত কোনো পোক-পৰুৱা দেখা পালে, ভয়ত লৰ মাৰে। তথাপি মানুহে জাগতিক ধন-জন-বলৰ বাবে অহংকাৰীভাৱে উদ্ধত আচৰণ কৰে।
    হাদীছে কুদছীত আল্লাহে সতৰ্ক কৰি দি কৈছে, 'অহংকাৰ হল মোৰ চাদৰ আৰু মহানত্ব হৈছে মোৰ বস্ত্ৰ। গতিকে যি ব্যক্তিয়ে এই দুটাৰ যিকোনো এটা লৈ টনাটনি কৰিব মই অৱশ্যে তাক জাহান্নামত নিক্ষেপ কৰিম । (আবুদাঊদঃ ৪০৯০ ) অৰ্থাৎ যি ব্যক্তিয়ে অহংকাৰ আৰু মহানত্বৰ দাবীদাৰ হ'ব আল্লাহ তাআলাই অৱশ্যেই তাক ধ্বংস কৰি দিব।
    আব্দুল্লাহ ইবনে মাছউদ (ৰাঃ) পৰা বৰ্ণিত। ৰছুল (ছঃ) কৈছে, 'যাৰ অন্তৰত বিন্দু পৰিমাণ অহংকাৰ থাকিব, সি জান্নাতত প্ৰৱেশ কৰিব নোৱাৰে।' (চহীহ মুছলিমঃ ৯১) জন্নাতত প্ৰৱেশ কৰিব নোৱাৰে সেয়া নিশ্চিত, কেৱল সেয়াই নহয় কিয়ামতৰ দিনা লাঞ্চিত ৰূপত সিহঁতক উপস্থিত কৰা হ'ব। হজৰত ইবনে শুৱাইব (ৰাঃ) ৰ পৰা বৰ্ণিত। ৰাছুল(ছ) এ কৈছে 'কিয়ামতৰ দিনা অহংকাৰীসকলক ক্ষুদ্ৰ পিপৰাৰ দৰে (অপমানিত অৱস্থাত) একত্রিত কৰা হ'ব।' (তিৰমিজীঃ ২৪৯২)
    পৃথিৱীত অহংকাৰীবিলাকে নিজকে ডাঙৰ বা উচ্চ বুলি ভাৱে আৰু আনক সৰু বা তুচ্ছ দৃষ্টিৰে চায়। সেইবাবে কিয়ামতৰ দিনা অহংকাৰীবিলাকক ক্ষুদ্ৰ পিপৰাৰ দৰে একত্ৰিত কৰি বিচাৰৰ ময়দানত পদপৃষ্ঠ কৰাৰ মাধ্যমে লাঞ্চিত কৰা হ'ব।
    প্ৰকৃততে অহংকাৰীবিলাকৰ আখেৰাতেই ধ্বংস নহয় পাৰ্থিব জীৱনো লাঞ্চনা আৰু অপমানৰ হৈ থাকে। আল্লাহে অহংকাৰীবিলাকক মানুহৰ দৃষ্টিত সৰু আৰু নিকৃষ্ট কৰি দিয়ে।



 

Share:

No comments:

Post a Comment