আদর্শ প্রতিৱেশী আদর্শ সমাজ

আদর্শ প্রতিৱেশী আদর্শ সমাজ

ইছলামত প্ৰতিৱেশীৰ গুৰুত্ব

     মানুহে বিশ্বৰ বা-বাতৰি হাতৰ মুঠিতে তৎক্ষণাত লাভ কৰিবলৈ সক্ষম হৈছে৷ কেৱল খবৰেই লাভ কৰা নাই তাত নিজৰ এক বলিষ্ঠ মতামত দাঙি ধৰিবলৈ সক্ষম হৈছে৷ কিন্তু সেই সময়ত দুখৰ কথা এয়ে যে মানুহে নিজৰ একেবাৰে কাষৰ ব্যক্তিজনৰ অৰ্থাৎ ওচৰ-চুবুৰীয়া প্ৰতিৱেশী ব্যক্তি বা পৰিয়ালটোৰ খবৰ পাতি ল’বলৈ কোনো সময় নাই৷ প্ৰতিৱেশীৰ অৱস্থা সম্পৰ্কে তেওঁ একো নাজানে৷ প্ৰতিৱেশী লঘুনে আছে নে? দিনটোত সন্তান সন্তুতিৰ বাবে এমুঠি আহাৰ যোগাৰ কৰিব পাৰিলে নে নাই সেয়া এজন প্ৰতিৱেশী হিচাপে খবৰ লোৱাটো নৈতিক দায়িত্ব আছিল, কিন্তু সেয়া পাহৰি গৈছে৷ 
ভাল বা বেয়া যি দিনেই নহওক আত্মীয়-স্বজনৰ বাহিৰে যাক কাষত পোৱা যায় সেয়া কিন্তু প্ৰতিৱেশীয়ে৷ কিন্তু আজি কালি প্ৰতিৱেশীক মানুহে গুৰুত্ব দিয়া নাই৷ প্ৰতিৱেশীক তুচ্ছজ্ঞান কৰি তেওঁলোকৰ সৈতে সম্পৰ্ক গঢ়ি তুলিব নিবিচাৰে৷ প্ৰতিৱেশীৰ সুখ দুখত সমভাগী হ’ব নিবিচাৰে৷ প্ৰতিৱেশীৰ বেয়া দিনত সহায়ৰ হাত আগবঢ়াই দিব নিবিচাৰে৷ ইয়াক মানৱতাৰ নৈতিক পতন বুলি ক’ব লাগিব৷
প্ৰতিৱেশীৰ মাজত ধনী আৰু দুখীয়া দুয়োশ্ৰেনীৰ লোক থাকিব পাৰে৷ ধনী প্ৰতিৱেশীৰ লগত যেনেকৈ সৌজন্যতা বজাই ৰাখি চলা হয়, ঠিক তেনেকৈ দুখীয়া শ্ৰেনীৰ লগতো সৌজন্যতা বজাই চলিব লাগে৷ আৰ্থিক ভাৱে দুৰ্বল প্ৰতিৱেশীক তেওঁলোকৰ বিভিন্ন প্ৰয়োজনত আগবাঢ়ি আহিব লাগে আৰু সাৰ্বিকভাৱে সাহায্য কৰিব লাগে৷ 
কিন্তু বৰ্তমান সমাজৰ প্ৰতিচ্চবি ভিন্ন৷ সমাজৰ স্বৱলম্বী প্ৰতিৱেশীয়ে আৰ্থিক ভাৱে দুৰ্বল প্ৰতিৱেশীৰ সৈতে সম্পৰ্ক ৰাখিব নিবিচাৰে৷ সিহঁতৰ অনুষ্ঠানত দুখিয়া অসচ্চল প্ৰতিৱেশীক নিমন্ত্ৰণ কৰিব নিবিচাৰে৷ এনেকি সেই অনুষ্ঠান সমূহত বাছি বাছি ধনী আৰু সাৱলম্বী প্ৰতিৱেশী লোককহে নিমন্ত্ৰণ কৰা দেখা যায়৷ 
প্ৰতিৱেশী সম্পৰ্কে ইছলামে এই শিক্ষা দিছে যে এজন ভাল মুছলমান হ’বলৈ হ’লে তেওঁ প্ৰতিৱেশীৰ সৈতে ভাল সম্পৰ্ক গঢ়িব লাগিব৷ সেইজন ব্যক্তিক নিকৃষ্ট বুলি কৈছে যিয়ে তাৰ প্ৰতিৱেশীক কষ্ট দিয়ে৷ প্ৰতিৱেশীক যিজনে কষ্ট দিয়ে সি ইছলামত বিশ্বাসী নহয় বুলি কৈছে৷ নবী [ছঃ] এ কৈছে, ‘আল্লাহৰ শপথ! সেই ব্যক্তি মু’মিন নহয়, আল্লাহৰ শপথ! সেই ব্যক্তি মু’মিন নহয়, আল্লাহৰ শপথ! সেই ব্যক্তি মু’মিন নহয়৷ কোৱা হ’ল, কোন সেই ব্যক্তি? নবী [ছঃ] এ ক’লে, ‘যাৰ অনিষ্টৰ পৰা তাৰ প্ৰতিৱেশী  নিৰাপদ নাথাকে৷’ [ছহীহুল বুখাৰী, হাদীছঃ৬০১৬]
নবী [ছঃ] এ তিনি তিনি বাৰ আল্লাহৰ শপত খাই কৈছে যে, প্ৰতিৱেশীক কষ্ট দিয়া জন মু’মিন নহয়৷ এয়া তেখেতে বিষয়টোৰ গুৰুত্ব বুজাবলৈ পুনাৰাবৃত্তি কৰিছে৷ গতিকে প্ৰতিৱেশীক কষ্ট দিয়াৰ পৰা বিৰত থকা উচিত৷ অন্যথাই পৰিপূৰ্ণ মু’মিন হোৱাৰ পৰা বঞ্চিত হ’ব আৰু আখিৰাতত ইয়াৰ পৰিণতি ভোগ কৰিব লাগিব৷
ছহীহ মুছলিমৰ এটি হাদীছত আছে, নবী [ছঃ] এ কৈছে, ‘যাৰ প্ৰতিৱেশী তাৰ অনিষ্টৰ পৰা নিৰাপদ নহয়, সি জান্নাতত প্ৰৱেশ কৰিব নোৱাৰে৷’ [ছহীহ মুছলিম, হাদীছঃ৪৬] এই হাদীছত প্ৰতিৱেশীক কষ্ট দিয়া ব্যক্তিজনে আখিৰাতৰ সৰ্বোচ্ছ নিয়ামত জান্নাত  লাভৰ পৰা বঞ্চিত হোৱাৰ সতৰ্কবাণী শুনোৱা হৈছে৷ 
এতিয়া কথা হ’ল প্ৰতিৱেশীক কষ্ট দিয়া হয় কেনেকৈ? প্ৰতিৱেশীক কষ্ট দিয়া হয় কথা আৰু কামেৰে৷ প্ৰতিৱেশীক সমালোচনা কৰি, অযথা গালাগালি কৰি, ব্যংগ-বিদ্ৰুপ কৰি, মনত আঘাত পায় তেনে কথা কৈ কষ্ট দিয়া হয়৷ আকৌ কৰ্মৰ মাজেৰে কষ্ট দিয়া হৈছে নিজ ঘৰৰ ময়লা, আৰ্বজনাৰ পানী আদি প্ৰতিৱেশীৰ ঘৰৰ পিনে এৰি দিয়া, ঘৰৰ ধোৱা, দুৰ্গন্ধ আদিৰে অতিষ্ট কৰা, উচ্ছ স্বৰে মিউজিক বজাই শব্দ কৰি, সামাজিক ভাৱে হেয় কৰি আদি কৰ্মৰ মাজেৰে প্ৰতিৱেশীক মানসিকভাৱে কষ্ট দিয়া ইয়াৰ অন্তৰ্ভক্ত৷    
আন এক হাদীছত নবী [ছঃ] এ কৈছে, ‘যিয়ে আল্লাহ আৰু শেষ দিনৰ ওপৰত বিশ্বাস পোষণ কৰে, তাৰ উচিত প্ৰতিৱেশীক কষ্ট নিদিয়া, যিয়ে আল্লাহ আৰু শেষ দিনৰ ওপৰত বিশ্বাস পোষণ কৰে, তাৰ উচিত অতিথিৰ প্ৰতি সন্মান প্ৰদৰ্শন কৰা আৰু যিয়ে আল্লাহ আৰু শেষ দিনৰ ওপৰত বিশ্বাস পোষণ কৰে, তাৰ উচিত সি যেন উত্তম কথা-বতৰা পাতে অথবা মনে মনে থাকে৷’ [ছহীহুল বুখাৰী, হাদীছঃ৬১৩৬; ছহীহ মুছলিম, হাদীছঃ৪৭; আল আদাবুল মুফৰাদ, হাদীছঃ১০১]
সাতটা বিষয়ৰ ওপৰত বিশ্বাস কৰাৰ নাম ঈমান৷ এই হাদীছটোত নবী [ছঃ] এ তাৰে মাজত আল্লাহ আৰু শেষ বিচাৰৰ দিনৰ কথা উল্লেখ কৰি কৈছে, যিয়ে ইয়াৰ ওপৰত বিশ্বাস কৰিছে, তাৰ উচিত প্ৰতিৱেশীক কষ্ট নিদিয়ে যেন৷ বৰঞ্চ প্ৰতিৱেশীৰ সৈতে সদাচাৰ বা উত্তম আচৰণ কৰা উচিত যিয়ে প্ৰকৃততে ঈমান আনিছে৷ ৰাছুল [ছঃ] এ বাৰে বাৰে প্ৰতিৱেশীৰ অধিকাৰৰ বিষয়টো ঈমানৰ সৈতে সম্পৰ্কিত কৰিছে৷ ইয়াৰ অৰ্থই হৈছে প্ৰতিৱেশীৰ সৈতে সু-সম্পৰ্ক ৰক্ষা কৰা অন্যথাই পৰিপূৰ্ণ ঈমানৰ পৰা বঞ্চিত হ’বা৷ 
নবী [ছঃ] এ চাহাবাবৃন্ধক প্ৰতিৱেশীৰ প্ৰতি সদাচাৰ বা উত্তম ব্যৱহাৰ কৰিবলৈ বিভিন্ন ধৰণে উৎসাহিত কৰিছে আৰু ইয়াৰ জৰিয়তে এজন পৰিপূৰ্ণ মুমিন হ’ব পৰা যায় বুলি ঘোষণা কৰিছে৷ হজৰত আবু হুৰাইৰা [ৰাঃ] ৰ পৰা বৰ্ণিত৷ ৰাছুল [ছঃ] এ কৈছে, ‘এনে কোন আছে যিয়ে মোৰ পৰা এই কথাবোৰ গ্ৰহণ কৰিব আৰু ইয়াৰ ওপৰত আমল কৰিব অথবা সেয়া আনক শিক্ষা দিব যি অনুৰূপ আমল কৰিব?’ 
এই কথা শুনি মই ক’লোঁ, ‘হে আল্লাহৰ ৰাছুল! মই সাজু আছো৷’ তাৰ পাছত তেওঁ মোৰ হাতত ধৰি গণি গণি এই  পাঁচটা কথা ক’লে- 
. তুমি হাৰাম কামৰ পৰা আঁতৰি থাকিবা, তেনেহ’লে তুমি সকলো মানুহতকৈ অধিক ইবাদতকাৰী গণ্য হ’বা৷ 
২. আল্লাহে তোমাৰ ভাগ্যত যি ৰাখিছে তাতেই সন্তুষ্ট থাকিবা, তেতিয়া হ’লে তুমি সৰ্বাধিক আত্মনিৰ্ভৰশীল গণ্য হ’বা৷ 
৩. তুমি তোমাৰ প্ৰতিৱেশীৰ প্ৰতি উত্তম আচৰণ কৰিবা, তেনেহলে তুমি মু’মিন হিচাপে গণ্য হ’বা৷ 
. তুমি নিজৰ বাবে যি ভাল পোৱা, আনৰ বাবে তাকে ভাল পাবা, তেতিয়া হ’লে তুমি মুছলমান হিচাপে গণ্য হ’বা৷ আৰু
. তুমি অত্যধিক হাঁহি-ধেমালী নকৰিবা, কিয়নো অত্যধিক হাঁহি-ধেমালীয়ে হৃদয় মৃত কৰি পেলায়৷’ [জামি’ আত তিৰমিজী, হাদীছঃ২৩০৫]
আকৌ আন এক বৰ্ণনাত আবু হুৰাইৰাক [ৰা] উপদেশ দি নবী [ছ] এ কৈছে, ‘প্ৰতিৱেশীৰ প্ৰতি উত্তম আচৰণ কৰা আৰু দয়া প্ৰকাশ কৰা তেনেহ’লে তুমি মুছলিম হ’ব পাৰিবা৷’ [ছুনান ইবনে মাজাহ, হাদীছঃ৪২১৭]
প্ৰতিৱেশীৰ প্ৰতি আচৰণে ঈমানৰ লগে লগে ব্যক্তিৰ চাৰিত্ৰিক দিশৰ পৰিচায়ক৷ প্ৰতিৱেশীৰ সৈতে সুন্দৰ বা উত্তম আচৰণে ব্যক্তিজনৰ ব্যক্তিত্ব প্ৰতিফলিত কৰে৷ আব্দুল্লাহ ইবনে মাছউদ [ৰাঃ] ৰ পৰা বৰ্ণিত৷  ৰাছুলুল্লাহ [ছঃ] এ কৈছে, ‘আল্লাহে তোমালোকৰ মাজত তোমালোকৰ চৰিত্ৰ বিতৰণ কৰিছে যেনেকৈ তোমালোকৰ জীৱিকা বিতৰণ কৰিছে৷ আল্লাহে যাক ভাল পায় তাকো ধন-সম্পদ দিয়ে আৰু আল্লাহ যাক ভাল নাপায় তাকো ধন-সম্পদ দিয়ে৷ কিন্তু আল্লাহে যাক ভাল পায়, একমাত্ৰ তাকে দ্বীন  প্ৰদান কৰে আৰু তেওঁ যাক দ্বীন প্ৰদান কৰে, তাক নিশ্চিতভাৱে ভাল পায়৷ সেই মহান সত্তাৰ শপত! যাৰ নিয়ন্ত্ৰণত মোৰ জীৱন৷ হৃদয় আৰু জিভা সংযত নোহোৱালৈকে কোনেও প্ৰকৃত মুছলমান হ’ব নোৱাৰে আৰু তেতিয়ালৈকে কোনোৱেই প্ৰকৃতবিশ্বাসী [মু’মিন] হ’ব নোৱাৰে৷ যেতিয়ালৈকে তেওঁৰ প্ৰতিৱেশী তেওঁৰ পৰা নিৰাপদ অনুভৱ নকৰে৷ [মুছতাদৰাকে হাকীম, হাদীছঃ৭৩০১; আত-তাৰগীব ৱাত-তাৰহীব, হাদীছঃ৩৮৮২] 
নবী [ছঃ] ৰ বাণী সমুহৰ পৰা বুজা যায় যে শেষ বিচাৰৰ দিনা মুক্তিৰ বাবে আমাৰ ঈমানদাৰিতা, মু’মিনত্ব আৰু মুছলমানিত্ব সুৰক্ষিত ৰাখিবলৈ প্ৰতিৱেশীৰ সৈতে সুন্দৰ সম্পৰ্ক গঢ়ি তোলা উচিত৷ অন্যথাই আমাৰ বাবে এক কঠিন দিন অপেক্ষা কৰি আছে৷
নিঃসন্দেহে  ইছলামে এইবোৰ শিক্ষাৰ জৰিয়তে এক শান্তিপূৰ্ণ আৰু এক আদৰ্শ সমাজ প্ৰতিষ্ঠা কৰিব বিচাৰে৷ য’ত সমাজৰ লাঞ্চিত, বঞ্চিত, নিপিড়িত আৰু অবহেলিত শ্ৰেণীক সমাজৰ স্বাৱলম্বী শ্ৰেণীয়ে সকলো ধৰণে সহায় কৰা আৰু তেওঁলোকৰ জীৱন যাপনৰ মানদণ্ড সমাজৰ মুখ্য ধাৰাৰ পায্যায়লৈ লৈ যাবলৈ যতপৰনাস্তি চেষ্টা কৰিব আৰু এয়া তাৰ ঈমানী দায়িত্ব জ্ঞান কৰিব৷ প্ৰতিৱেশী সম্পৰ্কে ইছলামে যি শিক্ষা দিছে তাৰ পৰা ই  জল-জল পট-পট হৈ  পৰিছে৷

প্ৰতিৱেশীৰ সংজ্ঞা আৰু প্ৰকাৰ

    প্ৰতিৱেশীৰ আৰৱী প্ৰতিশব্দ হৈছে ‘জাৰ’৷ যাৰ অৰ্থ হৈছে ওচৰ-চুবুৰীয়া, সমীপৱৰ্তী লোক৷ ইংৰাজীত ‘Neighbour’,  Living in the same locality or vicinity ৷ পাৰিভাষিক অৰ্থত ‘ব্যক্তি এজনৰ কাষত বা ওচৰত বসবাস কৰা লোকসমষ্টিয়েই হৈছে প্ৰতিৱেশী৷’ ঘৰ অথবা কৰ্মস্থলীৰ আশে-পাশে বসবাসকাৰী বা অৱস্থান কৰা লোক পৰস্পৰে পৰস্পৰৰ প্ৰতিৱেশী৷ বৃহত্তৰ ক্ষেত্ৰত দেশৰ অধিবাসী সকল পৰস্পৰে পৰস্পৰৰ প্ৰতিৱেশী৷ এই ক্ষেত্ৰত কাষৰ কেই ঘৰ পৰিয়ালক প্ৰতিৱেশী বুলি কোৱা হ’ব এই বিষয়ে বিভিন্নজনে বিভিন্ন মতামত প্ৰদান কৰিছে৷
হজৰত হাছান [ৰঃ] এ কৈছে, ‘নিজৰ ঘৰৰ পৰা সন্মুখৰ চল্লিছ ঘৰ, পিছ ফালৰ চল্লিছ ঘৰ, সোঁফালৰ চল্লিছ ঘৰ আৰু বাওঁফালৰ চল্লিছ ঘৰ [পৰিয়াল] হৈছে প্ৰতিৱেশী৷’ [আল আদাবুল মুফৰাদ, হাদীছঃ১০৮]৷ 
কাৰোবাৰ মতে চাৰিওপিনৰ দহ ঘৰ প্ৰতিৱেশী হিচাপে গণ্য৷ কোনো কোনো বাই কৈছে যি জনে মাতিলে সঁহাৰি দিব পাৰে তেওঁ প্ৰতিৱেশী৷ কাৰোবাৰ মতে একে মছজিদত একে লগে নামাজ পৰিলে প্ৰতিৱেশী হিচাপে গণ্য৷ শ্বৰিয়তত কোনো নিৰ্দিষ্ট কৰি দিয়া হোৱা নাই বাবেই বিভিন্নজনে অভিধানিক অৰ্থৰ ভিত্তিত আৰু চাহাবা সকলৰ কাৰ্যৰ ভিত্তিত প্ৰতিৱেশী কোন সেই সম্পৰ্কে মতামত দিবলৈ চেষ্টা কৰিছে৷ সেয়ে প্ৰতিৱেশী গণ্য কৰাৰ ক্ষেত্ৰত স্থানীয় যি নীতি আছে তাকেই গ্ৰহণ কৰা হয়৷ শ্বৰিয়তত যদি কোনো বিষয়ত নীতি নিৰ্দেশনা নাথাকে সেই ক্ষেত্ৰত ‘উৰ্ফ’ অৰ্থাৎ প্ৰচলিত ৰীতি গ্ৰহণ কৰা হয়৷ 
প্ৰতিৱেশীৰ মাজত মুছলিম, অমুছলিম, উপকাৰী, অপকাৰী, পুণ্যবান, অপৰাধী, বন্ধু, দানশীল, কৃপন, আত্মীয়, অনাত্মীয়, দেশী, প্ৰৱাসী, দূৰবত¹, নিকতবত¹ আদি বিভিন্ন ধৰণৰ লোক অন্তৰ্ভূক্ত হৈ থাকে৷ সেয়ে প্ৰতিৱেশীৰ গুৰুত্ব অনুসৰি কিছুমান ভাগত ভাগ কৰা দেখা যায় আৰু সেই অনুসৰি তাৰ অধিকাৰ আদায় কৰা হয়৷
দূৰত্বৰ দৃষ্টিত
        প্ৰতিৱেশীক বহুতে বহুত ধৰণে বিভক্ত কৰিছে৷ দূৰত্বৰ দৃষ্টিত প্ৰতিৱেশীক দুভাগত ভাগ কৰিছে- 
. নিকটবৰ্তী প্ৰতিৱেশী আৰু 
২. দূৰবৰ্তী প্ৰতিৱেশী৷ 
নিকটবৰ্তী আৰু দূৰবৰ্তী প্ৰতিৱেশীৰ অৰ্থ হৈছে প্ৰতিৱেশী সদাচাৰ পোৱাৰ অগ্ৰাধিকাৰৰ ক্ষেত্ৰত যি প্ৰতিৱেশী ঘৰৰ একেবাৰে কাষৰ এনেকি যি ঘৰৰ দৰ্জাখনৰ ওচৰত থাকে তেওঁ হৈছে নিকটৱৰ্তী প্ৰতিৱেশী৷ 
উম্মুল মু’মিনীন আয়েছা [ৰাঃ] এবাৰ ৰাছুল[ছঃ]-ক ক’লে, ‘য়া ৰাছুলাল্লাহ! মোৰ দুজন প্ৰতিৱেশী আছে৷ তাৰ মাজত মই কাক উপহাৰ আদি দিম?’ ৰাছুল [ছঃ] এ ক’লে, ‘যাৰ ঘৰৰ দুৱাৰ তোমাৰ বেছি কাষত থাকে৷’ [ছহীহুল বুখাৰী, হাদীছঃ২২৫৯, ছুনান আবু দাউদ, হাদীছঃ৫১৫৫] 
এই ক্ষেত্ৰত বুজা যায় যে দ্বিতীয়জন দূৰত্বৰ দৃষ্টিত দূৰবৰ্তী প্ৰতিৱেশী৷ এনেকৈ প্ৰথম জনতকৈ দ্বিতীয়জন, দ্বিতীয়জনতকৈ তৃতীয়জন দূৰবৰ্তী প্ৰতিৱেশী হিচাপে গণ্য হ’ব৷ 
হজৰত আবু হুৰাইৰা [ৰাঃ] য়েও এই বিষয়ে কৈছে, ‘নিকটবৰ্তী প্ৰতিৱেশীক বাদ দি দূৰবৰ্তী প্ৰতিৱেশীৰ পৰা [উপহাৰ আদি প্ৰেৰণ] আৰম্ভ কৰা নাযাব৷ বৰঞ্চ দূৰবৰ্তী জনৰ আগত নিকটবৰ্তী জনৰ পৰা আৰম্ভ কৰিব লাগিব৷’ [আল আদাবুল মুফৰাদ, হাদীছঃ১০৯] 
প্ৰতিৱেশীৰ অগ্ৰগণ্যৰ ক্ষেত্ৰত আন এটা মানদণ্ড এটি হাদীছৰ পৰা জানিব পৰা যায়৷ নবী [ছঃ] কৈছে, ‘দুজন ব্যক্তি একে লগে নিমন্ত্ৰণ কৰিলে তোমাৰ ঘৰৰ ওচৰৰ ব্যক্তিৰ নিমন্ত্ৰণ গ্ৰহণ কৰিবা৷ কিয়নো ঘৰৰ কাষৰ ব্যক্তি নিকটৱৰ্তী প্ৰতিবেশী আৰু যদি এজনে আন জনৰ আগতে নিমন্ত্ৰণ দিবলৈ আহে তেন্তে প্ৰথমতে অহা ব্যক্তি জনৰ নিমন্ত্ৰণ গ্ৰহণ কৰিবা৷’ [ছুনান আবু দাউদ, হাদীছঃ৩৭৫৬; মিশকাতুল মাছাবীহ, হাদীছঃ৩২২৩] 
এই বিভাজন কোনো বৈষম্য কৰাৰ বাবে নহয়৷ বৰঞ্চ সামাজিক শৃঙ্খলা বৰ্তাই ৰাখিবলৈ৷ অন্যথায় প্ৰতিৱেশীৰ সহায় সহযোগিতা পোৱাৰ ক্ষেত্ৰত সকলোৱে সমান৷ যাতে সহযোগিতা সঠিক ভাবে কাৰ্যকৰী কৰিব পৰা যায় তাৰ বাবেহে এই স্তৰ বিন্যাস৷
আত্মীয় দৃষ্টিকোণত
        আত্মীয় দৃষ্টিকোনৰ পৰা দুই ভাগত ভাগ কৰিব পাৰি- 
. আত্মীয় প্ৰতিৱেশী আৰু 
২. অনাত্মীয় প্ৰতিৱেশী৷ 
আত্মীয় সকলৰ বিষয়ত ইছলামে বহুত গুৰুত্ব প্ৰদান কৰিছে৷ কোৰআনত যাক ‘জাঁৰ জিল কুৰবা’ বুলি কৈছে, তাৰ দ্বাৰা আত্মীয় প্ৰতিৱেশীৰ কথাই কোৱা হৈছে৷ আত্মীয় প্ৰতিৱেশীৰ সৈতে সদাচাৰ কৰিলে দুটা আধিকাৰ আদায় কৰা হয়৷ এটা আত্মীয়ৰ আৰু এটা প্ৰতিৱেশীৰ অধিকাৰ৷ কোৰআনত আত্মীয় সকলৰ বিষয়ে আৰু বেছি গুৰুত্ব প্ৰদান কৰা হৈছে৷ আত্মীয় সকলৰ মাজত যদি কোনো অভাবগ্ৰস্ত হয় তেন্তে তেওঁ সহায় পোৱাৰ ক্ষেত্ৰত অগ্ৰগণ্য৷ দান বৰঙনি দুখীয়া আত্মীয় সকলৰ পৰাই আৰম্ভ কৰিব লাগে৷ কিন্তু প্ৰতিৱেশী অনাত্মীয় হলেও সহায় সহযোগিতা পোৱাৰ ক্ষেত্ৰত বৈষম্য কৰিব নোৱাৰিব৷ কিয়নো প্ৰতিৱেশীক অনাদৰ নকৰিবলৈ কঠিন হুশিয়াৰি দিয়া হৈছে৷ প্ৰতিৱেশীৰ অধিকাৰ যথাযথ প্ৰদান কৰিব লাগে৷
ধৰ্মীয় দৃষ্টিত
        ধৰ্মীয় দৃষ্টিতো দুই ভাগত ভগাব পাৰি- 
. মুছলিম প্ৰতিৱেশী আৰু 
২. অমুছলিম প্ৰতিৱেশী৷ 
বিশ্বাস গত ভাৱে মানুহ দুই ভাগে বিভক্ত৷ এটা হৈছে মুছলিম আৰু আনটো অমুছলিম৷ প্ৰতিৱেশীও সেইবাবে দুটা ভাগত বিভক্ত৷ মুছলমানৰ সৈতে মুছলিম হিচাপে অধিকাৰ আছে, তদুপৰি প্ৰতিৱেশী হিচাপেও কিছু অধিকাৰ আছে৷ কিন্তু অমুছলিমৰ সৈতে ধৰ্মীয় সহযোগিতা নাথাকিলেও প্ৰতিৱেশীৰ এক সম্পৰ্ক আছে৷ এই অধিকাৰ ইছলামে যথাযথ আদায় কৰিবলৈ নিৰ্দেশ দিছে৷ পৱিত্ৰ কোৰআনত আল্লাহে কৈছে, 
‘যিবিলাক মানুহে ধৰ্মৰ বাবে তোমালোকৰ লগত যুদ্ধ কৰা নাই আৰু তোমালোকৰ ঘৰ-বাৰীৰ পৰা তোমালোকক বহিষ্কাৰো কৰা নাই, সিহঁতৰ প্ৰতি উদাৰ হ’বলৈ আৰু  ন্যায় বিচাৰ কৰিবলৈ আল্লাহে তোমালোকক বাৰণ কৰা নাই৷ নি(য় আল্লাহ ন্যায় বিচাৰ কৰোতাসকলক ভাল পায়৷’ [ছুৰা মুমতাহিনাঃ ৬০/৮]
প্ৰখ্যাত চাহাবা আব্দুল্লাহ ইবনে আমৰ [ৰাঃ] ঘৰত এটি ছাগলী জবেহ কৰা হ’লে, তেওঁ তাৰ দাসজনক বাৰে বাৰে ক’বলৈ ধৰিলে, তুমি ইয়াৰ পৰা আমাৰ প্ৰতিৱেশী ইহুদীক অলপ দিছা নে? তুমি ইয়াৰ পৰা আমাৰ প্ৰতিৱেশী ইহুদীক অলপ দিছা নে? মই ৰাছুল [ছঃ] ক কোৱা শুনিছো, ‘জিব্ৰাইলে [আঃ] মোক প্ৰতিৱেশী সম্পৰ্কে ইমান বেছি গুৰুত্ব দিছে যে, মোৰ ধাৰণা হয়, অতি সোনকালেই হয়তো প্ৰতিৱেশীক উত্তৰাধিকাৰী স্থিৰ কৰিব৷’ [জামে আত-তিৰমিজী, হাদীছঃ১৯৪৩; ছুনান আবু দাউদ, হাদীছঃ৫১৫২; আল আদাবুল মুফৰাদ, হাদীছঃ১০৪, ১২৭] 
ইছলামে প্ৰতিৱেশী হিচাপে সকলোকে সমান দৃষ্টিৰে চোৱাটো বিচাৰে৷ এই ক্ষেত্ৰত মুছলিম অমুছলিম পাৰ্থক্য নকৰে৷
আচাৰ-আচৰণৰ দৃষ্টিত
        আচাৰ-আচৰণৰ দৃষ্টিতো দুই ভাগত ভাগ কৰা হয় -
. উত্তম প্ৰতিৱেশী আৰু 
২. নিকৃষ্ট প্ৰতিৱেশী৷
প্ৰতিৱেশী ভাল হ’লেহে শান্তিৰে বসবাস কৰিব পৰা যায়৷ মানুহে লেনদেন কৰিব লাগিলে বহু সময়ত প্ৰতিৱেশীৰ সৈতে কৰিব লগা হয়৷ সেয়ে উৎকৃষ্ট প্ৰতিৱেশী এক নিয়ামত৷ নিকৃষ্ট প্ৰতিৱেশী সম্পৰ্কে ৰাছুল [ছঃ] এ কৈছে, ‘কিয়ামত সংগঠিত নহয় যেতিয়া লৈকে কোনো ব্যক্তি তাৰ প্ৰতিৱেশী, তাৰ ভায়েকক আৰু তাৰ পিতৃক হত্যা নকৰিব৷’ [আল আদাবুল মুফৰাদ, হাদীছঃ১১৭] 
দুষ্ট প্ৰতিৱেশীৰ অনিষ্টৰ পৰা আশ্ৰয় পাবলৈ ৰাছুল [ছঃ] ৰ দোৱাত এই কথাষাৰ থাকিছিল যে, ‘হে আল্লাহ! মই তোমাৰ ওচৰত  [মোৰ] আৱাস্থলত দুষ্ট প্ৰতিৱেশীৰ পৰা আশ্ৰয় বিচাৰো৷ কিয়নো পৃথিৱীৰ প্ৰতিৱেশী পৰিবৰ্তন হৈ থাকে৷’ [ছুনান ইবনে হিব্বান, হাদীছঃ১০৩৩; আল আদাবুল মুফৰাদ, হাদীছঃ১১৬] 
আনহাতে যাক  উৎকৃষ্ট প্ৰতিৱেশী প্ৰদান কৰা হৈছে তাক বহুত কল্যাণ দিয়া হৈছে৷ নবী [ছঃ] এ কৈছেঃ ‘এজন মুছলমানৰ কাৰণে প্ৰশস্ত বাসভৱন, সৎ প্ৰতিৱেশী আৰু ৰুচিসন্মত বাহন সৌভাগ্য স্বৰূপ৷’ [আল আদাবুল মুফৰাদ, হাদীছঃ১১৫]
আন এক হাদীছ ছা’দ বিন আবি ওৱাক্কাছ [ৰাঃ] ৰ পৰা বৰ্ণিত৷ ৰাছুল [ছ] কৈছে, ‘চাৰিটা বস্তু সৌভাগ্যৰ লক্ষণ৷ সেয়া হ’ল-
       ১. পুণ্যবান স্ত্ৰী, 
       ২. প্ৰশস্ত বাসবভন, 
       ৩. সৎ প্ৰতিৱেশী আৰু 
       ৪. অনুগত বাহন৷ 
আনহাতে চাৰিটা দুৰ্ভাগ্যৰ লক্ষণ৷ সেয়া হৈছে- 
       ১. অসৎ প্ৰতিৱেশী, 
       ২. অসৎ স্ত্ৰী, 
       ৩. অবাধ্য বাহন, 
       ৪. সংকীৰ্ণ বাসস্থান৷
[ছুনান ইবনে হিব্বান, হাদীছঃ৪০৩২; আত তাৰগীব ৱাত তাৰহীব, হাদীছঃ৩৯০৮] এই হাদীছত অতিৰিক্ত ভাৱে পুণ্যবান স্ত্ৰীক সৌভাগ্যৰ লক্ষণ বুলি কোৱা হৈছে আৰু সেই চাৰিটা বিষয়ৰ বেয়া দিশক দুৰ্ভাগ্যৰ লক্ষণ হিচােপ উল্লেখ কৰা হৈছে৷ 
এই সকলোবোৰ বিভাজন পৱিত্ৰ কোৰআনৰ নিম্নোক্ত আয়াতত প্ৰতিৱেশী সম্পৰ্কে যি উল্লিখিত হৈছে তাৰ অধীন৷ আল্লাহ তায়ালাই কৈছে, ‘আল্লাহৰ ইবাদত কৰা আৰু কাকো তাৰ সৈতে অংশীদাৰ স্থাপন নকৰিবা আৰু পিতৃ-মাতৃ, আত্মীয় স্বজন, নিকটবৰ্তী প্ৰতিৱেশী, দূৰবৰ্তী প্ৰতিৱেশী, সংগী লগৰীয়া, মুছাফিৰ, তোমালোকৰ অধিকাৰভুক্ত দাস-দাসীসকলৰ প্ৰতি সদাচাৰ কৰিবা৷ নি(য় আল্লাহে  গৰ্বী আৰু দাম্বিক মানুহক ভাল নাপায়৷’ [আল কোৰআন, আন নিছাঃ ৪/৩৬]
এই আয়াতত আল্লাহে প্ৰতিৱেশীক প্ৰধানকৈ দুটা স্তৰত বিভাজন কৰিছে৷ সেয়া হৈছে আত্মীয় প্ৰতিৱেশী আৰু দূৰবৰ্তী প্ৰতিৱেশী৷ তফছিৰকাৰ সকলে সংগী লগৰীয়া সকলকো তৃতীয় স্তৰৰ এক প্ৰকাৰ প্ৰতিৱেশীয়ে বুলি কৈছে৷ ‘আছহাবু বিল জানবি’ দ্বাৰা সাময়িক ভাবে যিসকল ভ্ৰমণ সঙ্গী হয়, কোনো সভা-সমিতিত বা কৰ্মস্থানত একেলগ হয় তেওঁলোকেও সাময়িক ভাবে প্ৰতিৱেশীয়ে৷ 
তফছিৰ তাদাব্বুৰে কোৰআনত এই আয়াতৰ পৰা প্ৰতিৱেশীক তিনিটা ভাগত ভাগ কৰিছে৷ সেয়া হৈছে,
১. ‘জাৰি জিল কুৰ্বা’- প্ৰতিৱেশী হোৱাৰ লগে লগে আত্মীয়ৰ সম্পৰ্কও বিদ্যমান৷ 
২. ‘জাৰি জুনুব’- ইয়াত জুনুব শব্দৰ অৰ্থ অপৰিচিত৷ অৰ্থাৎ প্ৰতিৱেশী কিন্তু কোনো প্ৰকাৰ আত্মীয়তাৰ সম্পৰ্ক তাৰ লগত নাই৷ 
৩. ‘আছহাবু বিল জানবি’- ইয়াত জুনুব শব্দৰ অৰ্থ পাশ্বৰ্দেশ, যি  মানুহ সাময়িক বা কৃত্ৰিমভাৱে কোনো সভা বা বৈঠক, কোনো যানবাহন বা দোকান  অথবা কোনো হোটেলত কাৰোবাৰ সহচৰ বা সহযাত্ৰী হৈ পৰে, তাকে কোৱা হয় ‘আছহাবু বিল জানবি’৷ ইছলামী সমাজত এই তিন প্ৰকাৰ লোকেই এজনে আন জনৰ পৰা প্ৰতিৱেশীৰ অধিকাৰ পোৱাৰ অধিকাৰী হৈ থাকে৷ [তাদাব্বুৰে কোৰআন, মাওলানা আমিন আহছান ইছলাহী, ব্যাখ্যাকৃত আয়াত ৪/৩৬]
কোনো কোনো তফছিৰকাৰৰ মতে, ‘জাৰি জিল কুৰ্বা’ ৰ মানে হৈছে  মুছলিম প্ৰতিৱেশী আৰু ‘জাৰি জুনুব’ মানে অমুছলিম প্ৰতিৱেশী৷
ইবনে কাছীৰ [ৰঃ] তেওঁৰ তফছিৰত এটি হাদীছ উল্লেখ কৰিছে৷ হজৰত জাবিৰ ইবনে আব্দুল্লাহ [ৰাঃ] এ বৰ্ণনা কৰিছে৷ ৰাছুল [ছঃ] এ কৈছে,
‘প্ৰতিৱেশী তিন শ্ৰেণীৰ হৈ থাকে৷ প্ৰথম শ্ৰেণী হৈছে সেইসকল প্ৰতিৱেশী, যিসকলৰ এটি মাত্ৰ অধিকাৰ  প্ৰাপ্য থাকে৷ এই শ্ৰেণী প্ৰতিৱেশী অধিকাৰৰ পিনৰ পৰা ক্ষুদ্ৰতম প্ৰতিৱেশী৷ দ্বিতীয় শ্ৰেণীৰ প্ৰতিৱেশী হৈছে সেই প্ৰতিৱেশী যাৰ দুটা মাত্ৰ অধিকাৰ প্ৰাপ্য হৈ থাকে৷ তৃতীয় শ্ৰেণীৰ প্ৰতিৱেশী হৈছে সেইসকল প্ৰতিৱেশী যি সকল তিনিটা অধিকাৰ লাভ কৰাৰ অধিকাৰী হৈ থাকে৷ এই শ্ৰেণীৰ প্ৰতিৱেশী অধিকাৰ লাভ কৰাৰ পিনৰ পৰা বৃহত্তম প্ৰতিৱেশী৷ যি প্ৰতিৱেশী এটি মাত্ৰ অধিকাৰ লাভ কৰাৰ অধিকাৰী হৈ থাকে, সি হৈছে তেঁজ সম্পৰ্ক বিহীন মুছৰিক প্ৰতিৱেশী৷ যি প্ৰতিৱেশী দুটামাত্ৰ অধিকাৰ লাভ কৰাৰ অধিকাৰী হৈ থাকে, তেওঁ হৈছে মুছলিম প্ৰতিৱেশী৷ মুছলিম হিচাপে অধিকাৰআৰু প্ৰতিৱেশী হোৱাৰ অধিকাৰ, এই দুটা তাৰ প্ৰাপ্য থাকে৷ যি প্ৰতিৱেশীৰ তিনিটা হক প্ৰাপ্য থাকে, তেওঁ হৈছে তেজৰ সম্পক¹য় মুছলিম প্ৰতিৱেশী৷ প্ৰতিৱেশীৰ অধিকাৰ, মুছলমান হিচাপে অধিকাৰ আৰু তেজৰ সম্পক¹য় অধিকাৰ- এই তিনি প্ৰকাৰ অধিকাৰ লাভৰ তেওঁ অধিকাৰী হৈ থাকে৷’ [তফছিৰে ইবনে কাছিৰ, ব্যাখ্যাকৃত আয়াত ৪/৩৬, হাদীছঃ৮]

প্ৰতিৱেশীৰ অধিকাৰ

    মানুহৰ ওচৰত সন্তান-সন্তুতি আৰু আত্মীয়ৰ পিছতে কাষৰ ব্যক্তিগৰাকী হৈছে প্ৰতিৱেশী৷ বহু ক্ষেত্ৰত সহায়-সহযোগিতাৰ সময়ত আত্মীয়সকলতকৈ প্ৰতিৱেশী লোক বা পৰিয়াল আগবাঢ়ি আহে বা অগ্ৰগামী হোৱা দেখা যায়৷ সেই বাবে ইছলামে প্ৰতিৱেশীৰ প্ৰতি যত্ন ল’বলৈ বহুত গুৰুত্ব প্ৰদান কৰিছে৷ প্ৰতিৱেশী সম্পৰ্কে  ইছলামৰ দৰে অধিকাৰ প্ৰদান কৰা আন কোনো আৰ্দশত বিচাৰি পোৱা টান৷ সমাজ এখন সুস্থিৰ বাবে চলিবলৈ সমাজৰ সকলোৰে লগত এক ভ্ৰাতৃত্ববোধ থাকিব লাগে৷ ইছলামে প্ৰতিৱেশীক প্ৰদত্ত অধিকাৰ আলোচনা কৰিলে দেখা যায় যে, প্ৰতিৱেশী আৰু আত্মীয়ৰ মাজত কেইটামান ক্ষেত্ৰতৰ বাহিৰে বিশেষ পাৰ্থক্য নাই বুলিব পাৰি৷ সেই অধিকাৰ সমূহ যদি পৰিপূৰ্ণ ভাৱে পালন কৰা হয়, তেন্তে প্ৰতিৱেশীৰ মাজত কেতিয়াও হিংসা, বিদ্বেষ, ঘৃণা আদি থাকিব নোৱাৰে৷ 
প্ৰতিৱেশী সম্পৰ্কে ৰাছুল [ছঃ]ৰ মনোভাৱ এনেদৰে প্ৰকাশ কৰিছে, ‘জিব্ৰাঈল [আঃ] এ মোক প্ৰতিৱেশীসকলৰ বিষয়ে ইমান বেছি উপদেশ দিছে যে, মোৰ মনত ধাৰণা হৈছিল, তেওঁ হয়তো প্ৰতিৱেশীসকলক সম্পত্তিৰ উত্তাৰাধীকাৰী বনাই দিব৷’ [ছহীহ মুছলিম, হাদীছঃ২৬২৫; ছুনান আবু দাউদ, হাদীছঃ৫১৫১]
প্ৰতিৱেশীৰ সৈতে সুসম্পৰ্ক, সদাচৰণ, সহায় সাহায্য আগবঢ়াবলৈ ইছলামে গুৰুত্বৰে সৈতে নিৰ্দেশ দিছে৷ তেওঁলোকৰ বিপদ-আপদত খবৰ লোৱা, তেওঁলোকৰ সৈতে উত্তম ব্যৱহাৰ কৰা মুছলমানৰ কৰ্তব্য বুলি নিৰ্ধাৰণ কৰি দিছে৷
একঃ নিজৰ বাবে যি পচন্দ কৰা প্ৰতিৱেশীৰ কাৰণে তাকে পচন্দ কৰা
        এজন মুছলমান সদায় আন এজন মুছলিম ভাইৰ কাৰণে তাকেই পচন্দ কৰিব যি নিজৰ কাৰণে পচন্দ কৰে৷ যি নিজৰ কাৰণে ভালটো পচন্দ কৰিব আৰু আনৰ কাৰণে বেয়াটো পচন্দ কৰিব তেওঁ ভাল মুছলমান নহয়৷ 
হাদীছত স্পষ্টকৈ বৰ্ণিত হৈছে, ৰাছুল [ছঃ] এ কৈছে, ‘তেতিয়ালৈকে তোমালোকৰ কোনেও প্ৰকৃত মু’মিন হ’ব নোৱাৰে, যেতিয়ালৈকে সি নিজৰ বাবে যি ভাল বুলি ভাৱে, আন ভায়েকৰ বাবেও তাকে ভাল বুলি নিবিচাৰিব৷’ [ছহীহ বুখাৰী, হাদীছঃ১৩]৷ এই একে কথাই ৰাছুল [ছঃ] এ প্ৰতিৱেশীৰ ক্ষেত্ৰতো কৈছে৷ 
হজৰত আনাছ [ৰাঃ] এ বৰ্ণনা কৰিছে৷ ৰাছুল [ছঃ] এ কৈছে, ‘সেই সত্তাৰ শপথ! যাৰ হাতত মোৰ প্ৰাণ, কোনো বান্দা তেতিয়ালৈকে ঈমানদাৰ হ’ব নোৱাৰে, যেতিয়ালৈকে সি তাৰ ভাই বা প্ৰতিৱেশীৰ কাৰণে তাকে ভাল বুলি নিবিচাৰিব, যি নিজৰ বাবে ভাল বুলি ভাৱে৷’ [ছহীহ মুছলিম,  হাদীছঃ৪৫]
ইছলামী আদৰ্শত বিশ্বাসী সমাজৰ প্ৰত্যেক ব্যক্তিৰ মাজত পাস্পৰিক ভাল পোৱা গঢ়ি উঠাৰ বাবে ইয়েই যথেষ্ট৷ প্ৰত্যেক ব্যক্তিয়ে নিজৰ কাৰণে যি ভাল বিচাৰে, সমাজৰ প্ৰতিজনৰ বাবে সেই ভালটোৱে বিচাৰিব৷ তাকে কৰিবলৈ গৈ এইটো চোৱা নহ’ব যে, ব্যক্তি বা প্ৰতিৱেশীজন মুছলিম নে অমুছলিম৷ তেতিয়া হ’লে সেই সমাজ অৱশ্যেই এক আদৰ্শ সমাজত পৰিণত হ’ব৷ 
এজন মু’মিন বা মুছলিমে এই আদৰ্শ প্ৰতিষ্ঠা কৰিব এই কাৰণে যে, প্ৰতিৱেশীৰ ভাল বিচৰাৰ মাধ্যমে তেওঁৰ ঈমানৰ পৰিপূৰ্ণতা জড়িত হৈ আছে৷ তেওঁ যদি ঈমানৰ উচ্ছ শিখৰত উপনিত হ’ব  বিচাৰে তেনেহ’লে অৱশ্যেই প্ৰতিৱেশীৰ বাবে তাকে বিচৰা উচিত যি নিজৰ বাবে ভাল বুলি ভাৱে৷ অন্যথাই শেষ বিচাৰৰ দিনা অনুসূচনাৰ বাহিৰে কৰিবলৈ একো নাথাকিব৷
দুইঃ প্ৰতিৱেশীক নিত্য প্ৰয়োজনীয় সামগ্ৰীৰে সহায় কৰা
       সংসাৰ জীবন-যাপনত বহুধৰণৰ সা-সামগ্ৰীৰ প্ৰয়োজন হয়৷ এই সামগ্ৰী বা বয় বস্তু যোগাৰ কৰা সকলোৰে কাৰণে সম্ভব নহয়৷ দুই এপদ বস্তু বা সা-সামগ্ৰী বেলেগৰ পৰা আনি কাম কাজ চলাই ল’ব লগা হয়৷ প্ৰতিৱেশী হিচাপে এই সৰু সুৰা সামগ্ৰীৰে সহায় সহযোগ কৰা উচিত৷ এয়া প্ৰতিৱেশীৰ প্ৰতি সৌজন্য নহয়, বৰঞ্চ এয়া প্ৰতিৱেশীৰ অধিকাৰ৷ 
কিন্তু সামৰ্থবান মানুহে প্ৰতিৱেশীক নিত্য প্ৰয়োজনীয় দিয়াচলাই, দা, কোৰ, বাচন-বৰ্তন, বাল্টি আদি সৰু সুৰা সামগ্ৰীৰে সহায় কৰা দেখা নাযায়৷ ওচৰ-চুবুৰীয়া বা প্ৰতিবেশীক এই সামগ্ৰী সমূহ দিবলৈ অস্বীকাৰ কৰি প্ৰকাৰণন্তৰে আখিৰাতক অস্বীকাৰ হে কৰিলে৷ আল্লাহ তাআলা ছুৰা মাউনত কৈছে, 
‘তুমি সেইজনক দেখিছানে, যিজনে পৰকালৰ পুৰস্কাৰ আৰু শাস্তিক অবিশ্বাস কৰে? সি সেইজনেই, যিজনে অনাথক ৰূঢ়ভাৱে খেদি পঠিয়ায় আৰু দুখীয়া-নিছলাক অন্ন দান কৰিবলৈ উৎসাহ নিদিয়ে৷ ধ্বংস হওক সেই নামাজী, যিবিলাকে নামাজক অৱহেলা কৰে আনক দেখুৱাবলৈহে [সৎ কাম] কৰে আৰু [গৃহস্থালিৰ] প্ৰয়োজনীয় সৰু-সুৰা বস্তু-বাহানি [ওচৰ-চুবুৰীয়াক] দি সহায় কৰিবলৈ অস্বীকাৰ কৰে৷’ [ছুৰা আল মাউনঃ ১০৭/১-৭]
তিনিঃ উপহাৰ আৰু উপঢৌকন পোৱাৰ পাত্ৰ
        প্ৰতিৱেশীক যথাযোগ্য সন্মান দিব লাগে৷ প্ৰতিৱেশীৰ প্ৰতিটো প্ৰয়োজনত সহাঁৰি জনাব লাগে৷ সুন্দৰ আচৰণ কৰিব লাগে৷ পৰিয়ালৰ পিছতে প্ৰতিৱেশীৰ আলপৈচান ধৰিব লাগে৷ ৰাছুল [ছঃ] এ প্ৰতিৱেশীৰ সৈতে সদাচাৰ কৰিবলৈ চাহাবাসকলক উৎসাহিত কৰিছে৷ এনেকি বিদায় হজৰ সময়তো প্ৰতিৱেশীসকলৰ সৈতে ভাল আচৰণ কৰিবলৈ যথেষ্ট উৎসাহিত কৰিছে৷
হজৰত আবু উমামা [ৰাঃ] এ বৰ্ণনা কৰিছে, মই ৰাছুলুল্লাহ [ছঃ] ক বিদায় হজৰ সময়ত তেওঁৰ কাণ কটা উটত আৰোহণ কৰা অৱস্থাত কোৱা শুনিছিলো যে, ‘মই তোমালোকক তোমালোকৰ প্ৰতিৱেশী সন্দৰ্ভত অছিয়ত কৰো৷’ তেওঁ বাৰে বাৰে এই কথা কৈ আছিল আৰু মই মনে মনে ক’লোঁ, তেওঁ হয়তো প্ৰতিৱেশীক উত্তৰাধিকাৰী কৰি দিব৷ [তাবাৰাণী, আল মু’জামুল কাবীৰ, হাদীছঃ৭৫২৩]
ৰাছুল [ছঃ]ৰ বিশিষ্ট চাহাবা হজৰত আবু যৰ [ৰাঃ] ক উপদেশ দিছিল যে তুমি যেতিয়া আঞ্জা বনোৱা তাত বেছিকৈ পানী দিবা আৰু সেয়া প্ৰতিৱেশীসকললৈ পঠোৱা৷ [ছহীহ মুছলিম, হাদীছঃ২৬২৫; ছুনান ইবনে মাজা, হাদীছঃ৩৩৬২; ছুনান আদ-দাৰেমী, হাদীছঃ২১২৪] 
অন্য এক হাদীছত হজৰত আবু জৰ গিফফাৰী [ৰাঃ] কৈছে, মোৰ বন্ধু মোহাম্মদ [ছঃ] এ মোক তিনিটা উপদেশ দিছে-
. শাসকৰ আজ্ঞা পালন কৰিবা, যদি তেওঁ নাক কটা দাসো হয়৷ 
২. ঘৰত যেতিয়া সব্জী ৰান্ধিবা, অলপ বেছি পানী দিবা যাতে প্ৰতিৱেশীৰ ঘৰলৈ অলপ পঠিয়াব পাৰা৷ 
৩. নিৰ্ধাৰিত সময়ত নামাজ আদায় কৰিবা৷ [ছহীহ ইবনে হাব্বান, হাদীছঃ১৭১৮; আল আদাবুল মুফৰাদ, হাদীছঃ১১২] 
অৰ্থাৎ প্ৰতিৱেশীক আঞ্জা দিবলৈ সামৰ্থ নাথাকিলে পানীৰে বেছিকৈ ৰান্ধি হ’লেও প্ৰতিৱেশীক দিবলৈ উপদেশ দিছে৷ এই ক্ষেত্ৰত মহিলা সকলক ৰাছুল [ছঃ] এ উপদেশ দিছে যে, ‘হে মুছলিম নাৰী সমাজ! তোমালোকৰ কোনো প্ৰতিৱেশীয়ে যদি ছাগলীৰ খুৰা উপহাৰ স্বৰূপ দিয়ে, তেতিয়াও সেয়া তুচ্চ জ্ঞান নকৰিবা৷’ [ছহীহুল বুখাৰী, হাদীছঃ৬০১৭, ছহীহ মুছলিম, হাদীছঃ১০৩০] অৰ্থাৎ দিওতাই যেন লাজৰ বশবৰ্তী হৈ দিয়াৰ পৰা বিৰত নাথাকে আৰু গ্ৰহণকাৰীয়েও যেন অলপ বুলি অবজ্ঞাৰ দৃষ্টিৰে নাচায়৷
প্ৰতিৱেশী সম্পৰ্কে ইছলামে যি শিক্ষা প্ৰদান কৰিছে, সেয়াই হৈছে শান্তিপূৰ্ণ সমাজ গঢ়াৰ অন্যতম সোঁপন৷
চাৰিঃ নিৰাপত্তাৰ অধিকাৰ
        সকলোৱে শান্তিপূৰ্ণ জীৱন যাপন কৰিব বিচাৰে৷ শান্তি সকলোৰে কাম্য৷ প্ৰতিৱেশীও এইক্ষেত্ৰত ব্যতিক্ৰম নহয়৷ এজন ব্যক্তিয়ে বিচাৰে পৰিয়ালৰ সৈতে প্ৰতিৱেশীৰ লগত শান্তিপূৰ্ণ আৰু মিলাপ্ৰীতিৰে বসবাস কৰিব৷ সেই বাবে প্ৰতিৱেশীৰ কষ্ট হয় এনে কোনো কাৰ্য কৰিব নালোগে৷ প্ৰতিৱেশীৰ সৈতে কাজিয়া বিবাদ কৰিব নালাগে৷ তেওঁলোকক উত্যক্ত কৰিব নালাগে৷ এইবোৰ কাৰ্যই প্ৰতিৱেশীৰ মাজৰ সম্পৰ্কৰ অৱনতি ঘটে৷ মহানবী [ছঃ] এ প্ৰতিৱেশীৰ সৈতে  কাজিয়া বিবাদ কৰা সকলক সতৰ্ক কৰি দি কৈছে,
‘কিয়ামতৰ দিনা সৰ্বপ্ৰথম দুইজন বিবাদকাৰী প্ৰতিৱেশীৰ বিচাৰ উত্থাপন কৰা হ’ব৷’ [মুছনাদে আহমেদ, হাদীছঃ১৭৩৭২; মিছকাতুল মাছাবীহ, হাদীছঃ৫০০০]
বহু সময়ত দেখা যায় যে প্ৰতিৱেশীৰ সৈতে কাজিয়া কৰি প্ৰতিৱেশীক গৃহ ত্যাগ কৰিবলৈ বাধ্য কৰা হয়৷  বাহু বল বা ক্ষমতাৰ অপব্যৱহাৰ কৰি প্ৰতিৱেশীক নিৰ্যাতন কৰি বা সমাজচ্যুত কৰি অত্যাচাৰ চলোৱা হয়৷ তেতিয়া প্ৰতিৱেশী বাধ্য হৈ নিজৰ ঘৰ, মাটি-বাৰী কম মূল্যত বিক্ৰী কৰি তাৰ পৰা গুচি যায়৷ এয়া বহুত ডাঙৰ গুণাহ৷ 
আবু আমেৰ হিমছী [ৰঃ] এ বৰ্ণনা কৰিছে৷ ছাওৱান [ৰাঃ] এ সদায়ে কৈছিল, ‘যেতিয়া দুজন ব্যক্তি তিন দিনতকৈ বেছি দিন ধৰি সম্পৰ্কচ্চেদ কৰি থাকে, তেতিয়া তেওঁলোকৰ এজনৰ সৰ্বনাশ হৈ যায় আৰু যদি দুয়োজনেই সম্পৰ্কচ্চেদ অৱস্থাত মৃত্যুমুখত পৰি যায়, তেন্তে তেওঁলোক দুয়োজনৰে সৰ্বনাশ হৈ যায়৷ [সেইদৰে] যদি কোনো প্ৰতিৱেশীয়ে তাৰ কোনো প্ৰতিৱেশীক নিৰ্যাতন কৰে বা তাৰ সৈতে নিষ্ঠুৰ আচৰণ কৰে, যাৰ বাবে সেই ব্যক্তি গৃহত্যাগ কৰিবলৈ বাধ্য হয়, তেন্তে সেই ব্যক্তি নিশ্চিত ধ্বংসৰ মাজত পতিত হয়৷ [আল আদাবুল মুফৰাদ, হাদীছঃ১২৬] সেয়ে প্ৰতিৱেশীৰ সৈতে সুন্দৰ আচৰণ কৰিব লাগে৷ সকলো প্ৰকাৰে প্ৰতিৱেশীৰ নিৰাপত্তাৰ দিশৰ প্ৰতি দৃষ্টি দিব লাগে৷
পাঁচঃ প্ৰতিৱেশীৰ সৈতে অন্যায় নকৰা বা কষ্ট নিদিয়া
        প্ৰতিৱেশীৰ সৈতে  দুৰ্ব্যৱহাৰকাৰী, কষ্টদানকাৰী, অন্যায়কাৰী যিমানেই ভাল কাম নকৰক, ইবাদত, নামাজ, ৰোজা আদি সৎ কৰ্ম নকৰক কিয় সেয়া তাৰ বাবে ফলপ্ৰসূ নহয়৷ আবু হুৰাইৰা [ৰা] এ কৈছে, ৰছুলাল্লাহ [ছঃ] ক কোৱা হৈছিল, ‘য়া ৰাছুলাল্লাহ! এজনী নাৰী গোটেই ৰাতি নামাজ পঢ়ে, গোটেই দিন ৰোজা ৰাখে, ভাল কাম কৰে, দান-ছদকা কৰে, কিন্তু নিজৰ প্ৰতিৱেশীসকলক মুখৰ কথাৰ দ্বাৰা কষ্ট দিয়ে৷ ৰাছুলুল্লাহ [ছ] এ ক’লে তাৰ মাজত কোনো কল্যাণ নাই, তাই জাহান্নামী৷’ 
পুনৰাই চাহাবাসকলে ক’লে, এজনী নাৰী ফৰ্জ নামাজ পঢ়ে, বয়-বস্তু দান কৰে আৰু প্ৰতিৱেশীক কষ্ট নিদিয়ে৷ ৰাছুল [ছঃ] এ ক’লে, ‘তাই জান্নাতী৷’ [আল আদাবুল মুফৰাদ, হাদীছঃ১১৮] 
প্ৰতিৱেশীক বিভিন্ন ধৰণে কষ্ট দি মানসিকভাৱে নিৰ্যাতন কৰা দেখা যায়৷ এনেকি প্ৰতিৱেশী অতিষ্ট হৈ বিভিন্ন ধৰণৰ পদক্ষেপ লোৱাও দেখা যায়৷ সম্পৰ্ক ছেদ কৰে বা কথা বতৰা বন্ধ কৰি দিয়ে৷ বিভিন্ন সময়ত ৰাছুল [ছঃ] ৰ ওচৰত এনে প্ৰতিৱেশীৰ অভিযোগ কৰাৰ ঘটনাও হাদীছত উল্লেখিত হৈছে৷ 
আবু হুৰাইৰা [ৰাঃ] ৰ পৰা বৰ্ণিত৷ তেওঁ কৈছে, এজন ব্যক্তিয়ে ক’লে, হে আল্লাহৰ ৰাছুল! মোৰ এজন প্ৰতিৱেশীয়ে মোক কষ্ট দিয়ে৷ তেওঁ কৈছিল, ‘যোৱা আৰু তোমাৰ গৃহৰ বস্তুবোৰ ৰাস্তাত থৈ দিয়া৷’ মানুহজনে নিজৰ ঘৰত সোমাই নিজৰ বস্তুবোৰ ৰাস্তাত থৈ দিলে৷ ইয়াৰ ফলত মানুহবোৰ গোট খালে, তেওঁলোকে সুধিলে, তোমাৰ কি হৈছে?’ তেওঁ ক’লে, ‘মোৰ প্ৰতিৱেশীয়ে মোক কষ্ট দিয়ে৷’ [এই কথা] মই  নবী [ছঃ] কোৱাত তেওঁ ক’লে, ‘যোৱা আৰু তোমাৰ গৃহৰ বস্তুবোৰ ৰাস্তাত পেলাই  ৰখা৷’ তাৰ পিছত [ওচৰ-চুবুৰীয়া লোকে এই অৱস্থা দেখা পাই] তেওঁলোকে প্ৰতিৱেশীক গালি দি দি ক’লে, ‘হে আল্লাহ! এই মানুহজনৰ ওপৰত তোমাৰ অভিসম্পাত হওঁক! হে আল্লাহ! তাক অপমানিত আৰু লাঞ্চিত কৰা৷’ এই কথা শুনি প্ৰতিৱেশীয়ে তালৈ উপস্থিত হ’ল৷ তেতিয়া তেওঁ ক’লে, ‘তুমি তোমাৰ ঘৰলৈ উভতি যোৱা, আল্লাহৰ শপত! মই তোমাক আৰু কেতিয়াও আমনি নকৰো৷’ [আল-আদাবুল মুফৰাদ, হাদীছঃ১২৩]
ছুনান আবু দাউদৰ হাদীছত অতিৰিক্ত আছে যে, ব্যক্তিজনে অভিযোগ কৰাত ৰাছুল [ছঃ] এ প্ৰথমতে কৈছিল যে, ‘যোৱা আৰু ধৈৰ্য ধৰা৷’ কিন্তু তাৰ পিছতো ব্যক্তিজনে কেইবাৰো আহি অভিযোগ কৰাত ৰাছুল [ছঃ] এ ব্যক্তিজনক ঘৰৰ বয়-বস্তু ৰাস্তাত পেলাই থবলৈ কৈছিল৷ [ছুনান আবু দাউদ, হাদীছঃ৫১৫৩]
আন এটা হাদীছত আবু জুহাইফা [ৰাঃ] এ কৈছে, এবাৰ এজন ব্যক্তিয়ে নবী [ছঃ] ৰ ওচৰলৈ আহি নিজৰ প্ৰতিৱেশীৰ বিৰুদ্ধে অভিযোগ কৰিলে৷ তেখেতে তেওঁক ক’লে, ‘যোৱা আৰু তোমাৰ বয়-বস্তুবোৰ লৈ ৰাস্তাত ৰাখি দিয়া৷ তেতিয়া যিয়ে বাট অতিক্ৰম কৰিব, তেৱে তেওঁক অভিসম্পাত কৰিব৷’ [মানুহজনে সেইটোৱেই কৰিলে] ফলত বাট অতিক্ৰমকাৰী প্ৰত্যেকেই সেই প্ৰতিৱেশীক অভিসম্পাত কৰিব ধৰিলে৷ তেতিয়া সেই মানুহজন দৌৰি আহিল নবী [ছঃ]ৰ ওচৰলৈ৷ তেতিয়া তেখেতে [ছঃ] ক’লে, ‘ৰাইজৰ পৰা কি পালা?’ তেখেতে আৰু ক’লে, ‘ৰাইজৰ অভিশাপৰ পিছতো আল্লাহৰ অভিশাপ আছে৷’ তাৰ পিছত অভিযোগকাৰীক ক’লে, ‘তোমাৰ বাবে যথেষ্ট হৈছে’ অথবা অনুৰূপ কিবা এটা কৈছিল৷ [আল-আদাবুল মুফৰাদ, হাদীছঃ১২৪]
প্ৰতিৱেশীৰ সুবিধা-অসুবিধাৰ প্ৰতি লক্ষ্য ৰখা এজন আদৰ্শ প্ৰতিৱেশীৰ কৰ্তব্য৷ বহু সময়ত দেখা যায় যে, প্ৰতিৱেশীৰ কোনো কাৰ্য নিজৰ স্বাৰ্থৰ বিৰুদ্ধে যায়৷ সেই ক্ষেত্ৰত নিজৰ অলপ ক্ষতি হ’লেও সেয়া মানি লোৱা উচিত৷ প্ৰতিৱেশীৰ সৈতে শান্তিৰে বসবাস কৰিবলৈ অলপ ত্যাগ স্বীকাৰ কৰা উচিত৷
হজৰত আবু হুৰাইৰা [ৰাঃ] ৰ পৰা বৰ্ণিত৷ ৰাছুলুল্লাহ [ছঃ] এ কৈছে, ‘তোমালোকৰ কোনোবাই  তেওঁৰ প্ৰতিৱেশীৰ  ওচৰত তেওঁৰ দেৱালৰ সৈতে নিজৰ খুটি পুতিবলৈ অনুমতি বিচাৰিলে সি যেন তাক নিষেধ নকৰে৷’
যেতিয়া আবু হুৰাইৰা [ৰাঃ] উপস্থিত লোকসকলৰ ওচৰত এই হাদীছ বৰ্ণনা কৰিলে, তেতিয়া সিহঁতে মূৰ নত কৰি থাকে৷ তেওঁ সিহঁতৰ এই অৱস্থা দেখা পাই ক’লে, ‘কি হ’ল,  মই দেখিছো তোমালোকে ইয়াৰ পৰা মূৰ ঘূৰাই  লৈছা৷ আল্লাহৰ শপত! মই অৱশ্যেই তোমালোকৰ দুই  কাঁধৰ মাজত খুটি পুতিম৷’ [ছুনান ইবনে মাজাহ, হাদীছঃ২৩৩৫]
আবু হৰাইৰা [ৰাঃ]  ৰাছুলুল্লাহ [ছঃ] এ প্ৰতিৱেশীক দিয়া অধিকাৰৰ বিৰুদ্ধে অৱস্থান লোৱা সকলক তিৰস্কাৰ স্বৰূপ কথাষাৰ কৈছে৷
প্ৰতিৱেশীৰ সৈতে অন্যায় আচৰণ, দূৰ্ব্যৱহাৰ কৰা হ’লে কিয়ামতৰ দিনা কঠিন বিচাৰৰ সন্মুখীন হ’ব লাগিব৷ প্ৰতিৱেশী সকলে আল্লাহৰ ওচৰত ইয়াৰ অভিযোগ কৰিব৷ ইবনে ওমৰ [ৰাঃ] এ কৈছে, আমি এনে এটা সময়ৰ মাজেৰে পাৰ হৈ আহিছো, যেতিয়া তেওঁৰ দিনাৰ আৰু দিৰহাম লাভ কৰাৰ যোগ্য মুছলমান ভাইতকৈ আন কোনো নাছিল আৰু এতিয়া এনে এটা সময় আহি পৰিছে, যেতিয়া তেওঁৰ মুছলমান ভাইতকৈ আমাৰ মাজৰ কিছুমানৰ বাবে দিনাৰ দিৰহাম বেছি মৰমৰ৷ মই ৰাছুল [ছঃ] ক কোৱা শুণিছোঁ, ‘বহু প্ৰতিৱেশীয়ে কিয়ামতৰ দিনা নিজৰ ওচৰ-চুবুৰীয়াক অভিযুক্ত কৰিব আৰু এই দৰে ক’ব, এই ব্যক্তি মোৰ বাবে তাৰ দৰ্জা বন্ধ কৰি ৰাখি তেওঁৰ সদাচাৰৰ পৰা মোক বঞ্চিত কৰিলে৷’ [আল আদাবুল মুফৰাদ, হাদীছঃ১১০]
ছয়ঃ প্ৰতিৱেশীৰ মৌলিক প্ৰয়োজন পূৰ্ণ কৰা
        মানহৰ মৌলিক প্ৰয়োজন খাদ্য, বস্ত্ৰ আৰু ঘৰ৷ মানুহৰ জীৱন সদায় একে নাযায়৷ জীৱনত উত্থান পতন থাকেই৷ কেতিয়াবা এনেকুৱা হয় যে দুমুঠি আহাৰ যোগাৰ কৰাৰ সামৰ্থও নহয়৷ এনে ক্ষেত্ৰত সকলোতকৈ আগবাঢ়ি আহিব লাগে প্ৰতিৱেশীয়ে৷ কিয়নো প্ৰতিৱেশীক অভুক্ত ৰাখি কেতিয়াও শান্তিৰে বসবাস কৰিব পৰা নাযায়৷ সেয়া অমানবীকতা৷ যি সকলৰ সামৰ্থ আছে যিসকলৰ সামৰ্থ নাই তেওঁলোকক সহায় কৰাটো এক নৈতিক কৰ্তব্য৷ ইছলামেও তাকে কৈছে৷ প্ৰতিৱেশীক অভুক্ত ৰাখি নিজে ভুৰিভোজন কৰা ঈমানদাৰৰ লক্ষণ নহয় বুলি ঘোষণা কৰিছে৷ ৰাছুল [ছঃ] এ কৈছে, ‘সেই ব্যক্তি মু’মিন নহয়, যি পেট পূৰ্ণ কৰি খায় আৰু তাৰ কাষতেই তাৰ প্ৰতিৱেশী অভুক্ত থাকে৷’ [আল আদাবুল মুফৰাদ, হাদীছঃৰৰৰ, মিছকাতুল মাছাবীহ, হাদীছঃ৪৯৯১] 
এবাৰ হজৰত উমৰ [ৰাঃ]-এ জাবিৰক [ৰাঃ]হাতত এটুকুৰা মাংস লৈ নিজৰ ঘৰৰ ফালে গৈ থকা দেখিলে৷ তেতিয়া তেখেতে জাবিৰক [ৰাঃ] এই বিষয়ে সুধাত তেওঁ ক’লে, ‘হে আমিৰুল মু’মিনীন, মোৰ মাংস খোৱাৰ প্ৰবল ইচ্ছা হেছিল, সেয়ে এক দিৰহামৰ বিনিময়ত মই এই মাংসখিনি কিনি আনিলো৷’ এই কথা শুনি হজৰত উমৰ [ৰাঃ] এ ক’লে, ‘হে জাবিৰ! তোমাৰ প্ৰতিৱেশী আৰু আত্মীয়ক পাহৰি গৈ তুমি কেৱল নিজৰ পেটৰ কথা চিন্তা কৰিছা নে? এই আয়াত ফাঁকি মনত নাই নেকি? [য’ত কোৱা হৈছে]
‘তোমালোকৰ ভাগত থকা নিআমতসমূহ তোমালোকে পাৰ্থিৱ জীৱতেই শেষ কৰিলা আৰু সেয়া ভালকৈয়ে উপভোগ কৰিলা৷ কোনো ন্যায়সংগত কাৰণ নথকাকৈয়ে তোমালোকে পৃথিৱীত ঔদ্ধত্য কৰিছিলা আৰু জঘন্য পাপ কাম কৰিছিলা, তাৰ প্ৰতিফল হিচাবে আজি তোমালোকক লাঞ্ছনাদায়ক শাস্তি বিহা হ’ব৷’ [আল আহকাফঃ ৪৬/২০, মুৱাত্তা মালিক, বাবু মা জায়া ফি আকলিল-লাহাম, হাদীছঃ১৭৪২]
গতিকে প্ৰতিৱেশী নোখোৱাকৈ থাকিলে ধনী আৰু সামৰ্থবান প্ৰতিৱেশীৰ কৰ্তব্য হৈছে সেই প্ৰতিৱেশীক খাদ্য প্ৰদান কৰা৷ ঠিক সেইদৰে কাপোৰ নাথাকিলে কাপোৰ প্ৰদান কৰা৷ লগতে অন্যান্য প্ৰয়োজন সমূহ পূৰণ কৰিবলৈ চেষ্টা কৰা৷
সাতঃ প্ৰতিৱেশীৰ সন্মান আৰু পৱিত্ৰতাৰ সংৰক্ষণ
        প্ৰতিৱেশীৰ ধন সম্পদ, মান-সন্মান তথা জীৱনৰ পৱিত্ৰতা সংৰক্ষণ কৰাটো প্ৰতিৱেশীৰ নৈতিক দায়িত্ব৷ প্ৰতিৱেশী পৰিয়ালৰ নাৰী-জিয়ৰীৰ প্ৰতি কু-দৃষ্টি বা অসৎ সম্পৰ্ক গঢ়াটো গুৰুতৰ পাপ৷ তেওঁলোকৰ ধন সম্পত্তি অন্যায়ভাৱে ভক্ষণ কৰাৰ ফন্দি কৰিব নালাগে৷ আত্মাসাৎ কৰিব নালাগে৷ বৰঞ্চ তেওঁলোকৰ সম্পত্তিৰ  হেফাজত কৰিব লাগে৷ এই বিষয়টো মহানবী [ছঃ] এ তেওঁৰ লগৰীয়াসকলক বুজাই দিছিল৷ এবাৰ ৰাছুল [ছঃ] এ চাহাবাসকলক ব্যভিচাৰ সম্পৰ্কে সুধিলে৷ সিহঁতে ক’লে, ‘হাৰাম! আল্লাহ আৰু তাৰ ৰছুলে সেয়া হাৰাম কৰিছে৷’ তেতিয়া ৰছুল [ছঃ] এ ক’লে, ‘কোনো ব্যক্তিয়ে দহজনী নাৰীৰ সৈতে ব্যভিচাৰত লিপ্ত হ’লেও সেয়া তাৰ প্ৰতিৱেশীৰ  স্ত্ৰীৰ সৈতে ব্যভিতাৰত লিপ্ত হোৱাতকৈ লঘুতৰ [পাপ]৷’ তাৰ পিছত আকৌ ক’লে, ‘কোনো ব্যক্তিয়ে দহ ঘৰ মানুহৰ বয়-বস্তু চুৰি কৰা তাৰ প্ৰতিৱেশীৰ ঘৰত চুৰি কৰাতকৈ লঘুতৰ [অপৰাধ]৷’ [আল-আদাবুল মুফৰাদ, হাদীছঃ১০২]  
অৰ্থাৎ এজনী নাৰীৰ সৈতে ব্যভিচাৰ কৰিলে যি পাপ, প্ৰতিৱেশী নাৰীৰ সৈতে কৰিলে সেয়া দহ গুণ বেছি অপৰাধ৷ আকৌ এঘৰত চুৰি কৰিলে যি পাপ সেয়া প্ৰতিৱেশীৰ ঘৰত কৰিলে তাৰ দহ গুণ পাপ৷
প্ৰতিৱেশীৰ স্ত্ৰীৰ সৈতে ব্যভিচাৰত লিপ্ত হোৱাৰ কঠিন পাপ সম্পৰ্কে উল্লেখিত হৈছে আন এক হাদীছত৷ আল্লাহৰ সৈতে অংশী স্থাপন কৰা, নিজৰ সন্তানক হত্য কৰাৰ দৰে গুৰুতৰ পাপ সম্পৰ্কে উল্লেখ কৰাৰ পিছতে প্ৰতিৱেশীৰ স্ত্ৰীৰ সৈতে ব্যভিচাৰত লিপ্ত হোৱা গুৰুতৰ পাপ৷ আব্দুল্লাহ ইবনে মাছউদ [ৰাঃ] এ বৰ্ণনা কৰিছে৷ তেওঁ কৈছে, মই ৰাছুল [ছঃ] ক শুধিলো যে, আল্লাহৰ ওচৰত আটাইতকৈ ডাঙৰ পাপ কোনটো? তেওঁ ক’লে, ‘আল্লাহৰ সৈতে আন কাকো অংশীদাৰ স্থাপন কৰা, অথচ তেৱেই তোমাক সৃষ্টি কৰিছে৷’ মই কলো, এয়া নি(য় বহুত ডাঙৰ পাপ৷ মই ক’লো, ইয়াৰ পিছত কোনটো? তেওঁ ক’লে, ‘তুমি তোমাৰ সন্তানক হত্যা কৰা এই ভয়ত যে, সি তোমাৰ সৈতে আহাৰ কৰিব [অৰ্থাৎ তোমাৰ খাদ্যত ভাগ ল’ব]৷’ মই সুধিলো, ইয়াৰ পাছত কোনটো? তেওঁ ক’লে, ‘প্ৰতিৱেশীৰ স্ত্ৰীৰ লগত ব্যভিচাৰ কৰা৷’ [ছহীহুল বুখাৰী, হাদীছঃ৪৪৭৭; ছহীহ মুছলিম, হাদীছঃ৮৬; ছুনান আবু দাউদ, হাদীছঃ২৩১০]
আঠঃ প্ৰতিৱেশীৰ শুফয়াৰ অধিকাৰ
        ‘শুফয়া’ মানে ক্ৰয় কৰাৰ অগ্ৰাধিকাৰ৷ কোনো মাটি বা ঘৰ বিক্ৰী কৰাৰ সময়ত প্ৰথমতে ক্ৰয় কৰাৰ অধিকাৰ লাভ কৰে প্ৰতিৱেশীয়ে৷ ইয়াকে শুফয়া বুলি কোৱা হয়৷ কোনোবাই মাটি বা ঘৰ বিক্ৰী কৰাৰ সময়ত প্ৰতিৱেশীক প্ৰথমতে অৱহিত কৰিব লাগিব৷ প্ৰতিৱেশীয়ে যদি ক্ৰয় কৰিব নিবিচাৰে, তেতিয়া আনৰ ওচৰত সেয়া বিক্ৰী কৰিব পাৰে৷ কিন্তু প্ৰতিৱেশীক নজনোৱাকৈ বিক্ৰী কৰিব নোৱাৰিব৷ কাৰণ ইয়াৰ ফলত প্ৰতিৱেশী ক্ষতিগ্ৰস্থ হ’ব পাৰে৷ এয়া প্ৰতিৱেশীৰ গুৰুত্বপূৰ্ণ অধিকাৰ৷ এই অধিকাৰ ৰক্ষা কৰিবলৈ ৰাছুল [ছঃ] এ চাহাবাবৃন্ধক বিভিন্ন ধৰণে আদেশ কৰিছে৷ ইবনে আব্বাছ [ৰাঃ] ৰ পৰা বৰ্ণিত৷ ৰছুল [ছঃ] এ কৈছে, ‘যদি কাৰোবাৰ মাটি থাকে আৰু সেয়া বিক্ৰী কৰিব বিচাৰে, তেনেহ’লে সেয়া তাৰ প্ৰতিৱেশীক জনায় [ক্ৰয় কৰাৰ প্ৰস্তাৱ দিয়ে] যেন ৷’ [ছুনান ইবনে মাজাহ, হাদীছঃ২৪৯৩] 
তেওঁ আৰু কৈছে, ‘ঘৰৰ প্ৰতিৱেশী উক্ত ঘৰ [ক্ৰয় কৰাৰ ক্ষেত্ৰত] প্ৰধাণ্য লাভ কৰিব৷’ [জামে আত-তিৰমিজী, হাদীছঃ১৩৬৮]
আন এক হাদীছ জাবিৰ [ৰাঃ] ৰ পৰা বৰ্ণিত৷ ৰাছুল [ছঃ] এ এনেদৰে কৈছে, ‘প্ৰতিৱেশী তাৰ শুফয়াৰ [অগ্ৰ-ক্ৰয়াধিকাৰ] ক্ষেত্ৰত বেছি অধিকাৰী৷ তেওঁ অনুপস্থিত থাকিলে, তাৰ বাবে অপেক্ষা কৰিব লাগিব৷ এইটো তেতিয়া যেতিয়া তেওঁলোকৰ উভয়ৰ যাতায়তৰ ৰাস্তা একেটাই হয়৷’ [জামে আত-তিৰমিজী, হাদীছঃ১৩৬৯; ছুনান ইবনে মাজাহ, হাদীছঃ২৪৯৪চ ছুনান আবু দাউদ, হাদীছঃ৩৫১৮] 
এই হাদীছ উল্লেখ কৰি ইমাম তিৰমিজীয়ে মন্তব্য কৰিছে যে, ‘এই হাদীছ অনুসৰি অভিজ্ঞ আলিমসকলে আমল কৰিছে৷ তেওঁলোকে ধাৰণা কৰে, শুফয়াৰ ক্ষেত্ৰত প্ৰতিৱেশী অন্যান্যসকলতকৈ বেছি যোগ্য, সেই ব্যক্তি উপস্থিত নথকা অৱস্থাতো৷ তেওঁ যেতিয়া উভতি আহিব তেতিয়া শুফয়াৰ বাবে দাবী কৰিব পাৰিব, যদিও অনুপস্থিতৰ সময় বহুত দীৰ্ঘ হয়৷’
নঃ প্ৰতিৱেশীক শিক্ষা দান
       সুস্থ সমাজৰ গঢ়াৰ বাবে শিক্ষিত নাগৰিক হোৱা প্ৰয়োজন৷ শিক্ষা [ইলম] হৈছে পোহৰ আৰু অজ্ঞানতা [জাহেলিয়াত] হৈছে অন্ধকাৰ৷ প্ৰতিৱেশী অশিক্ষা বা কু-শিক্ষাৰ অধিকাৰী হ’লে তাৰ প্ৰভাৱ কাষৰ প্ৰতিৱেশীৰ ঘৰত অৱশ্যেই পৰিব৷ গতিকে পৰিয়ালৰ লগতে প্ৰতিৱেশীসকলক সুশিক্ষাৰে শিক্ষিত কৰিবলৈ যতপৰনাস্তি চেষ্টা কৰিব লাগে৷ আল্লাহ তাতাআলাই পৱিত্ৰ কোৰআনত কৈছে, ‘বিশ্বাসস্থাপনকাৰীসকলে [ধৰ্মোপদেশ ল’বলৈ] একেলগে ওলাই যোৱা জৰুৰী নহয়৷ তেওঁলোকৰ প্ৰত্যেক দলৰ একাংশই গৈ ধৰ্মৰ জ্ঞানানুশীলন কৰি নিজ দললৈ ঘূৰি আহি বাকীবিলাকক সতৰ্ক কৰক তেওঁলোকে যেন [অসৎ আচৰণৰ পৰা] বিৰত থাকে৷’ [ছুৰা তাওবাঃ ৯/১২২]
প্ৰত্যেকেই জ্ঞান আহৰনেৰ বাবে চেষ্টা কৰিব লাগে আৰু নিজৰ নিজৰ প্ৰতিৱেশীক সেই আহৰণ কৰা জ্ঞান শিক্ষা দিয়াৰ বাবে চেষ্টা কৰিব লাগে৷ চাহাবা সকলে প্ৰতিৱেশী সকলৰশিক্ষা গ্ৰহণৰ বাবে সহযোগিতা কৰিছিল৷ 
হজৰত ওমৰ [ৰাঃ] এ কৈছে, ‘মই আৰু এগৰাকী আনছাৰ প্ৰতিৱেশী মদীনাৰ ওচৰৰ বনু উমায়া ইবনে জায়েদৰ অঞ্চলত বসবাস কৰিছিলো৷ আমি দুয়ো পালাক্ৰমে নবী [ছঃ] ওচৰত উপস্থিত হৈছিলোঁ৷ এদিন তেওঁ গৈছিল, আন এদিন মই গৈছিলো৷ মই যিদিনা গৈছিলো সেই দিনৰ খবৰ [ৱহী] ইত্যাদি বিষয় তেওঁক অবহিত কৰিছিলো আৰু তেওঁ যিদিনা গৈছিল, তেৱোঁ অনুৰূপ কৰিছিল৷’ [ছহীহুল  বুখাৰী, হাদীছঃ৮৯; জামে আত তিৰমিজী, হাদীছঃ৩৩১৮]
হজৰত আলকামাহ ইবনে ছাইদ ইবনে আব্দুৰ ৰহমান ইবনে আবজাই তেওঁৰ পিতৃৰ পৰা বৰ্ণনা কৰিছে যে তেওঁৰ ককাকে কৈছে, এদিন ৰাছুলুল্লাহ [ছঃ] এ ভাষণ দিলে৷ ইয়াত তেওঁ এদল মুছলমানৰ প্ৰশংসা কৰিছিলে৷ তাৰ পাছত তেওঁ ক’লে, ‘লোকসকলৰ কি হ’ল যে, তেওঁলোকে নিজৰ প্ৰতিৱেশীক প্ৰজ্ঞা শিক্ষা নিদিয়ে, তেওঁলোকক ধৰ্মীয় জ্ঞান শিক্ষা নিদিয়ে, তেওঁলোকক ভাল উপদেশ নিদিয়ে, তেওঁলোকক ভাল কাম কৰিবলৈ আদেশ নিদিয়ে আৰু বেয়া কামৰ পৰা নিষেধ নকৰে? লোকসকলৰ কি হ’ল যে, তেওঁলোকে নিজৰ প্ৰতিৱেশীক দ্বীন শিক্ষা নিদিয়ে, ফিকহ শিক্ষা নিদিয়ে, সৎ পৰামৰ্শ নিদিয়ে৷ আল্লাহৰ শপত, এটা দলে নি(য় নিজৰ প্ৰতিৱেশীক দ্বীনৰ জ্ঞান শিক্ষা দিব, ফিকহ শিক্ষা দিব, সৎ উপদেশ দিব, ভাল কাম কৰিবলৈ আদেশ দিব আৰু বেয়া কামৰ পৰা মানা কৰিব৷ এদল মানুহে নি(য় নিজৰ প্ৰতিৱেশীৰ পৰা জ্ঞান আহৰণ কৰিব, তেওঁলোকৰ পৰা ফিকহ  শিকিব আৰু তেওঁলোকৰ পৰা ভাল পৰামৰ্শ ল’ব; অন্যথা [আল্লাহ তাআলাই] অতি সোনকালে তেওঁলোকক কঠোৰ শাস্তি দিব৷ তাৰ পিছত তেওঁ মিম্বৰৰ পৰা নামি আহিল৷ [আত-তাৰগীব ৱাত-তাৰহীব, হাদীছঃ২০৬]
দহঃ প্ৰতিৱেশীৰ সুখ-দুখত খবৰ পাতি লোৱা
      প্ৰতিৱেশীৰ সৈতে সম্পৰ্ক গঢ়ি তুলিবলৈ হ’লে প্ৰতিৱেশীৰ বিপদ-আপদেই হওঁক বা কোনো আনন্দৰ মূহুৰ্ত হওঁক অংশগ্ৰহণ কৰিব লাগে৷ তেতিয়াহে প্ৰতিৱেশীৰ মাজৰ বুজা-বুজি আৰু বিশ্বাস বৃদ্ধি পায়৷ মানুহে জীৱন যাপন কৰিবলৈ আনৰ সহায়ৰ প্ৰয়োজন আছে৷ সেইবাবেই মানুহে সমাজ পাতি বাস কৰে৷ সেয়ে প্ৰতিৱেশীৰ বিপদৰ সময়ত সকলো প্ৰকাৰে সহায়ৰ হাত আগবঢ়াব লাগে৷ 
প্ৰতিৱেশীৰ কাৰোবাৰ বেমাৰ হ’লে খবৰ পাতি লোৱা, সুস্থতাৰ কাৰণে দোৱা কৰা৷ বিয়া বা কোনো অনুষ্ঠানত নিমন্ত্ৰন কৰিলে তাত অংশগ্ৰহণ কৰা৷ কোনো আনন্দৰ কথা হ’লে সেই আনন্দত ভাগ লোৱা৷ ঠিক তেনেদৰে বিপদৰ সময়তো কাষত থকা৷ প্ৰতিৱেশী পৰিয়ালৰ কোনো ব্যক্তিৰ মৃত্যু হ’লে সেই পৰিয়ালৰ মানুহক সান্তনা দিয়া, মৃত ব্যক্তিৰ পৰিয়ালৰ খোৱা-বোৱাৰ ব্যৱস্থা কৰা৷ জানাজাত অংশগ্ৰহণ কৰা৷ মুতাৰ যুদ্ধত হজৰত জাফৰ [ৰাঃ]  শ্বহীদ হ’লে ৰাছুলুল্লাহ [ছঃ] এ চাহাবীসকলক কৈছিল, ‘তোমালোকে জাফৰৰ পৰিয়ালৰ বাবে আহাৰৰ ব্যৱস্থা কৰা৷ কিয়নো আজি তেওঁলোকৰ প্ৰতি এনে বস্তু বা বিষয় আহিছে, যিয়ে সিহঁতক ব্যস্থ ৰাখিছে৷’ [ছুনান আবু দাউদ, হাদীছঃ৩১৩২; ছুনান ইবনে মাজাহ, হাদীছঃ১৬১০] প্ৰকৃততে প্ৰতিৱেশীক সকলো ধৰণে সহায় সহযোগ কৰিব লাগে৷
এঘাৰঃ প্ৰতিৱেশীৰ অধিকাৰৰ সামগ্ৰীক চিত্ৰ
      প্ৰতিৱেশীৰ অধিকাৰ সম্পৰ্কে এটি দীঘলীয়া হাদীছত বিস্তৃতভাৱে উল্লেখ আছে৷ আমৰ বিন শুয়াইব [ৰঃ] তাৰ পিতাকৰ পৰা আৰু পিতাকে তাৰ পিতাকৰ পৰা বৰ্ণনা কৰিছে৷ নবী [ছঃ] এ কৈছে, ‘যি প্ৰতিৱেশীৰ পৰা কোনোবাই  নিজৰ, পৰিয়ালৰ আৰু সম্পৰ্ত্তিৰ বিপদৰ আশংকা কৰে আৰু দৰ্জা বন্ধ কৰি টোপনি যাব লগা হয়, সেই প্ৰতিৱেশী মু’মিন নহয়চ যাৰ অত্যাচাৰ আৰু দৌৰাত্মৰ পৰা তাৰ প্ৰতিৱেশী নিৰাপদ নহয়, সিওঁ মু’মিন নহয়৷
তুমি জানানে প্ৰতিৱেশীৰ অধিকাৰ কি? [প্ৰতিৱেশীৰ অধিকাৰ হৈছে] 
. যদি সি সাহাৰ্য্য বিচাৰে, তাক সাহাৰ্য্য কৰা৷
২. যদি সি ঋন বিচাৰে, তাক ঋন দিয়া৷
৩. যদি সি অনাহাৰে থাকে তাক সাহাৰ্য্য কৰা৷
. যদি সি অসুস্থ হৈ পৰে, তাৰ সেৱা সুশ্ৰুষা কৰা৷
. যদি সি কোনো কাৰণত আনন্দিত হয়, তেন্তে  তাক শুভেচ্ছা জনোৱা৷
  ৬. যদি সি বিপদত পৰে তাক ধৈৰ্য ধাৰণ কৰিবলৈ কোৱা৷
. যদি সি মৃত্যুবৰণ কৰে, তেন্তে তাক লৈ কবৰ পৰ্যন্ত যোৱা৷
. তাতকৈ উখ ঘৰ বনাই তাৰ ঘৰৰ পোহৰ আৰু বতাহ বন্ধ নকৰিবা৷ অৱশ্যে সি অনুমতি দিলে তাতকৈ উখ ঘৰ বনাব পাৰা৷
. তুমি নিজৰ চৰোৱাৰ মাংসৰ গন্ধ বিয়পাই তাক কষ্ট নিদিবা, কিন্তু যদি তাৰ ঘৰলৈ অলপ পঠাব বিচৰা তেন্তে সেয়া বেলেগ কথা৷
১০. যদি তুমি নিজৰ সন্তান আদিৰ বাবে ফলমূল কিনা, তেন্তে তাৰ ঘৰলৈও পঠোৱা৷ যদি সেয়া কৰিব নোৱাৰা, তেন্তে সেয়া তুমি মনে মনে লৈ আনিবা আৰু তোমাৰ সন্তান-সন্তুতিয়ে সেয়া লৈ খাওতে খাওতে যেন ঘৰৰ বাহিৰলৈ নাযায়৷ তেন্তে তোমাৰ প্ৰতিৱেশীৰ সন্তান-সন্তুতিয়ে মনত কষ্ট পাব৷ [আত-তাৰগীব ওৱাত-তাৰহীব, হাদীছঃ৩৮৯০]
প্ৰতিৱেশীৰ অধিকাৰ সম্পৰ্কে আলোকপাত কৰি ইমাম গাজ্জালীয়ে কৈছে, ‘সংক্ষেপে প্ৰতিৱেশীৰ অধিকাৰ হৈছেঃ
. তেওঁক [প্ৰতিৱেশীক] প্ৰথমে ছালাম কৰিবা, ২. তাৰ সৈতে দীৰ্ঘ সময় কথা বতৰা নাপাতিবা আৰু তাৰ অৱস্থা খুচৰি খুচৰি সুধি নাথাকিবা, ৩. অসুস্থ হলে তাৰ স্বাস্থ্যৰ বুজ ল’বা আৰু বিপদৰ সময়ত সান্তনা দিবা, লগ নেৰিবা, ৪. আনন্দ সময়ত শুভেচ্ছা বিনিময় কৰিবা আৰু নিজেও তাৰ সৈতে আনন্দ কৰিবা, ৫. তাৰ ত্ৰুটি বিচ্যুতি ক্ষমা কৰিবা, ৬. চাদৰ ওপৰৰ পৰা তেওৰ গৃহত দৃষ্টিপাত নকৰিবা, ৭. প্ৰাচীৰৰ ওপৰত কাঠ থৈ, নলাৰ পৰা পানী পেলাই নাইবা বাৰীত মাটি পেলাই তাক উত্যক্ত নকৰিবা, ৮. তাৰ গৃহত প্ৰৱেশৰ ৰাস্তা সংকীৰ্ণ নকৰিবা, ৯. তাৰ কোনো দোষ জানিলে সেয়া গোপন কৰিবা, ১০. সি কোনো দুৰ্ঘটনাত পতিত হ’লে অবিলম্বে তাৰ সাহায্যত আগবাঢ়ি যাবা, ১১. সি ঘৰত নাথাকিলে তাৰ গৃহ দেখা-শুনা কৰাৰ পৰা উদাসীন নহবা, ১২. পাৰ্থিৱ অথবা ধৰ্মীয় কোনো বিষয় তাৰ জনা নাথাকিলে সেয়া সঠিকভাবে জনাই দিবা৷’ [এহইয়াউ উলুমিদ্দীন, ইমাম গাজ্জালী (ৰঃ), খ. ২, পৃ. ৫২৫]  
ইয়াৰ পিছত ইমাম গাজ্জালীয়ে [ৰঃ] কৈছে যে সাধাৰণ মুছলমানৰ বাবে যিবোৰ অধিকাৰ তেখেতৰ গ্ৰন্থত উল্লেখ কৰিছে, প্ৰতিৱেশীৰ ক্ষেত্ৰতো সেই অধিকাৰ সমূহ পালন কৰিব লাগে৷ কিয়নো প্ৰতিৱেশী মুছলমান হ’লে প্ৰতিৱেশীৰ আধিকাৰৰ লগতে মুছলমানৰ অধিকাৰো প্ৰাপ্য৷ 
প্ৰতিৱেশীৰ অধিকাৰ আদায়ৰ লগতে প্ৰতিৱেশীয়ে দিয়া কষ্টত ধৈৰ্য ধাৰণ কৰিব লাগে৷ লগতে প্ৰতিৱেশীৰ আচৰণৰ কাৰণে আল্লাহৰ ওচৰত দোৱা কৰিব লাগে৷ 
প্ৰতিৱেশীৰ অধিকাৰ সম্পৰ্কে সচেতন ছাহাবা হজৰত আবু জৰ [ৰাঃ] এ বৰ্ণনা কৰিছে৷ ৰাছুলুল্লাহ [ছঃ] এ কৈছে,  ‘তিনি শ্ৰেণীৰ ব্যক্তিক আল্লাহ তাআলাই ভালপায়৷ তাৰ মাজত আছে, সেই ব্যক্তি যাৰ দুষ্ট প্ৰতিৱেশী আছে যিয়ে তাক কষ্ট দিয়ে৷ কিন্তু প্ৰতিৱেশীৰ দিয়া কষ্টত সি ধৈৰ্য ধাৰণ কৰে৷ এনেকি তাৰ জীৱন কালত আল্লাহ  তাৰ বাবে যথেষ্ট হ’ব অথবা মৃত্যুৰ মাধ্যমে তেওঁলোকক পৃথক কৰি দিব৷’ [আল মুজামুল কবীৰ, হাদীছঃ১৬৩৭; আত-তাৰগীব ৱাত-তাৰহীব, হাদীছঃ৩৯০২]
সৰ্বশেষত ক’ব পাৰি যে প্ৰতিৱেশীৰ এই অধিকাৰ সমূহ  সমাজত অনুশীলন হ’লে সেই সমাজ এক মানৱিক আৰু আদৰ্শ সমাজত পৰিণত হ’ব৷ ইছলামৰ এই নিদেৰ্শনা মু’মিন সকলে যুগে যুগে পালন কৰি বিশ্বত আদৰ্শ স্থাপন কৰি আহিছে আৰু সেই সকল মু’মিন-মুছলমানে লক্ষ্য লক্ষ্য লোকক প্ৰতিৱেশীৰ অধিকাৰ আদায় কৰাৰ বাবে উপদেশ দি আহিছে৷  ইমাম সমৰকন্দী [ৰঃ] তেনে এক উপদেশেৰে এই আলোচনা শেষ কৰিলো৷ তেওঁ কৈছে যে, চাৰিটা কাম কৰা হ’লে প্ৰতিৱেশীৰ অধিকাৰ সম্পূৰ্ণৰূপে পূৰণ কৰা হয়৷ এইবোৰ হ’ল- 
১. নিজৰ সামৰ্থ অনুসৰি প্ৰতিৱেশীৰ প্ৰতি সহমৰ্মী হোৱা৷ 
২. প্ৰতিৱেশীৰ যি আছে তাৰ বাবে লোভ নকৰা৷ 
৩. প্ৰতিৱেশীক কষ্ট নিদিয়া৷ 
৪. প্ৰতিৱেশীয়ে কষ্ট দিলে ধৈৰ্য ধাৰণ কৰা৷ [তাম্বিহুল গাফিলীন, ইমাম সমৰকন্দী [ৰঃ], খ. ৰ, পৃ. ২৪৯]                                        

সূচীপত্র

ইছলামত প্ৰতিৱেশীৰ গুৰুত্ব

No comments:

Post a Comment