জীৱন




দিনটোত এবেলা এমুঠি অন্নৰ বাবে
যদি হাঁহাকাৰ কৰিব লাগে
মাথো এটকাৰ বাবে ঘূৰি ফুৰিব লাগে
লোকৰ দুৱাৰে দুৱাৰে
তুমি ক’বানে বাৰু এয়াওঁ জীৱন

পিতপিতাই খুচৰিও যেতিয়া
বজাৰৰ তিনি আলিৰ চু’কত থকা
ডাষ্টবিনৰ পলিথিন কাগজৰ বাদে
খোৱাৰ বাবে আন একোৱেই নাথাকে
তাক তুমি ক’বানে জীৱন
জীৱন বৰ সুখময় সুধাকৰ

তোমাৰ তিনিমহলীয়া অট্টালিকাৰ সৌন্দয্যই
মোক মোহিত কৰিলেও
মোৰ চকু ছাট মাৰি ধৰিলেও
মোৰ কৰিবলৈতো একো নাথাকে
ডাষ্টবিনটোৰ চাৰিওফালে দিনৰ দিনটো
চক্ৰাকাৰে ঘূৰা ঘূৰি কৰাৰ বাদে |

           ( সাপ্তহিক মুজাহিদ : ৩০ সংখ্যা : শুকুৰবাৰ : ২-৮ জানুৱাৰী ২০০৯  ইংৰাজীত প্ৰকাশিত ) 
Share:

No comments:

Post a Comment