প্ৰচণ্ড শূণ্যতা জীৱনৰ ৰাজবাটত


জীৱনৰ চাকনৈয়া বাটত
বিৰাজ কৰিছে
প্ৰচণ্ড শূণ্যতা

বিপ­ৱীৰ ৰৈ ৰৈ উঠা
বলিষ্ঠ কণ্ঠস্বৰ
বিলীন হৈছে মাজ আকাশত

জীৱনৰ আদিপাঠৰ
সুগন্ধিত অনূভূতি
উক্ দি উঠিছে
বা-মাৰলিৰ মৃদু কঁপনিত

হেজাৰটা সপোনৰ মোনা
দেওলীয়াৰ আৰ্তনাদত
শেষ নিশ্বাস এৰিছে

প্ৰচণ্ড শূণ্যতা বিৰাজ কৰিছে
জীৱনৰ ৰাজবাটত।।


         [দৈনিক জনমভূমি, প্ৰান্তৰ, ৰঙালী বিহু বিশেষ, ১০ এপ্রিল'২০১৯]

Share:

No comments:

Post a Comment