ৰক্তাক্ত কাৰবালা



যুব নেতা থিয় দিছিল দৃঢ়তাৰে
আদায় কৰিছিল উত্তম ফৰ্জ
অসত্যৰ বিৰুদ্ধে আজন্ম সংগ্ৰামী
অনৰ্গল বৰষিছিল সত্যৰ বানী

পলকতে চিকমিকাই উঠিছিল শতাধিক তৰোৱাল
ৰক্তাক্ত কৰি দিয়া হৈছিল কাৰবালা প্ৰান্তৰ

নিথৰ নিস্তব্ধ দেহ পৰি ৰৈছিল
বালিৰ স্তুপত
কতৃত মূৰ ওলমিছিল
নৰ পিশাচ শিমৰৰ হাতত

অত্যাচাৰৰ বিভত্সতাত
আকাশ গজৰ্জি উঠিছিল
বতাহ স্তব্ধ হৈ পৰিছিল
বেলিয়ে খংঙত জ্বলি উঠিছিল আৰু ৰঙা হৈ  ।।

[ সাপ্তহিক মূজাহিদঃ ৩৪ সংখ্যাঃ শুকূৰবাৰঃ ১০-১৬ ফেব্রুৱাৰী ২০১২ ইংৰাজীত প্ৰকাশিত ]
Share:

No comments:

Post a Comment