ঐতিহাসিক বাইয়াতে আকাবা সন্মিলন
বিছমিল্লাহিৰ ৰহমানিৰ ৰাহিম
প্রাথমিক কথা
ব্যক্তি তথা সমাজ জীৱনত দ্বীন প্ৰতিষ্ঠাৰ কাৰণে আল্লাহৰ পথত চেষ্টা-প্ৰচেষ্টা কৰা কৰ্মীবাহিনীৰ বাবে মহানবী [ছ] ৰ জীৱনৰ প্ৰতিটো সময়, ঘটনা, পৰিঘটনাই আদৰ্শ৷ মহানবী হজৰত মুহাম্মদ [ছ] ৰ দাৱাত প্ৰদান কৰাৰ এক সংক্ষিপ্ত অধ্যায়ৰ বৰ্ণনা এই পুথিখনত অঁকিত কৰা হৈছে৷ ইছলামৰ দাৱাত প্ৰদান কাৰ্যত জড়িত যুৱক-যুৱতী, পুৰুষ-মহিলা সকলে ['মুমিন পুৰুষ আৰু মুমিন নাৰী পৰস্পৰে পৰস্পৰৰবন্ধু তথা সহযোগী৷ তেওঁলোকে সৎকৰ্মৰ আদেশ দিয়ে, অসৎ কৰ্মত বাধা দিয়ে, আল্লাহ আৰু তেওঁৰ ৰছুলৰ আনুগত্য কৰে৷ তেওঁলোককেই আল্লাহে কৃপা কৰিব৷ আল্লাহ মহাপৰাক্ৰমী, মহাজ্ঞানী৷'-আত-তাওবাঃ ৯/৭১] এই পুথিখনৰ পৰা প্ৰেৰণা লাভ কৰিব বুলি আশা কৰিলো৷
ইয়াকুব আলী আহমেদ
আমবাৰী, হাউলী
প্রথম অধ্যায়
মদীনাত ইছলামৰ আগমনৰ পটভূমি
মহানবী [ছ] নবুয়ৎ প্ৰাপ্ত হৈছিল ৬১০ খীঃ ত৷ তেতিয়া তেখেতৰ বয়স আছিল চল্লিছ বছৰ৷ তেখেতে নবুয়ৎ প্ৰাপ্তিৰ পিছত অলপো সময় ব্যয় নকৰি প্ৰতিটো সময়ত মানুহবোৰক ‘দ্বীন’ৰ [পুৰ্নাঙ্গ জীৱন ব্যৱস্থাৰ] দাৱাত [আহ্বান] দিবলৈ ধৰিলে৷ মহানবী [ছ] এ প্ৰথম তিনি বছৰ মক্কাত গোপনে আৰু সতৰ্কতাৰে তেখেতৰ দ্বীন প্ৰচাৰৰ মিছন চলাই যাবলৈ ধৰিলে৷ কেইজনমানে তেখেতৰ আহ্বানত সহাঁৰিও জনালে, কিন্তু অধিক সংখ্যকেই বিৰোধিতাত উঠি পৰি লাগিল৷ কিয়নো তেওঁলোকে বুজিব পাৰিছিল যে, মহানবীৰ [ছ] এই দাওয়াত কোনো সাধাৰণ দাৱাত নহয়, এই দাৱাত কবুল কৰি লোৱা মানে সমাজত তেওঁলোকৰ যি ৰাজনৈতিক আৰু অৰ্থনৈতিক প্ৰতিপত্তি প্ৰতিষ্ঠিত হৈ আছে, তাৰ বিলোপ সাধন হোৱা নিশ্চিত৷ সেয়ে তেওঁলোকে সকলো সম্ভৱ প্ৰচেষ্টাৰে মহানবীৰ [ছ] এই দ্বীনৰ দাৱাত কলিতে মষিমূৰ কৰিবলৈ চেষ্টা চলাব ধৰিলে৷ মহানবী [ছ] আৰু তেখেতৰ অনুসৰণকাৰী সকলক বিভিন্ন প্ৰকাৰে অত্যাচাৰ আৰু নিৰ্যাতন কৰিবলৈ ধৰিলে৷ [১] মহানবী [ছ] এ যেতিয়া নামাজ আদায় কৰাৰ সময়ত ছিজদাত গৈছিল তেতিয়া কাফেৰ মুছৰিক সকলে জন্তুৰ নাড়ি-ভূঁৰু নি তেওঁৰ মূৰৰ ওপৰত জাপি দিছিল আৰু তেখেতে এই নাড়ি-ভূঁৰুৰ ভৰত মূৰ দাঙিব পৰা নাছিল৷ আনহাতে তেখেতৰ অনুসৰণকাৰী সকলৰ ভিতৰত প্ৰধানকৈ অত্যাচাৰৰ বলি হৈছিল বিল্লাল [ৰা], খাব্বাব [ৰা], ইয়াছেৰ [ৰা] আৰু তেওঁলোকৰ পুত্ৰ আম্মাৰ [ৰা] আদিয়ে৷ বিল্লালক [ৰা] বিভিন্ন প্ৰকাৰে কাফেৰ সকলে অত্যাচাৰ চলাইছিল৷ তেওঁৰ গলত ৰচিৰে বান্ধি শিশু সকলৰ হাতত দি চুচৰাই নিবলৈ দিছিল৷ খাব্বাবক [ৰা] জলন্ত অগ্নিকুণ্ডত পেলাই দি ভৰিৰে বুকুত হেঁচা দি ধৰা হয়, তাৰ ফলত পিঠি পুড়ি তাৰ শৰীৰৰ পৰা ওলোৱা চৰ্বিত জুই নুমাই যায়৷ ইয়াছেৰ [ৰা] আৰু তেওঁৰ স্ত্ৰী ছুমাইয়াক [ৰা] অত্যাচাৰ কৰি কৰি শ্বহীদ কৰি দিয়ে৷[২]
সুদীৰ্ঘ দহ বছৰলৈকে অত্যাচাৰ, নিৰ্যাতন আৰু উৎপীড়নৰ মাজতো মহানবী [ছ] এ মক্কাত থাকি মক্কাবাসী সকলক দ্বীনৰ দাৱাত প্ৰদান কৰিয়েই থাকে৷ ইয়াৰ মাজতো চাহাবা সকলৰ ওপৰত যেতিয়া মক্কাৰ কাফেৰ সকলৰ অত্যাচাৰৰ মাত্ৰা বাঢ়ি যায় তেতিয়া মহানবী [ছ] এ চাহাবা সকলক আবিছিনিয়ালৈ হিজৰত কৰিবলৈ নিৰ্দেশ দিয়ে৷ আনহাতে মহানবী [ছ] আৰু তেখেতৰ বংশধৰ আৰু যি সকল চাহাবা হিজৰত নকৰি মক্কাতে ৰৈ যায় তেওঁলোকক মক্কাৰ কাফেৰ সকলে সমাজচ্যুত কৰি ‘শিয়াবে আবি তালিব’ত তিনি বছৰলৈকে আবদ্ধ কৰি ৰাখে৷ ইমান অত্যাচাৰ উৎপীড়নৰ পিছতো তেওঁ মক্কাবাসী সকলক দ্বীনৰ দাৱাত দি থাকিল৷ কিন্তু মহানবী [ছ] এ তেওঁলোকৰ মাজত কোনো পৰিৱৰ্তন নেদেখি, দ্বীন প্ৰচাৰৰ উদ্দেশ্যে নবুয়তী দশম বৰ্ষত তায়েফ ভ্ৰমণলৈ যায়৷ তায়েফত গৈ তায়েফ বাসী সকলক দাৱাত প্ৰদান কৰে৷ [৩] কিন্তু তায়েফবাসী সকলেও মক্কাবাসী সকলৰ দৰে তেখেতৰ দাৱাত প্ৰত্যাখ্যান কৰি ইমান অত্যাচাৰ কৰে যিটো তেখেতে কেতিয়াও পাহৰিব পৰা নাছিল৷
মহানবীৰ [ছ] বিভিন্ন গোত্ৰ আৰু শাখা সকলৰ মাজত দ্বীনৰ দাওয়াত প্ৰদানঃ
মহানবী [ছ] মক্কাবাসী আৰু তায়েফবাসী সকলৰপৰা নিৰাশ হৈ এইবাৰ মনোনিৱেশ কৰিলে মক্কাৰ আশে পাশে থকা বিভিন্ন গোত্ৰ আৰু শাখা গোত্ৰ সমূহলৈ৷ তেওঁলোকে জাহিলী যুগত হজ্জৰ বাবে আহি ‘ওকাজ’, ‘মাজান্না’ তথা ‘জুলমাজাজৰ’ মেলাবোৰত আৰু মিনাত একত্ৰিত হৈছিল৷[৪] মহানবী [ছ] এ তেওঁলোকৰ ওচৰত গৈ এই আহ্বান কৰিব ধৰিলে যে, ‘তোমালোকে মোৰ কথা শুনা, আল্লাহে মোক তোমালোকৰ ওচৰলৈ পঠিয়াইছে৷ তোমালোকে এক আল্লাহৰ উপাসনা কৰা, তেওঁৰ লগত কাকো অংশীদাৰ স্থাপন নকৰিবা৷ বিভিন্ন দেৱ-দেৱী আৰু মূৰ্তিৰ উপাসনা পৰিত্যাগ কৰা৷’ মহানবী [ছ] এ আগতেও তেওঁলোকৰ ওচৰত এনেদৰে আল্লাহৰ পিনে দাৱাত দিছিল, কিন্তু এইবাৰ ‘দাৱাতে ইল্লাল্লাহ’ [আল্লাহৰ পিনে আহ্বান] দিয়াৰ লগে লগে এই কথাও ঘোষণা কৰিব ধৰিলে, ‘তোমালোকে মোক তোমালোকৰ সাহায্য-সহযোগিতাত লৈ যোৱা আৰু মোৰ সহযোগীতা কৰা যাতে মই মোৰ ‘ৰব’ৰ বাণী মানুহবোৰৰ ওচৰত জনাই দিব পাৰো৷’ এনেদৰে তেখেতে ঘোষণা কৰি থকাৰ সময়ত তেখেতৰ নিজৰ জেঠা আবু লাহাবে তেখেতৰ পিছে পিছে গৈ তেখেতৰ ফালে শিলগুটি দলিয়াই দলিয়াই মানুহবোৰক উদ্দেশ্য কৰি কৈছিল, ‘হে লোকসকল এই ব্যাক্তিজনে তোমালোকক নিজৰ নতুন দ্বীন আৰু ভ্ৰষ্টতাৰ পথলৈ নি ‘লাত’ আৰু ‘ওজ্জা’ দেৱী আৰু মিত্ৰদল জ্বিন সকলৰ পৰা দূৰত নিব বিচাৰে৷ তোমালোকে তেওঁৰ কথা নামানিবাও আৰু নুশুনিবাও৷ এই ব্যক্তিজন মিথ্যাবাদী, বিধৰ্মী৷’ কিন্তু মহানবী [ছ] এ নিচিন্তে নিৰ্ভয়ে এই আহ্বান দিয়েই থাকিল, ‘বল নাই, শক্তি প্ৰয়োগ নাই, মোৰ কথাবোৰ যাৰ পছন্দ হ’ব সি গ্ৰহণ কৰিব৷ মই কাৰো ওপৰত বল প্ৰয়োগ কৰিব নিবিচাৰো৷ মই কেবল এয়াই বিচাৰো যে, মোৰ ‘ৰব’ৰ বানীবোৰ জনাই নিদিয়া পৰ্যন্ত যেন কোনোৱেই মোক হত্যা কৰিব নোৱাৰে, যাৰ ফলত মোৰ কৰ্তব্য অসম্পূৰ্ণ হৈ ৰৈ যায়৷ [৫]
মহানবী [ছ] তেখেতৰ দ্বীন প্ৰচাৰৰ এই মিছন অব্যাহত ৰাখিলে৷ এখন গোত্ৰৰ পৰা আন এখন গোত্ৰলৈ, ইখন গোত্ৰৰ পৰা সিখন গোত্ৰলৈ৷ এনেদৰে গোত্ৰৰ পিছত গোত্ৰৰ লোকসকলৰ ওচৰত গৈ ইছলাম সম্পৰ্কে আলোচনা কৰিলে, পবিত্ৰ কোৰআন পাঠ কৰি শুনালে৷ এই সময়ত মহানবী [ছ] এ যিবোৰ গোত্ৰ আৰু শাখা গোত্ৰ সমূহৰ ওচৰত দ্বীনৰ দাৱাত প্ৰদান কৰাৰ কাৰণে গৈছিল, তাৰে কেইটামান উল্লেখযোগ্য গোত্ৰ আৰু শাখা গোত্ৰৰ নামৰ তালিকা ইয়াত উল্লেখ কৰা হ’ল৷
গোত্ৰ আৰু শাখা গোত্ৰ সমূহৰ নামৰ তালিকাঃ
১. বনী শায়বান বিন ছা’লাবা [বনী ছা’লাবা বিন উকাবাৰ শাখা]
২. বনী বকৰ বিন ওয়ায়েল [অন্যতম সংগ্ৰামী গোত্ৰ]
৩. কেন্দাহ [দক্ষিন আৰৱৰ এক বৃহৎ গোত্ৰ]
৪. বনী আমেৰ বিন ছা’ছায়াৰ [হাৱাযেন গোত্ৰৰ শাখা]
৫. বনী আল বাক্কা [বনী আমেৰ বিন ছা’ছায়াৰ শাখা]
৬. বনী আল হাৰেছ বিন কা’ব [বনী তামিমৰ শাখা]
৭. বনী হানিফা [বনী বকৰ বিন ওয়ায়েলৰ শাখা]
৮. বনী ওজৰা [বনী আব্দুল্লাহ বিন গাতাফানৰ শাখা]
৯. বনু ছুলায়েম [কায়ছ আইলান গোত্ৰবোৰৰ মাজত এটা বৃহৎ গোত্ৰ]
১০. বনী আব্বাছ [আইলানৰ শাখা বনী গাতাফানৰ এক বৃহৎ অধঃস্তন গোত্ৰ]
১১. গাচ্চান [তেওঁলোকৰ দক্ষিন আৰবৰ এক বৃহৎ জাতি যিসকল উত্তৰ আৰবত বসবাস কৰিছিল৷
১২. ফাজাৰা [ই গাতাফানৰ অধঃস্তন গোত্ৰবোৰ এক বৃহৎ গোত্ৰ]
১৩. কালব [কোজায়াৰৰ এটা শাখা]
১৪. বনী আব্দুল্লাহ [ই কালবৰ অধঃস্তন গোত্ৰবোৰৰ এটা]
১৫. বনী মহাৰিব বিন খাছামা [ই আদনানী গোত্ৰবোৰৰ এটা]
মহানবী [ছ] এ যে এই কেইটামান গোত্ৰৰ ওচৰতে দাৱাত দিয়াৰ বাবে গৈছিল তেনে নহয়৷ তেখেতে আৰববৰ সৰু ডাঙৰ সকলো গোত্ৰ আৰু শাখা গোত্ৰ সমূহৰ ওচৰতে দাৱাত দিয়াৰ কাৰণে গৈছিল৷ কিন্তু কোনেও তেখেতৰ আহ্বানত সহাঁৰি নিদিলে৷ কিছুমানে তেখেতৰ এই মিছনৰ প্ৰতি সহানুভূতি জনাই ক্ষান্ত থাকিল৷ সেয়ে সদ্যহতে যদিও মহানবী [ছ] এ এই অভিযানৰ পৰা কোনো সুফল নাপালে, কিন্তু পৰৱত¹ সময়ত মহানবী [ছ] এ ইয়াৰ পৰা তিনিটা সুফল প্ৰাপ্ত হয়-১. আল্লাহ পাকে মহানবীক [ছ] মানুহবোৰৰ ওচৰত ইছলাম প্ৰচাৰৰ যি গুৰু দায়িত্ব অৰ্পণ কৰিছিল, সেয়া আদায় কৰা হ’ল৷ ২. কিছু সংখ্যক গোত্ৰ আৰু শাখা গোত্ৰৰ লোকে তেখেতৰ দাৱাত আৰু পৱিত্ৰ কোৰআনৰ বানীক স্বীকৃতি প্ৰদান কৰিছিল৷ তাৰ ফলত পৰৱত¹ সময়ত মহানবী [ছ] ৰ দ্বীন প্ৰচাৰৰ কাৰণে আত্মবিশ্বাস বাঢ়ি যায়৷ ৩. ‘প্ৰতিনিধি আগমন’ৰ বছৰৰ সময়ত যি ৮০ টাতকৈ অধিক গোত্ৰ আৰু শাখা গোত্ৰই সেচ্চাই আহি ইছলাম গ্ৰহণ কৰিছিল৷ সেয়াও এই অভিযানৰ ফলশ্ৰুতিতে সম্ভৱ হৈছিল৷ উদাহৰণ স্বৰুপে বনী আবাছৰ কথাই ক’ব পাৰি৷ এই গোত্ৰৰ মায়ছাৰা বিন মাছৰুক আল আবছী [ৰা] এ নিজ গোত্ৰৰ অস্বীকৃতি কাৰণে এই অভিযানৰ সময়ত ইছলাম গ্ৰহণ কৰাৰ পৰা বিৰত থাকে৷ কিন্তু বিদায় হজ্জৰ সময়ত এই মায়ছাৰা [ৰা] এ ইছলাম গ্ৰহণ কৰাৰ বাবে মহানবীৰ [ছঃ] ওচৰত আহি ক’লে, ‘হে আল্লাহৰ ৰছুল! যেতিয়া প্ৰথমবাৰ আপুনি আমাৰ শিবিৰত আহিছিল তেতিয়াৰ পৰা সকলো সময়তে আপোনাৰ আনুগত্যৰ অভিলাষী আছিলো৷ কিন্তু যি হোৱাৰ হৈ গৈছে৷ এতিয়া মই ইমান পলমকৈ মুছলমান হ’বলগীয়া হৈছে৷’ [৬]
এনেদৰে যি সকলে এই অভিযানৰ সময়ত মহানবীৰ [ছ] দাৱাত অস্বীকাৰ কৰিছিল আৰু যদি স্বীকৃতি দিছিলো, নিজ গোত্ৰৰ ভয়ত ইছলাম গ্ৰহণ কৰা নাছিল নাইবা আন কোনো কাৰণত ইছলাম গ্ৰহণৰ পৰা বিৰত আছিল, পিছত তেওঁলোকেই মক্কা বিজয়ৰ পিছত ‘প্ৰতিনিধি আগমন’ ৰ বৰ্ষত [হিজৰী অষ্টম, নৱম আৰু দশম বৰ্ষক ‘প্ৰতিনিধি আগমনৰ বৰ্ষ বুলি কোৱা হয়] স্বেচ্চাই আহি ইছলাম গ্ৰহণ কৰিছিল৷ এয়াই মহানবীৰ [ছ] এই মিছনৰ সাফল্য৷
মহানবী [ছ] আৰু বনী শায়বান বিন ছা’লাবা শাখা গোত্ৰৰ লগত আলোচনাৰ আদৰ্শ
মহানবী [ছ] তাৰ স্বভাৱ অনুসৰি যিদৰে বিভিন্ন গোত্ৰ আৰু শাখা গোত্ৰ সমূহৰ ওচৰত গৈ মুকলিভাৱে ইছলামৰ দাৱাত দিছিল আৰু পৱিত্ৰ কোৰআন পাঠ কৰি শুনাইছিল৷ তেনেদৰে কেতিয়াবা কেতিয়াবা গোত্ৰবোৰৰ সন্মানিত ব্যক্তি আৰু চৰ্দাৰ সকলক লগ ধৰিও দাৱাত দিছিল৷[৭] মহানবী [ছ] এ গোত্ৰবোৰৰ সন্মানিত ব্যক্তি আৰু চৰ্দাৰ সকলক লগ ধৰিবলৈ কেতিয়াবা কেতিয়াবা আবুবক্কৰক [ৰা] কেতিয়াবা আলীক [ৰা], কেতিয়াবা কেতিয়াবা তিনিওজনে গৈছিল৷[৮]
এবাৰ তেওঁলোক তিনিওজনে দ্বীনৰ দাৱাত দিয়াৰ উদ্দেশ্যে ঘূৰা-ঘুৰি কৰোতে কৰোতে এটা অতি মৰ্য্যাদা সম্পন্ন গোত্ৰৰ নেতৃবৃন্ধৰ ওচৰত গৈ উপস্থিত হয়৷ সৰ্বপ্ৰথম আবু বকৰ [ৰা] এ তেওঁলোকক সুধিলে, ‘আপোনালোকৰ পৰিচয়?’ তেওঁলোকে ক’লে, ‘আমি বনী শায়বান বিন ছা’লাবাৰ লোক৷’ তেওঁলোকৰ পৰিচয় শুণি আবু বকৰ [ৰা] এ মহানবীক [ছ] ক’লে, ‘মোৰ মাঁ-বাবা’ আপোনাৰ বাবে কুৰবান হওঁক, এওঁলোকতকৈ সন্মানিত লোক আৰু কতো পোৱা নাযাব৷’ তেওঁলোকৰ লগত মাফৰুক বিন আমৰ, হানী হিন কাবিছা, মুছান্না বিন হাৰেছা আৰু নু’মান বিন শ্বাৰীক উপস্থিত আছিল৷ আবুবকৰ [ৰা] মাফৰুক বিন আমৰৰ ওচৰতে বহিছিল৷ মাফৰুকে ক’লে, ‘সম্ভৱত আপোনালোক কুৰাইছৰ লোক?’ আবুবকৰে [ৰা] ক’লে, ‘সম্ভৱত আপোনালোকে শুণিছে যে, ইয়াতে [মক্কাত] আল্লাহৰ ৰচুল প্ৰেৰিত হৈছে৷ তেখেতেই সেই ব্যাক্তি৷’ মাফৰুকে ক’লে, ‘হয় এই কথা আমাৰ ওচৰত আহিছে৷’ তাৰ পিছত মাফৰুকে ৰচুলৰ [ছ] পিনে মনোনিৱেশ কৰি ক’লে, ‘আপোনাৰ আহ্বান কিহৰ প্ৰতি?’
মহানবী [ছ] এ ক’লে, ‘মই আপোনালোকক আহ্বান কৰিছোঁ যে, আপোনলোকে এই সাক্ষ্য দিয়ক যে আল্লাহেই একমাত্ৰ উপাস্য আৰু এই সাক্ষ্য দিয়ক যে মই আল্লাহৰ ৰচুল৷ তাৰ পিছত, আপোনালোকে মোক আপোনালোকৰ তাত আশ্ৰয় দিয়ক আৰু মোৰ সহায় সহযোগিতা কৰক যাতে সেই দায়িত্ব পালন কৰিব পাৰো যি দায়িত্ব আল্লাহে মোৰ ওপৰত অৰ্পণ কৰিছে৷ কিয়নো কুৰাইছ বিলাকে আল্লাহৰ কামত বাধা প্ৰদান কৰিবলৈ দলবদ্ধ হৈছে, আল্লাহৰ ৰচুলক অস্বীকাৰ কৰিছে আৰু সত্যৰ পৰিৱৰ্তে মিছাকলৈ মগ্ন হৈছে৷ অথচ আল্লাহ মানুহৰ মুখাপেক্ষীহীন আৰু নিজৰ সত্বাত নিজেই প্ৰশংসিত৷’
মাফৰুকে পুনৰাই ক’লে, ‘হে কুৰাইছ ভাই! আপুনি আৰু কোন বিষয়ৰ প্ৰতি আহ্বান কৰে?’ তেতিয়া মহানবী [ছ] এ ছুৰা আনআমৰ ১৫১ নং আয়াতৰ পৰা ১৫৩ নং আয়াতলৈ পাঠ কৰি শুনায়৷ এই আয়াতবোৰত কোৱা হৈছে, ‘ডহে মুহাম্মদ [ছ] সিঁহতক কোৱা, আহা মই তোমালোকক পাঠ কৰি শুনাও কি কি বস্তু তোমালোকৰ প্ৰভুৱে তোমালোকৰ বাবে নিষিদ্ধ কৰিছে] সেয়া হ’ল, আল্লাহৰ বাহিৰে আন কাকো অংশী নকৰিবা, পিতৃ-মাতৃৰ লগত সৎব্যৱহাৰ কৰিবা, দৰিদ্ৰতাৰ ভয়ত তোমালোকৰ সন্তানসকলক হত্যা নকৰিবা, আমি তোমালোকক যেনেকৈ জীৱিকা দিছো সিঁহতকো তেনেদৰে জীৱিকা দিম৷ প্ৰকাশ্য হওঁক বা গোপনে হওঁক অশ্লীলতাৰ কাষলৈ নাযাবা আৰু ন্যায়সঙ্গত কাৰণ ব্যতিৰেকে আল্লাহে নিষেধ কৰা কোনো প্ৰাণীকে হত্যা নকৰিবা৷ এইবোৰ পালন কৰিবলৈ আল্লাহে তোমালোকক আদেশ দিছে৷ যাতে তোমালোকে জ্ঞান লাভ কৰিব পাৰা৷ উৎকৃষ্টভাৱে মঙ্গল সাধন কৰাৰ উদ্দেশ্য ব্যতিত মাউৰাৰ ধন-সম্পত্তিৰ ওচৰেই নাচাপিবা যেতিয়ালৈকে সিঁহত বয়-প্ৰাপ্ত নহয়৷ জোখ মাখ কৰোতে হেৰ ফেৰ নকৰি ন্যায়ভাৱে পূৰাপূৰি জোখ-মাখ কৰিবা৷ আমি কাকো তাৰ সাধ্যতীত দায়িত্বভাৰ নিদিও৷ যেতিয়া কথা কোৱা ন্যায় কথা ক’বা সেৱা আত্মীয় স্বজনৰ বিৰুদ্ধে নহওঁক কিয় আল্লাহৰ লগত কৰা অঙ্গীকাৰ পূৰ্ণ কৰিবা৷ আল্লাহে তোমালোকক এইবোৰ উপদেশ দিছে যাতে তোমালোকে মানি চলা৷ এইটোৱেই মোৰ সৰল পথ সেয়ে তোমালোকে এই পথত চলিবা৷ ইয়াৰ বাহিৰে আন পথ নলবা৷ আন পথ ল’লে ই তোমালোকক তেওঁৰ সৰল পথৰ পৰা বিচ্যুত কৰিব৷ এইবোৰ তেওঁৰ নিৰ্দেশ তোমালোকক দিছে যাতে তোমালোকে [বক্ৰপথৰ পৰা] বাচিব পাৰা৷’
মহানবীৰ [ছ] মুখৰ পৰা পৱিত্ৰ কোৰআনৰ আয়াত কেইটা শুনি পেলাই মাফৰুকে মহানবীক [ছ] আকৌ সুধিলে, ‘আপুনি আৰু কোন বিষয়ৰ প্ৰতি আহ্বান জনায়? আল্লাহৰ কছম, ই পৃথিৱীবাসীৰ কালাম নহয়৷ তেওঁলোকৰ কালাম হ’লে আমি চিনিব পাৰিলোহেঁতেন৷’ তাৰ পিছত মহানবী [ছ] এ পৱিত্ৰ কোৰআনৰ আন নহলৰ ৯০ নং আয়াত পাঠ কৰি শুনায়৷ আয়াতটোত কোৱা হৈছে, ‘নিশ্চয় আল্লাহে সুবিচাৰ আৰু সৎকৰ্ম কৰিবলৈ আৰু আত্মীয়স্বজনক দান দিবলৈ নিৰ্দেশ দিছে, অশ্লীলতা, দুস্কাৰ্য আৰু বিদ্ৰোহচাৰণ কৰিবলৈ নিষেধ কৰিছে৷ তেওঁ তোমালোকক উপদেশ দিছে যাতে তোমালোকে শিক্ষা ল’ব পাৰা৷’
এই আয়াত সমূহত মানুহক অনৈতিকতা দূৰ কৰি নৈতিকতাৰ ওপৰত চলিবলৈ নিৰ্দেশ দিছে৷ সেয়ে মাফৰুকে মহানবীৰ [ছ] আহ্বান আৰু পৱিত্ৰ কোৰআনৰ বানী শুনি পেলাই ক’লে, ‘হে কুৰাইছ ভাই! সৰ্বোৎকৃষ্ট নৈতিক গুণাৱলী তথা ভাল কামৰ আহ্বান কৰিছে৷ বৰ বিবেকহীন সেই জাতি যি জাতিয়ে আপোনাক অস্বীকাৰ কৰিছে আপোনাৰ বিৰুদ্ধে দলবদ্ধ হৈছে৷’ তাৰ পিছত মাফৰুকে মহানবীক [ছ] হানী বিন কাবিছাৰ ফালে ইংগিত কৰি ক’লে, ‘এখেত আমাৰ মুৰব্বী আৰু ধৰ্মীয় নেতা৷’
হানী বিন কাবিছাই মহানবীৰ [ছ] দৃষ্টি আকৰ্ষণ কৰি ক’লে, ‘হে কুৰাইছ ভাই! আপোনাৰ কথা মই শুনিছো৷ সেয়া সত্য বুলি স্বীকাৰকৰিছো৷ কিন্তু আমি এখন বৈঠকতে নিজৰ দ্বীন পৰিত্যাগ কৰি আপোনাৰ আনুগত্য কৰা সোনকাল কৰা হ’ব৷ আমাৰ পাছত এটা জাতি আছে৷ তেওঁলোকৰ পৰামৰ্শ আৰু অভিমত নোহোৱাকৈ কোনো সিদ্ধান্ত কৰি তেওঁলোকৰ ওপৰত জাপি দিয়া উচিত নহ’ব৷ আমি গুচি গৈ আছো আপুনিও যাওঁক, আমি ইয়াৰ পৰিণাম সম্পৰ্কে চিন্তাভাৱনা কৰিম আৰু আপুনিও চাওক চোন বিষয়টো কিমান গভীৰলৈ যায়৷’ ইয়াৰ পিছত হানী বিন কাবিছাই মহানবীক [ছ] মুছান্না বিন হাৰেছাৰ লগত পৰিচয় কৰাই দি ক’লে, ‘এখেত আমাৰ শায়খ আৰু যুদ্ধৰ সেনাপতি৷’
তেতিয়া মুছান্না বিন হাৰেছাই ৰচুলক [ছ] উদ্দেশ্য কৰি ক’লে, ‘হে কুৰাইছ ভাই! মইও আপোনাৰ কথা শুনিছো৷ কিন্তু উত্তৰো সেয়াই যি হানীয়ে দিছে৷ এখন বৈঠকতে আমাৰ দ্বীন পৰিত্যাগ কৰা ঠিক নহ’ব৷ আমি এনেকুৱা স্থানত থাকো য’ত আমি দুটা প্ৰতিবন্ধকতাৰ সন্মুখীন হব লগা হয়, এটা হৈছে ইয়ামামা আৰু দ্বিতীয়টো হৈছে ছামাওৱা৷’ মহানবী [ছ] এ ক’লে, ‘এই দুটা কি?’
মুছান্না বিন হাৰেছাই ক’লে, ‘প্ৰথমটো হৈছে পাহাৰ আৰু আৰব ভূখণ্ড আৰু দ্বিতীয়টো ইৰানৰ অঞ্চল আৰু কিছৰাৰ নদ-নদী৷ কিছৰায় আমাৰ পৰা শপথ লৈছে যে, নহয় আমি নিজে প্ৰচলিত নিয়ম বিৰোধী কোনো কাম কৰিম নইবা এনে কাম যি কৰিব বিচাৰে তাক আমাৰ ইয়াত স্থান দিম৷ আপুনি যি বিষয়ৰ পিনে আহ্বান কৰিছে সেয়াই সম্ভৱত বাদছাহ সকলক বিতুষ্ট কৰিব৷ আৰব ভূখণ্ডৰ বিষয়ত কথা এই যে, ইয়াত আমাৰ দোষ ত্ৰুটি ক্ষমাৰ যোগ্য হ’ব পাৰে৷ যদি আপুনি বিচাৰে আৰৱৰ মুখামুখিত আমি আপোনাৰ সহযোগিতা কৰো, সেয়া আমি কৰিব পাৰো৷ কিন্তু পাৰস্যৰ মুখামুখি হোৱা আমাৰ সাধ্যৰ অতীত৷’
সকলোৰে কথা শুনাৰ পিছত মহানবী [ছ] এ ক’লে, ‘আপোনালোকে সত্য কথা ক’লে বেয়া একো কোৱা নাই৷ [৯] কিন্তু প্ৰকৃত কথা হৈছে, ‘আল্লাহৰ দ্বীনকলৈ যি সকলে থিয় হৈ যায়, তেওঁ কোনো ব্যতিক্ৰম নকৰে, সকলো ফালেদি তাৰ সহযোগিতা কৰে৷ আপোনালোকে অলপ ধৈৰ্যধাৰণ কৰক, তেনেহ’লে আল্লাহ পাকে পাৰস্যবাসীসকলৰ দেশ [ইৰাণ] আৰু ধন সম্পদ আপোনালোকক দান কৰিব আৰু তেওঁলোকৰ জীয়েক সকলক আপোনালোকৰ অধীন কৰিব দিব৷ আপোনালোকে কি আল্লাহৰ তাছবিহ আৰু তাকদীছ কৰিব?’
নুমান বিন শাৰীকে ক’লে, ‘হে কুৰাইছ ভাই! আপোনাৰ এই কথা আমি মানি ললো৷’ ইয়াৰ পিছত মহানবী [ছ] পবিত্ৰ কোৰআনৰ ‘নি(য় আমি তোমাক প্ৰেৰণ কৰিছো সাক্ষীস্বৰূপে, সুসংবাদাতাৰূপে আৰু সতৰ্ককাৰী হিচাপে৷’ [আল-আহযাবঃ ৩৩য৪৫] এই আয়াত পাঠ কৰি থিয় হয় আৰু আবুবকৰৰ [ৰা] হাতত ধৰি সেই ঠাইৰ পৰা বিদায় লয়৷
মহানবী [ছ] এ এনেদৰে গোত্ৰ আৰু গোত্ৰৰ নেতৃবৃন্ধক লগ ধৰি দাৱাত দিয়াৰ মিছন চলাই থকাৰ সময়তে আকাবাৰ ওচৰত মদীনাৰ প্ৰসিদ্ধ গোত্ৰ খাজৰাজৰ ৬ জন লোকৰ সৈতে দেখা দেখি হয়৷ তেওঁলোকৰ লগতে মহানবীৰ [ছ] ঐতিহাসিক আকাবা সন্মিলন অনুষ্ঠিত হয় আৰু তাৰ পিছত এটা এটা কৈ দুটা ঐতিহাসিক বাইয়াতে অকাবা সন্মিলন অনুষ্ঠিত কৰে৷’ [১০]
দ্বিতীয় অধ্যায়
প্ৰথম আকাবা সন্মিলন,নবুয়তী একাদশ বৰ্ষ; জিলহজ্জ মাহ
নবুয়তী একাদশ বৰ্ষৰ [৬২০ খ্ৰীষ্টাব্দত] জিলহজ্জ মাহত হজৰ সময়ত মহানবী [ছ] তাৰ চিৰাচৰিত স্বভাব অনুসৰি আৰব গোত্ৰবোৰৰ ওচৰত দ্বীনৰ দাৱাত প্ৰদান কৰিবলৈ মিনাৰ ফালে যায়৷ তাতে ঘূৰা ঘূৰি কৰোঁতে কৰোঁতে আকাবাৰ [গিৰিকন্দৰ] ওচৰত কেইজনমান লোকৰ লগত দেখা হয়৷ তেওঁলোক মদীনাৰ খাজৰাজ গোত্ৰৰ লোক আছিল৷ মহানবী [ছ] তেওঁলোকক সুধিলে, ‘আপোনালোকৰ পৰিচয়?’ তেওঁলোকে উত্তৰ দিলে, ‘আমি খাজৰাজৰ কেইজনমান লোক৷’ তেতিয়া মহানবী [ছ] এ ক’লে, ‘আপোনালোকে অলপ বহিব পাৰিব, যাতে মই আপোনালোকৰ লগত কিছু কথা আলোচনা কৰিব পাৰো৷’ তেওঁলোকে ক’লে, ‘অৱশ্যই’ কৈয়েই তেওঁলোকে মহানবীৰ [ছ] ওচৰত বহি পৰিল৷ তেতিয়া তেখেতে তেওঁলোকক দ্বীনৰ দাৱাত দিলে, তেওঁলোকৰ সন্মুখত ইছলামক উপস্থাপন কৰিলে, তেওঁলোকক পবিত্ৰ কোৰআন পাঠ কৰি শুনালে৷ তেওঁলোকে মহানবীৰ [ছ] কথাবোৰ শুনি পৰস্পৰৰ মাজত কোৱা কুই কৰিব ধৰিলে, ‘ভাই সকল! জানি ৰখা, এখেতেই সেই নবী যাৰ আগমনৰ ভয় ইহুদী সকলে তোমালোকক দেখুৱাইছিল৷ এনেকুৱা যেন নহয় যে তেওঁলোকে আমাৰ আগতেই তেখেতৰ দ্বীনৰ দাৱাত গ্ৰহণ কৰি লয়৷’
এই সংক্ষিপ্ত আলোচনাৰ পিছত তেওঁলোকে তেখেতৰ দাৱাত কবুল কৰি লয়, তেখেতৰ সত্যতা স্বীকাৰ কৰি লয় আৰু তেখেতৰ উপস্থাপন কৃত ইছলামৰ ওপৰত ঈমান আনে৷ ইয়াৰ পিছত মহানবী [ছ] এ তেওঁলোকক ক’লে, ‘আপোনালোকে মোৰ পৃষ্ঠপোষকতা কৰিব নে যাতে মই মোৰ ‘ৰব’ৰ পয়গাম জনাই দিব পাৰো৷’ তেওঁলোকে ক’লে, ‘হে আল্লাহৰ ৰছুল! এতিয়া আমাৰ তাত ‘বুয়াছ’ যুদ্ধ হৈ গ’ল৷ এই অৱস্থাত আপুনি আমাৰ তাত গ’লে মানুহবোৰ একগোট হোৱা কঠিন হৈ পৰিব৷ আপাততঃ আপুনি আমাক আমাৰ জাতিৰ লোক সকলৰ ওচৰত উভতি যাবলৈ দিয়ক৷ হয়তো আল্লাহে আমাৰ পাৰস্পৰিক সম্পৰ্ক ভাল কৰি দিব পাৰে আৰু আমি লোকসকলক সেই দাৱাত দিম যাৰ ফালে আপুনি আমাক দাৱাত দিছে৷ হয়তো হ’ব পাৰে যে আল্লাহে আপোনাৰ কাৰণে তেওঁলোকক একগোট কৰি দিব৷ তাৰ পিছত আপোনাতকৈ শক্তিশালি আৰু কোনেও নহ’ব৷ আমি অহা বছৰ হজৰ সময়ত আপোনাৰ সৈতে মিলিত হ’ম৷’ এই আলোচনা যি সকলৰ লগত হৈছিল তেওঁলোকৰ সংখ্যা আছিল ৬ জন৷ তেওঁলোক সকলোৱে মদীনাৰ প্ৰসিদ্ধ খাজৰাজ গোত্ৰৰ লোক আছিল৷ তেওঁলোকৰ নাম সমূহ হৈছে-
১. আবু উছামা আছয়াদ বিন জুৰাৰা [ৰা]
২. আওফ বিন আল হাৰেছ বিন ৰিফায়া [ৰা]
৩. ৰাফে বিন মালিক [ৰা]
৪. কুৎবা বিন আমেৰ বিন হাদীদা [ৰা]
৫. ওকবা বিন আমেৰ বিন নাবী [ৰা]
৬. জাবেৰ বিন আব্দুল্লাহ বিন ৰেয়াব [ৰা]
কোনো কোনো ঐতিহাসিকে জাবেৰ বিন আব্দুল্লাহ বিন ৰেয়াবৰ [ৰা] ঠাইত উবাদাহ বিন ছামেতৰ [ৰা] নাম উল্লেখ কৰিছে৷ ঐতিহাসিক সকলৰ মাজত নামৰ লগে লগে সংখ্যালৈও মতভেদ আছে৷ কিন্তু উল্লিখিত তালিকাটোৱেই বেছি শুদ্ধ৷ যিয়েই নহওঁক এই ৬ জনে মহানবীক [ছ] পুনৰ অহা বছৰ লগ পোৱাৰ আৰু তেখেতৰ দাৱাত মদীনাত প্ৰচাৰ কৰাৰ প্ৰতিশ্ৰুতি দি গুচি যায়৷ এই বছৰ মহানবী [ছ] আৰু তেওঁলোকৰ মাজত কোনো বাইয়াত অনুষ্ঠিত হোৱা নাছিল৷ কেৱল তেওঁলোকে মৌখিক স্বীকৃতি প্ৰদান কৰিছিল৷
দ্বিতীয় আকাবা সন্মিলন আৰু প্ৰথম বাইয়াতে আকাবা নবুয়তী দ্বাদশ বৰ্ষচ জিলহজ্জ মাহ
নবুয়তী একাদশ বৰ্ষত মদীনাবাসী যি ৬ জনে মহানবীক [ছ] লগ কৰি গুচি য়ায়, তেওঁলোকে মদীনাতগৈ লোকসকলৰ ওচৰত মহানবী [ছ] সম্পৰ্কে আলোচনা কৰে৷ তেওঁলোকে প্ৰতিটো মহল্লাতে মহনবীৰ [ছ] দাৱাত সম্পৰ্কে আলোচনা আৰম্ভ কৰি দিয়ে যাৰ ফলত এনেকুৱা মহল্লা বাকী নাথাকে য’ত মহানবীৰ [ছ] উল্লেখ কৰা হোৱা নাছিল৷ ফলস্বৰূপে পৰৱত¹ বছৰ অৰ্থাৎ নবুয়তী দ্বাদশ বৰ্ষৰ [৬২১ খ্ৰীঃত] যিলহজ্জ মাহত মদীনাৰ পৰা ১২ জন প্ৰতিনিধি মহানবীৰ [ছ] সৈতে সন্মিলনত অংশগ্ৰহণ কৰিবলৈ মক্কালৈ আহে৷
এই ১২ জন যোৱা বছৰ অহা ৬ জনৰ জাবেৰ বিন আব্দুল্লাহ বিন ৰেয়াবৰ বাহিৰে বাকী প্ত জন এইবাৰো আহে৷ নতুনকৈ অহা ৭ জনৰ ৫ জন আহিছিল খাজৰাজৰ পৰা আৰু ২ জন আহিছিল আউছ গোত্ৰৰ পৰা৷ এই জ্জ জনৰ নাম সমূহ তলত উল্লেখ কৰা হ’ল ঃ
খাজৰাজৰ পৰা
১. মুয়াজ আল হাৰেজ বিন ৰেফায়া [ৰা]
২. জাকৰান বিন আব্দ কায়েম [ৰা]
৩. উবাদাহ বিন ছামেত [ৰা]
৪. ইয়াজিদ বিন ছা’লাবা [ৰা]
৫. আব্বাছ বিন উবাদাহ বিন নাদলা [ৰা]
আউছৰ পৰাঃ
১. আবুল হায়ছাম বিন আত্তাইয়েহান [ৰা]
২. ওয়াইম বিন ছায়েদা [ৰা]
মহানবী [ছ] তেওঁলোকৰ লগত আলোচনা কৰাৰ পিছত তেওঁলোকৰ পৰা কেইটামান বিষয়ত বাইয়াত [অঙ্গীকাৰ বা প্ৰতিজ্ঞা] গ্ৰহণ কৰে৷ মহানবী [ছা] এ কোন কোন বিষয়ত বাইয়াত গ্ৰহণ কৰিছিল, সেই বিষয়ত আকাবা সন্মিলনত অংশগ্ৰহণ কৰা অন্যতম প্ৰতিনিধি উবাদাহ বিন ছামেত [ৰা] এ বৰ্ণনা কৰি কৈছে, ‘মহনবী [ছ] এ এইবোৰ বিষয়ত আমাৰ পৰা বাইয়াত গ্ৰহণ কৰিছিলঃ ১. আমি আল্লাহৰ লগত অইন কাকো অংশীদাৰ স্থাপন নকৰো, ২. চুৰি নকৰো, ৩. ব্যাভিচাৰ নকৰো, ৪. নিজৰ সন্তানসকলক হত্যা নকৰো, ৫. নিজৰ হাত-ভৰিৰ দ্বাৰা মিছা কলঙ্ক ৰচনা কৰি প্ৰচাৰ কৰি নুফুৰো, ৬. কোনো মাৰূফ [সৎকৰ্ম] কৰ্মত মহনবীৰ [ছ] বিৰূদ্বাচাৰণ নকৰো, তেখেতৰ আদেশ শুনিম আৰু পালন কৰিম, আমি সুখতেই থাঁকো বা দুখতেই থাঁকো, সেই আদেশ আমাৰ সহনীয়ই হওঁক বা অসহনীয়, সেয়া আমাৰ ওপৰত কাকো অগ্ৰাধিকাৰ দিয়া হওঁকেই না কিয় [১১] ৭. আমি আদেশ শাসনৰ বিষয়ত শাসকৰ সৈতে কাজিয়া বিবাদ নকৰো আৰু ৮. য’তেই নাথাকো কিয় সত্য কথা ক’ম, কোনো ভৎসনাকাৰীৰ ভৎসনাৰ [সমালোচনাকাৰীৰ সমালোচনাৰ] ভয় নকৰো৷ গতিকে তোমালোকে যদি এই শপথ পূৰণ কৰা তেনেহ’লে তোমালোকৰ কাৰণে জান্নাত আৰু যদি কোনোৱে হাৰাম [নিষিদ্ধ] কামৰ কোনো এটা কৰে তাৰ বিষয়টো আল্লাহৰ হাতত৷ তেওঁ [আল্লাহে] বিচাৰিলে ক্ষমা কৰি দিব পাৰে আৰু ইচ্চা কৰিলে শাস্তিও দিব পাৰে৷’ [১২]
এই বাইয়াতক বাইয়াতে আকাবা বুলি কোৱা হয়৷ বাইয়াতে আকাবাক আকৌ ‘বাইয়াতে নিছা’ বুলিও কোৱা হয়৷ কিয়নো এই ঘটনাৰ কিছু বছৰ পিছত যেতিয়া মহনবী [ছ] এ মক্কা বিজয় কৰে তেতিয়া আৰৱৰ কিছুমান গোত্ৰৰ মহিলা সকলে তেখেতৰ ওচৰত বাইয়াত হ’বলৈ আহে৷ তেতিয়া আল্লাহ পাকে তেওঁলোকৰ পৰা কোন কোন বিষয়ত বাইয়াত ল’ব লাগিব তাৰ উল্লেখ কৰি ছুৰা মুমতাহানাৰ ১২ নং আয়াত অৱতীৰ্ণ কৰে৷ এই আয়াতত উল্লেখ থকা বিষয় সমূহ আৰু বাইয়াতে আকাবাত উল্লেখ থকা বিষয় সমূহ প্ৰায় একে৷ সেয়ে ইয়াক বাইয়াতে নিছা বুলিও কোৱা হয়৷
সি যি কি নহওক তেওঁলোকে মহানবীৰ [ছ] ওচৰত উল্লেখিত বিষয়ত বাইয়াত হোৱাৰ পিছত গুচি যোৱাৰ বাবে সাজু হয়৷ যোৱাৰ সময়ত তেওঁলোকে মহানবী [ছ] ৰ ওচৰত আবেদন কৰিলে যে তেওঁলোকৰ লগত এনেকুৱা এজন ব্যক্তি পঠিয়াব লাগে, যিয়ে পৱিত্ৰ কোৰআন শিক্ষা দিব পাৰে, ইছলাম শিক্ষা দিব পাৰে, তেওঁলোকৰ মাজত দ্বীনৰ উপলব্দি সৃষ্টি কৰিব পাৰে লগতে দ্বীন ইছলাম প্ৰচাৰত সহযোগিতা কৰিব পাৰে৷ মহানবী [ছ] এ তেওঁলোকৰ আবেদন অনুসৰি ম’ছয়াব বিন উমাইৰক [ৰা] মদীনালৈ প্ৰেৰণ কৰে৷
মু’ছয়াব বিন উমাইৰক [ৰা] মদীনালৈ প্ৰেৰণ [১৩]
মহানবীৰ [ছ] আদেশ অনুসৰি কোৰআনৰ অভিজ্ঞ শিক্ষক মু’ছয়াব বিন উমাইৰ [ৰা] এ মদীনাত গৈ যুৱক চাহাবী আছয়াদ বিন জুৰাৰাৰ [ৰা] ঘৰত থাকি লোকসকলক দ্বীনৰ পিনে আহ্বান কৰিব ধৰিলে৷ তেওঁলোকে মু’ছয়াব বিন উমাইৰৰ [ৰা] নেতৃত্বত লোকসকলৰ ঘৰে ঘৰে গৈ দাৱাত প্ৰচাৰ কৰিব ধৰিলে৷ তাৰ ফলত বনী আব্দুল আশহালৰ আব্বাদ বিন বিছৰ বিন ওৱাকশ [ৰা] আৰু তেওঁলোকৰ চুক্তিবদ্ধ বন্ধু সকলৰ মাজত মুহাম্মদ বিন মাছলামা [ৰা] এ ইছলাম গ্ৰহণ কৰে৷ ইয়াৰ পিছত বনী আব্দুল আশহালৰ চৰ্দাৰ চা’দ বিন মুয়াজ [ৰা] আৰু উছাইদ বিন হুজাইৰ [ৰা] এ একেদিনাই ইছলাম কবুল কৰি মুছলমান হয়৷ তেওঁলোকৰ ইছলাম গ্ৰহণ কৰি লোৱাৰ ফলত বনী আশহালৰ গোত্ৰৰ গোটেই গোত্ৰটোৱেই মুছলমান হৈ যায়৷ এনেকি তেওঁলোকৰ মহল্লাত এজনো অমুছলিম বিচাৰি পোৱা নাযায়৷ তেওঁলোকৰ ইছলাম গ্ৰহণ কৰি লোৱাৰ ঘটনা বৰ আকৰ্ষণীয় আৰু দাৱাত প্ৰদান কৰাৰ সুন্দৰ আৰ্হি¸ সেই বাবে তলত সেই ঘটনাটো উল্লেখ কৰা হ’ল৷
মু’ছয়াব বিন উমাইৰৰ [ৰা] দাৱাত প্ৰদান কৰাৰ আদৰ্শ পদ্ধত
আগতেই উল্লেক কৰা হৈছে যে, মুছয়াব বিন উমাইৰ [ৰা] আছয়াদ বিন জুৰাৰাৰ [ৰা] ঘৰতে থাকি দাৱাতী কাৰ্য সম্পাদন কৰিছিল৷ সেয়ে তেওঁলোক দুয়োজনে য’ত য’ত যাব লাগে একেলগেই গৈছিল৷ এবাৰ তেওঁলোক দুয়োজনে আউছ গোত্ৰৰ এটি শাখা বনী জাফৰৰ এখন বাগিছালৈ যায়৷ তেতিয়ালৈকে যি সকল মুছলমান হৈছিল সকলোৱে তাত উপস্থিত হৈছিল৷ তেওঁলোকৰ তাত উপস্থিত হোৱাৰ কথা যেতিয়া বনী আব্দুল আশহাল গোত্ৰৰ চৰ্দাৰ ছা’দ বিন মুয়াজে উছাইদ বিন হুজাইৰে জানিব পাৰিলে তেতিয়া ছাদ বিন মুয়াজে উছাইদ বিন হুজাইৰক ক’লে, ‘তুমি এই দুজনৰ ওচৰলৈ যোৱা যিয়ে আমাৰ মহল্লাত আহি দূৰ্বল লোক সকলক মূৰ্খ বনাই আছে৷ তেওঁলোকক ভয় দেখুৱাই আমাৰ অঞ্চললৈ আহিবলৈ নিষেধ কৰি দিয়া৷ যদি আছয়াদ বিন জুৰাৰা [ৰা] নাথাকিলেহেঁতেন মই নিজেই তাত গলোহেঁতেন৷ কিন্তু জানাইতো তেওঁ মোৰ মাহী সম্পৰ্কীয় ভাই৷ এই কাৰণে তাৰ সন্মুখত যাব নিবিচাৰো৷’ তেওঁৰ কথা শুনি উছাইদ বিন হুজাইৰে অস্ত্ৰ হাতত তুলি ল’লে আৰু তেওঁলোকৰ ফালে যাব ধৰিলে৷[১৪] তেওঁক আহি থকা দেখি আছয়াদ বিন জুৰাৰা [ৰা] এ মুছয়াব বিন উমাইৰক [ৰা] ক’লে, ‘এই ব্যাক্তিজন তেওঁৰ জাতিৰ চৰ্দাৰ৷ তেওঁৰ ওচৰত শুদ্ধ শুদ্ধ আল্লাহৰ হক জনাই দিয়াৰ দায়িত্ব আদায় কৰিবা৷’ মু’ছয়াব বিন উমাইৰ [ৰা] এ ক’লে, ‘এখেত বহিলে কথা পাতিম৷’ ইতিমধ্যে উছাইদ বিন হুজাইৰ তাত উপস্থিত হৈ ৰূঢ়ভাৱে থিয় দি ক’লে, ‘তোমালোক দুজনে ইয়াত কিয় আহিছা? তোমালোকে আমাৰ দূৰ্বল লোকসকলক মূৰ্খ বনাই আছা৷ যদি ভাল বিচৰা তেনেহ’লে এই ফালে কোনো দিন মুখ নকৰিবা৷’ তেতিয়া মুছয়াব বিন উমাইৰ [ৰা] এ ক’লে, ‘আপুনি বহি পেলাই আমাৰ কথা শুনিব নে? আমাৰ কথা পছন্দ হ’লে গ্ৰহণ কৰিব, নহ’লে যি কাম আ পুনি পছন্দ নকৰে সেয়া কৰা নহ’ব৷’ উছাইদ বিন হুজাইৰে তেওঁৰ কথা শুনি কৈ উঠিল, ‘এয়াতো ন্যায়ৰ কথা৷’ তাৰ পিছত তেওঁ তেওঁৰ অস্ত্ৰ মাটিত পুতি থৈ তেওঁলোকৰ ওচৰত বহি পৰিল৷
মুছ’য়াব বিন উমাইৰ [ৰা] এ তেওঁৰ সৈতে ইছলামৰ বিষয়ে আলোচনা কৰিলে আৰু পৱিত্ৰ কোৰআন পাঠ কৰি শুনালে৷ তেওঁৰ কথাবোৰ শুনি লাহে লাহে উছাইদ বিন হুজাইৰৰ মুখমণ্ডল উজ্বল হ’বলৈ ধৰিলে আৰু সকলো কথা শুনি ক’লে,‘কিমান সুন্দৰ আৰু উত্তম বানী৷ এই দ্বীনত যেতিয়া তোমালোকে প্ৰৱেশ কৰা তেতিয়া কি কৰা?’ উভয়ে [আছয়াদ আৰু মু’ছয়াব] ক’লে, ‘গা ধুই শৰীৰক পাক পৱিত্ৰ কৰি লওঁক আৰু আপোনাৰ কাপোৰো পাক পৱিত্ৰ কৰি লওঁক৷ তাৰ পাছত সত্যৰ সাক্ষ্য [কলেমা শ্বাহাদত] পাঠ কৰক, তাৰ পিছত নামাজ পঢ়ক৷’ তৎক্ষণাত তেওঁ উঠি পেলাই পাক পৱিত্ৰ হৈ আহি কলেমা শ্বাহাদত পাঠ কৰিলে আৰু দুৰাকায়াত নামাজ আদায় কৰিলে৷ তাৰ পিছত ক’লে, ‘মোৰ পাছত আৰু এজন ব্যক্তি আছে, ‘তেওঁ যদি তোমালোকৰ আনুগত্য মানি লয় তেনেহ’লে তেওঁৰ জাতিৰ কোনেও তাৰ বিৰুদ্ধে নাযাব৷’ কৈয়েই উছাইদ বিন হুজাইৰে [ৰা] তেওঁৰ অস্ত্ৰ হাতত তুলি লৈ ছা’দ বিন মুয়াজৰ পিনে যাত্ৰা আৰম্ভ কৰিলে৷ ছা’দ বিন মুয়াজ তেওঁৰ গোত্ৰৰ লোকসকলৰ লগত মাহফিল কৰি আছিল৷ উছাইদ বিন হুজাইৰক [ৰা] আহি থকা দেখি ছা’দ বিন মুয়াজে ক’লে, ‘প্ৰভুৰ কচম কৰি কৈছো, এয়া সেই চেহেৰা নহয় যি চেহেৰা লৈ সি ইয়াৰ পৰা গৈছিল৷’ উছাইদ বিন হুজাইৰ [ৰা] যেতিয়া তেওঁলোকৰ ওচৰত উপস্থিত হ’ল তেতিয়া ছা’দ বিন মুয়াজে সুধিলে, ‘কি কৰি আহিলা?’ তেওঁ ক’লে,‘মই দুয়োজনৰ লগত আলোচনা কৰিছো৷ তেওঁলোকৰ মাজত বেয়া একো নেদেখিলো৷ মই তেওঁলোকক নিষেধ কৰোতে তেওঁলোকে ক’লে যে, মই যি বিচাৰো তাকেই তেওঁলোকে কৰিব৷’ তাৰ পিছত প্ৰসঙ্গ পৰিৱৰ্তন কৰি ক’লে, ‘মই শুনিছিলো যে বনী হাৰেছা আছয়াদ বিন জুৰাৰাক [ৰা] হত্যা কৰিবলৈ ওলাই গৈছে, কাৰণ তেওঁলোকে জানে যে আছয়াদ তোমাৰ মাহী সম্পৰ্কীয় ভাই আৰু তেওঁলোকে তোমাক হেয় প্ৰতিপন্ন কৰিব বিচাৰে৷’ তেওঁৰ কথা শুনি ছা’দ বিন মুয়াজ খঙত জ্বলি উঠে আৰু অস্ত্ৰ লৈ বেগাই যাবলৈ ধৰিলে যাতে বনী হাৰেছাৰ আক্ৰমণ কৰাৰ পূৰ্বেই তেওঁৰ সম্পৰ্কীয় ভাইৰ ওচৰত উপস্থিত হ’ব পাৰে৷
ছা’দ বিন মুয়াজ আহি থকা দেখি এইবাৰো আছায়াদ বিন জুৰাৰা [ৰা] এ মু’ছয়াব বিন উমাইৰ [ৰা] ক ক’লে, ‘এখেত এনেকুৱা এজন চৰ্দাৰ যাৰ পাছত তেওঁৰ গোটেই জাতি৷ সি মুছলমান হ’লে দুজনো এনে নাথাকিব যি ইছলাম কবুল নকৰি থাকিব পাৰিব৷’
ছা’দ বিন মুয়াজে তাত উপস্থিত হৈ দুয়োজনকে নিশ্চিন্তে বহি থকা দেখিলে৷ তেতিয়া তেওঁৰ আৰু বুজিবলৈ বাকী নাথাকিল যে উছাইদ বিন হুজাইৰৰ [ৰা] আচল উদ্দেশ্য আছিল তেওঁক তেওঁলোকৰ কথা শুনোৱা৷ তেওঁ তেওঁলোকৰ সন্মুখত থিয় দি আছয়াদ বিন জুৰাৰাক [ৰা] খঙেৰে ক’লে, ‘আবু উছামা [কুনিয়াত] মোৰ আৰু তোমাৰ মাজত যদি আত্মীয়তা নাথাকিলেহেঁতেন তেনেহ’লে এই ব্যক্তি [মু’ছয়াব] মোৰ হাতৰ পৰা ৰক্ষা নাপালেহেঁতেন৷ তুমি আমাৰ ঘৰত আমাৰ ওপৰত সেই বস্তু জাপি দিব বিচৰা যিটো আমি পছন্দ নকৰো৷’
মুছয়াব বিন উমাইৰ [ৰা] এ যেনেদৰে উছাইদ বিন হুজাইৰক [ৰা] কৈছিল সেইদৰে ছা’দ বিন মুয়াজকো ক’লে, ‘ আপুনি বহি পেলাই আমাৰ কথা শুনিব নে? পছন্দ হ’লে গ্ৰহণ কৰিব, নহ’লে সেই বিষয় আপোনাৰ পৰা দূৰত ৰখা হ’ব যিটো আপুনি পছন্দ নকৰে৷’ ছা’দ বিন মুয়াজৰ এই কথাটো পছন্দ হোৱাত ক’লে, ‘এয়া তুমি ন্যায়পূৰ্ণ কথা কৈছা৷’ ইয়াৰ পিছত তেওঁ তাতে বহি পৰে আৰু মুছয়াব বিন উমাইৰ [ৰা] সৈতে ইছলাম, পৱিত্ৰ কোৰআন সম্পৰ্কে আলোচনা কৰে৷ ছা’দ বিন মুয়াজেও উছাইদ বিন হুজাইৰৰ [ৰা] দৰেই ক’লে আৰু কৰিলে৷
ছা’দ বিন মুয়াজ[ৰা] এ তেওঁলোকৰ ওচৰত যোৱাৰ সময়ত তেওঁৰ গোত্ৰৰলোকসকলক যিটো মেহফিলত থৈ গৈছিল ইছলাম গ্ৰহণৰ পিছত আকৌ সেইফালে যাব ধৰিলে৷ তাত উপস্থিত হৈ গোত্ৰৰ লোকসকলক উদ্দেশ্য কৰি ক’লে, ‘হে বনী আব্দুল আশহালৰ লোকসকল তোমালোকে তোমালোকৰ মাজত মোক কি হিচাপে জানা?’ তেওঁলোকে ক’লে, ‘আপুনি আমাৰ চৰ্দাৰ৷ আমাৰ মাজত আপুনি সকলোতকৈ বেছি আত্মীয়সকলৰ মাজত দয়া, অনুগ্ৰহ কৰি থাকে৷ আমাৰ মাজত সকলোতকৈ বেছি সঠিক মতামত দানকাৰী৷ আমাৰ মাজত সকলোতকৈ বেছি বিবেক সম্পন্ন আৰু অভিজ্ঞ৷’ তেওঁলোকৰ কথা শুনি ছা’দ বিন মুয়াজে [ৰা] এ ক’বলৈ আৰম্ভ কৰিলে, ‘যেতিয়ালৈকে তোমালোকে আল্লাহ আৰু তেওঁৰ ৰছুলৰ ওপৰত ঈমান নানা, তোমালোকৰ নাৰী-পুৰুষৰ লগত মোৰ কথা কোৱা হাৰাম৷’ তেওঁৰ ঘোষণা দিয়াৰ পিছত সন্ধিয়া হোৱাৰ আগতে বনী আব্দুল আশহাল গোত্ৰৰ সকলোৱে ইছলাম গ্ৰহণ কৰে৷ [১৫] একমাত্ৰ আমৰ বিন ছাবেত অমুছলিম হিচাপে ৰৈ যায়৷ তেওঁ ওহুদ যুদ্ধৰ সময়ত ঈমান আনে আৰু ছিজদাৰ সুযোগ পোৱাৰ আগতেই শ্বহীদ হৈ যায়৷ মহানবী [ছ] এ তেওঁৰ সম্পৰ্কে কৈছে যে তেওঁ জান্নাতবাসী৷
যিয়েই নহওঁক তেওঁলোকৰ ইছলাম গ্ৰহণ কৰি লোৱাটো আছিল মদীনাত দাৱাতী তৎপৰতাৰ ডাঙৰ সাফল্য৷ ইয়াৰ পাছত তেওঁলোকে মদীনাত ক্ৰমাগত দাৱাত চলাই থাকিল, যাৰ ফলত আনছাৰ সকলৰ এনে কোনো মহল্লা বাকী নাছিল য’ত মুছলমান নাৰী পুৰুষ পোৱা নগৈছিল৷ কেৱল তিনি চাৰিটা পৰিয়াল এনে আছিল যি সকলে খন্দক যুদ্ধলৈকে ইছলাম গ্ৰহণ কৰা নাছিল৷
মদীনাত সৰ্বপ্ৰথম জুমাৰ নামাজৰ ব্যৱস্তা
মুছয়াব বিন উমাইৰ [ৰা] এ ধাৰাবাহিকভাৱে দাৱাত আৰু পৱিত্ৰ কোৰআনৰ শিক্ষা দিয়াৰ ফলত তেওঁ ‘মুকৰীল মদীনা’ অৰ্থাৎ মদীনাৰ শিক্ষক হিচাপে জনাজাত হৈ পৰে৷ আনহাতে তেওঁৰ এই দাৱাতী কাৰ্যসূচীত আছয়াদ বিন জুৰাৰা [ৰা] তেওঁৰ অন্যতম সহযোগী হিচাপে আৰু পৰামৰ্শ দানেৰে সহায় কৰে৷
জুমাৰ নামাজ ফৰজ হোৱাৰ আগতেই সৰ্ব প্ৰথম আছয়াদ বিন জুৰাৰা [ৰা] মদীনাৰ সকলো মুছলমানক সপ্তাহত এদিন একত্ৰিত হৈ সামষ্টিক [জামাতবদ্ধ] ভাৱে নামাজ আদায় কৰিবলৈ পৰিকল্পনা কৰি উলিয়ায়৷ বাৰ নিৰ্বাচনৰ কাৰণে ইহুদি সকলৰ শনিবাৰ আৰু খ্ৰীষ্টান সকলৰ ৰবিবাৰক বাদ দি জুমা [শুক্ৰ] বাৰক নিদ্দিৰ্ষ্ট কৰি লোৱা হয়৷ জাহিলী যুগত ইয়াক ‘ইয়াওমে আৰোবা’ বুলি কোৱা হৈছিল৷
সৰ্বপ্ৰথম জুমাৰ নামাজো আছয়াদ বিন জুৰাৰা [ৰা] এ বনী বাইয়াদাৰ প্ৰস্তুৰময় সমতল ভূমিত অৱস্থিত ‘নাকিউল খাজামা’ ত চল্লিছজন পুৰুষকলৈ জুমাৰ নামাজ পঢ়ায়৷[১৬] তাৰ পিছত মহানবী [ছ] এ যেতিয়া আল্লাহ পাকৰ পৰা জুমা বাৰত তেনে ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰাৰ অভিপ্ৰায় জ্ঞাত হয় তেতিয়া তেখেত [ছ] মুছয়াব বিন উমাইৰক [ৰা]এই ব্যৱস্থা গ্ৰহণ কৰিবলৈ লিখিত নিৰ্দেশ দিয়ে যে, ‘দুপৰীয়া সূৰ্য্য ঢলি পৰাৰ পিছত জামাতবদ্ধভাৱে দুই ৰাকায়াত নামাজ পঢ়োৱাই দিবা৷’ ইয়াৰ পিছৰ পৰা মু’ছয়াব বিন উমাইৰ [ৰা] এ যথাৰীতি জুমাৰ নামাজৰ অুনষ্ঠান পৰিচালনা কৰে৷ তাৰ পিছত যেতিয়া মহানবী [ছ] হিজৰত কৰি মদীনালৈ আহে আৰু জুমাৰ নামাজ ফৰজ কৰি পৱিত্ৰ কোৰআনৰ আয়াত অৱতীৰ্ণ হয়৷ তেতিয়াৰ পৰা মহানবী [ছ] এ জুমাৰ নামাজৰ অনুষ্ঠান পৰিচালনা কৰে৷
তৃতীয় অধ্যায়
তৃতীয় আকাবা সন্মিলন, দ্বিতীয় বায়াতে আকাবা, নবুয়তী ত্ৰিয়োদশ বৰ্ষ; যিলহজ্জ মাহ
আকাবাৰ দ্বিতীয় সন্মিলনত উপস্থিত থকা ১২ জন মদীনাবাসী আৰু তাৰে ভিতৰত বিশেষকৈ আছয়াদ বিন জুৰাৰা [ৰা] আৰু মহানবী [ছ] এ পঠোৱা কেন্দ্ৰীয় প্ৰতিনিধি মুছ’য়াব বিন উমাইৰ [ৰা] ৰ দাৱাতত , পৱিত্ৰ কোৰআনৰ বানী প্ৰচাৰ কৰাৰ ফলত মদীনাত দিনে দিনে মুছলমানৰ সংখ্যা বাঢ়ি গৈ আছিল৷ নতুনকৈ মুছলমান হোৱা এই মদীনাবাসী সকলে মহানবীৰ [ছ] পৰা পোনে পোনে জ্ঞান লাভ কৰিবলৈ ৭৫ জনীয়া এটা প্ৰতিনিধি দল নবুয়তী ত্ৰিয়োদশ বৰ্ষৰ জিলহজ্জ মাহত [৬২২ খ্ৰীঃত] আকাবাৰ তৃতীয় সন্মীলনত অংশগ্ৰহণ কৰাৰ বাবে মক্কাত আহি উপস্থিত হয়৷ ৭৫ জনৰ পুৰুষৰ সংখ্যা আছিস ৭৩ জন৷ তাৰে ৬২ জন খাজৰাজ গোত্ৰীয় আৰু ১১ জন আছিল আউছ গোত্ৰীয়৷ অৱশিষ্ট দুজনী হৈছে মহিলা৷[১৭] এজনী নুছায়বা বিন্তে কাব উম্মে উমাৰা [ৰা] আৰু আনজনী হৈছে আছমা বিন্তে আমৰ উম্মে হানী [ৰা] এই ৭৫ জনৰ ৩০ জনেই আছিল যুৱক৷[১৮]
তৃতীয় সন্মিলনত অংশগ্ৰহণ কাৰী সকলৰ নাম
যিসকলে ইছলামী আন্দোলনৰ কৰ্মী তেওঁলোকে আকাবা সন্মিলনত অংশ গ্ৰহণ কৰা এই চাহাবা সকলৰ জীৱনী অধ্যয়ণ কৰা অত্যান্ত প্ৰয়োজনীয়৷ কিয়নো তেওঁলোকেই আছিল ইছলামী আন্দোলনৰ প্ৰথম কৰ্মী বাহিনী৷
আউছ গোত্ৰৰ পৰাঃ
১. উছাইদ বিন হুজাইৰ [ৰা], ২. ছা’দ বিন মায়ছামা [ৰা], ৩. ৰেফায়াহ বিন আব্দুল মুনযেৰ [ৰা], ৪. আবুল হায়ছাম [ৰা], ৫. জুহায়ৰ বিন ৰাফে [ৰা], ৬. ছালামাহ বিন ছুলামাহ [ৰা], ৭. আবু বুৰ্দাহ [ৰা], ৮. নুহায়ৰ বিন হায়ছাম [ৰা], ৯. আব্দুল্লাহ বিন জুবায়েৰ [ৰা], ১০. মায়া’ন বিন আদী [ৰা], ১১. উয়ায়েম বিন ছায়েদা [ৰা]
খাজৰাজ গোত্ৰীয় সকলৰ পৰাঃ
১২. আছয়াদ বিন জুৰাৰা [ৰা], ১৩. ছা’দ বিন আৰ ৰাবী [ৰা], ১৪. আব্দুল্লাহ বিন ৰাওয়াহ [ৰা], ১৫. ৰাফে বিন মালিক [ৰা], ১৬. বাৰা বিন মাৰূৰ [ৰা], ১৭. অব্দুল্লাহ বিন আমৰ বিন হাৰাম [ৰা], ১৮. উবাদাহ বিন ছামেত [ৰা], ১৯. ছা’দ বিন উবাদাহ [ৰা], ২০. মুনযেৰ বিন আমৰ [ৰা], ২১. আবু আইউব [ৰা], ২২. মুয়াজ বিন হাৰেছ [ৰা], ২৩. আউফ বিন আফৰা [ৰা], ২৪. মুয়াজ বিন আফৰা [ৰা], ২৫. ওমাৰা বিন হজম [ৰা], ২৬. ছাহল বিন আতিক [ৰা], ২৭. আউছ বিন ছাবেত [ৰা], ২৮. আবু তালহা [ৰা], ২৯. কায়ছ বিন আবু ছা’চায়াহ [ৰা], ৩০. আমৰ বিন গাজিয়া [ৰা], ৩১. খাৰেজা বিন যায়েদ [ৰা], ৩২. বুশায়ৰ বিন ছায়াদ [ৰা], ৩৩. আব্দুল্লাহ বিন ছায়াদ [ৰা], ৩৪. খাল্লাদ বিন ছুয়ায়েদ [ৰা], ৩৫. ওকবা বিন আমৰ [ৰা], ৩৬. যিয়াদ বিন লবীদ [ৰা], ৩৭. ফৰওয়া বিন আমৰ [ৰা], ৩৮. খালেদ বিন কায়ছ [ৰা], ৩৯. যাক ওৱান বিন আব্দু-কায়ছ [ৰা], ৪০. আব্বাদ বিন কায়ছ [ৰা], ৪১. হাৰেছ বিন কায়ছ [ৰা], ৪২. বিশৰ বিন বাৰা [ৰা], ৪৩. ছিনান বিন ছায়ফী [ৰা], ৪৪. তোফায়েল বিন ন’মান [ৰা], ৪৫. মা’ক্বেল বিন মুনযেৰ [ৰা], ৪৬. এজিদ বিন মুনযেৰ [ৰা], ৪৭. মছউদ বিন যায়েদ [ৰা], ৪৮. জাহহাক বিন হাৰেছা [ৰা], ৪৯. এজিদ বিন মুনযেৰ, ৫০. জাব্বাৰ বিন ছখৰ [ৰা], ৫১. তোফায়েল বিন মালেক [ৰা], ৫২. কা’ব বিন মালিক [ৰা], ৫৩. ছুলায়ম বিন আমেৰ [ৰা], ৫৪. কুৎবা বিন আমেৰ [ৰা], ৫৫. আব্দুল মুনযেৰ-এজিদ বিন আমেৰ [ৰা], ৫৬. আবুল হউছৰ কা’ব বিন আমেৰ [ৰা], ৫৭. ছয়ফী বিন ছাওয়াদ [ৰা], ৫৮. ছা’লাবাহ বিন গানামাহ, ৫৯. আমৰ বিন গানামাহ, ৬০. আবছ বিন আমৰ [ৰা], ৬১. খালেদ বিন আমৰ [ৰা], ৬২. আব্দুল্লাহ বিন ওনায়ছ [ৰা], ৬৩. জাবেদ বিন আব্দুল্লাহ [ৰা], ৬৪. মুয়াজ বিন আমৰ [ৰা], ৬৫. ছাবেত বিন জাযা [ৰা], ৬৬. ওমায়ৰ বিন হাৰেছ [ৰা], ৬৭. খাদিজ বিন ছুলামাহ [ৰা], ৬৮. মুয়াজ বিন জাবাল [ৰা], ৬৯. আব্বাছ বিন ওবাদাহ [ৰা], ৭০. আবু আব্দুৰ ৰহমান এজিদ বিন ছা’লাবাহ [ৰা], ৭১. আমৰ বিন হাৰেছ [ৰা], ৭২. ৰেফায়া বিন আমৰ [ৰা], ৭৩. ওফবা বিন ওৱাহাব [ৰা]৷
সন্মিলনত অংশগ্ৰহণ কৰিবলৈ অহা প্ৰতিনিধি সকলে সন্মিলনৰ পূৰ্বেই মহানবীক [ছ] চাবলৈ আৰু তেখেতৰ মুখৰ পৰা পোনে পোনে জ্ঞান লাভ কৰিবলৈ উদগ্ৰীৱ হৈ পৰে৷ কেইজনমান প্ৰতিনিধিয়ে তেওঁলোকৰ আবেগক বাধা দি ৰাখিব নোৱাৰি মহানবীক [ছ] লগ কৰিবলৈ ওলাই যায়৷ কা’ব বিন মালিক [ৰা] এ বৰ্ণনা কৰি কৈছে, ‘আমি আমাৰ জাতিৰ মুছৰিকসকলৰ [প্ৰায় ৫০০ জনৰ] সৈতে হজ্জৰ বাবে যাত্ৰা কৰো৷ আমাৰ লগত আমাৰ চৰ্দাৰ তথা বুজুৰ্গ বাৰা বিন মাৰূৰও [ৰা] আছিল যাত্ৰাপথত তেওঁ ক’লে,‘মোৰ এটা অভিমত আছে৷ নাজানো তোমালোকে তাৰ সৈতে একমত নে দ্বিমত পোষণ কৰা?’ আমি ক’লো সেয়া কি?’ তেওঁ ক’লে, ‘মোৰ মত এই যে, মই কাবাৰ ফালে পিঠি নিদি বৰঞ্চ মুখ কৰি নামাজ পঢ়িম৷’ আমি ক’লো, ‘আমি মহানবীৰ [ছ] পৰা জানিব পাৰিছো যে তেখেত শামৰ পিনে [বাইতুল মোকাদ্দাছ] মুখ কৰি নামাজ পঢ়ে৷ আমি আপোনাৰ পদ্ধতি অনুযায়ী নামাজ নপঢ়ো’ কিন্তু [বাৰা] কাবাৰ পিনে মুখ কৰিয়ে নামাজ পঢ়ি থাকিল৷ তেওঁক আমি তিৰস্কাৰ কৰি থাকিলো৷ মক্কাত উপনীত হোৱাৰ পিছত তেওঁ মোক ক’লে, ‘ভতিজা! ব’লা মহানবীৰ [ছ] সৈতে সাক্ষাত কৰো৷ তাৰ পিছত তেখেতক মোৰ এই কাৰ্যৰ বিষয়েও সুধিম যি মই কৰি আছো৷ কিয়নো তোমালোকৰ বিৰোধিতাৰ কাৰণে মনত বিবুদ্ধিৰ সৃষ্টি হৈছে৷’ আমি কেতিয়াও মহানবীক [ছ]দেখা নাছিলো৷ মক্কাৰ এজন ব্যক্তিৰ ওচৰত তেখেতৰ ঠিকনা জানিব বিচাৰিলো৷ তেওঁ ক’লে, ‘তেওঁৰ চাচা আব্বাছক চিনি পায়?’ আমি কলো, ‘হয়, কিয়নো তেখেত ব্যৱসায়ৰ উদ্দেশ্যে আমাৰ ফালে গৈ থাকিছিল৷’ তেওঁ ক’লে, ‘হেৰেম শৰীফত [কাবা ঘৰ] যোৱা, তেখেতক আব্বাছৰ সৈতে বহি থকা দেখিবা৷’
আমি তাত উপস্থিত হৈ তেখেতক ছালাম দিলো৷ মহানবী [ছ] এ আব্বাছক সুধিলে, ‘আপুনি এই দুজনক চিনি পায়?’ তেওঁ ক’লে, ‘হয়, তেওঁ বাৰা বিন মাৰূৰ [ৰা] এওঁ কা’ব বিন মালিক [ৰা]৷’ মই মহানবীৰ [ছ] এই কথা কেতিয়াও নাপাহাৰো যে, তেখেত মোৰ নাম শুনাৰ পিছত কৈছিল, ‘কা’ব যি কবি৷’ আব্বাছ [ৰা] এ কৈছিল, ‘হয়৷’ ইয়াৰ পিছত বাৰা বিন মাৰূৰ [ৰা] এ তেওঁৰ মছয়ালা সুধিলে৷ তাৰ পিছত তেওঁ মহানবীৰ [ছ] নিৰ্দেশ অনুসৰি সেই কিবলাৰ পিনে মুখ কৰি নামাজ পঢ়িবলৈ আৰম্ভ কৰিলে যি ফালে মহানবী [ছ] এ পঢ়িছিল৷ তাৰ পিছত মহানবী [ছ] এ আমাক ‘আইয়ামে তাছৰিক’ [যি সময়ত হাজী সকল হজ্জৰ পিছত মিনাত অৱস্থান কৰে] সময়ত মিলিত হোৱাৰ কাৰণে ক’লে৷’
সন্মিলনত অংশগ্ৰহণ কৰিবলৈ অহা আন কেইজনমান প্ৰতিনিধিয়েও সন্মিলনৰ পূৰ্বেই মহানবীক [ছ] লগ কৰিবলৈ গৈছিল৷ সেই সকলৰ ভিতৰত উয়াইম বিন ছায়েদা [ৰা], ছা’দ বিন খায়ছামা [ৰা], মায়ান বিন আদী [ৰা], আব্দুল্লাহ বিন জুবাইৰ [ৰা] ও আছিল৷
উয়াইম বিন ছায়েদা [ৰা] এ বৰ্ণনা কৰি কৈছে, ‘তেওঁলোকে [উল্লেখিত ব্যক্তিসকলে] মোক ক’লে, ‘বলা আমি মহানবীৰ [ছ] সৈতে দেখা কৰি ছালাম জনাই আহো৷ কিয়নো আমি তেখেতৰ ওপৰত ঈমান আনিছো, কিন্তু এতিয়ালৈকে তেখেতক দেখাই নাই৷ সেয়ে আমি বাহিৰ হৈ ওলাই গ’লো৷ আমাক কোৱা হৈছিল যে তেখেত আব্বাছ বিন আব্দুল মুত্তালিবৰ ঘৰত আছে৷ আমি তাত গৈ উপস্থিত হ’লো৷ তেখেতক ছালাম দি সুধিলো, ‘আমাৰ অৰ্থাৎ মদীনাৰ পৰা অহা প্ৰতিনিধিৰ দলৰ সৈতে আপোনাৰ সন্মিলন কেতিয়া অনুষ্ঠিত হ’ব?’ তেতিয়া আব্বাছ [ৰা] এ কৈ উঠিল, ‘তোমালোকৰ লগত তোমালোকৰ সেই সকল লোকো আছে যিসকল তোমালোকৰ বিৰোধী৷ গতিকে তোমালোকৰ বিষয়টো গোপন ৰখা যেতিয়ালৈকে হাজীবোৰ গুচি নাযায়৷ মহানবী [ছ] এ সন্মিলনৰ কাৰণে সেই ৰাতিৰ প্ৰস্তাৱ কৰিছে যি ৰাতিৰ ৰাতিপুৱাক কোৱা হয়, ‘ইয়াউমুন নাফাৰেল আখেৰ’ অৰ্থাৎ সেই দিন যেতিয়া হাজী সকল মিনাৰ পৰা বিদায় লৈ যায়৷ আকাবাৰ উচ্ছ অংশ তেখেতে নিৰ্ধাৰণ কৰিছে৷ আদেশ দিয়া হয় যে, কোনো ঘুমন্ত ব্যক্তিক নজগাবা আৰু যি অহা নাই তাৰ অপেক্ষা নকৰিবা৷’
এনেদৰে বিভিন্নজনে সন্মিলন অনুষ্ঠিত হোৱাৰ পূৰ্বেই মহানবীক [ছ] লগ কৰিবলৈ যায় আৰু সন্মিলনৰ স্থান তথা সময় সম্পৰ্কে অৱগত হৈ লয়৷ ইয়াৰ পিছত তেওঁলোক সেই শুভ মূহুৰ্তলৈ অপেক্ষা কৰি থাকিল৷ যেতিয়া মহানবী [ছ] এ আহি তেওঁলোকৰ লগত আলোচনা কৰিব৷ বাইয়াত অনুষ্ঠিত হ’ব৷
লাহে লাহে তেওঁলোকৰ অপেক্ষাৰ সময় চুটিহৈ আহিবলৈ ধৰিলে৷ এজন দুজনকৈ অতি গোপনে নিদ্দিৰ্ষ্ট ঠাইখনলৈ লোক যাবলৈ ধৰিলে৷ তেওঁলোকে কেনেকুৱা সতৰ্কতা অৱলম্বন কৰি সন্মিলনলৈ গৈছিল তাৰ বৰ্ণনা দি কা’ব বিন মালিক [ৰা] এ কৈছে, ‘সেই ৰাতিত আমি সকলোৱে আমাৰ শিবিৰত শুই পৰিলো৷ ৰাতিৰ এক তৃতীয়াংশ অতিবাহিত হোৱাৰ পিছত আমি চুপে চুপে তেখেতৰ লগত দেখা কৰিবলৈ যাবলৈ ধৰিলো৷ কাৰণ আমি আমাৰ জাতিৰ মুছৰিকসকলৰ পৰা এই বিষয়টো গোপন ৰাখিব বিচাৰিছিলো৷ কিন্তু আমাৰ লগত আমাৰ চৰ্দাৰ তথা সভ্ৰান্ত লোকৰ মাজত আবু জাবেৰ আব্দুল্লাহ বিন আমৰ বিন হাৰামও আছিল৷ তেওঁ ককা-দেউতাৰ ধৰ্মৰ ওপৰতে বৰ্তি আছিল৷ তেওঁক আমি লগত লৈ গৈ ক’লো, ‘ আপুনি আমাৰ চৰ্দাৰ তথা সম্ভান্ত ব্যক্তিসকলৰ এজন৷ আমি এইটো নিবিচাৰো যে, আপুনি জাহান্নামৰ ইন্ধন হওঁক৷’ তাৰ পিছত আমি তেওঁৰ ওচৰত ইছলামৰ বিষয়ে আলোচনা কৰিলো আৰু ক’লো, ‘এতিয়া আমি আকাবাত মহানবীৰ [ছ] সৈতে মিলিত হোৱাৰ কাৰণে গৈ আছো৷’ তেওঁ তেতিয়াই ইছলাম কবুল কৰিলে আৰু আমাৰ লগত আকাবাৰ বাইয়াতত অংশগ্ৰহণ কৰিলে৷’
সিযিকি নহওঁক যথা সময়ত সকলোৱে তাত উপস্থিত হ’ল৷ মহানবীয়েও [ছ] আব্বাছৰ [ৰা] সৈতে তাত উপস্থিত হ’ল৷ আবু বাকৰ ছিদ্দিক [ৰা] আৰু আলীক [ৰা] দুই পথৰ দাঁতিত থিয় কৰাই ৰখা হ’ল, যাতে শত্ৰুসকলৰ গতিবিধিৰ ওপৰত লক্ষ্য ৰাখিব পৰা যায়৷ এইদৰে পূৰ্ণ সতৰ্কতা আৰু গোপনীয়তাৰে সন্মিলন অনুষ্ঠিত কৰা হ’ল৷
সৰ্বপ্ৰথম সভাপতিৰ ন্যায় মহানবী [ছ] সভাৰ কাম আৰাম্ভ কৰাৰ কাৰণে অনুমতি প্ৰদান কৰি ক’লে, ‘প্ৰত্যেকেই নিজ নিজ বক্তব্য উপস্থাপন কৰক, কিন্তু সংক্ষিপ্ত কৰিব লাগিব৷ কিয়নো মুছৰিকসকলৰ পৰা গুপ্তচৰৰ আশংকা আছে৷’
মহানবীৰ [ছ] পৰা অনুমতি পোৱাৰ পিছত তেখেতৰ চাচা আব্বাছ [ৰা] [১৯] সচিবৰ দৰে সন্মিলনৰ উদ্দেশ্য ব্যাখ্যা কৰি ক’লে, ‘হে খাজৰাজ বংশীয় ভাইসকল! মহানবী [ছ] আমাৰ মাজত যি ময্যৰ্াদাৰ লোক সেয়া আপোনালোকে অৱগত৷ আমি তেখেতক শত্ৰুৰ হাতৰ পৰা নিৰাপদে ৰাখিছো৷ তেখেতে নিজ বংশীয় [বনী হাছিম] লোকসকলৰ মাজত মৰ্য্যাদা আৰু নিৰাপত্তাৰে সৈতে আছে৷ তেখেতে আপোনালোকৰ ওচৰত গুচি যাবলৈ ইচ্চা কৰিছে, যি ইচ্চা তেখেতে ত্যাগ কৰা নাই৷ এতিয়া যদি আপোনালোকে বিশেষ দঢ়তাৰে সৈতে তেখেতৰ আহ্বানত সঁহাৰি দিয়ে আৰু তাৰ বিৰুদ্ধবাদী সকলৰ মুখামুখিৰ সময়ত তেখেতক সৰ্ব প্ৰকাৰ সাহাৰ্য প্ৰদান কৰিব বুলি ভাৱে তেনেহ’লে আপোনালোকে এই গুৰুভাৰ বহণ কৰিবলৈ অগ্ৰসৰ হওঁক৷ অন্যথাই যদি অলপো আশংকা থাকে যে তেখেতে আপোনালোকৰ ওচৰত যোৱাৰ পিছত আপোনালোকে শত্ৰুৰ মুখামুখিত সহায় সমৰ্থন বাদ দি দিব, তেন্তে আপোনালোকে সেই পথ এতিয়াই গ্ৰহণ কৰক৷ তেখেতক এৰি দিয়ক, তেখেতে নিজৰ দেশত আপোনজনৰ মাজত মান মৰ্য্যাদা আৰু নিৰাপত্তাৰে সৈতেই থাকিব৷’ মদীনাবাসী সকলে আব্বাছৰ [ৰা] ভাষণৰ উত্তৰত ক’লে, ‘আমি আপোনাৰ কথা পূৰ্ণৰূপে হৃদয়ঙ্গম কৰিছো৷’ তাৰ পিছত তেওঁলোকে মহানবীক [ছ] উদ্দেশ্য কৰি আবেদন কৰিলে, ‘ইয়া ৰছুলুল্লাহ [ৰা] আপুনি কওঁক, প্ৰভুৰ সম্পৰ্কে যিমান ইচ্চা আমাৰ পৰা বাইয়াত লওঁকচ তাৰ পিছত আপোনাৰ ব্যক্তিগত বিষয়তো প্ৰতিজ্ঞা গ্ৰহণ কৰক আৰু এয়াও কৈ দিয়ক যে, আমি এইবোৰ মানি চলিলে পুৰস্কাৰস্বৰূপ কি লাভ কৰিম৷’
মহানবী [ছ] এ ইয়াৰ পিছত ভাষণ দিলে৷ ভাষণত পৱিত্ৰ কোৰআন পাঠ কৰে, তেওঁলোকে বাইয়াত হ’বলগীয়া বিষয়সমূহ উল্লেখ কৰে৷ যোৱা বছৰ অনুষ্ঠিত হোৱা বাইয়াতৰ বিষয়সমূহৰ লগতে এইবাৰ মহানবী [ছ] নতুনকৈ আৰু এটা বিষয় উল্লেখ কৰি ক’লে, ‘মই তোমালোকৰ পৰা এই কথাৰ বাইয়াত লৈছো যে, তোমালোকে ঠিক সেই বাবে মোৰ সহযোগিতা আৰু নিৰাপত্তা প্ৰদান কৰিবা যেনেদৰে তোমালোকৰ জীৱন আৰু সন্তানসকলৰ নিৰাপত্তা দি থাকা৷ এই সকলোবোৰ কৰ্তব্য পালন কৰি চলিলে ইয়াৰ প্ৰতিদানত তোমালোকে জান্নাত লাভ কৰিবা৷’
মহানবীৰ [ছ] ভাষণত ইছলামৰ বিষয়ে তথা পৱিত্ৰ কোৰআনৰ বানী শুনি আৰু তেওঁলোকে পালন কৰিব লগা কৰ্তব্য সমূহ আৰু শেষত এই কৰ্তব্য সমূহ পালন কৰি চলিলে জান্নাত লাভৰ সু-সংবাদ শুনি মদীনাবাসী আনন্দত উৎফুল্লিত হৈ পৰে আৰু কোনে আনৰ আগতে বাইয়াত হ’ব পাৰে তাৰ বাবে চেষ্টা কৰিব ধৰিলে৷[২০]
সৰ্বপ্ৰথম বাইয়াত হয় আবু উছামা আছয়াদ বিন জুৰাৰা [ৰা] তাৰ পিছত যথাক্ৰমে বাৰা বিন মাৰূৰ [ৰা], উছাইদ বিন হুজাইৰ [ৰা] আৰু অন্যান্য সকলে৷
আছয়াদ বিন জুৰাৰা [ৰা] আছিল প্ৰতিনিধি দলৰ সৰ্বকণিষ্ঠ আকাবাৰ তিনিওটা সন্মিলনত অংশ গ্ৰহণ কৰা অন্যতম প্ৰতিনিধি৷ লগতে তেৱেই তেওঁৰ ঘৰত মুছয়াব বিন উমাইৰক [ৰা] আশ্ৰয় দি দ্বীন প্ৰচাৰত সহযোগিতা কৰিছিল৷ তেওঁ আগবাঢ়ি গৈ মহানবীৰ [ছ] হাত নিজৰ হাতৰ মাজত লৈ ক’বলৈ ধৰিলে, ‘হে ইয়াছৰিববাসী [মদীনাৰ পূৰ্ব নাম] ৰ’বা, আমি উট চলাই তেখেতৰ ওচৰত এই উদ্দেশ্যৰ বাহিৰে অন্য কোনো উদ্দেশ্যে অহা নাই যে, আমি জানো তেখেত আল্লাহৰ ৰছুল৷ আজি তেখেতক ইয়াৰ পৰা বাহিৰ কৰি আমাৰ লগত লৈ যোৱাৰ অৰ্থ হৈছে সমগ্ৰ আৰৱৰ লগত শত্ৰুতা ক্ৰয় কৰি লোৱা৷ ইয়াৰ পৰিণামত তোমালোকৰ নতুন প্ৰজন্মক হত্যা কৰা হ’ব, তৰোৱাল হ’ব তোমালোকৰ তেজেৰে ৰঞ্জিত৷ গতিকে এই সকলো সহ্য কৰাৰ শক্তি যদি তোমালোকৰ আছে, তেনেহ’লে তেখেতৰ হাত চেপি ধৰা৷ যদি তোমালোকে প্ৰাণৰ ভয় কৰা তেনেহ’লে সেই চিন্তা এতিয়াই ত্যাগ কৰা আৰু স্পষ্ট ভাৱে কাৰণ দশোৰ্ৱা আল্লাহৰ ওচৰত বেছি গ্ৰহণযোগ্য হ’ব৷’ আছয়াদ বিন জুৰাৰাৰ [ৰা] ভাষণ শুনাৰ পিছত সকলোৱে কৈ উঠিল, ‘আছয়াদ আমাৰ পথৰ পৰা দূৰ হোৱা৷ আল্লাহৰ কচম, আমি এই বাইয়াত কেতিয়াও ত্যাগ নকৰো আৰু নহয় ইয়াৰ পৰা কেতিয়াও হাত এৰোৱাই ল’ম৷’
আছয়াদ বিন জুৰাৰাৰ [ৰা] বাইয়াত আৰু ভাষণৰ পিছত বাৰা বিন মাৰূৰ [ৰা] এ আগবাঢ়ি গৈ মহানবীৰ [ছ] হাত নিজৰ হাতৰ মাজতলৈ বাইয়াত হৈ ক’লে, ‘হয়, সেই আল্লাহৰ কছম, যিজনে আপোনাক সত্যসহ পঠিয়াইছে, আমি সেই সকলো বিষয়ৰ পৰা আপোনাক ৰক্ষা কৰিম, যিবোৰৰ পৰা স্বয়ং আমাৰ জীৱন আৰু সন্তান সন্তুতিসকলক ৰক্ষা কৰি থাকো৷ গতিকে হে আল্লাহৰ ৰচুল, আমাৰ পৰা বাইয়াত গ্ৰহণ কৰক৷ আমি যুদ্ধৰ দ্বাৰা পৰীক্ষিত লোক৷ আমি ককা-দেউতাৰ ফালৰ পৰা এইবোৰ উত্তাৰাধিকাৰী সূত্ৰে প্ৰাপ্ত হৈছো৷’
মাজৰ পৰা আবুল হায়ছাম বিন আত্তাইয়াহানে কৈ উঠিল, ‘ইয়া ৰছুলুল্লাহ [ছ] আমাৰ আৰু আমাৰ দেশৰ বিশিষ্ট জাতি ইহুদি সকলৰ মাজত পাৰস্পৰিক সহ-অৱস্থান আৰু সদ্ভাৱ বৰ্তি আছে৷ এতিয়া আপোনাৰ কাৰণে আমাৰ মাজৰ সদ্ভাৱ নাইকিয়া হ’ব৷ আপোনাৰ উন্নতি সাধন হোৱাৰ পিছত আপুনি আমাক এৰি থৈ নিজ দেশলৈ গুচি যাব, এনেকুৱা সম্ভাৱনা আছে নেকি?’
মহানবী [ছ] এ মিচিকিয়া হাঁহি মাৰি ক’লে, ‘নহয় নহয়, মই তোমালোকক কেতিয়াও পৰিত্যাগ নকৰো৷ এনেকি মোৰ আৰু তোমালোকৰ মাজত এনেকুৱা এক সদৃঢ় সম্পৰ্ক থাকিব যে মোৰ জীৱন মৃত্যু তোমালোকৰ জীৱন মৃত্যুৰ বাবে আৰু তোমালোকৰ জীৱন মৃত্যু মোৰ জীৱন মৃত্যুৰ বাবে নিবেদিত থাকিব৷ আমাৰ উভয়ৰ দায়িত্ব তথা কৰ্তব্য, আমাৰ উভয়ৰ বন্ধুত্ব তথা শত্ৰুতা একেটাই হ’ব৷ মই তোমালোকৰ আৰু তোমালোক মোৰ অঙ্গৰূপে পৰিগণিত হ’বা৷[২১]
মদীনাৰ পৰা অহা প্ৰতিনিধি বৰ্গৰ সাত ভাগৰ প্ৰায় ছয় ভাগেই খাজৰাজ বংশীয়৷ গতিকে তেওঁলোকৰ পৰা বিশেষ ভাবে মতামত লোৱাৰ প্ৰয়োজনীতা আছে৷ সেই বাবে প্ৰতিনিধি বৰ্গৰ এজন খাজৰাজ বংশীয় সদস্য আব্বাছ বিন উবাদাহ বিন নাদলা [ৰা] এ খাজৰাজ সকলক উদ্দেশ্য কৰি ক’লে যে, ‘হে বনী খাজৰাজ বংশ, এই মহামানৱৰ হস্ত ধাৰণৰ পূৰ্বে যি বাইয়াতত তোমালোকে আবদ্ধ হৈছা তাৰ গুৰুত্ব তোমালোকে হৃদঙ্গম কৰিছা নে?’ সকলোৱে উচ্ছ স্বৰে উত্তৰ দিলে, ‘হয়, নি(য়৷’ তাৰ পিছত তেখেতে দৃঢ়তাৰে ক’বলৈ ধৰিলে, ‘তোমালোকৰ এই প্ৰতিজ্ঞাৰ অৰ্থ হৈছে বগা-কলা সকলো শ্ৰেণীৰ লোকৰ পৰা যুদ্ধ ক্ৰয় কৰি লোৱা৷ গতিকে তোমালোকৰ মনত যদি এনেকুৱা আশংকা থাকে যে সেই যুদ্ধত তোমালোকৰ ধন সম্পত্তি ধ্বংস হ’লে আৰু তোমালোকৰ সম্ভান্ত লোকৰ প্ৰাণহানী হ’লে, তেতিয়া এই ব্যক্তিক শত্ৰুৰ হাতত তুলি দিবা৷ তেনেহ’লে এয়াই উত্তম যে আজিয়েই তেখেতক ত্যাগ কৰা৷ কিয়নো আল্লাহৰ কচম, এয়া হ’ব দুনিয়া আৰু আখিৰাতৰ অপমানৰ কাৰণ৷ আনহাতে তোমালোকে যদি ধাৰণা কৰা যে যি প্ৰতিশ্ৰুতিসহ তোমালোকে এই ব্যক্তিক তোমালোকৰ ওচৰলৈ আহ্বান জনাইছা, তেখেতক নিজৰ ধন সম্পত্তি তথা আপোন মুৰব্বীসকলৰ ধ্বংসৰ আশংকা সত্ত্বেও সকলো প্ৰতিজ্ঞা-প্ৰতিশ্ৰুতি বাস্তবায়িত কৰিবা, তেনেহ’লে তেখেতৰ হাত মজবুতকৈ ধৰা৷ আল্লাহৰ কছম, এয়া হ’ব দুনিয়া আৰু আখিৰাতৰ কাৰণে মঙ্গলজনক৷’
উপস্থিত সকলোৱে একমত হৈ ক’লে, ‘আমি তেখেতক লৈ গৈ আমাৰ ধন-সম্পত্তি আৰু মুৰব্বীসকলক বিপদত নিক্ষেপ কৰিবলৈ সাজু আছো৷’ [২২] তেওঁলোকে আৰু ক’লে, ‘হে আল্লাহৰ ৰছুল [ছ] আমি যদি আমাৰ প্ৰতিশ্ৰুতি পূৰণ কৰো তেনেহ’লে আমাৰ পুৰস্কাৰ কি হ’ব?’
মহানবীৰ [ছ] সংক্ষিপ্ত উত্তৰ, ‘জান্নাত৷’
সন্মিলনত আলোচনা কৰিবলগীয়া সকলো বিষয় আলোচনা কৰা প্ৰায় শেষেই হ’ল আৰু সন্মিলনো সমাপ্তিৰ পিনে আগবাঢ়ি গ’ল৷ প্ৰতিনিধি সকলে এজন এজনকৈ মহানবীৰ [ছ] ওচৰত বাইয়াত হ’বলৈ যাবলৈ ধৰিলে৷ এই সময়ত মহানবীৰ [ছ] চাচা আব্বাছ বিন আব্দুল মুত্তালিব [ৰা] যি জন সন্মিলনৰ আৰম্ভণিৰ পৰাই মহানবীৰ [ছ] হস্তধাৰণ পূৰ্বক তেখেতৰ পাছ ফালে থিয় দি আছিল, তেখেতে শেষ বাৰৰ বাবে মদীনাবাসী সকলক মহানবীৰ [ছ] মান মৰ্য্যাদা সম্পৰ্কে সতৰ্ক কৰি দিয়াৰ প্ৰয়োজনীয়তা অনুভৱ কৰিলে৷ তেখেতে তেওঁলোকক ক’লে, ‘হে খাজৰাজ দল [প্ৰতিনিধি সকলৰ ভিতৰত অধিক সংখ্যক খাজৰাজ আছিল, সেয়ে খাজৰাজ বুলি কৈছে] তোমালোকে মহানবীক [ছ] তোমালোকৰ ওচৰলৈ যোৱাৰ কাৰণে আহ্বান কৰিছা৷ আনহাতে পৰিস্থিতি এইযে মহানবী [ছ] তেওঁৰ পৰিয়াল আৰু আত্মীয় স্বজনৰ মাজত সকলোতকৈ সুদৃঢ় মৰ্য্যাদা সম্পন্ন৷ আমাৰ মাজৰ যিসকলে তেখেতৰ দ্বীন গ্ৰহণ কৰিছে আৰু যি সকলে কৰা নাই, তেওঁলোক সকলোৱে বংশ মৰ্য্যাদাৰ ভিত্তিত তেখেতক ৰক্ষা কৰি আছে৷ কিন্তু মহানবী [ছ] এ সকলোকে এৰি তোমালোকৰ ওচৰলৈ যাব বিচাৰে, এতিয়া চিন্তা কৰি চোৱা, তোমালোকে ইমানখিনি শক্তি আৰু সামৰিক দক্ষতা ৰখা নেকি যে সমগ্ৰ আৰৱৰ মুখামুখিত নিৰ্ভীক ভূমিকা পালন কৰিব পাৰিবা? কিয়নো আৰৱ ঐক্যবদ্ধহৈ তোমালোকৰ ওপৰত জপিয়াই পৰিব৷ গতিকে চিন্তা ভাৱনা কৰি সিদ্ধান্ত কৰা৷ কিয়নো সকলোতকৈ ভাল কথা সত্য কথা৷’ তাৰ পিছত প্ৰসঙ্গক্ৰমে ক’লে, ‘মোক অলপ কোৱাচোন তোমালোকে শত্ৰুৰ লগত কেনেদৰে যুদ্ধ কৰা?’
আব্বাছৰ [ৰা] ভাষণৰ পিছত সকলোৱে নিৰৱতা অৱলম্বন কৰে৷ কিন্তু আব্দুল্লাহ বিন আমৰ বিন হাৰাম [ৰা], যিজন আকাবা সন্মিলনৰ পূৰ্বক্ষণত কা’ব বিন মালিকৰ [ৰা] প্ৰচেষ্টাত ইছলাম গ্ৰহণ কৰে, তেওঁ আব্বাছৰ [ৰা] ভাষণৰ উত্তৰত ক’লে, ‘আল্লাহৰ কচম, আমি সাহসী লোক৷ যুদ্ধ আমাৰ স্বভাৱত পৰিণত হৈছে৷ ইয়াত আমি অভ্যস্থ৷ ককা-দেউতাৰ পৰাই উত্তাৰাধিকাৰী সূত্ৰে লাভ কৰিছো৷ আমি প্ৰথমে তীৰৰ দ্বাৰা যুদ্ধ কৰো৷ তীৰ শেষ হ’লে তৰোৱালৰ যুদ্ধ কৰো৷ এই তৰোৱালৰ দ্বাৰা শত্ৰুৰ মুখামুখি হওঁ৷ ইয়াৰ পিছত যাৰ মূত্যু আগতে আহে তেওঁ মৃত্যুবৰণ কৰে৷[২৩]
আব্বাছ বিন আব্দুল মুত্তালিব [ৰা] এ তেখেতৰ কথাৰ স্বীকৃতি দি ক’লে, ‘সঁচাই তোমালোক যুদ্ধা জাতি৷’ তাৰ পিছত বাৰা বিন মাৰূৰ [ৰা] এও ভাষণ প্ৰদান কৰে৷ তেওঁ ভাষণত ক’লে, ‘আমি আপোনাৰ [আব্বাছৰ] কথা শুনিলো৷ আল্লাহৰ কচম, আমাৰ মনত অন্য কোনো উদ্দেশ্য থাকিলহেঁতেন সেয়া স্পষ্ট ভাৱে কৈ দিলোহেঁতেন৷ আমি মহানবীৰ [ছ] সৈতে সত্য প্ৰতিশ্ৰুতি পালন কৰিবলৈ আৰু তেখেতৰ বাবে জীৱন দিবলৈ বিচাৰো৷’
অন্য এক বৰ্ণনা মতে বাৰা বিন মাৰূৰ [ৰা] ৰ ভাষণ আছিল এনেধৰণৰ, ‘আমি প্ৰচুৰ যুদ্ধ-সঁজুলি আৰু যুদ্ধ কৰাৰ বাবে শক্তি সঞ্চয় কৰো৷ আমি যেতিয়া শিলৰ মূৰ্তি পূজা কৰিছিলো, তেতিয়াই যেতিয়া এনকেুৱা অৱস্থা আছিল আৰু এতিয়া আমাৰ অৱস্থা কেনেকুৱা হ’ব পাৰে, যেতিয়া আল্লাহে আমাক সেই সত্য দেখুৱাই দিছে৷ যি বিষয়ে অন্যান্যসকলে অন্ধকাৰত আছে আৰু মহানবীৰ [ছ] মাধ্যমত আমাক সহায় কৰিছে৷’
এনেদৰে মহানবীৰ [ছ] সৈতে তেওঁলোকৰ বিভিন্ন বিষয়ত আলোচনা পয্যৰ্ালোচনা হোৱাৰ পিছত আৰু বাইয়াত অনুষ্ঠিত হোৱাৰ পিছত মহানবী [ছ] এ ক’লে, ‘তোমালোকৰ বাইয়াত গ্ৰহণ, অনুমোদন আৰু স্বীকৃতি প্ৰদান কৰিলো৷’
নকীব আৰু নকীবুন নুকাবাৰ নিৰ্বাচন [২৪]
মহানবী [ছ] এ সন্মিলনৰ শেষত প্ৰতিনিধি সকলক তেওঁলোকৰ মাজৰ পৰা ১২ জন নকীব [নেতা] নিৰ্বাচন কৰিলেবলৈ ক’লে৷ যিসকল নিজৰ নিজৰ গোত্ৰৰ দায়িত্বশীল হ’ব৷ যেনেদৰে হজৰত মুছা [আ] এ বনী ইজ্ৰাইলৰ পৰা ১২ জন নকীব নিযুক্তি কৰিছিল৷ গতিকে তেওঁলোকে মহানবীৰ [ছ] অভিপ্ৰায় অনুসৰি ১২ জন নকীবৰ প্ৰস্তাৱ কৰে, তাৰে জ্ঝ জন খাজৰাজ বংশীয় আৰু ৩ জন আউচ বংশীয়৷ তেওঁলোকৰ নামৰ তালিকা নিম্নৰূপঃ
খাজৰাজৰ পৰাঃ
১. আবু উছামা আছয়াদ বিন জুৰাৰা [ৰা] [নকীবুন নুকাবা] [২৫]
২. ছা’দ বিন আৰ ৰাবী [ৰা]
৩. আব্দুল্লাহ বিন ৰাওহা [ৰা]
৪. ৰাফে বিন মালিক [ৰা]
৫. উবাদাহ বিন ছামেত [ৰা]
৬. ছা’দ বিন উবাদাহ [ৰা]
৭. মুনযেৰ বিন আমৰ [ৰা]
৮. বাৰা বিন মাৰূৰ [ৰা]
আউছৰ পৰাঃ
১০. উছাইদ বিন হুজাইৰ [ৰা]
১১. ছা’দ বিন খায়ছামা [ৰা]
১২. ৰেফায়াহ বিন আব্দুল্লাহ মুনযেৰ [ৰা] [কোনো কোনোৱে তেওঁৰ স্থলত আবুল হায়ছামা বিন আত্তাইয়েহান বুলি কৈছে৷]
মহানবী [ছ] এ এই ১২ জনৰ মাজৰ পৰা আকৌ এজনক [প্ৰথমজনক] নকীবুন নুকাবা [নকীবসকলৰ নেতা] নিৰ্বাচন কৰি দিলে৷ নকীব আৰু নকীবুন নুকাবাক তেওঁলোকৰ দায়িত্ব আৰু কৰ্তব্য উপলব্দি কৰোৱাৰ উদ্দেশ্যে মহানবী [ছ] এটি ভাষণ দি কয়, ‘মই তোমালোকৰ দেশত নোযোৱা লৈকে যিদৰে মোৰ ওপৰত দায়িত্ব থাকিব মোৰ দেশৰ লোকসকলৰ, সেইদৰে তোমালোকৰ দেশৰ লোকসকলৰ দায়িত্ব থাকিব তোমালোকৰ ওপৰত৷ তোমালোক মোৰ প্ৰতিনিধিচ যেনেদৰে ঈছা বিন মৰিয়মৰ [আ] প্ৰতিনিধি আছিল তেওঁৰ শিষ্য হাৱাৰীসকল৷’
সকলোৱে কৈ উঠিল, ‘আমি প্ৰস্তুত আছো৷’
এই বাইয়াতে আকাবা সন্মিলনৰ শেষত মদীনাবাসী প্ৰতিনিধি সকলৰ মাজত এক পৰিবৰ্তন পৰিলক্ষিত হয়৷ তেওঁলোকৰ মাজত আগতকৈ বীৰত্ব তথা তেজস্বীয়তা দেখিবলৈ পোৱা যায়৷ দ্বীনৰ প্ৰতি তেওঁলোকৰ মাজত এক জজবা অংকুৰিত হয়৷ সেয়ে প্ৰতিনিধি সকলৰ আব্বাছ বিন উবাদাহ বিন নাদলা [ৰা] কৈ উঠিল, ‘হে আল্লাহৰ ৰছুল, শপথ কৰি কওঁ আপোনাৰ আদেশ হ’লে অহাকালিয়েই মিনাত উপস্থিত গোটেই লোকসকলৰ ওপৰত তৰোৱালৰ অভিযান চলাই দিব পাৰো৷’ মহানবী [ছ] এ তেওঁক বাধা দি ক’লে, ‘আল্লাহে আমাক তেনেকুৱা আদেশ দিয়া নাই৷ তোমালোকে শান্তিপূৰ্ণভাৱে তোমালোকৰ বাসস্থানত প্ৰৱেশ কৰা৷’ ইয়াৰ পিছত সকলোৱে নিজৰ নিজৰ বাসস্থানত গৈ টোপনি যায়৷ এনেদৰেই মহানবীৰ [ছ] ঐতিহাসিক বাইয়াতে আকাবা সন্মিলনৰ সমাপ্তি ঘটে৷
টোকা:
[১] এয়া কেৱল মহানবীৰ [ছ] ক্ষেত্ৰতে হোৱা নাছিল যে তেওঁ যেতিয়া ইছলামৰ পিনে আহ্বান কৰিলে তেতিয়াই তেওঁৰ আৰু তেওঁৰ অনুসৰণকাৰী সকলৰ ওপৰত অত্যাচাৰ চলাব ধৰিলে৷ আগতেও যি সকল নবী ৰচুল আহিছিল তেওঁলোকৰ ওপৰতো এনেকুৱা অত্যাচাৰ চলোৱা হৈছিল৷ সত্য কথা হৈছে, যিয়েই ইছলামৰ প্ৰকৃত শিক্ষাৰ পিনে মানুহক আহ্বান কৰিব তেওঁৰ ওপৰতে সমাজে এনে অত্যাচাৰ চলাব৷
[২] যি সকলে হকৰ দাৱাত দিয়ে তেওঁলোকৰ পৰিণতি সাধাৰণতে হয় শ্বহীদী মৃত্যু অথবা অত্যাচাৰীত মুছলিম হিচাপেই হৈ থাকে৷ নবী-ৰছুল, ফিক্বহী ইমাম আবু হানিফা [ৰ], মালিক [ৰ], আহম্মদ বিন হাম্বল [ৰ] প্ৰত্যেকেই দ্বীনৰ দাৱাত প্ৰদান কৰাৰ বাবেই অত্যাচাৰৰ বলি হৈছিল৷ ইছলামৰ কাৰণে সৰ্বপ্ৰথম তেজ তথা জীৱন কোনো পুৰুষে দিয়া নাই দিছে এজনী মহিলাই সেয়াই হৈছে ছুমাইয়া [ৰা]৷
[৩] বাৰে বাৰে ইছলামৰ দাৱাত দিয়াৰ পিছতো যি সকলে ইছলাম গ্ৰহণ নকৰিলে তাৰ পিছতো তেওঁলোকৰ লগত লাগি থকাৰ কোনো অৰ্থ নাই৷ মহানবী [ছ] এ মক্কা বাসীসকলক ৯-১০ বছৰলৈকে দ্বীনৰ দাৱাত দিয়াৰ পিছতো তেওঁলোকৰ কেইজনমানৰ বাহিৰে বাকী সকলোৱে দাৱাত অস্বীকাৰ কৰে আৰু বিৰোধিতাত উঠি পৰি লাগে৷ সেয়ে তেখেতে মক্কা বাসীসকলক এৰি তায়েফবাসী সকলক দাৱাত দিয়াৰ বাবে তায়েফলৈ যায়৷
[৪] এই মেলা সমূহ সাধাৰণতে হজৰ সময়ত হজক কেন্দ্ৰ কৰি গড়ি উঠিছিল আৰু দেশ-বিদেশৰ লোক জাহিলী যুগৰ হজৰ বাবে আহি এই মেলা সমূহত তম্বু তৰিছিল৷ তেওঁলোকে মেলাত নাচ-গান, ক্ৰীড়া কাণ্ড সংগঠিত কৰিছিল৷ বৰ্তমানেও বিভিন্ন মেলা, গ্ৰন্থ মেলা, বাণিজ্য মেলা, শিল্প মেলা, স্কুল ফাংচন, মহাবিদ্যালয় সপ্তাহ আদি অনুষ্ঠিত হয় যদিও তাত অশ্লীলতা থকা দেখা যায় তথাপি সেই ঠাই সমূহত দ্বীনৰ দাৱাত দিয়াৰ কাৰণে যোৱা উচিত৷ কিন্তু দ্বায়ীজনে সকলো ধৰণৰ অশ্লীলতাৰ পৰা নিজক নিৰাপদে ৰাখি দাৱাত দিব লাগিব৷ মহানবী [ছ] এ মেলাত অনুষ্ঠিত সকলোধৰণৰ অশ্লীলতাৰ পৰা নিজক নিৰাপদে ৰাখি দাৱাত দিছিল৷
[৫] মহানবীৰ [ছ] এই আহ৩ান গুৰুত্বপূৰ্ণ৷ বল প্ৰয়োগ কৰি ধৰ্ম গ্ৰহণ কৰোৱা ধৰ্মৰ বৈশিষ্ট্য হ’ব নোৱাৰে৷ ব্যক্তি এজনৰ ধৰ্ম গ্ৰহণ আহ্বানকাৰীৰ [দ্বায়ীৰ] আচাৰ ব্যবহাৰ, চাল-চলন, কিহৰ প্ৰতি আহ্বান জনাইছে, তেওঁৰ কথাৰ সত্যতা আদিৰ দ্বাৰা প্ৰভাৱিত হৈ থাকে৷ ইয়াত এটা কথা মন কৰিবলগীয়া যে মহানবী [ছ] এ আল্লাহৰ বাণী জনাই দিয়াটো কৰ্তব্য জ্ঞান কৰিছিল৷ কবুল কৰি লোৱা বা গ্ৰহণ কৰি লোৱা তেখেতৰ দায়িত্বৰ অন্তৰ্ভুক্ত নাছিল৷
[৬] গতিকে যিসকলে দাৱাতী কাৰ্যত জিড়ত হৈ আছে তেওঁলোকৰ দাৱাতত কোনেও সঁহাৰি নিদিলেও নিৰাশ হোৱাৰ প্ৰয়োজন নাই৷ চেষ্টা কৰা উচিত যে ব্যক্তি বা ব্যক্তি সমষ্টিক দাৱাত জনাই দিয়া হৈছে নে নাই৷ তেতিয়া হ’লে আল্লাহে নি(য় ইয়াৰ প্ৰতিফল প্ৰদান কৰিব৷
[৭] দাৱাত প্ৰদান কৰাৰ এইটো এটা হিকমত৷ যদি কোনো এখন গোত্ৰ বা সমাজৰ লোকসকলক এজন এজনকৈ দাৱাত দিয়া হয়, আনহাতে সমাজৰ প্ৰতিজন ব্যক্তিয়ে এজন নেতা বা গোত্ৰপতিৰ কথা মতেই সকলো কাম কৰে তেন্তে দাৱাত দাতাৰ দাৱাত লোকসকলে গ্ৰহণ কৰাৰ সম্ভাবনা খুবেই কম৷ গতিকে যাৰ কথা সকলোৱে গ্ৰহণ কৰি লয় তেওঁক প্ৰথমতে দাৱাত প্ৰদান কৰা উচিত৷ যদি সেই ব্যক্তিজনে দাৱাত গ্ৰহণ কৰি লয় তেন্তে গোটেই সমাজৰ লোকে অতি সহজেই দাৱাত কবুল কৰি লোৱাৰ সম্ভাবনা থাকে৷ সেইবাবেই মহানবী [ছ] এ গোত্ৰৰ সন্মানিত তথা চৰ্দাৰ সকলক দাৱাত দিছিল৷ যাৰ ফলত গোত্ৰৰ পিছত গোত্ৰ ইছলামৰ ছাঁত আশ্ৰয় গ্ৰহণ কৰিছিল৷ সেই বুলি সাধাৰণ মানুহক দাৱাত নিদিয়াকৈ কেৱল সমাজপতি বা গোত্ৰপতিক দাৱাত দিয়াৰ কাৰণে বিচাৰি থকা উচিত নহয়, ৰছুল [ছ] এ তেনে কৰা নাছিল৷
[৮] দাৱাত প্ৰদান ব্যক্তিগত [ইনফিৰাদী] আৰু সামষ্টিক বা দলবদ্ধ ভাৱে [জামায়াতী] দুয়োভাৱেই কৰিব লাগে৷ অকলশৰীয়া থাকিলে অকলশৰীয়া ভাৱেই দাৱাত কাৰ্য কৰিব লাগে, জামাত বদ্ধ হোৱাৰ কাৰণে অপেক্ষা কৰি সময়ৰ অপচয় কৰিব নালাগে৷ আনহাতে যেতিয়া জামাত বদ্ধ হয়þ তেতিয়া জামায়াত বদ্ধ ভাৱেই দাৱাতী কাৰ্য কৰিব লাগে৷
[৯] দাৱাত দাতা ব্যক্তিজনে যেনেদৰে কামনা কৰে দাৱাত দিয়া ব্যক্তিজনে তেওঁৰ কথা শুনি লওক, তেনেদৰে দাৱাত যাক দিয়া হৈছে তাৰ কথাও দাৱাত দাতাই শুনিব লাগে৷ তেওঁৰ সুবিধা অসুবিধা সমূহও হৃদয়ঙ্গম কৰা উচিত আৰু সম্ভৱ হ’লে সেইবোৰ সমাধান কৰা উচিত৷ অযথা পীড়াপীড়ি কৰি ব্যক্তিজনক কষ্ট দিয়া উচিত নহয়৷ পীড়াপীড়ি কৰাৰ ফলত ব্যক্তিজন ইছলাম বিদ্বেষী হৈ পৰিব পাৰে৷
[১০] গিড়পিথ বা গিৰিকন্দৰক আৰবীত আকাবা বুলি কোৱা হয়৷ দুখন পাহাৰৰ মধ্যৱৰ্তী নিম্ন অঞ্চলৰ মাজেৰে যোৱা ঠেক বাট আৰু ঠেক বাটটোৰ গাতে লাগি থকা গুহাক একেলগে আকাবা বুলি কোৱা হয়৷ মিনা প্ৰান্তৰৰ অতি ওচৰতে পথৰ দুয়ো দাঁতিত নাতি উচ্ছ গিৰি শ্ৰেণীৰ মাজৰ বাওঁফালৰ গিৰি শ্ৰেণীত অৰ্ধবৃত্তাকাৰে এটা ঠাই আছে৷ এই ঠাই খনকে আকাবা প্ৰান্তৰ বুলি কোৱা হয়৷ ইয়াতে মহানবী [ছ] আৰু মদীনাৰ পৰা অহা প্ৰতিনিধি সকলৰ সৈতে সন্মিলন অনুষ্ঠিত হৈছিল৷ ঐতিহাসিক সকলে ইয়াক ’ইন্দ-আল আকাবা’ বুলি কৈছিল৷
[১১] বাইয়াতৰ এই দফাত সৎকৰ্মত মহানবীৰ [ছ] আনুগত্য কৰাৰ বাবে দাবী জনোৱা হৈছে৷ যদিও মহানবীৰ [ছ] দ্বাৰা অসৎকৰ্মৰ সম্ভাবনা নাছিল৷ মহানবী [ছ] এ যেতিয়া ‘সৎকৰ্মত আনুগত্য’ বিচাৰিছে তেনেক্ষেত্ৰত অন্যান্য আমীৰে কেৱল ‘আমীৰৰ আনুগত্য’ দাবী কৰা নিৰৰ্থক৷ বৰঞ্চ সৎকৰ্মত হে আমীৰৰ আনুগত্য দাবী কৰিব পাৰে৷
[১২] বাইয়াতৰ বিভিন্ন অংশ বুখাৰী, মুছলিম, মুছনাদে আহমত পোৱা যায়৷
[১৩] মুছয়াব বিন উমাইৰ [ৰা] এজন যুৱক চাহাবা আছিল [১৮-২০ বছৰ বয়সতে ইছলাম গ্ৰহণ কৰিছিল]৷ তেওঁৰ ইছলামপূৰ্বৰ্ জীৱন বৰ জাক-জমক পূৰ্ণ ভাবেই পাৰ কৰিছিল৷ কথিত আছে যে এবাৰ সুগন্ধি লৈ কোনো বাটেদি গ’লে এসপ্তাহলৈকে সেই বাটত সুগন্ধি বিয়পি থাকিছিল৷ এযোৰ কাপোৰ মাত্ৰ এবাৰেই পৰিধান কৰিব পাৰিছিল; কিয়নো দ্বিতীয় বাৰ আকৌ নতুন কাপোৰ পৰিধান কৰিব লগা হৈছিল৷ তেওঁৰ মাঁক কঠোৰ বাবে পৌত্তলিক ধৰ্মত বৰ্তি আছিল৷ তেওঁৰ ইছলাম গ্ৰহণৰ কথা যেতিয়া তেওঁৰ মাকে জানিব পাৰিলে তেতিয়া তেওঁক ঘৰত আবদ্ধ কৰি ৰাখে৷ তেওঁ মাকক বহুতো বুজাইয়ো যেতিয়া ইছলাম গ্ৰহণ কৰাব আৰু নিজক বন্ধীত্বৰ পৰা মুক্ত কৰাব নোৱাৰিলে তেতিয়া তেওঁ পলাই মহানবী [ছ] ৰ ওচৰত গুছি যায়৷ সঁচাই কিমান বলিষ্ঠ তেওঁৰ ঈমান! জাক জমক পূৰ্ণ, বিলাসিতা পূৰ্ণ তথা আভিজাত্যৰে ভৰপূৰ জীৱন তেওঁৰ ঈমানৰ ওচৰত তুচ্ছ বুলি প্ৰমাণ কৰি দিলে৷ তেওঁ সকলো ত্যাগ কৰি ইছলামৰ ছাঁত আশ্ৰয় ল’লে৷ এয়াই মুছয়াব বিন উমাইৰ [ৰা]৷
[১৪] মদীনাৰ নওমুছলিমসকলৰ সৈতে মুছয়াব বিন উমাইৰ [ৰা] এ এখন বাগিচাত ইজতেমা অনুষ্ঠিত হোৱাৰ বাবেই উছাইদ বিন হুজাইৰ তথা অন্যান্য সকল তাত উপস্থিত হ’ব পাৰিছিল আৰু ইছলাম গ্ৰহণ কৰি ধন্য হৈছিল৷ যদি এনে কোনো ঠাইত ইজতেম হ’লহেতেন য’ত কোনো ভিন্ন ধৰ্মী বা ভিন্ন মতাদৰ্শী যাব নিবিচাৰে, তেনেহ’লে তাত কোনেও নগ’লেহেঁতেন আৰু ইছলাম গ্ৰহণ নকৰিলেহেঁতেন৷ বৰ্তমান সময়ত অমুছলিম সকলে ইছলাম গ্ৰহণ নকৰাৰ ই এক অন্যতম কাৰণ৷ কিয়নো কেৱল মছজিদ আৰু মছজিদ কেন্দ্ৰিক ইজতেমা অনুষ্ঠিত হোৱাৰ ফলত ভিন্ন ধৰ্মী বা মতাদৰ্শী তাত যাব নিবিচাৰে৷
[১৫] প্ৰথম অধ্যায়ৰ ৭ নং টীকা দ্ৰষ্টব্য৷
[১৬] ছুনান ইবনে মাজা৷
[১৭] জনসংখ্যাৰ অৰ্ধ শতাংশ নাৰী৷ ইছলামে তেওঁলোকৰ ওপৰতো খেদমতে দ্বীন আৰু ইকামতে দ্বীনৰ দায়িত্ব অৰ্পন কৰিছে৷ সেইবাবেই আমি দেখিবলৈ পাওঁ যে ইছলামৰ প্ৰাথমিক যুগৰ পৰাই পুৰুষৰ লগতে নাৰীয়েও ইছলামৰ সকলো কাৰ্যত অংশ গ্ৰহণ কৰি আহিছে৷
[১৮] ইছলামৰ প্ৰাথমিক যুগত প্ৰায় অৰ্ধ সংখ্যক যুবক ইছলামৰ প্ৰতি আকৃষ্ট হোৱাৰ এয়া এক উৎকৃষ্ট উদাহৰণ৷ কিন্তু প্ৰশ্ন হ’ল এতিয়া যুবক সকল কিয় ইছলামৰ পিনে আকৃষ্ট হোৱা নাই৷ যুবক সকল সাধাৰণতে সমাজত চলি থকা অন্যায়, অবিচাৰ, অনাচাৰ, অসত্য, কু-সংস্কাৰ আদিৰ বিৰোধী হৈ থাকে৷ বৃদ্ধ সকলেও এইবোৰক ঘৃণা কৰে যদিও তেওঁলোকে এইবোৰ সমাজৰ পৰা আঁতৰ কৰিব নোৱাৰে৷ যদিও ইছলামে এইবোৰ আঁতৰ কৰিলে আৰু আঁতৰ কৰিব পাৰিলে পূণ্য হয় বুলি কয়৷ বৃদ্ধসকলে এই পূণ্য অৰ্জনৰ বিকল্প হিচাপে দোৱা-দৰুদ, তাছবিহ আদিৰ আশ্ৰয় লয়৷ কিন্তু যুবক সকলে দেহৰ শক্তিমত্তাৰ কাৰণে বিকল্প ব্যৱস্থা গ্ৰহণ কৰিব নিবিচাৰে৷ মহানবীৰ [ছ] দাৱাতে যুবক সকলক আকৃষ্ট কৰাৰ এয়াই কাৰণ আছিল যে তেখেতৰ ওচৰত সমাজ পৰিৱৰ্তন কৰাৰ কাৰ্যসূচী আছিল৷ যি কাৰ্যসূচী বতৰ্মান সময়ত নথকাৰ বাবে যুবকক বৃদ্ধ সকলৰ সৈতে একেলগ কৰি বিকল্প ব্যৱস্থা গ্ৰহণ কৰি লব’লৈ তালিম দি থকা হৈছে৷ যাৰ বাবে যুবক সকল ইছলামৰ সৈতে বেছিদিন জড়িত হৈ থাকিব পৰা নাই৷ সমাজৰ পৰা যিবোৰ আঁতৰ কৰিব লাগিছিল সেইবোৰ আঁতৰ নকৰাৰ ফলত যুবক সকল সেইবোৰ কাৰ্যত জড়িত হৈ পৰিছে৷ এনেদৰে পুৰুষ শক্তিৰ প্ৰায় আধাতকৈ বেছি ইছলাম বহিৰ্ভূত জীৱন যাপন কৰিছে৷
[১৯] আব্বাছ বিন আব্দুল মুত্তালিব [ৰা] তেতিয়ালৈকে অমুছলিম হিচাপে আছিল৷
[২০] প্ৰতিযোগিতা ক’ত নাই৷ চাহাবা সকলেও ইয়াত বাইয়াত হোৱাৰ বাবে প্ৰতিযোগিতা কৰিছিল৷ সৎ কৰ্মত প্ৰতিযোগিতা কোনো দুষণীয় নহয়, অসৎ কৰ্মত প্ৰতিযোগিতা বেয়া কথা আৰু পাপ৷
[২১] বন্ধুত্ব বা মিত্ৰতা বা চুক্তি এনকুৱাই হ’ব লাগে৷ কেৱল আনৰ পৰা ল’ম নিজে একো নিদিও এনেকোৱা মানসিকতা থাকিব নালাগে৷
[২২] ইছলাম গ্ৰহণ কৰিলে বা পালন কৰিলেই আল্লাহে কেৱল ৰুজি-ৰুটি, ধন-সম্পদ, ঘৰ-বাৰী আদি দিব এই ধাৰণা শুদ্ধ নহয়৷ বৰঞ্চ আপুনি ইছলামৰ কাৰণে এইবোৰ দিব লগা হ’ব পাৰে৷ মক্কাবাসী সকলে তেওঁলোকৰ ধন-সম্পত্তি, ঘৰ-বাৰী জন্মভুমি ত্যাগ কৰি মদীনালৈ হিজৰত কৰি আহিছিল আৰু মদীনাবাসী সকলে তেওঁলোকৰ সম্পত্তিৰ পৰা মক্কাৰ মুহাজিৰ সকলক প্ৰদান কৰি সেয়া প্ৰমাণ দি থৈ গৈছে৷
[২৩] এয়া নওমুছলিম এজনৰ উক্তি৷ বৰ্তমান ৫০-৬০ বছৰীয়া ঈমানদাৰ হিচাপে জীৱন যাপন কৰা মুছলিম এজনেও এনে উক্তি কৰিব নোৱাৰে৷ তাৰ কাৰণে ইছলামৰ প্ৰাথমিক যুগৰ সেই শিক্ষাক অবিকল নিদি কাট-ছাট কৰি নতুন ভাৱে তালিম দিয়া হৈ আছে৷ যাৰ বাবে বৰ্তমান সময়ত ইছলামৰ প্ৰাথমিক যুগৰ ঈমানদাৰৰ দৰে ঈমানদাৰ সৃষ্টি হোৱা নাই৷ এয়া চিন্তাৰ বিষয়৷
[২৪] ‘নকীবুন নুকাবা’ প্ৰচলিত অৰ্থত যাক ‘আমীৰ বা ইমাম’ আৰু ‘নকীব’ যাক মজলিছে শুৰা [পৰামৰ্শ পৰিষদৰ] সদস্য বুলি ক’ব পাৰি৷ এই পদ্ধতি সমাজত প্ৰয়োগ কৰিব পাৰিলেহে সমাজ শৰীয়তী নীতি-নিয়মেৰে পৰিচালিত হোৱা সম্ভৱ৷
[২৫] প্ৰতিনিধি বৰ্গৰ সৰ্বকণিষ্ঠ কিন্তু সবোৰ্চ্ছ পদত অধিষ্ঠিত এয়াই ইছলামৰ বৈশিষ্ট৷ মুৰব্বী বা বংশীয় আধিপত্যৰ দ্বাৰা ইছলামী পদবী পোৱা নাযায়৷ আল্লাহৰ প্ৰতি ভয় [ত্বাকৱা খেদমতে দ্বীন তথা ইকামতে দ্বীনৰ কাৰণে থকা জজবা আদিৰ ভিত্তিতহে এজন ব্যক্তি পদ প্ৰাপ্ত হয় বা নিৰ্বাচিত হয়৷ সেয়া লাগিলে যুৱকেই হওঁক বা মুৰব্বী৷










No comments:
Post a Comment